অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
তাপবিদ্যুৎ প্রকল্পবোৰৰ গৱেষণা আৰু পৰিদর্শনৰ বাবে ড্র’ন ব্যৱহাৰৰ অনুমতি প্ৰদান এনটিপিচিৰ
পৰিস্থিতিগত ৰেহাই প্ৰদান অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় আৰু ডিজিচিএৰ
Posted On:
23 OCT 2020 12:53PM by PIB Guwahati
মধ্যপ্ৰদেশৰ বিন্ধ্যাচল ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেশ্যন, গাদাৱাৰা ছুপাৰ থাৰ্মেল পাৱাৰ প্লান্ট আৰু ছট্টিশগড়ৰ ছিপেট ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টত ৰিমোটলি পাইল্টেড এয়াৰক্ৰাফট ছিষ্টেম (আৰপিএএছ)-ৰ সহায়ত গৱেষণা আৰু পৰিদৰ্শনমূলক কাম-কাজ পৰিচালনা কৰিবৰ বাবে ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগম (এনটিপিচি)-ক চৰ্ত সাপেক্ষে অনুমোদন প্ৰদান কৰিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় আৰু ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যনে (ডিজিচিএ)।
মন্ত্ৰালয়ৰৰ যুটীয়া সচিব শ্ৰী অম্বৰ ডুবেই জনাইছে যে, এনটিপিচিয়ে এই তিনি প্ৰকল্পত ড্ৰ’নৰ সহায়ত বিস্তৃত ভূমিখণ্ড সংক্ৰান্তীয় মানচিত্ৰ নিৰ্মাণ, আয়তনৰ পৰিমাপ সংক্ৰান্তীয় বিশ্লেষণ, ভূখণ্ডৰ পৰ্যবেক্ষণ আৰু অন্যান্য কাম-কাজবোৰ চলাব পাৰিব। ইয়াৰ সমান্তৰালকৈ কম খৰচতে নিৰ্ভুল তথ্য আহিব এনটিপিচিৰ হাতত। পৰিকাঠামো, খননকাৰ্য, কৃষি আৰু দুৰ্যোগ মোকাবিলা তথা সাহায্য বিতৰণ ক্ষেত্ৰত উদ্যোগ সংক্ৰান্তী ক্ষেত্ৰত ড্ৰ’নৰ ব্যৱহাৰৰ প্ৰচাৰ বৃদ্ধি কৰিবলৈ ভাৰত চৰকাৰ যথেষ্ট তৎপৰ।
চলিত বছৰৰ ৩১ ডিচেম্বৰ বা ডিজিটেল স্কাই প্লেটফৰ্মৰ সম্পূৰ্ণ কাম শেষ নোহোৱা পৰ্যন্ত (যিটো আগতে হয়) এই চৰ্তসাপেক্ষে ৰেহাই লাভ কৰিব।
এনটিপিচি অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ বিমান চলাচল সংক্ৰান্তীয় আইন ১৯৩৭ ৰ ১৫(ক) ধাৰা অনুযায়ী ৰেহাই পাব। গতিকে, এনটিপিচিক স্থানীয় প্ৰশাসন, প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহমন্ত্ৰালয়, বায়ু সেনা, বিমানবন্দৰ কৰ্তৃপক্ষৰ পৰা আৰপিএএছ কাৰ্যসূচী চলোৱাৰ প্ৰয়োজনীয় ৰেহাইপত্ৰ গ্ৰহণ কৰিব লাগিব। ভাৰত চৰকাৰে এনটিপিচিক একমাত্ৰ আৰপিএএছ কাৰ্যক্ৰমণিকা পৰিচালনাৰ ক্ষেত্ৰতে অনুমতি দিছে। আৰপিএএছৰ মাধ্যমেৰে ছবি অথবা ভিডিঅ’হে ব্যৱহাৰ কৰিব পাৰিব এনটিপিচিয়ে। এই আৰপিএএছ কাৰ্যক্ৰমে নিৰাপত্তাৰ পূৰ্ণ দায়িত্ব অৰ্পন কৰিব এনটিপিচিৰ ওপৰত। বিশেষকৈ আৰপিএএছৰ মাধ্যমেৰে সংগৃহিত তথ্য সুৰক্ষাৰ দায়িত্ব এনটিপিচিৰ। সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত একমাত্ৰ এই আৰপিএএছ কাৰ্যক্ৰম পৰিচালিত হ’ব। চৰকাৰী সম্পত্তি, গোপনীয়তা ৰক্ষা আৰু এই কামৰ সৈতে জড়িত ব্যক্তিসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব এনটিপিচিৰ। এনটিপিচি কেৱল প্ৰশিক্ষিত আৰু অভিজ্ঞ কৰ্মীসকলকেই এই আৰপিএএছ পৰিচালনাৰ কামত জড়িত কৰাব। এই কাম পৰিচালনা কৰাৰ সময়ত দুৰ্ঘটনাৰ বাবে কোনো কৰ্মীৰ মৃত্যু হ’লে ডিজিচিএক জনাব লাগিব।
***
RJ/NG/RD
(Release ID: 1667220)
Visitor Counter : 190
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam