PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
19 OCT 2020 6:23PM by PIB Guwahati


(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)
#Unite2FightCorona
#IndiaFightsCorona


ভাৰতৰ নিৰৱচ্ছিন্ন নিম্ন সক্ৰিয় ঘটনাৰ ধাৰা অব্যাহত, একেৰাহে তৃতীয়টো দিনৰ বাবে ৮ লাখৰ নিম্ন হৈ আছে সক্ৰিয় কেছল’ড, ৪ৰ্থটো দিনৰ বাবে ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ ৮%ৰ নিম্ন
ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত ৰখা যুঁজখনত ভাৰতে আন এটি মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ৰাষ্ট্ৰীয় মুঠ পজিটিভিটি হাৰ ৮%ৰ নিম্ন হৈ পৰিছে। বিৰতিবিহীনভাৱে চাৰি দিনৰ বাবে এই ধাৰা অব্যাহত আছে। এতিয়া এই মুঠ পজিটিভিটি হাৰ ৭.৯৪% আৰু ই ক্ৰমান্বয়ে হ্ৰাস পাই আছে। সমগ্ৰ দেশত উচ্চ-হাৰত সম্পন্ন কৰা টেষ্টিঙৰ বাবেই এই ফলাফল লাভ কৰা হৈছে। আজি মুঠ টেষ্টে ৯.৫ কোটি অতিক্ৰম কৰে। এই ফলাফলৰ অংশ হিচাপে, নিয়মীয়াভাৱে অধিক সংখ্যক টেষ্টৰ বাবে পজিটিভিটি হাৰ নিম্ন হৈ পৰিছে। সমান্তৰালভাৱে ফলপ্ৰসূতাৰে সংক্ৰমণ প্ৰতিহতকৰণেও মুঠ পজিটিভিটি হাৰ হ্ৰাসত অৰিহণা যোগাইছে। বিস্তীৰ্ণ অঞ্চলত অধিক টেষ্টিঙৰ বাবে পজিটিভ ঘটনাৰ প্ৰাৰম্ভণিতেই চিনাক্তকৰণ, ফলপ্ৰসূ নিৰীক্ষণ আৰু ট্ৰেচিঙৰ জৰিয়তে যুদ্ধকালীন ট্ৰেকিং আৰু গুৰুতৰ ঘটনাসমূহৰ অৰ্থে ঘৰ/আন ব্যৱস্থা আৰু চিকিৎসালয়ত সময়োচিত ও কাৰ্যকৰী চিকিৎসা প্ৰদান হৈছে এই সফলতাৰ মূল। ইয়াৰ বাবেই মৃত্যুৰ হাৰো নিম্ন হৈ পৰিছে। অক্টোবৰৰ তৃতীয়টো সপ্তাহৰ বাবে দৈনিক গড় পজিটিভিটি হাৰ ৬.১৩% হৈ আছে। কেন্দ্ৰীয় চৰকাৰখনৰ টেষ্ট, ট্ৰেক, ট্ৰেচ, ট্ৰিট আৰু টেকন’ল’জি কৌশল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কাৰ্যকৰীভাৱে অনুসৰণ কৰাৰ বাবেও এই সফলতা লাভ কৰিব পৰা যায়। ভাৰতৰ সক্ৰিয় ঘটনাসমূহৰ দ্ৰুত হ্ৰাসৰ ধাৰা অব্যাহত আছে। ডেৰ মাহৰ পাছত সক্ৰিয় ঘটনাৰ সংখ্যা ৮ লাখৰ সীমাৰ নিম্ন হৈ পৰাৰ পাছত তৃতীয়টো দিনৰ বাবে এই হাৰ তীব্ৰ গতিৰে হ্ৰাস পাই আছে। আজি ভাৰতৰ সক্ৰিয় কেছল’ড হৈ পৰে ৭,৭২,০৫৫টা। বৰ্তমানে দেশখনত সক্ৰিয় ঘটনাৰ হাৰ হৈছে মুঠ পজিটিভ ঘটনাৰ ১০.২৩%। মুঠ আৰোগ্য লাভৰ ঘটনা ৬৬ লাখৰো অধিক, যাৰ মুঠ পৰিমাণ হৈছে ৬৬,৬৩,৬০৮। যি সক্ৰিয় ঘটনাৰ তুলনাত বহু বেছি হৈ পৰিছে। যোৱা ২৪ ঘন্টাত ৬৬,৩৯৯ ৰোগীয়ে আৰোগ্য লাভ কৰে আৰু সেয়ে ডিচাৰ্জ লাভ কৰে তথা নতুন নিশ্চিত ঘটনাৰ পৰিমাণ হয় ৫৫,৭২২টা। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮৮.২৬%লৈ বৃদ্ধি পাইছে। নতুনকৈ আৰোগ্য লাভ কৰা ঘটাসমূহৰ ৭৯%ই হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। যথাঃ মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক, তামিল নাডু, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, দিল্লী, উৰিষ্যা আৰু চত্তীশগড়। মহাৰাষ্ট্ৰত এদিনতে ১১,০০০ ৰোধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ইয়াৰ পাছতেই থকা কেৰালা আৰু কৰ্ণাটকৰ আৰোগ্য লাভৰ পৰিমাণ হৈছে প্ৰত্যকৰে ৮,০০০। যোৱা ২৪ ঘন্টাত নতুন নিশ্চিত ঘটনাৰ পৰিমাণ হৈছে ৫৫,৭২২ টা।
অধিক বিৱৰণৰ বাবে
প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত ক’ভিড-১৯ মহামাৰী পৰিস্থিতি আৰু প্ৰতিষেধক প্ৰদান, বিতৰণ আৰু প্ৰশাসন সম্পৰ্কীয় বৈঠক
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশখনৰ ক’ভিড-১৯ মহামাৰী আৰু প্ৰতিষেধক প্ৰদান, বিতৰণ আৰু প্ৰশাসনৰ প্ৰস্তুতিমূলক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। এই বৈঠকখনত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী হৰ্ষ বৰ্ধন, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, নিটি আয়োগৰ সদস্য (স্বাস্থ্য), প্ৰধান বিজ্ঞান উপদেষ্টা, জ্যেষ্ঠ বিজ্ঞানী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল আৰু ভাৰত চৰকাৰৰ আন-আন বিভাগসমূহৰ বিষয়া-বৰ্গ উপস্থিত থাকে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৈনিক ক’ভিড ঘটনা আৰু বিকাশৰ হাৰৰ দ্ৰুত হ্ৰাসৰ কথা উল্লেখ কৰে। ভাৰতত তিনিটা প্ৰতিষেধক বিকাশ সাধনৰ অন্তিম অৱস্থাত আছে, ইয়াৰ ভিতৰত ২ টা প্ৰতিষেধক II পৰ্যায়ত আছে আৰু আনটো আছে III পৰ্যায়ত। ভাৰতীয় বিজ্ঞানী আৰু গৱেষণা টীমে আফগানিস্তান, ভূটান, বাংলাদেশ, মালদ্বীপ, মৰিচাছ, নেপাল আৰু শ্ৰীলংকাৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ গৱেষণা সামৰ্থ্যৰ বৰ্ধনত সহযোগিতা আগবঢ়াই আছে। বাংলাদেশ, ম্যানমাৰ, কাটাৰ আৰু ভূটানৰপৰা তেওঁলোকৰ ৰাষ্ট্ৰত ক্লিনিকেল ট্ৰায়েলৰ অনুৰোধ লাভ কৰা হৈছে। বৈশ্বিক সম্প্ৰদায়ক সহায় কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ সন্দৰ্ভত, প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰি কয়, প্ৰতিষেধক প্ৰদান প্ৰণালীৰ অৰ্থে আমি আমাৰ অন্তৰংগ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজতে আমাক প্ৰচেষ্টা সীমাবদ্ধ ৰখাটো উচিত নহ’ব বৰঞ্চ সমগ্ৰ বিশ্বখনৰ বাবে প্ৰতিষেধক, ঔষধ আৰু আইটি প্লেটফৰ্ম আগবঢ়োৱাৰ ক্ষেত্ৰত সচেষ্টতা অৱলম্বন কৰিব লাগিব। নেশ্যনেল এক্সপাৰ্ট গ্ৰুপ অন ভেকচিন এডমিনিষ্ট্ৰেশ্যন ফৰ ক’ভিড-১৯ (NEGVAC)এ ৰাজ্য চৰকাৰ আৰু সকলোবোৰ সংযোগী পক্ষৰ সৈতে আলোচনা মৰ্মে প্ৰতিষেধক মজুতকৰণ, বিতৰণ আৰু প্ৰশাসনৰ বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰি উলিয়াই আৰু এয়া উপস্থাপন কৰে। ৰাজ্যসমূহৰ সৈতে আলোচনা অনুসৰি এই বিশেষজ্ঞ গোটটোৱে প্ৰতিষেধকৰ অগ্ৰাধিকাৰকৰণ আৰু প্ৰতিষেধকৰ বিতৰণ সন্দৰ্ভত সক্ৰিয়তাৰে কাম কৰি আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি নিৰ্দেশনা প্ৰদান কৰে যে দেশখনৰ ভৌগলিক প্ৰসাৰ আৰু বৈচিত্ৰ্যৰ পৰিপ্ৰেক্ষিতত, প্ৰতিষেধকটো ক্ষীপ্ৰতাৰে লাভ কৰাটো নিশ্চিত কৰিব লাগিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বেগেৰে কয় যে ল’জিষ্টিক, ডেলিভাৰী আৰু প্ৰশাসনৰ প্ৰতিটো স্তৰতে কটকটীয়াভাৱে সচেষ্টতা অৱলম্বন কৰিব লাগিব। ইয়াত অৱশ্যেই শীতল ভঁড়াল শৃংখল, বিতৰণ নেটৱৰ্ক, নিৰীক্ষণ ব্যৱস্থাৰ অগ্ৰিম পৰিকল্পনাৰ অন্তৰ্ভুক্তি, অগ্ৰিম মূল্যায়ন আৰু ভেইল, ছিৰিঞ্জৰ দৰে আনুষাংগিক সৰঞ্জামৰ পৰিকল্পনাৰ আৱশ্যকতা আছে।
অধিক বিৱৰণৰ বাবে
ছানডে’ সংবাদ-৬ত সকলোলৈকে শাৰদ নৱৰাত্ৰিৰ শুভকামনা জ্ঞাপন ডাঃ হৰ্ষ বৰ্ধনৰ
ছানডে’ সংবাদৰ ষষ্ঠ খণ্ডত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে সামাজিক মাধ্যমৰ বহু অনুসন্ধিৎসু মত-বিনিময়কাৰীৰ উত্তৰ প্ৰদান কৰে। নৱৰাত্ৰি উপলক্ষে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰি, মাননীয় প্ৰধানমন্ত্ৰীৰ জন আন্দোলনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ তেওঁৰ অনুগামীসকলক আহ্বান জনায়। ঠিক সেইদৰে ক’ভিডৰ যথোচিত আচৰণ যাতে মানি চলে তথা এই ক্ষেত্ৰত আনৰবাবে যাতে এম্বেছেদৰ হৈ উঠে, তাৰ আহ্বান জনায়। কেৰালাত শেহতীয়াভাৱে ক’ভিড-১৯ৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰসংগত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনে তেওঁৰ মতামত ব্যক্ত কৰে। তেওঁ উল্লেখ কৰে যে ৩০ জানুৱাৰীৰপৰা ৩ মে’ৰ ভিতৰত ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল মাথো ৪৯৯ জন। ইয়াৰ ভিতৰত মৃত্য়ু হৈছিল মাথো ২ জন ৰোগীৰহে।
অধিক বিৱৰণৰ বাবে
ক’ভিডৰ যথোচিত আচৰণ সন্দৰ্ভত ডিএছটি আৰু চিএছআইআৰৰ স্বতন্ত্ৰ প্ৰতিষ্ঠানসমূহৰ মূৰব্বী/সঞ্চালকসকলৰ সৈতে বৈঠকত পৌৰহিত্য ডাঃ হৰ্ষ বৰ্ধনৰ
কেন্দ্ৰীয় স্বাস্থ্য় ও পৰিয়াল, কল্যাণ, বিজ্ঞান ও প্ৰযুক্তি, আৰ্থ চায়েন্স মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে শুকুৰবাৰে বিজ্ঞান ও প্ৰযুক্তি বিভাগ আৰু চিএছআইআৰৰ অধীনস্থ স্বতন্ত্ৰ সংস্থাসমূহৰ মূৰব্বী/সঞ্চালকসকলৰ সৈতে এখনি বৈঠকত ভাগ লয়। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হোৱা এই বৈঠকখনিত ক’ভিডৰ যথোচিত আচৰণ সন্দৰ্ভত “জন আন্দোলন”ৰ অধীনত অব্যাহত কাম-কাজৰ পৰ্যালোচনা কৰে মন্ত্ৰীজনে। ইয়াত মন্ত্ৰীজনে কয় যে দেশখনে ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত ৰখা যুঁজখনৰ মাজতে আহি থকা মাহকেইটা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই মাহকেইটাত যুঁজখনৰ ফলপ্ৰসূতাৰ ওপৰতে ভৱিষ্যৎ নিৰ্ভৰ কৰিব। ডাঃ হৰ্ষ বৰ্ধনে কয়, “ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনে ইতিমধ্যে দশম মাহত ভৰি দিলে। যোৱা ৮ জানুৱাৰীত আমি প্ৰথমখন বিশেষজ্ঞ পৰ্যায়ৰ বৈঠকত মিলিত হৈছিলো।”
অধিক বিৱৰণৰ বাবে
চিপিএছইৰ চিএপিইএক্সৰ ৪ৰ্থ পৰ্যালোচনা বৈঠকত ভাগ ল’লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
আজি কেন্দ্ৰীয় বিত্ত ও কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে চিপিএছইৰ চিএপিইএক্সৰ ৪ৰ্থ পৰ্যালোচনা বৈঠকত পৌৰহিত্য কৰে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হোৱা এই বৈঠকখনিত উপস্থিত থাকে পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু কয়লা মন্ত্ৰালয়ৰ সচিবসকল। ইয়াত তদুপৰি এই দুটা মন্ত্ৰালয়ৰ অধীনস্থ ১৪ টা চিপিএছইৰ মুখ্য পৰিচালন সঞ্চালকসকলেও অংশগ্ৰহণ কৰে। এই বৈঠকখনিত মূলতঃ চলিত বৰ্ষৰ কেপিটেল এক্সপেণ্ডেচাৰ পৰ্যালোচনা কৰাৰ সমান্তৰালভাৱে ক’ভিড-১৯ৰ প্ৰভাৱৰপৰা অৰ্থনীতিক কিদৰে মুক্ত কৰি আগুৱাই নিব পৰা যায়, সেই সন্দৰ্ভত আলোচনা কৰা হয়।
অধিক বিৱৰণৰ বাবে
ৱৰ্ল্ড বেংক ডেভেলপমেন্ট কমিটি প্লেনেৰীৰ ১০২ সংখ্যক বৈঠকত অংশগ্ৰহণ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ
কেন্দ্ৰীয় বিত্ত ও কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে ৱৰ্ল্ড বেংক ডেভেলপমেন্ট কমিটি প্লেনেৰীৰ ১০২ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত এই বৈঠকখনিত শ্ৰীমতী সীতাৰমণে তেওঁৰ ভাষণ আগবঢ়াই কয় যে চলিত বৰ্ষৰ এপ্ৰিলত অন্তিমবাৰৰ বাবে অনুষ্ঠিত বৈঠকৰ পাছতে ক’ভিড-১৯ মহামাৰীৰ আৰম্ভ হৈছিল। যিয়ে উন্নয়নশীল আৰু উন্নত ৰাষ্ট্ৰসমূহক আজি পৰ্যন্ত প্ৰভাৱ পেলাই আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ কঠিন যুঁজ অব্যাহত ৰখা হৈছে।
অধিক বিৱৰণৰ বাবে
সমবায়সমূহৰ দ্বাৰা স্বাস্থ্যসেৱা আন্তঃগাঁথনি সৃষ্টিৰ অৰ্থে ১০,০০০ কোটি টকাৰ এনচিডিচি আয়ুষ্মান সাহাকৰ পুঁজিৰ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় কৃষি ও কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে
আজি কেন্দ্ৰীয় কৃষি ও কৃষক কল্যাণ, গ্ৰামোন্নয়ন ও পঞ্চায়তী ৰাজ আৰু খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে আয়ুষ্মান সাহাকৰ শীৰ্ষক আঁচনিৰ শুভাৰম্ভ কৰে। এই অনন্য আঁচনিখনৰ জৰিয়তে দেশখনৰ স্বাস্থ্য সেৱা আন্তঃগাঁথনিৰ আশু ৰূপান্তৰ সাধন কৰা হ’ব। আঁচনিখনৰ অধীনত উক্ত লক্ষ্য বাস্তৱায়িত কৰাত সমবায়সমূহে এটা মূল ভূমিকা পালন কৰিব। এক অৰ্থত, উক্ত লক্ষ্যৰ দিশে সমবায়সমূহক সহায় কৰিবলৈকে এই আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছে।
অধিক বিৱৰণৰ বাবে
হজ ২০২১ ৰ পৰ্যালোচনা বৈঠকত ভাগ ল’লে মুখটাৰ অব্বাছ নকভীয়ে
কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মখটাৰ অব্বাছ নকভীয়ে আজি ইয়াত হজ ২০২১ ৰ পৰ্যালোচনা বৈঠকত ভাগ লয়। ইয়াত মন্ত্ৰীজনে কয় যে আগন্তুক হজ সম্পন্ন হোৱা কথাটো সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য়ায়ত ক’ভিড-১৯ৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিছে। তথাপিতো ২০২১ ৰ জুন-জুলাইত এয়া সম্পন্ন কৰাৰ লক্ষ্যৰে প্ৰাৰম্ভিক প্ৰস্তুতি মন্ত্ৰালয়ে অব্যাহত ৰাখিছে। কিন্তু, চূড়ান্ত সিদ্ধান্ত ল’ব ভাৰত চৰকাৰ আৰু চৌদি আৰৱ চৰকাৰে।
অধিক বিৱৰণৰ বাবে
বিশেষ কেচিচি চেচুৰেশ্যন ড্ৰাইভৰ অধীনত কৃষকলৈ ১.৩৫ লাখ কোটি টকাৰ ক্ৰেডিট লিমিটৰে ১.৫ কোটি কেচিচি অনুমোদনৰদ্বাৰা মাইলৰ খুঁটি স্থাপন
আত্ম নিৰ্ভৰ ভাৰত পেকেজৰ অধীনত, স্পেচিয়েল চেচুৰেশ্যন ড্ৰাইভৰ জৰিয়তে চৰকাৰখনে কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত ২ লাখ কোটি টকাৰ ক্ৰেডিট সহ ২.৫ কোটি কৃষকক সামৰি লোৱাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতেই ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ পৰিপ্ৰেক্ষিতত ইপ্সিত ফলাফল লাভ কৰা হৈছে। এই লক্ষ্য বাস্তৱায়িতকৰণত বেংক বা সংশ্লিষ্ট পক্ষসমূহে অতিশয় সক্ৰিয় ভূমিকা পালন কৰে। যাৰ ফলত অদ্যপি ১.৩৫ লাখ কোটি টকা আগবঢ়োৱা হৈছে।
অধিক বিৱৰণৰ বাবে
ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট
· মহাৰাষ্ট্ৰঃ সাতমাহৰ পাছত মুম্বাই মেট্ৰ’ৰ চলাচল আৰম্ভ হৈছে। ৰাজ্যখনত ম’ন’ৰেল সেৱাও আৰম্ভ কৰা যায়। অৱশ্যে, ইয়াত যাত্ৰীয়ে মানি চলিব লাগিব সামাজিক দূৰত্বৰ নীতিকে প্ৰমুখ্য কৰি সম্পূৰ্ণ ক’ভিড প্ৰট’কল।
· গুজৰাটঃ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি সন্দৰ্ভত চৰকাৰখনে মতামত গ্ৰহণ কৰিব বুলি শিক্ষামন্ত্ৰী ভূপেন্দ্ৰসিং সুদাস্মাই সোমবাৰে সদৰী কৰে। সকলো পক্ষৰে মতামত গ্ৰহণ কৰিহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি শিক্ষামন্ত্ৰীজনে কয়।
· চত্তীশগড়ঃ চত্তীশগড়ত দেওবাৰে ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ১,৮৯৪ জন। ইফালে, একে সময়তে ৩৯ জন ৰোগীয়ে মৃত্যুমুখত পৰিছে।
- গোৱাঃ দেওবাৰে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ৪০,৫৮৭ লৈ বৃদ্ধি পায়। একেদৰে, মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৫৪৪লৈ। শেহতীয়াভাৱে ৰাজ্যখনত ১৮৭ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।
