স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

২২ মাৰ্চৰ পৰা ভাৰতৰ আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ সৰ্বনিম্ন

যোৱা ২৪ ঘন্টাত ৫০০ তকৈয়ো কম আক্ৰান্তৰ মৃত্যু

১৪ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১%তকৈয়ো কম

Posted On: 26 OCT 2020 12:01PM by PIB Guwahati

চিকিৎসালয়ত ভৰ্তি হোৱা ঘটনাসমূহৰ ফলপ্ৰসূ ক্লিনিকেল মেনেজমেন্টত কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ দৃঢ় প্ৰচেষ্টাৰ ফলশ্ৰুতিত ভাৰতৰ আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১.৫%লৈ অৱনমিত হৈছে। চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহত কেয়াৰ প্ৰট’কলৰ সামগ্ৰিক মানদণ্ডৰ ভিত্তিত কাৰ্যকৰী কন্টেইনমেন্ট কৌশল, বৰ্ধিত টেষ্টিং আৰু মানসম্পন্ন ক্লিনিকেল মেনেজমেন্ট প্ৰট’কলৰ জৰিয়তে নতুনকৈ মৃত্যু হোৱা ঘটনাৰ সংখ্যা লক্ষ্যণীয়ভাৱে হ্ৰাস হৈছে।

যোৱা ২৪ ঘন্টাত দেশখনত ৫০০ তকৈয়ো কম (৪৮০) লোকৰ মৃত্যু হৈছে।

ভাৰতৰ আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ বিশ্বখনৰ ভিতৰতে সৰ্বনিম্ন। ২২ মাৰ্চৰপৰা আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ সৰ্বনিম্ন আৰু অবিৰতভাৱে হ্ৰাস পাই আছে।

ক’ভিড মেনেজমেন্ট আৰু ৰেচপন্স পলিচীৰ অংশ হিচাপে, কেন্দ্ৰীয় চৰকাৰখনে কেৱল মাত্ৰ ক’ভিডৰ প্ৰতিৰোধতেই মনোযোগ দিয়াই নহয়, বৰঞ্চ ক’ভিডত আক্ৰান্ত জটিল আৰু তীব্ৰ ৰোগীসকলক মানসম্পন্ন ক্লিনিকেল কেয়াৰ আগবঢ়োৱাৰ জৰিয়তে জীৱন ৰক্ষাৰ বাবে মৃত্যুৰ সংখ্যা হ্ৰাসতো গুৰুত্ব আৰোপ কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰখনেৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমন্বিত প্ৰচেষ্টাৰ বলত সমগ্ৰ দেশখনতে স্বাস্থ্য সেৱা সুবিধাসমূহ শক্তিশালী হৈ উঠিছে। ২২১৮ খন সমৰ্পিত ক’ভিড চিকিৎসালয়ৰ জৰিয়তে মানসম্পন্ন মেডিকেল কেয়াৰ আগবঢ়াই ৰখা হৈছে।

আক্ৰান্ত লোকৰ মৃত্যুৰ ঘটনা হ্ৰাসৰ অৰ্থে জটিল ৰোগীসকলৰ ক্লিনিকেল মেনেজমেন্টত আইচিইউ চিকিৎসকসকলৰ সামৰ্থ্য নিৰ্মাণৰ অৰ্থে এটা অনন্য় প্ৰচেষ্টা হিচাপে নতুন দিল্লীস্থিত এইমছৰদ্বাৰা ই-আইচিইউ আৰম্ভ কৰা যায়। সপ্তাহত দুবাৰ, যথা মঙলবাৰ আৰু শুকুৰবাৰে, ৰাজ্যিক চিকিৎসালয়সমূহৰ আইচিইউত নিয়োজিত চিকিৎসকসকলৰ অৰ্থে নলেজ আৰু ডমেইন বিশেষজ্ঞসকলৰদ্বাৰা টেলি/ভিডিঅ’-কনচালটেশ্যন সত্ৰ অনুষ্ঠিত কৰি অহা হৈছে। ২০২০ৰ ৮ জুলাইৰপৰা ইয়াৰ আৰম্ভ হয়।

আজিলৈকে, ২৫ টেলি-সত্ৰ অনুষ্ঠিত হৈছে আৰু ইয়াত ৩৪ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৯৩ খনি প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।

