PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 28 OCT 2020 6:20PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

 

Image

Image

Image

প্ৰতি ১০ লাখত সর্বনিম্ন আক্রান্ত আৰু মৃত্যুৰ সংখ্যা আৰু সৰ্বাধিক পৰীক্ষাৰ হিচাপত ভাৰত অন্যান্য শীৰ্ষ দেশৰ শাৰীত আছে

কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সুনির্দিষ্ট ৰণকৌশল আৰু অতি সক্রিয় পদক্ষেপৰ ফলত ভাৰতত প্ৰতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে ক’ৰোনাত আক্রান্তৰ হাৰ আৰু মৃত্যুৰ সংখ্যা অন্যান্য দেশৰ তুলনাত আপেক্ষিকভাৱে কম। সমগ্ৰ বিশ্বত প্ৰতি ১০ লাখত ক’ৰোনাত আক্রান্তৰ সংখ্যা ৫,৫৫২জনৰ বিপৰীতে ভাৰতৰ আক্রান্তৰ সংখ্যা ৫,৭৯০জন৷ মার্কিন যুক্তৰাষ্ট্ৰ, ব্রাজিল, ফ্রান্স, ব্রিটেইন, ৰাছিয়া আৰু দক্ষিণ আফ্রিকাত আক্রান্তৰ সংখ্যা তুলনামূলকভাৱে বহু বেছি৷ ভাৰতত প্ৰতি ১০ লাখত ক’ৰোনাত মৃত্যুৰ সংখ্যা ৮৭। আনহাতে, সমগ্ৰ বিশ্বত ইয়াৰ গড় হাৰ ১৪৮। ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ আৰু মোকাবিলা কৰাত ভাৰতৰ অতি সক্রিয় মনোভাৱ আৰু কার্যকৰী ৰণকৌশল গ্ৰহণৰ ফলত বিগত কেইটামান মাহত আশাপদ ফল লাভ কৰা হৈছে৷ মুঠ নমুনা পৰীক্ষাৰ দিশতো ভাৰতে অন্যান্য দেশৰ তুলনাত তালিকাৰ শীৰ্ষ আছে। দেশত বিগত ২৪ ঘণ্টায় ১০,৬৬,৭৮৬টা নমুনা পৰীক্ষা কৰা হৈছে। এতিয়ালৈকে মুঠ নমুনা পৰীক্ষাৰ পৰিমাণ ১০,৫৪,৮৭,৬৮০লৈ বৃদ্ধি পাইছে৷সময় মতে কৰা নমুনা পৰীক্ষা, ৰোগীৰ আগতীয়া চিনাক্তকৰণ আৰু ফলপ্ৰসূ চিকিসা সেৱা প্ৰদানৰ ফলত দেশত মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ভাৰতত ক’ৰোনাত মৃত্যুৰ হাৰ ১.৫০%লৈ হ্ৰাস পাইছে৷ ভাৰতত চিকিসাধীন ৰোগীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে৷ বৰ্তমান মুঠ আক্ৰান্তৰ বিপৰীতে ৬,১০,৮০৩জন অৰ্থা ৭.৬৪% ৰোগীহে চিকিসাধীন হৈ আছে৷ বৰ্তমানলৈকে ৭২,৫৯,৫০৯জন ৰোগী আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৪৩,৮৯৩জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে ৫৮,৪৩৯জন৷ নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৭৭%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰালাত ৭,০০০তকৈ অধিক ৰোগী আছে৷ নতুনকৈ আক্ৰান্ত হোৱা লোকৰ ৭৯% ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ কেৰালা আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৫০৮জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে প্ৰায় ৭৯%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১১৫জন ৰোগী মৃত্যু হৈছে৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1668067

 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ টেলিমেডিচিন সেৱা ই-সঞ্জীৱনীৰ জৰিয়তে ৬ লাখ টেলি-পৰামৰ্শ আগবঢ়োৱা হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ টেলিমেডিচিন ব্যৱস্থা ইসঞ্জীৱনীয়ে ৬ লাখ টেলি পৰামৰ্শ আগবঢ়োৱা হৈছেবিগত ১৫ দিনতে এক লাখ পৰামৰ্শ আগবঢ়োৱা হৈছে৷ এই ফলাফলে প্ৰধানমন্ত্ৰীৰ ‘ডিজিটেল ইণ্ডিয়া’ৰ ফলপ্ৰসূতাকে প্ৰতিফলিত কৰিছে। ইসঞ্জীৱনী ডিজিটেল প্লেটফৰ্মে ক’ভিডৰ সময়ছোৱাত হেল্থ কেয়াৰ সেৱা প্ৰয়োজন হোৱাসকল আৰু কেয়াৰগিভাৰ তথা মেডিকেল সমাজক সহায় আগবঢ়ায়। তামিল নাডু, কেৰালা আৰু গুজৰাটৰ দৰে ৰাজ্যই দৈনিক ১২ ঘন্টা আৰু সপ্তাহৰ সাতোটা দিনেই ইসঞ্জীৱনী অ’পিডি আগবঢ়ায়। উল্লেখ্য যে ৰোগী আৰু চিকিসকৰ সৈতে ইসঞ্জীৱনীৰ সম্পৰ্ক ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সমগ্ৰ ভাৰতৰ ২৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসাধাৰণৰ বাবে ইসঞ্জীৱনী উপলব্ধ। এই ডিজিটেল প্লেটফৰ্মটোৱে ৬০০০তকৈ অধিক চিকিসকৰ জৰিয়তে ইহেল্থ সেৱা আগবঢ়াই যিয়ে ৰোগীৰপৰা চিকিসকলৈ টেলিমেডিচিন আৰ্হিৰ ভিত্তিত ইসঞ্জীৱনী অ’পিডি শীৰ্ষক ২১৭ অনলাইন অ’পিডি সম্পন্ন কৰা হৈছে

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1668071

ক’ভিড-১৯ৰ প্ৰতিষেধক আৰু ঔষধ পৰ্যাপ্ত পৰিমাণে আৰু সুলভ মূল্যত সময়মতে সকলোৱে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ বিশ্ব সমূদায়ক আহ্বান জনালে শ্ৰী পীযুষ গোৱেলে

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ক’ভিড-১৯ৰ প্ৰতিষেধক আৰু ঔষধ পৰ্যাপ্ত পৰিমাণে আৰু সুলভ মূল্যত সময়মতে সকলোৱে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ বিশ্ব সমূদায়ক আহ্বান জনায়৷ বিশ্ব বাণিজ্য কেন্দ্ৰ মন্ত্ৰীসকলৰ সৈতে কালি অনুষ্ঠিত ভাৰ্চুৱেল অনানুষ্ঠানিক বৈঠকত আগবঢ়োৱা ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে এই চিকিসা সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত সীমিতি নিৰ্মাণ সক্ষমতা থকা দেশসমূহে যি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব, সেই ক্ষেত্ৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই সহায় কৰা প্ৰস্তাৱ দিয়ে৷ তেওঁ সকলো সদস্যক এই প্ৰস্তাৱত সমৰ্থন কৰাৰ আহ্বান জনায়, যাতে প্ৰথমতে নহ’লেও এমচি-১২ পৰ্যন্ত এই সন্দৰ্ভত যিকোনো সিদ্ধান্ত ল’ব পৰা যায়৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1667937

 

