প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ৰ উত্তৰ প্ৰদেশৰ হিতাধিকাৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
Posted On:
27 OCT 2020 1:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ৰ উত্তৰ প্ৰদেশৰ হিতাধিকাৰীসকলৰে এক বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়।
বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলক ‘ডিজিটেল’ ব্যৱস্থাৰে লেন-দেন কৰাৰ পৰামৰ্শ দিয়াৰ লগতে এই ব্যৱস্থাৰে কৰা লেন-দেনৰ জৰিয়তে নগদ ধন ওভতাই পোৱাৰ দৰে লাভসমূহৰ বিষয়ে অৱগত কৰে। এই ধনৰাশি পঢ়া-শুনা কৰাৰ লগতে ‘উন্নত কেৰিয়াৰ’ গঢ়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যায় বুলিও তেওঁ উল্লেখ কৰে।
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰথমে প্ৰথমে ঋণ বিচাৰি বেংকৰ কাষ চাপিবলৈ আনকি দৰ্মহা পোৱা ব্যক্তিসকলেও অসুবিধা পাইছিল। তেনে পৰিস্থিতিত দুখীয়া অথবা পথৰ দাঁতিত সৰু সৰু দোকান দি জীৱিকা নিৰ্বাহ কৰা ‘ষ্ট্ৰীট ভেণ্ডৰ’সকলেতো এনে কথা ভাবিবই পৰা নাছিল। পিচে এতিয়া, এইসকল ‘ষ্ট্ৰীট ভেণ্ডৰ’ক ঋণ দিয়াৰ বাবে বেংকসমূহে তেওঁলোকৰ দুৱাৰ মুখলৈকে আগবাঢ়ি আহিছে।
প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ প্ৰতি শুভকামনা জনোৱাৰ লগতে বেংকসমূহে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে তেওঁলোকক ভূয়সী প্ৰশংসা কৰে। ‘তেওঁলোকৰ প্ৰয়াসে দৰিদ্ৰজনক সহায় কৰিব আৰু দুখীয়া লোকসকলে তেওঁলোকৰ উত্সৱ উদযাপন কৰাৰ সুযোগ পাব’ বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। ‘ষ্ট্ৰীট ভেণ্ডৰ’সকলক সন্মানিত কৰা আজিৰ এই দিনটো ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে এক উল্লেখনীয় দিৱস হিচাপে পৰিগণিত হ’ব বুলিও তেওঁ মন্তব্য কৰে। ‘এখন ‘আত্মনিৰ্ভৰ ভাৰত’ গঢ়াৰ দিশত তেওঁলোকৰ অৰিহণা ৰাষ্ট্ৰই স্বীকাৰ কৰিছে’ বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে। ক’ৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়ত অন্য দেশসমূহে তেওঁলোকৰ শ্ৰমিকসকলক লৈ উদ্বিগ্ন হ’বলগীয়া হৈছিল, পিচে আমাৰ দেশৰ শ্ৰমিকসম্প্ৰদায়ে প্ৰত্যাহ্বানক পৰাভূত কৰাই নহয় বৰঞ্চ যিকোনো প্ৰত্যাহ্বানৰ বিৰুদ্ধে সাহসৰে যুঁজি বিজয় সাব্যস্ত কৰাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে।
প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কয় যে ‘মহামাৰীয়ে সংকট সৃষ্টি কৰাৰ মুহূৰ্তত দেশৰ দৰিদ্ৰ জনতাক সকাহ দিয়াৰ লক্ষ্যৰে চৰকাৰে ১ লাখ ৭০ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰি তাতক্ষণিকভাবে ইয়াৰ ৰূপায়ণৰ ব্যৱস্থা কৰিছিল। সেইদৰে, ২০লাখ কোটি টকা পৰিমাণৰ অৰ্থনৈতিক প্ৰোত্সাহনৰ জৰিয়তেও দুখীয়া জনতাৰ কল্যাণ সাধনতে গুৰুত্ব প্ৰদান কৰা হৈছিল’। ‘ষ্ট্ৰীট ভেণ্ডৰ’সকলে তেওঁলোকৰ ব্যৱসায় পুনৰাম্ভ কৰাৰ লগতে আত্মনিৰ্ভৰ হোৱাৰ সুযোগ লাভ কৰিব বুলি সন্তুষ্টি প্ৰকাশ কৰে’ প্ৰধানমন্ত্ৰীয়ে।
