PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 20 OCT 2020 6:05PM by PIB Guwahati

 

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

#Unite2FightCorona

#IndiaFightsCorona

Image

 

গুৰুত্বপূৰ্ণ মাইলৰখুঁটি অতিক্ৰম কৰিছে ভাৰতে, প্ৰায় ৩ মাহৰ পাছত নতুন আক্ৰান্তৰ সংখ্যা প্ৰথমবাৰলৈ ৫০,০০০ তললৈ আহিছে; মুঠ আক্ৰান্তৰ বিপৰীতে প্ৰায় ১০% ৰোগী চিকিসাধীন হৈ আছে; চিকিসাধীন ৰোগীৰ সংখ্যা ৭.৫লাখলৈ অৱনমিত

ক’ভিড-১৯ বিৰুদ্ধে যুঁজত ভাৰতে কেতবোৰ গুৰুত্বপূৰ্ণ মাইলৰখুঁটি অতিক্ৰম কৰিছে৷ প্ৰায় ৩ মাহৰ পাছত নতুন আক্ৰান্তৰ সংখ্যা প্ৰথমবাৰলৈ ৫০,০০০ তললৈ(৪৬,৭৯০) আহিছে৷ শেষৰবাৰ ২৮ জুলাইত নতুন আক্ৰান্তৰ সংখ্যা ৪৭,৭০৩জন আছিল৷ আন এক সফলতা অনুসৰি ভাৰতত বৰ্তমান মুঠ আক্ৰান্তৰ বিপৰীতে প্ৰায় ১০% ৰোগীহে চিকিসাধীন হৈ আছে৷ বৰ্তমান দেশত ৭.৫ লাখ অৰ্থা মুঠ আক্ৰান্তৰ বিপৰীতে ৯.৮৫% ৰোগী চিকিসাধীন হৈ আছে৷ সৰ্বাধিক সংখ্যাৰ আৰোগ্যৰ হাৰে চিকিসাধীন ৰোগী সংখ্যা হ্ৰাসত অৰিহণা যোগাইছে৷ দেশত বৰ্তমানলৈকে ৬৭,৩৩,৩২৮জন ৰোগী আৰোগ্য হৈছে৷ ইয়াৰ জৰিয়তে চিকিসাধীন ৰোগী আৰু আৰোগ্য হোৱা ৰোগী মাজৰ ব্যৱধান ৫৯,৮৪,৭৯০জনলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ৬৯,৭২০জন ৰোগী আৰোগ্য হৈছে৷ ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৮.৬৩%লৈ উন্নীত হৈছে৷ এই নতুন আৰোগ্য লোকৰ ৭৮%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১৫,০০০ আৰু কৰ্ণাটকত ৮,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ ৭৫%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰালাৰ ৫,০০০তকৈ অধিক আক্ৰান্ত আছে৷ দেশত বিগত ২৪ ঘণ্টাত ৫৮৭জন ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ১২৫ জন মহাৰাষ্ট্ৰৰ৷ উল্লেখ্য যে ভাৰত হৈছে সৰ্বাধিক ৰোগী আৰোগ্য হোৱা আৰু ধাৰাবাহিকভাৱে মৃত্যু(১.৫২%)ৰ হাৰ নিম্নগামী হৈ থকা বিশ্বৰ একমাত্ৰ দেশ৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleasePage.aspx?PRID=1666027

 

ভাৰতৰ ৰাষ্ট্ৰীয় কৃমিনাশক দিৱসত প্ৰমাণভিত্তিক প্ৰভাৱ, ১৪খন ৰাজ্যত কৃমিজনিত ৰোগ হ্ৰাস পাইছে

মাটিৰ পৰা সংক্ৰমিত হেলমিনথিয়াছিচ(এছটিএই), যি অন্ত্রৰ পৰজীৱি কৃমি সংক্ৰমণ হিচাপে পৰিচিত। এয়া জনস্বাস্থ্যৰ ক্ষেত্ৰত অতি উদ্বেগৰ কাৰণ। এইবোৰে শিশুসকলৰ শাৰীৰিক বৃদ্ধি আৰু স্বাস্থ্যৰ ক্ষতি কৰে৷ আনকি ৰক্তহীনতা আৰু অপুষ্টিজনিত সমস্যাৰ কাৰণো হ’ব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই বস্তি অঞ্চল আৰু কিশোৰীসকলৰ শৰীৰৰ পৰা কৃমি সংক্ৰমণ নিৰ্মূল কৰা তথা তেওঁলোক অধিক ভাল পুষ্টি, স্বাস্থ্যকৰ জীৱন প্ৰদানৰ বাবে নিৰলস কৃমিনাশকৰ পৰামর্শ প্ৰদান কৰি আহিছে। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াৰ কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় কৃমি নাশক দিৱসটো ২০১৫ চনৰ পৰা উদযাপন কৰি আহিছে। বিদ্যালয় আৰু অংগনৱাড়ী কর্মীসকলৰ জৰিয়তে এই দিৱস উদযাপন কৰা হয়। এই উপলক্ষে একাধিক কাৰ্মসূচীও গ্ৰহণ কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত এলবেনডেজল টেবলেট শিশু আৰু কিশোৰ-কিশোৰীসকলৰ কৃমি নাশকৰ বাবে প্ৰদান কৰা হয়। মাছ ড্রাগ এডমিনিষ্ট্ৰেশ্যন(এমডিএ)ৰ অংশ হিচাপে বিশ্বজুৰি এই কাৰ্যসূচী পালন কৰা হয়। এই বছৰৰ আৰম্ভণিতে কৃমিনাশক কার্যসূচীৰ অধীনত ২৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১১ কোটি শিশু আৰু কিশোৰ-কিশোৰীক এলবেনডেজল টেবলেট প্ৰদান কৰা হয়৷ কিন্তু ক’ভিড মহামাৰীৰ বাবে এতিয়া এই কাৰ্যসূচী বন্ধ ৰখা হৈছে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1666053

 

সমাগত উত্সৱৰ দীঘলীয়া সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ জন আন্দোলনৰ ৰূপায়ণ সন্দৰ্ভত গুজৰাটৰ উপ মুখ্য মন্ত্ৰী শ্ৰী নীতিনভাই পেটেলৰ সৈতে ড০ হৰ্ষ বৰ্দ্ধনৰ আলোচনা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে আজি গুজৰাটৰ উপ মুখ্য মন্ত্ৰী শ্ৰী নীতীনভাই পেটেলৰ সৈতে এক আলোচনাত মিলিত হয়। আজিৰ আলোচনাত গুজৰাটৰ সকলো জিলাৰ জিলাধিপতিসকলৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলেও অংশ গ্ৰহণ কৰে৷ সভাত ড০ হৰ্ষ বৰ্দ্ধনে সকলোকে সঁকীয়াই দি কয়, মহামাৰীয়ে আক্ৰান্ত কৰা দেশখনে ইতিমধ্যে দশমটো মাহত প্ৰৱেশ কৰিছে। দেশত এই মুহূৰ্তত প্ৰায় ৭,৭২,০০০ গৰাকী সক্ৰিয়ভাবে আক্ৰন্ত ৰোগী আছে, আৰু যোৱা প্ৰায় এটা মাহে দেশত আক্ৰান্তৰ সংখ্যা ১০ লাখৰ তলত অব্যাহত থকাটো পৰিলক্ষিত হৈছে। শেতহীয়া ২৪ ঘণ্টাত ৫৫,৭২২গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰাৰ বিপৰীতে দেশৰ বিভিন্ন হাস্পটালসমূহৰ পৰা ৬৬,৩৯৯গৰাকী লোকক ঘৰলৈ ওভতাৰ অনুমতি প্ৰদান কৰা হৈছে। ইফালে দেশত ৰোগীৰ সংখ্যা দুগুণ হোৱাৰ অন্তৰাল ৮৬.৩দিনলৈ বৃদ্ধি পাইছে আৰু অচিৰেই দেশত সম্পন্ন হোৱা নমুনা পৰীক্ষণৰ সংখ্যাই ১০ কোটিৰ ঘৰ অতিক্ৰম কৰিবইফালে, গুজৰাটত কভিড-১৯ৰ প্ৰবন্ধন সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে কয় যে সৌ সিদিনালৈকে দেশৰ অন্যতম সৰ্বাধিক কভিড-১৯ প্ৰভাৱিত ৰাজ্যৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা গুজৰাটে শেহতীয়া ভাবে মহামাৰীবিধৰ প্ৰবন্ধনত লক্ষণীয় ফল্যৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষণ হৈছে। আজিৰ তাৰিখত দেশৰ সামগ্ৰিক আৰোগ্যৰ হাৰ ৮৮.২৬%ৰ বিপৰীতে গুজৰাটৰ আৰোগ্যৰ হাৰ হৈছে ৯০.৫৭%প্ৰতি নিযুত ব্যক্তিৰ বিপৰীতে দেশৰ নমুনা পৰীক্ষণৰ গড় হাৰ ৬৮,৯০১গৰাকীৰ বিপৰীতে গুজৰাটে ৭৭,৭৮৫গৰাকী হাৰত নমুনা পৰীক্ষণ সম্ভৱ কৰি তোলাৰ বাবে মন্ত্ৰী ড০ বৰ্দ্ধনে গুজৰাট চৰকাৰক অভিনন্দন জ্ঞাপন কৰে। এই মুহূৰ্তত গুজৰাটত থকা ১৪,৪১৪গৰাকী সক্ৰিয় ৰোগীৰ ৯৯.৪%ৰ স্থিতিয়ে সুস্থিৰে থকাটোও লক্ষ্যণীয় কথা বুলি দোহাৰা মন্ত্ৰীগৰাকীয়ে মাত্ৰ ০.৬% অৰ্থাত্ মাত্ৰ ৮৬ গৰাকী লোকহে এই মুহূৰ্তত ভেণ্টিলেটৰত থাকিবলগীয়া হৈছে বুলি তথ্য দাঙি ধৰে৷ কভিড-১৯ৰ বিৰুদ্ধে ইতিমধ্যে লাভ কৰা সাফল্য সমাগত উত্সৱৰ দীঘলীয়া সূচীৰ সময়ত অটুত ৰখাটো নিতান্তই প্ৰত্যাহ্বানপূৰ্ণ হব বুলি সঁকীয়াই দিয়া মন্ত্ৰীগৰাকীয়ে কয়, আগন্তুক তিনিটা মাহ আমি আৰু অধিক সতৰ্ক হৈ থাকিব লাগিব। প্ৰধানমন্ত্ৰীয়ে মুখত মাস্ক পৰিধান কৰা, সঘনাই হাত ধোৱা আৰু সামাজিক ব্যৱধান বিধি মানি চলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ কথা সমাজৰ অন্তিমগৰাকী ব্যক্তি পৰ্যন্ত অৱগত কৰোৱাৰ ব্যৱস্থা কৰিবলৈ ড০ বৰ্দ্ধনে সংশ্লিষ্টসকলক আহ্বান জনায়। কভিড-১৯ প্ৰতিৰোধ বিধি নমনাসকলৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষেপ গ্ৰহণ লগতে কভিডৰ বিৰুদ্ধে যথোচিত আচৰণক সৰল কৰি তোলাৰো আহ্বান জনায়।

অধিক বিৱৰণৰ বাবেhttps://www.pib.gov.in/PressReleseDetail.aspx?PRID=1665860

 

গ্ৰেণ্ড চেলেঞ্জেছ বাৰ্ষিক সভা ২০২০ মূল ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ‘গ্ৰেণ্ড চেলেঞ্জেছ বাৰ্ষিক সভা ২০২০’ত মূল ভাষণ প্ৰদান কৰে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘বিজ্ঞান আৰু উদ্ভাৱনত বিনিয়োগ কৰা সমাজেহে ভৱিষ্যত গঢ়িব পাৰে’৷ তেওঁ কয়, ‘বিজ্ঞান আৰু উদ্ভাৱনক সঠিক সময়ত ফলপ্ৰসূ কৰি তুলিবলৈ হ’লে হঠাতে ফল বিচৰাৰ পৰিৱৰ্তে আগতীয়াকৈ বিনিয়োগ কৰিব লাগে এনেধৰণৰ উদ্ভাৱনৰ বাবে কৰা যাত্ৰাৰ ক্ষেত্ৰত সহ অংশীদাৰিত্ব আৰু ৰাজহুৱা অংশগ্ৰহণক গুৰুত্ব দিবই লাগিব বুলি তেওঁ অভিমত ব্যক্ত কৰে। সমস্যাৰে সৈতে বিজ্ঞানে কেতিয়াও সমৃদ্ধি লাভ কৰিব নোৱাৰে বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ৰেণ্ড চেলেঞ্জেছ কাৰ্যক্ৰমে এই কথা ভালকৈয়ে জানে তেওঁ, গোলকীয় প্ৰেক্ষাপটত বহু ৰাষ্ট্ৰ জড়িত হৈ থকা আৰু এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেন্স, মাতৃ আৰু শিশু স্বাস্থ্য, কৃষি, পুষ্টি, ডব্লিউএএছএইচ-(ৱাটাৰ, ছেনিটেশ্যন এণ্ড হাইজিন)ৰ দৰে ভিন্নমুখী প্ৰসংগৰ সমাধানৰে জড়িত হৈ থকা এই কাৰ্যক্ৰমৰ ব্যাপকতাৰ শলাগ লয়। গোলকীয় প্ৰেক্ষাপটক জোকাৰি যোৱা মহামাৰীয়ে আমাক দলগত ভাবে কৰা কামৰ গুৰুত্বক পুনৰাই হৃদয়ংগম কৰালে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। বেমাৰে কোনো ভৌগলিক সীমাৰেখা চিনি নাপাই, বেমাৰে আনকি মানুহৰ ধৰ্ম-বিশ্বাস, জাত-পাত, লিংগ অথবা বৰ্ণৰ ভেদাভেদকো গণ্য নকৰে তেওঁ আৰু কয় ইয়াৰে বহু সংখ্যক সংমণ প্ৰবণ আৰু আন কিছুমান আক অসংক্ৰণপ্ৰবণ যিয়ে মানৱ জীৱনক প্ৰভাৱিত কৰে। এক শক্তিশালী আৰু উজ্জীৱিত বৈজ্ঞানিক প্ৰতিষ্ঠানৰে সজ্জিত পৰিমণ্ডল ভাৰতৰ বাবে সম্পদ স্বৰূপ, বিশেষকৈ শেহতীয় কেবাটাও মাহত, কভিড-১৯ৰে অব্যাহত যুঁজখনৰ সময়ত এই কথা পুনৰবাৰ প্ৰতীয়মান হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁলোকে প্ৰতিৰোধৰে কৰা আসধ্য সাধনৰ জৰিয়তে সামৰ্থ্য বৰ্দ্ধন কাৰত সফল হৈছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰধনমন্ত্ৰীয়ে তথ্য দাঙি ধৰি কয় যে বিশাল জনসংখ্যাৰ দেশ হোৱা স্বত্বেও, জনতাৰ শক্তিৰে শক্তিৱন্ত আৰু জনতাৰ দ্বাৰা পৰিচালিত কাৰ্যক্ৰমৰ সুবাদত ভাৰতত কভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা তেনেই কম হোৱা পৰিলক্ষিত হ শেহতীয়া প্ৰেক্ষাপটত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যাও দিনে দিনে কমিবলৈ ধৰিছে, আক্ৰান্তৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰতো অৱনমন দেখিবলৈ পোৱা গৈছে আৰু আৰোগ্য লাভৰ ক্ষেত্ৰতো অন্যতম সৰ্বাধিক হাৰ ৮৮%ৰে ভাৰতে প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি প্ৰগংগক্ৰমে তেওঁ উল্লেখ কৰে। তেওঁ এয়া সম্ভৱ হোৱাৰ মূলতে ভাৰতে আগতীয়াকৈ শিথিলতাপূৰ্ণ লকডাউন বলবত্ কৰা, সৰ্বাধিক হাৰত মাস্ক পৰিধানৰ পৰিৱেশ গঢ়া, সুক্ষ্মভাবে আক্ৰান্তৰ অনুসৰণ কৰা আৰু ৰেপিড এণ্টিজেন পৰীক্ষণৰ ক্ষেত্ৰত সৰ্বাধিক তত্পৰতা প্ৰদৰ্শন কৰা দেশ হিচাপে পৃথিৱীৰ শীৰ্ষৰ দেশকেইখনৰ তালিকাত নাম সন্নৱিষ্ট কৰাত সফল হোৱাটোকে কাৰণ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে অভিমত প্ৰকাশ কৰি কয় যে আজিৰ তাৰিখত কভিড-১৯ৰ প্ৰতিষেধকৰ অন্বেষণ কৰা দেশৰ তালিকাত ভাৰতে অগ্ৰণী ভূমিকা পালন কৰি আছে। আমাৰ দেশত ৩০বিধৰো অধিক থলুৱা প্ৰযুক্তিৰে বিকশিত প্ৰতিষেধকৰ কাম চলি আছে বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে ইয়াৰে তিনিবিধ প্ৰষেধকৰ কাম অন্তিম পৰ্যায়ত আছে বুলি জানিবলৈ দিয়ে। আমাৰ নাগৰিকসকলৰ টীকাকৰণ সুনিশ্চিত কৰিব পৰাকৈ ভাৰতে ইতিমধ্যে এক সু-প্ৰতিষ্ঠিত প্ৰতিষেধক বিতৰণ ব্যৱস্থা গঢ়ি তুলিছে’ বুলিও প্ৰসংগক্ৰমে জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে। ‘ডিজিটাইজড’ ব্যৱস্থাৰে বিকশিত এই পদ্ধতিয়ে ‘ডিজিটেল স্বাস্থ্য পৰিচয় পত্ৰ’ৰ সহযোগত আমাৰ নাগৰিকসকলৰ টীকাকৰণ প্ৰক্ৰিয়া সুনিশ্চিত কৰিব’ বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1665958

 

গ্ৰেণ্ড চেলেঞ্জৰ বাৰ্ষিক বৈঠক, ২০২০ত প্ৰধানমন্ত্ৰীৰ মূল ভাষণৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1665941

 

ভাৰত-অ’মান যৌথ আয়োগৰ নৱম ভাৰ্চুৱেল বৈঠক

ভাৰত-অ’মান যৌথ আয়োগৰ নৱম ভাৰ্চুৱেল বৈঠকখন ১৯ অক্টোবৰ, ২০২০ত আয়োজিত কৰা হয়৷ বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী আৰু অ’মান বাণিজ্য, উদ্যোগ আৰু বিনিয়োগ ব্যৱস্থাপনা মন্ত্ৰী শ্ৰী কেছ বিন মহম্মদ আল ইউছুফে যুটীয়া ভাৱে অধ্যক্ষতা কৰে৷ বৈঠকত দুয়োখন দেশত চৰকাৰী বিভাগ/মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবেঃ: https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1665998

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুটসমূহ

· অৰুণাচল প্ৰদেশঃ অৰুণাচলত চিকিসাধীন ক’ভিড ৰোগীৰ সংখ্যা ২,৮৩৩জনলৈ বৃদ্ধি পাইছে৷ কালি ২৩৮জন নতুন আক্ৰান্তৰ বিপৰীতে ৰাজ্যখনৰ মুঠ আৰোগ্যৰ সংখ্যা ১০,৭৮০জনলৈ বৃদ্ধি পাইছে৷

· অসমঃ কালি দিনটোত অসমত ৩৪,৯৫৬টা নমূনা পৰীক্ষাৰ বিপৰীতে ৬৯৮জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ ক’ভিডৰ পজিটিভিৰ হাৰ ২%৷ কালি অসমত ১,৫৩০জন ৰোগী আৰোগ্য হৈছে৷ মুঠ আক্ৰান্ত ২,০১,৪০৭জনৰ বিপৰীতে আৰোগ্যৰ হাৰ ৮৫.৯৯ আৰু ১৩.৫৬% চিকিসাধীন হৈ আছে বুলি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে৷

· মেঘালয়ঃ মেঘালয়ত বৰ্তমান চিকিসাধীন ক’ভিড ৰোগীৰ সংখ্যা ২,০৬৯জন হৈছে৷ ইয়াৰে ১০০জন সেনা জোৱান আৰু ১,৯৬৯জন সাধাৰণ নাগৰিক বুলি জানিব পৰা গৈছে৷

· মিজোৰামঃ কালি মিজোৰামত ২৭জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ইফালে, বৰ্তমান ৰাজ্যখনত ১২৯জন ৰোগী চিকিসাধীন হৈ আছে৷

· নাগালেণ্ডঃ ক’ভিডৰ সামূহিক সংক্ৰমণৰ আশংকা কৰা নাগালেণ্ডত সোমবাৰে মুঠ আক্ৰান্তৰ সংখ্যা ৭,৯৫৩জনলৈ বৃদ্ধি পাইছে৷

· ছিকিমঃ ৰাজ্যখনত কালি নতুনকৈ দুজন ৰোগীসহ ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৬২জনলৈ বৃদ্ধি পাইছে৷

· মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপেই কয় যে ৰাজ্যখনৰ ব্যক্তিগত চিকিসালয়ৰ চিকিসকসকলক প্ৰতিদিনে অতি কমেও দুঘণ্টাকৈ ক’ভিড প্ৰতিৰোধ মিচনত যোগদান দিবলৈ কোৱা হৈছে৷ বিশেষকৈ গ্ৰামাঞ্চলত এই চিকিসকসকলক সেৱা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে৷ ৰাজ্যখন সোমবাৰে ৫,৯৮৪জন নতুন আক্ৰান্ত আৰু ১৫,০৬৯জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান মহাৰাষ্ট্ৰত ১.৭৩লাখ ৰোগী চিকিসাধীন হৈ আছে৷

· গুজৰাটঃ ৰাজ্যখনত ৯০দিনৰ পাছত নতুন আক্ৰান্তৰ সংখ্যা ১হেজাৰৰ তললৈ নামিছে৷ কেন্দ্ৰীয় চৰকাৰে গুজৰাট চৰকাৰে ক’ভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ শলাগ লৈছে৷ বৰ্তমান গুজৰাটত ১৪,২৭৭জন ৰোগী চিকিসাধীন হৈ আছে৷

· ৰাজস্থানঃ বিগত ২৪ ঘণ্টাত ৰাজস্থানত ১২জন ক’ভিড ৰোগীৰ মৃত্যু আৰু ১,৯৬০জন নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ বৰ্তমান ৰাজ্যখনত ২০,৮৯৩জন ৰোগী চিকিসাধীন হৈ আছে৷ 

· চত্তীশগড়ঃ ৰাজ্যখনত কালিত ২,৩৭৬জন নতুন আক্ৰান্তসহ মুঠ ক’ভিড ৰোগীৰ সংখ্যা ১.৬২লাখলৈ বৃদ্ধি পাইছে৷

  • কেৰালাঃ ৰাজ্যখনৰ এৰ্ণাকুলাম জিলাত সৰ্বাধিক ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ আজি ৪জনসহ ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ১,১৮৬জনলৈ বৃদ্ধি পাইছে৷ কালি কেৰালাত ৫,০২২জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ বৰ্তমান কেৰালাত ৯২,৭৩১জন ৰোগী চিকিসাধীন হৈ আছে৷
  • তামিলনাডুঃ সম্পূৰ্ণ ছমাহৰ পাছত আঞ্চলিক পৰিবহণ কাৰ্যালয়ে কালিৰে পৰা সমগ্ৰ ৰাজ্যখনত কাম-কাজ আৰম্ভ কৰিছে৷ ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে বাহনৰ সকলো নথিৰ ম্যাদ ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰে৷ ইফালে, ৰাজ্যখনত বিভিন্ন উপাদন গোটে কাম আৰম্ভ কৰিছিল যদিও ইউৰোপৰ একাংশ দেশত হোৱা দ্বিতীয় ৱেভৰ বাবে আশংকাৰ সন্মুখীন হৈছে৷
  • কৰ্ণাটকঃ সাত মাহৰ বিৰতিৰ পাছত ২৩ অক্টোবৰত কৰ্ণাটক আৰু তামিলনাডুৰ মাজত প্ৰথমখন যাত্ৰীবাহী ৰে’ল চলাচল কৰিছে৷ নৱৰাত্ৰী আৰু দ্বীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি ২৩ অক্টোবৰৰ পৰা ২ ডিচেম্বৰলৈকে দক্ষিণ পশ্চিম ৰে’লৱেই পাঁচ যোৰা বিশেষ ৰে’ল চলাচল কৰিব৷ স্বাস্থ্যমন্ত্ৰী কে. সুধাকৰে বানপীড়িত জিলাসমূহত সংক্ৰমিত ৰোগৰ সন্দৰ্ভত বুজ লয়৷
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্য চৰকাৰে ২ নৱেম্বৰৰ পৰা পুনৰ বিদ্যালয় খোলাৰ চিন্তা-চৰ্চা কৰিছে৷ কালি দিনটোত ৰাজ্যখনত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩,০০০তকৈ কম হৈছে৷ ইফালে, আইচিএমআৰে ৰাজ্যখনত দ্বিতীয় ৱেভৰ সম্ভাৱনাত সকিয়নি দিয়াৰ পাছতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী আল্লা কলি কৃষ্ণই স্বাস্থ্য বিভাগক অধিক সৰ্তকতামূলক নিৰীক্ষণৰ লগতে জনসাধাৰণকো সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানা ১,৪৮৬ নতুন আক্ৰান্ত, ১,৮৯১জন আৰোগ্য আৰু ৭জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ বৰ্তমান তেলেংগানাত ২১,০৯৮জন ৰোগী চিকিসাধীন হৈ আছে৷ এতিয়ালৈকে ১,২৮২ জন ৰোগীৰ মৃত্যু আৰু ২,০২,৫৭৭জন ৰোগী আৰোগ্য হৈছে৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে সকলোধৰণৰ ফ্লুজনিত ৰোগৰ ক’ভিড-১৯ পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিছে৷

 

FACT CHECK

 

********

 



(Release ID: 1666290) Visitor Counter : 170