তদাৰকী আৰু দুৰ্নীতি বিৰোধিতাৰ সন্দৰ্ভত আয়োজিত ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দুৰ্নীতি বিৰোধী আৰু সতৰ্কতাৰ আধাৰত আয়োজিত এক ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধন কৰে। এই সন্মিলনৰ মুখ্য থীম হৈছে, “সতৰ্ক ভাৰত, সমৃদ্ধ ভাৰত”। কেন্দ্ৰীয় তদন্ত ব্যুৰ’ৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত সতৰ্কতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। জনসাধাৰণৰ অংশগ্ৰহণৰ মাজেৰেই জনজীৱনৰ ইতিবাচক প্ৰভাৱ আৰু সংহতিৰ ক্ষেত্ৰত ভাৰতৰ অঙ্গীকাৰক এই অনুষ্ঠান তুলি ধৰা হৈছে। সন্মিলনত বক্তব্য ৰাখি প্ৰধানমন্ত্ৰীয়ে কয়, ঐক্যবদ্ধ ভাৰত আৰু দেশৰ প্ৰশাসনিক ব্য়ৱস্থা গঢ়ি তোলাৰ অন্যতম কাৰিকৰ চৰ্দাৰ বল্লভ ভাই পেটেল। দেশৰ প্ৰথম গৃহমন্ত্ৰী হিচাপে তেওঁ দেশৰ মানুহৰ বাবে এনে কিছু ব্যৱস্থা গঢ়ি তোলাৰ উদ্যোগ গ্ৰহণ কৰিছিল, য’ত সংহতিৰ ওপৰত ভিত্তি কৰি নীতিবোৰ প্ৰস্তুত কৰা হৈছিল। শ্ৰী মোদীয়ে ক্ষোভ প্ৰকাশ কৰি কয়, দশক দশক ধৰি এনে এক পৰিস্থিতি চলিছিল, য’ত কোটি কোটি টকাৰ দুৰ্নীতি হৈছে, ভুৱা কোম্পানী গঢ়ি উঠিছে, কৰ ফাঁকি দিয়া হৈছে আৰু কৰ সংক্ৰান্তীয় অনৈতিকতাৰ মুখোমুখি হ’বলগীয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, ২০১৪ চনত দেশে যেতিয়া বৃহ পৰিৱৰ্তন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু নতুন দিশেৰে আগবঢ়াৰ উদ্যোগ গ্ৰহণ কৰিছিল, তেতিয়া প্ৰচলিত পৰিৱেশত পৰিৱৰ্তন অনাটো এক বৃহ প্ৰত্যাহ্বান হৈ উঠিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সত্ত্বেও ক’লা টকাৰ বিৰুদ্ধে কমিটি গঠন কৰা হোৱা নাছিল। এই চৰকাৰে ক্ষমতালৈ অহাৰ ঠিক পিছতে কমিটি গঠন কৰা হয়। যাৰ মাজতে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত হৈছে। ২০১৪ চনৰ পৰা বেংকিং, স্বাস্থ্য, শিক্ষা, শ্ৰম, কৃষি ইত্যাদি বিভিন্ন ক্ষেত্ৰত দেশে বিভিন্ন সংস্কাৰ দেখিছে। তেওঁ কয়, এই সংস্কাৰবোৰৰ ওপৰত ভিত্তি কৰিয়েই আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে দেশে পূৰ্ণ শক্তিৰে আগুৱাই আহিছে। ভাৰতে, বিশ্বৰ প্ৰথমশ্ৰেণীৰ দেশবোৰৰ ভিতৰত অন্যতম হোৱাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে, সেই স্বপ্নেৰ কথাই তেওঁ তেওঁৰ বক্তব্যত তুলি ধৰিছে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্বসহকাৰে কয়, স্বচ্ছ আৰু দায়বদ্ধ প্ৰশাসনিক ব্যৱস্থাই জনসাধাৰণৰ সমূখত উত্তৰ দিবলৈ বাধ্য। এই ধাৰণাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল যিকোনো ধৰণৰ দুৰ্নীতি। তেওঁ কয়, এফালে যিদৰে দেশৰ উন্নতি দুৰ্নীতিৰ কাৰণে বাধাগ্ৰস্থ হয়, আনফালে সামাজিক ভাৰসাম্যও ধ্বংস কৰে আৰু প্ৰচলিত ব্যবস্থাৰ ওপৰ মানুহৰ বিশ্বাস হেৰায়। আৰু সেয়ে দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ দায়িত্বটো কেৱল এটা সংস্থা বা প্ৰতিষ্ঠানৰ ওপৰত বৰ্তি নাথাকে। এয়া যৌথ উদ্যোগৰ ফলত হোৱা প্ৰয়োজন। তেওঁ লগতে কয়, এককভাৱে দুৰ্নীতিৰ মোকাবিলা কৰিব নোৱাৰি।

অধিক বিৱৰণৰ বাবে : https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1667946

 

তদাৰকী আৰু দুৰ্নীতি বিৰোধীতা সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1667904

বায়’মেডিকেল আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বাবে দীৰ্ঘকালীন সমাধানৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত আলোকপাত কৰিলে ড০ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু ভূ-বিজ্ঞান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে বৰ্তমানৰ মহামাৰীৰ দৰে পৰিস্থিতিত বায়’মেডিকেল আৱৰ্জনাৰ দ’ম ব্যৱস্থাপনাৰ বাবে দীৰ্ঘকালীন সমাধানৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত আলোকপাত কৰে৷  ক’ভিড-১৯ৰ চিকিসাৰ সময়ত সমগ্ৰ বিশ্বতে ব্যাপক হাৰত বায়’মেডিকেল আৱৰ্জনা বৃদ্ধি পাইছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ভাৰতৰ জল ফাউণ্ডেশ্যন আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কা্যসূচীৰ অধীনত এখনি ৱেবিনাৰৰ আয়োজন কৰা হয়৷ এই ৱেবিনাৰত জুলীয়া আৱৰ্জনা ব্যৱস্থাপনাৰ ভৱিষ্য আৰু ফলপ্ৰসূ ব্যৱস্থাপনাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1668143