সমগ্ৰ দেশতে আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ তত্পৰতাৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। ‘স্বনিধি যোজনা’ৰ অধীনত ঋণ ল’বলৈ কোনো ধৰণৰ ‘গেৰেণ্টাৰ’ৰ সহায়ৰ প্ৰয়োজন নহয় বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবেই ‘স্বনিধি যোজনা’ৰ ঋণ লওতে হিতাধিকাৰীসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় বুলি উল্লেখ কৰে। যিকোনো উমৈহতীয়া কেন্দ্ৰ অথবা পৌৰ কাৰ্যালয়ৰ পৰা অনলাইন যোগে এই ঋণৰ বাবে আবেদন কৰিব পাৰে নতুবা পোণপতীয়াকৈ বেংকৰো কাষ চাপিব পাৰে।
স্বাধীনতাৰ পৰৱৰ্তি কালত এই প্ৰথম বাৰৰ বাবে ‘ষ্ট্ৰীট ভেণ্ডৰ’সকলে কোনোধৰণৰ প্ৰতিভূতি নিদিয়াকৈয়ে সহজসাধ্য ঋণ লাভৰ সুযোগ পাইছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। এই প্ৰসংগত তথ্য দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে ঋণ বিচৰা চহৰাঞ্চলৰ ‘ষ্ট্ৰীট ভেণ্ডৰ’সকলৰ অধিকাংশই উত্তৰ প্ৰদেশৰ। এই পৰ্যন্ত সমগ্ৰ দেশতে লাভ কৰা ২৫ লাখ ঋণ আবেদনৰ ভিতৰত ৬.৫ লাখ আবেদন কেৱল উত্তৰ প্ৰদেশৰ পৰাই পোৱা গৈছে। উত্তৰ প্ৰদেশৰ পৰা লাভ কৰা ৬.৫ লাখ আবেদনৰ ৪.২৫ লাখ আবেদনলৈকে ইতিমধ্যে অনুমোদন জনোৱা হৈছে বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ তথ্য দাঙি ধৰি কয় যে উত্তৰ প্ৰদেশৰ পৰা পোৱা ‘স্বনিধি যোজনা’ৰ ঋণ আবেদনৰ বিপৰীতে প্ৰদান কৰিব খোজা ঋণৰ ক্ষেত্ৰত প্ৰযোজ্য ‘ষ্টাম্প ডিউটী’ মাফ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
মহামাৰীৰ সময়ত ৬ লাখ ‘ষ্ট্ৰীট ভেণ্ডৰ’লৈ ১০০০ টকাৰ বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
‘স্বনিধি যোজনা’ৰ জৰিয়তে ঋণ লাভ কৰা সৰহভাগ ‘ষ্ট্ৰীট ভেণ্ডৰে’ই সময়মতে তেওঁলোকৰ দেনাসমূহ আদায় দি থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ‘এই কথাই সৰু সৰু মানুহে যে সততা আৰু নীতিনিষ্ঠতাৰ ক্ষেত্ৰত আপোচ কৰিব নিবিচাৰে এই কথাই তাকে প্ৰতীয়মান কৰিছে’ বুলি মন্তব্য কৰে।
আঁচনিখন সন্দৰ্ভত ব্যাপক জন সজাগতাৰ পোষকতা কৰা প্ৰধানমন্ত্ৰীয়ে সময়ত ঋণৰ ধন ওভতাই দিয়াসকলৰ সুদৰ বিপৰীতে ৭ %ৰ ৰেহাই দান কৰাৰ উপৰি ‘ডিজিটেল মাধ্যমে’ৰে প্ৰদান কৰা দেনাৰ বিপৰীতে মাহে ১০০ টকাৰ নগদ ধন ঘূৰাই দিয়াৰ দিহা কৰা হৈছে বুলিও উল্লেখ কৰে।
‘জন ধন একাউণ্ট’ৰ পাৰদৰ্শিকতাক লৈ বহুতেই প্ৰশ্নৰ অৱতাৰণা কৰিছিল যদিও এতিয়া সেই একাউণ্টেই সংকটৰ সময়ত দুখীয়া জনতাক সহাৰ হাত আগবঢ়াইছে বুলি প্ৰধানমন্ত্ৰীয়ে অভিমত প্ৰকাশ কৰে।
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে চৰকাৰে দুখীয়া ৰাইজৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।
দেশৰ ‘ষ্ট্ৰীট ভেণ্ডৰ’, শ্ৰমিক, কৃষকসকলৰ ব্যৱসায়ৰ লগতে জীৱনধাৰাৰ উত্তৰণ সাধন কৰাৰ বাবে দেশে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰো নিশ্চয়তা প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে।
***
VRRK/AK/KB
(Release ID: 1668025)
Visitor Counter : 209
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam