বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

পেটেণ্ট(সংশোধন) বিধি, ২০২০ -২৭নং প্ৰ-পত্ৰ দাখিল আৰু প্ৰথমিকতাসূচক নথি-পত্ৰৰ প্ৰত্যায়িত ইংৰাজী তৰ্জমা সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহ শৃংখলিত কৰাৰ প্ৰয়াস

পেটেণ্ট-বিচাৰোতাই একক কিম্বা সম্পৰ্ক থকা একাধিক পেটেণ্টৰ বাবে ২৭নং প্ৰ-পত্ৰ দাখিলৰ ক্ষেত্ৰত শিথিলতা লাভ কৰিব। ইয়ে বাধ্যবাধকতামূলক হেচাৰ পৰা সকাহ দিয়াৰ লগতে উদ্ভাৱনক উদ্বুদ্ধ কৰিব

পেটেণ্ট-বিচাৰোতাৰ হৈ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিয়েও ২৭নং প্ৰ-পত্ৰ দাখিল কৰিব পাৰিব। ইয়ে উদ্ভাৱকসকলক ‘স্বস্তিৰে কাম কৰাৰ বাবে’ অধিক সুযোগ প্ৰদান কৰিব


পেটেণ্ট-বিচাৰোতাই ২৭নং প্ৰ-পত্ৰ দাখিলৰ বাবে বৰ্তমানৰ ৩মাহৰ পৰিৱৰ্তে ৬মাহ সময় লাভ কৰিব


‘ডব্লিউআইপিঅ’’-ৰ ‘ডিজিটেল লাইব্ৰেৰী’ত যদি প্ৰথমিকতাসূচক নথি উপলব্ধ আছে তেন্তে আবেদনকাৰীয়ে ‘ভাৰতীয় পেটেণ্ট কাৰ্যালয়’ত এইসমূহ নথি-পত্ৰ দাখিল কৰাৰ প্ৰয়োজন নাথাকিব

প্ৰথমিকতাসূচক নথি-পত্ৰৰ প্ৰত্যায়িত ইংৰাজী তৰ্জমা সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহ শৃংখলিত কৰিব

Posted On: 28 OCT 2020 1:41PM by PIB Guwahati

সমাদ বছীৰ বনাম ভাৰত চৰকাৰ আৰু অন্যান্য সম্পৰ্কীয় গোচৰ সন্দৰ্ভত দাখিল কৰা ৰীট আবেদন নং ডব্লিউপিচি-৫৫৯০-২০১৫ সন্দৰ্ভত যোৱা ২৩-০৪-২০১৮ত দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ ফলশ্ৰুতিত পেটেণ্ট সম্পন্ন কৰা আৱিষ্কাৰৰ ভাৰতত বাণিজ্যিকীকৰণ(প্ৰ-পত্ৰ নং-২৭)ৰ বাবে দাখিল কৰিবলগীয়া প্ৰয়োজনীয় নথি-পত্ৰ সুশৃংখলিত কৰাৰ বাবে সংশ্লিষ্ট পক্ষসমূহে আলোচনা অনুষ্ঠিত কৰে।

২০২০চনৰ ১৯ অক্টোবৰত বলবত্ হোৱা পেটেণ্ট(সংশোধন)বিধি, ২০২০য়ে ২৭ নং প্ৰ-পত্ৰ দাখিলৰ বাবে প্ৰয়োজন হোৱা নথি-পত্ৰসমূহৰ লগতে ইংৰাজী ভাষাত নথকা গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহৰ প্ৰত্যায়িত তৰ্জমা দাখিলৰ প্ৰক্ৰিয়া পুনৰবাৰ সুশৃংখলিত কৰে।

 

প্ৰ-পত্ৰ নং-২৭ আৰু বিধি নং-১৩১(২) সন্দৰ্ভত অনা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ তলত উল্লেখ কৰাৰ ধৰণৰ :

 

  1. পেটেণ্ট-বিচাৰোতাই একক কিম্বা সম্পৰ্ক থকা একাধিক পেটেণ্টৰ বাবে ২৭নং প্ৰ-পত্ৰ দাখিলৰ ক্ষেত্ৰত শিথিলতা লাভ কৰিব
  2. দুজন বা ততোধিক ব্যক্তিলৈ একেটা পেটেণ্টৰ অনুমোদন দিয়া পৰিস্থিতিত সংশ্লিষ্টসকলে যুটীয়া ভাবে এখন ২৭নং প্ৰ-পত্ৰ দাখিল কৰিব
  3. পেটেণ্টৰ আবেদকে আনুমানিক ৰাজহ/উপাৰ্জিত মূল্য দাখিল কৰিব লাগিব
  4. পেটেণ্ট-বিচাৰোতাৰ হৈ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিয়েও ২৭নং প্ৰ-পত্ৰ দাখিল কৰিব পাৰিব
  5. পেটেণ্ট-বিচাৰোতাই ২৭নং প্ৰ-পত্ৰ দাখিলৰ বাবে বিত্তীয় বৰ্ষৰ সামৰণিৰ পৰা বৰ্তমানৰ ৩মাহৰ পৰিৱৰ্তে ৬মাহ সময় লাভ কৰিব
  6. আংশিক বা বিভাজিত বিত্তীয় বৰ্ষৰ বাবে আবেদকে ২৭ নং প্ৰ-পত্ৰ দাখিলৰ প্ৰয়োজন নহ
  7. পেটেণ্ট বিচাৰোতাক ২৭নং প্ৰ-পত্ৰত দাখিল কৰিবলগীয়া তথ্যৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰাৰ বিপৰীতে পেটেণ্ট আইন, ১৯৭০ৰ ১৪৬(১) দফাই নিয়ন্ত্ৰকক পেটেণ্ট আবেদকৰ পৰা প্ৰয়োজনীয় বুলি অনুভৱ কৰা তথ্য-পাতি বিচৰাৰো ক্ষমতা প্ৰদান কৰিছেযে সেই কথা মনত ৰাখিব লাগিব 

 

২১নং বিধি সন্দৰ্ভত অনা পৰিৱৰ্তনসমূহ তলত উল্লেখ কৰা ধৰণৰ :

 

  1. ডব্লিউআইপিঅ’’-ৰ ডিজিটেল লাইব্ৰেৰীত যদি প্ৰথমিকতাসূচক নথি উপলব্ধ আছে তেন্তে আবেদনকাৰীয়ে ভাৰতীয় পেটেণ্ট কাৰ্যালয়ত এইসমূহ নথি-পত্ৰ দাখিল কৰাৰ প্ৰয়োজন নাথাকিব
  2. সংশ্লিষ্ট আৱিষ্কাৰটো পেটেণ্টযোগ্য হয়নে নহয় নিৰূপণৰ ক্ষেত্ৰত প্ৰাথমিকতাৰ দাবী উথ্থাপনৰ সময়সীমা যদি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয় তেন্তে, তেনে ক্ষেত্ৰত আবেদকে প্ৰথমিকতাসূচক নথি-পত্ৰৰ প্ৰত্যায়িত ইংৰাজী তৰ্জমা দাখিল কৰিব লাগিব।

 

উল্লিখিত পৰিৱৰ্তনসমূহে ২৭নং প্ৰ-পত্ৰ দাখিল আৰু প্ৰথমিকতাসূচক নথি-পত্ৰৰ প্ৰত্যায়িত ইংৰাজী তৰ্জমা সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহ শৃংখলিত কৰিব।

 

**********

 

YB/AP/KB



(Release ID: 1668292) Visitor Counter : 169