জটিল ৰোগীসকলৰ চিকিৎসাৰ অৰ্থে চিকিৎসকসকলৰ আইচিইউ/ক্লিনিকেল মেনেজমেন্ট সামৰ্থ্য বৃদ্ধি কৰিবলৈ, স্বাস্থ্য মন্ত্ৰণালয়ৰ সহযোগিতাত নতুন দিল্লীস্থিত এইমছে এফএকিউ যুগুত কৰি উলিয়াইছে। এয়া স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৱেবচাইটত সন্নিৱিষ্ট কৰা হৈছে আৰু তলত উল্লেখিত লিংকটোত ক্লিক কৰি সেয়া প্ৰত্যক্ষ কৰিব পৰা যাবঃ

https://www.mohfw.gov.in/pdf/AIIMSeICUsFAQs01SEP.pdf

তদুপৰি, বৃদ্ধ, প্ৰসূতি আৰু আন ৰোগত আক্ৰান্তৰ দৰে বিপদসংকুল লোকক চিনাক্ত আৰু সংখ্যা নিৰ্ণয় কৰিবলৈ বহু কেইখন ৰাজ্যই সমীক্ষা সম্পন্ন কৰিছে। ম’বাইল এপৰ লেখীয়া প্ৰযুক্তিগত সমাধানৰ সহায়ত ই অহৰহ নিৰীক্ষণৰ জৰিয়তে অধিক-বিপদসংকুল লোকসকলৰ আৰম্ভণিতে চিনাক্তকৰণ, সময়োচিত ক্লিনিকেল ট্ৰিটমেন্ট আৰু মৃত্যু হ্ৰাস নিশ্চিত কৰি তুলিছে। তৃণমূল স্তৰত আশা আৰু এএনএমৰ দৰে ফ্ৰন্টলাইন স্বাস্থ্য কৰ্মীসকলে অভিবাসী লোকসকলৰ পৰিচালনা আৰু সমাজত সজাগতা বৃদ্ধি কৰাত লক্ষণীয় কাৰ্য সম্পাদন কৰিছে।

যাৰ বাবে, ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১%ৰ নিম্ন হৈ ৰৈছে।

যোৱা ২৪ ঘন্টাত ৫৯,১০৫ ৰোগীয়ে আক্ৰান্ত লাভ কৰাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত ঘটনাৰ সংখ্যা হৈছে ৪৫,১৪৮টা। ইয়াৰ জৰিয়তে, মুঠ আৰোগ্য লাভৰ সংখ্যাই ৭১ লাখ (৭১,৩৭,২২৮) অতিক্ৰম কৰিছে। এদিনত আৰোগ্য লাভৰ অধিক সংখ্যাই ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ বৃদ্ধিকে সূচিত কৰিছে। বৰ্তমানে ইয়াৰ হাৰ হৈছে ৯০.২৩%।

ভাৰতত সক্ৰিয় ঘটনাৰ ক্ষীপ্ৰ হ্ৰাসৰ প্ৰৱণতা অব্যাহত আছে। বৰ্তমানে দেশখনত সক্ৰিয় ঘটনাৰ হাৰ হৈছে মুঠ পজিটিভ ঘটনাৰ ৮.২৬%। এই পৰিমাণ হৈছে ৬,৫৩,৭১৭টা। ই হৈছে ১৩ আগষ্টৰপৰা সৰ্বনিম্ন। তেতিয়া এই পৰিমাণ আছিল ৬,৫৩,৬২২টা।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৮% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

১০,০০০ তকৈয়ো অধিক ঘটনাৰে এদিনতে সৰ্বাধিক আৰোগ্য লাভৰ তালিকাখনৰ শীৰ্ষস্থানত আছে কৰ্ণাটক। দ্বিতীয় স্থানত থকা কেৰালাৰ ৭,০০০ তকৈয়ো অধিক আক্ৰান্তই আৰোগ্য লাভ কৰিছে।

যোৱা ২৪ ঘন্টাত দেশখনত নতুন নিশ্চিত ঘটনাৰ সংখ্যা হৈছে ৪৫,১৪৮ টা। এয়া ২২ জুলাইৰপৰা সৰ্বনিম্ন। সেইদিনা নতুন ঘটনাৰ সংখ্যা আছিল ৩৭,০০০ টা।

নতুন নিশ্চিত ঘটনাৰ ৮২% হৈছে ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। সৰ্বাধিক নতুন নিশ্চিত ঘটনা চিনাক্ত হোৱা ৰাজ্যৰ ভিতৰত আছে কেৰালা আৰু মহাৰাষ্ট্ৰ। ইয়াত, নতুনকৈ নিশ্চিত ঘটনাৰ সংখ্যা ৬,০০০ ৰোধিক আৰু ইয়াৰ পাছতে থকা কৰ্ণাটক, দিল্লী আৰু পশ্চিম বংগৰ নতুন নিশ্চিত ঘটনাৰ সংখ্যা ৪,০০০ ৰোধিক।

যোৱা ২৪ ঘন্টাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪৮০ জন। ইয়াৰ ভিতৰত, প্ৰায় ৮০% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

নতুনকৈ মৃত্যু হোৱাসকলৰ ২৩%(১১২) মহাৰাষ্ট্ৰৰ।

****

MV/SJ/SB



(Release ID: 1667634) Visitor Counter : 241