বিত্ত মন্ত্ৰালয়

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (চিপিএছই)সমূহৰ মূলধনী ব্যয় (কেপেক্স) সন্দৰ্ভত চতুৰ্থ পৰ্যালোচনা সভাত মিলিত হ’ল বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ

Posted On: 19 OCT 2020 1:29PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত তথা কৰ্পোৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে পেট্ৰোলিয়াম আৰু প্ৰকৃতিক গেছ মন্ত্ৰালয় আৰু কয়লা মন্ত্ৰালয়ৰ সচিবসকলৰ লগতে মন্ত্ৰালয় দুটাৰ অধীনস্থ ১৪টা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান(চিপিএছই)ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকসকলৰ লগত চলিত বছৰৰ মূলধনী ব্যয়(কেপেক্স) সন্দৰ্ভত এক পৰ্যালোচনা সভাত মিলিত হয়। কভিড-১৯ মহামাৰীৰ প্ৰেক্ষাপটতত দেশৰ অৰ্থনৈতিক প্ৰগতিৰ গতি পুনৰ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে বিত্ত মন্ত্ৰীগৰাকীয়ে এই চতুৰ্থ বাৰৰ বাবে সংশ্লিষ্টসকলৰ সৈতে পৰ্যালোচনা সভাত মিলিত হল।

উল্লিখিত ১৪টা চিপিএছইৰ বাবে ২০১৯-২০ বিত্তীয় বৰ্ষত ধাৰ্য কৰা মূলধনী ব্যয় (কেপেক্স)ৰ লক্ষ্য ১,১১,৬৭২কোটি টকাৰ বিপৰীতে আহৰণ কৰা হৈছিল ১,১৬,৩২৩ কোটি, অৰ্থাত্ আহৰিত সাফল্যৰ হাৰ আছিল ১০৪শতাংশ। ২০১৯-২০বিত্তীয় বৰ্ষ আৰু ২০২০-২১বিত্তীয় বৰ্ষৰ প্ৰথম অৰ্দ্ধেক(এইচ১)ৰ সাফল্যৰ পৰিমাণ আছিল ক্ৰমে ৪৩,০৯৭কোটি(৩৯%) আৰু ৩৭,৪২৩কোটি টকা(৩২%)২০২০-২১ৰ বাবে নিৰ্দ্ধাৰিত মূলধনী ব্যয়ৰ পৰিমাণ হল ১,১৫,৯৩৪কোটি টকা।

চিপিএছই-সমূহৰ কাৰ্যকুশলতা পৰ্যালোচনা কৰি বিত্ত মন্ত্ৰী শ্ৰীমতী সীতাৰমণে কয় যে চিপিএছই-সমূহৰ দ্বাৰা পৰিচালিত মূলধনী ব্যয় (কেপেক্স) দৰাচলতেই অৰ্থনৈতিক প্ৰগতিৰ এক গুৰুত্বপূৰ্ণ কাৰক আৰু  সেয়ে ২০২০-২১ আৰু ২০২১-২০২২ বিত্তীয় বৰ্ষৰ বাবে ইয়াৰ উত্তৰোত্তৰ সাধন কাৰৰ বিশেষ  প্ৰয়োজনীতা আছে। বিত্ত মন্ত্ৰীগৰাকীয়ে ২০২০-২১ বিত্তীয় তৃতীয়টো ত্ৰিমাসিকৰ ভিতৰত নিৰ্দ্ধাৰিত মূলধনী ব্যয়(কেপেক্স)ৰ ৭৫ শতাংশ নিয়োজিত হোৱাতো নিশ্চিত কৰিব পৰাকৈ সংশ্লিষ্ট সচিবসকলক চিপচএছইসমূহৰ কাম-কাজ সুক্ষ্মভাবে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ইয়াৰ বাবে যথোচিত পৰিকল্পনা যুগুতাই উলিওৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। মূলধনী ব্যয়(কেপেক্স)ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট মন্ত্ৰালয়ৰ সচিব আৰু ৰাজহূৱা প্ৰতিষ্ঠানসমূহৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পৰ্যায়ত  অধিক সমন্বিত প্ৰয়াসৰ প্ৰয়োজনীয়তা থকাৰ কথা উল্লেখ কৰে শ্ৰীসীতাৰমণে।

ভাৰতীয় অৰ্থনীতিৰ উথ্থানৰ ক্ষেত্ৰত চিপিএছইসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰাৰ লগতে বিত্ত মন্ত্ৰীগৰাকীয়ে চিপিএছইসমূহক নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ লগতে নিৰ্দ্ধাৰিত সময়য় সূচী অনুযায়ী ২০২০-২১ৰ বাবে আবণ্টিত পুঁজিৰ সদ্ব্যৱহাৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। কভিড-১৯ৰ সংকটৰ পৰা মুক্ত হোৱা দেশৰ অৰ্থনীতিক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত চিপিএছইসমূহৰ উন্নত কৰ্মকুশলতাই বিশেষ ভাবে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে।

অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে যুটীয়া ভাবে চিপিএছইসমূহৰ মূলধনী ব্যয় (কেপেক্স)ৰ পৰ্যালোচনা সম্পন্ন কৰে।

****

RM/KMN/KB



(Release ID: 1665827) Visitor Counter : 166