· অৰুণাচল প্ৰদেশঃ কালি ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৫৫ জন। একে সময়তে ২৩৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৮২৪ টা।
· অসমঃ কালি অসমত ১৩৫৪৭ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে ৩১৮ টা ঘটনা লাভ কৰা হৈছে। সেই অনুসৰি পজিটিভিটি হাৰ হৈছে ২.৩৫%। একে সময়তে ৫৯৯ জন ৰোগীক ডিচাৰ্জ দিয়া যায়। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ২০০৭০৯ লৈ বৃদ্ধি পাইছে আৰু সক্ৰিয় ঘটনাৰ সংখ্যা ২৮১৫৮টা। ইফালে, ডিচাৰ্জ লাভ কৰা ৰোগীৰ মুঠ সংখ্যা হৈছে ১৭১৬৮০ আৰু মৃত্যুৰ মুখত পৰে ৮৬৮ জন।
· মেঘালয়ঃ মেঘালয়ত আজি আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২৪৮ জন। ৰাজ্যখনত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা ২১৫১ টা আৰু আৰোগ্য লাভ কৰিছে মুঠ ৬২৮২ জন ৰোগীয়ে।
- নাগালেণ্ডঃ নাগালেণ্ডত মুঠ ক’ভিড-১৯ পজিটিভ ঘটনাৰ সংখ্যা হৈছে ৭৮১৬ টা। ইয়াৰে ৩৪৭৭ টা সুৰক্ষা বাহিনীৰ, ট্ৰেচ কনটেক্টত আক্ৰান্ত হৈছে ২৩৫৩, ঘূৰি অহা ১০৬১ আৰু ৩৮৫ জন ফ্ৰন্টলাইন কৰ্মী।
- কেৰালাঃ ৰাজ্যখনত ক’ভিড-১৯ৰ সংক্ৰমণৰ তীব্ৰতা হ্ৰাস নোপোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্বাস্থ্য বিভাগক দৈনিক ১ লাখ টেষ্ট সম্পন্ন কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে। ইয়াত, কালি নতুনকৈ আক্ৰান্ত হৈছে ৭,৬৩১ জন লোক। মৃত্যুৰ হাৰ ১১৬১ লৈ বৃদ্ধি পাইছে।
- তামিল নাডুঃ ১১ জুলাইৰ পাছৰপৰা দৈনিক ৪ হাজাৰতকৈ কম লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ৰাজ্যখনত। দেওবাৰে ৰাজ্যখনত নতুন ঘটনাৰ সংখ্যা হৈছে ৩,৯১৪ টা। ইফালে, একে সময়তে মৃত্যুৰ মুখত পৰে ৫৬ ৰোগী।
- কৰ্ণাটকঃ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী গোৱিন্দ কাৰ্জলৰ পৰিয়াল ক’ভিড-১৯ত আক্ৰান্ত হৈছে। তেওঁৰ পুত্ৰ সম্পত্তি ভেন্টিলেটৰত আছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে মন্ত্ৰীজনে এই কথা সদৰী কৰিছে।
- অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত আৰোগ্য লাভৰ হাৰ বৃদ্ধি পাইছে। এতিয়ালৈকে ৰাজ্যখনৰ মুঠ ৭.৪ লাখ ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ৰাজ্যখনত এতিয়ালৈকে ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৬৪২৯ জন।
- তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুন ঘটনাৰ সংখ্যা ৯৪৮ টা। আৰোগ্য লাভৰ সংখ্যা ১৮৯৬ টা আৰু মৃত্যুৰ ঘটনা ৪ টা।
ফেক্ট চেক





*******
(Release ID: 1665959)
Visitor Counter : 183