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট

কেৰালাঃ কেৰালা ৰাজ্যিক উচ্চ শিক্ষা পৰিষদে ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰীক্ষা স্বয়ংক্ৰিয় কম্পিউটাৰ পদ্ধতিৰে সম্পন্ন কৰিবলৈ পৰামৰ্শ আগবঢ়াই এক নীতিগত তথ্য দাখিল কৰিছে৷ ইয়াৰ উদ্দেশ্য হৈছে যাতে পৰীক্ষাৰ লগে লগে মূল্যায়ন কৰিব পৰা মেচিনৰ সহায়ত সহজে ফলাফল ঘোষণা কৰিব পাৰে৷ বিগত ৭মাহ ধৰি বন্ধ হৈ থকা কেৰালাৰ বাৰসমূহ অহা সপ্তাহত খোলাৰ আশা আছে৷ এই বাৰসমূহৰ ক’ভিড প্ৰ’ট’কল সম্পূৰ্ণৰূপে মানি চলাটো নিশ্চিত কৰিবলৈ আৱকাৰী, আৰক্ষী আৰু ৰাজহ বিভাগে কঠোৰ পদক্ষেপ লৈছে৷ ৰাজ্যখনত কালি নতুনকৈ ৫,৪৫৭জন লোক আক্ৰান্ত হোৱাৰ ফলত মুঠ ক’ভিড ৰোগীৰ সংখ্যা ৪লাখৰ সীমা অতিক্ৰম কৰে৷

 

তামিলনাডুঃ মে’ৰ পৰা মঙলবাৰে প্ৰথমবাৰলৈ চেন্নাইত ৭০০তকৈ কম লোকৰ পজিটিভি ধৰা পৰিছে৷ ইফালে কইম্বাটুৰটো ক’ভিড পজিটিভিটিৰ হাৰ ৬.২ আৰু মৃত্যুৰ হাৰ ১.২৮%লৈ হ্ৰাস পাইছে৷

 

কৰ্ণাটকঃ জনসাধাৰণে নাক আৰু মুখ সম্পূৰ্ণ ঢাক খোৱা মাস্ক পৰিধান কৰা, সামাজিক দুৰত্ব বজাই ৰখাটো নিশ্চিত কৰিবলৈ বিবিএমপিয়ে ৱাৰ্ড, মণ্ডল, শাখা আৰু মুখ্য কাৰ্যালয় পৰ্যায়ত চাৰিখন কমিটী গঠন কৰিছে৷ ইফালে, ক’ভিড গাইডলাইন মানি চলি ৰাজ্যখনৰ চাৰিটা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে৷

 

অন্ধ্ৰপ্ৰদেশঃ তিৰুপতিৰ ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে আৰম্ভ কৰা অনলাইন চাৰ্টিফিকেট পাঠ্যক্ৰমৰ প্ৰতি শিক্ষাৰ্থীয়ে ভাল সঁহাৰি জনাইছে৷ ভাৰতৰ লগতে বিদেশৰ ৪১৪জন শিক্ষাৰ্থীয়ে এই পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে৷ অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক পৰিবহণ নিগমে তেলেংগানাৰ সৈতে আন্তঃৰাজ্যিক বাছসেৱা চলাচলৰ চুক্তি বাতিল কৰিছে৷

 

তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানাত ১,৪৮১জন নতুন আক্ৰান্ত, ১,৪৫১জন আৰোগ্য আৰু ৪জন ক’ভিড ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ ৰাজ্যখনত মুঠ আক্ৰান্ত ২,৩৪,১৫২জনৰ বিপৰীতে বৰ্তমান ১৭,৯১৬জন ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৯১,৭৮ শতাংশ৷ তেলেংগানা হৈছে সৰ্বাধিক ২৭,৭১৮ কোটি টকা ঋণ ৰেহাই দিয়া দেশৰ একমাত্ৰ ৰাজ্য৷

 

