প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰ সচিব আৰু প্ৰতিৰক্ষা সচিবে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

Posted On: 27 OCT 2020 5:29PM by PIB Guwahati

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰ সচিব মাইকেল আৰ. পম্পিঅ’ আৰু প্ৰতিৰক্ষা সচিব ড০ মাৰ্ক টি. এছপাৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষা কৰে৷

তেওঁলোকে মাৰ্কিন ৰাষ্ট্ৰপতিৰ হৈ প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনায়৷ ২০২০ৰ ফেব্ৰুৱাৰী মাহত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সফল ভ্ৰমণসূচীৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়েও শুভেচ্ছা জ্ঞাপন কৰে৷

দুয়োগৰাকী সচিবে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ দুয়োদেশৰ মাজৰ দ্বিপাক্ষিক বৈঠক আৰু আজি পুৱাৰ ভাগত অনুষ্ঠিত সফলতাপূৰ্ণ তৃতীয় ২+২ আলোচনা-চক্ৰৰ বিষয়তে অৱগত কৰে৷ দুয়োগৰাকী সচিবে কয় যে আমেৰিকা চৰকাৰে ধাৰাবাহিকভাৱে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাৰতৰ সৈতে একেলগে কাম কৰি আছে, যি পদক্ষেপে দুয়োখন দেশৰ ভিজন আৰু লক্ষ্য বাস্তৱত পৰিণত কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে ২+২ আলোচনা-চক্ৰ তৃতীয় সফল আয়োজনৰ প্ৰশংসা কৰি কয় যে দুয়োখন দেশে যিদৰে বিকাশৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সহযোগিতাৰে আগুৱাই গৈছে, সেয়া অতি সন্তোষজনক৷ এই উপলক্ষে তেওঁ দুয়োখন দেশৰ মাজত বিশ্বাসৰ শক্তিশালী ভেঁটি, মিলিত মুল্যবোধ আৰু নাগৰিকসকলৰ মাজত পাৰস্পৰিক সহযোগিতাৰ সন্দৰ্ভত উল্লেখ কৰে৷

****

AP/AM/DB



(Release ID: 1668022) Visitor Counter : 131