মহাৰাষ্ট্ৰঃ মুম্বাইৰ ২৪টা প্ৰশাসনিক ৱাৰ্ডত ক’ভিড ৰোগীৰ সংখ্যা দুগুন হোৱাৰ দিন ১০০তকৈ অধিক হৈছে৷ ক্ৰমান্বয়ে ক’ভিড পৰিস্থিতি উন্নত হোৱা মহাৰাষ্ট্ৰত মঙলবাৰে ৭,৮৩৬জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ৫,৩৬৩জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত বৰ্তমান ১.৩১লাখ ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷

 

গুজৰাটঃ বিগত ২৪ ঘণ্টাত গুজৰাটত ৯৯২জন লোক লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত বৰ্তমান ১৩,৪৮৭জন ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷ কালি পাঁচজন ক’ভিড ৰোগীৰ মৃত্যু হয়৷ বৰ্তমানলৈকে ৰাজ্যখনত ৩,৬৯৮জন ৰোগীৰ মৃত্যু হৈছে৷

 

ৰাজস্থানঃ ৰাজ্যিক শিক্ষা বিভাগে ২ নৱেম্বৰৰ পৰা পৰ্যায়ক্ৰমে বিদ্যালয় পুনৰ মুকলি কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তূতি সম্পূৰ্ণ কৰিছে৷ এই উপলক্ষে এক এছঅ’পি জাৰি কৰিছে৷ প্ৰাথমিক বিদ্যালয়ত যুগ্ম-অযুগ্ম ব্যৱস্থাৰ প্ৰস্তাৱ দিয়া হৈছে৷ মঙলবাৰে ৰাজস্থানত ১,৭৯৬জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখন ১৫,৯৪৯জন ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷

 

মধ্যপ্ৰদেশঃ তিনি মাহৰ পাছত মঙলবাৰে প্ৰথমবাৰলৈ ৰাজ্যখনত ৬০০তকৈ কম অৰ্থা ৫১৪জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত বৰ্তমান ১০,৩৫৩জন ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷

 

চত্তীশগড়ঃ আগষ্টৰ প্ৰথমভাগলৈকে প্ৰায় সংক্ৰমণ নথকা চত্তীশগড়ত এটা বিস্ফোৰক হাৰত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ মঙলবাৰে ৰাজ্যখন ২,০৪৬জন লোকৰ দেহত ক’ভিড ধৰা পৰাৰ বিপৰীতে ২৮৭জন আৰোগ্য হৈছে৷ বৰ্তমান ৰাজ্যখন ২১,৬৯৩জন ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷

 

গোৱাঃ গোৱা কেবিনেটে ক’ভিড-১৯ প্ৰতিৰোধী নিৰ্দেশনা মানি ১ নৱেম্বৰৰ পৰা কেছিন’সমূহ পুনৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ মাৰ্চ মাহৰ পৰা ৰাজ্যখনৰ কেছিন’সমূহ বন্ধ হৈ আছে৷

 

অসমঃ অসমত কালি ৪০৩জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,৪৪৩জন ৰোগীক ডিছচাৰ্জড দিয়া হৈছে৷ ৰাজ্যখনৰ মুঠ আক্ৰান্তৰ সংখ্যা ২,০৪,৭৮৯জনৰ বিপৰীতে ১,৯১,০২৭জনক ড়িছচাৰ্জড দিয়া হৈছে৷ এতিয়ালৈকে ৯১৪জন ৰোগীৰ মৃত্যু হোৱা অসমত বৰ্তমান ১২,৮৪৫জন ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷

 

মনিপুৰঃ মনিপুৰত নতুনকৈ ৬জন ৰোগীসহ ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১৫০জনলৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৭৫%৷

মেঘালয়ঃ মেঘালয়ত ১,৪১১জন ক’ভিড ৰোগী চিকিসাধীন হৈ থকাৰ বিপৰীতে এতিয়াকৈ ৭,৬৪৩জন ৰোগী আৰোগ্য হৈছে৷

 

মিজোৰামঃ কালি ৰাজ্যখন নতুনকৈ ৮০জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ মুঠ ক’ভিড ৰোগীৰ সংখ্যা ২,৬০৭জনৰ বিপৰীতে আজি প্ৰথমজন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷

 

নাগালেণ্ডঃ দেশৰ ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে নাগালেণ্ডতো ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ ১%ৰ তলত থকা বুলি মঙলবাৰে সদৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷

FACT CHECK

https://static.pib.gov.in/WriteReadData/userfiles/image/image008FGQ3.jpg

********



(Release ID: 1668299) Visitor Counter : 161