ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

জম্মু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পণ্ডিত মদন মোহন মালব্যৰ নামেৰে নতুন শিক্ষাকেন্দ্ৰৰ শিলান্যাস কৰে কেন্দ্ৰীয় মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে

Posted On: 18 OCT 2020 8:44PM by PIB Guwahati

জম্মু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পণ্ডিত মদন মোহন মালব্যৰ নামেৰে এক নতুন শিক্ষা কেন্দ্ৰৰ শিলান্যাস কৰে কেন্দ্ৰীয় মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে। তেওঁ কয় যে দেশৰ ভিতৰত প্ৰথম কোনো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত শ্ৰী মালব্যৰ নামেৰে শিক্ষাকেন্দ্ৰ গঢ়ি তোলা হ’ব।

 

মন্ত্ৰীগৰাকীয়ে কয়, বিংশ শতিকাৰ দুই অগ্ৰণী শিক্ষাবিদ ক্ৰমে পণ্ডিত মদন মোহন মালব্য আৰু ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে তেওঁলোকৰ প্ৰাপ্য সন্মান কেতিয়াও নাপালে। সেইবাবেই পণ্ডিত মালব্যক এই বিশ্ববিদ্যালয়তে যথাযথভাৱে সন্মান জনোৱা হৈছে। তেওঁ এই প্ৰসঙ্গতে জম্মু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামাঙ্কিত ছাত্ৰাবাস উদ্বোধনৰ কথাও জনায়। এই ছাত্ৰাবাসটোও তেৱেই উদ্বোধন কৰিছিল।

 

ডঃ সিঙে কয়, উত্তৰ ভাৰতৰ শিক্ষাকেন্দ্ৰ হিচাপে জম্মুৱে ক্ষীপ্ৰতাৰে এক সুকীয়া স্থান সৃষ্টি কৰি লৈছে। ইয়াত ১০০ কিলোমিটাৰৰো কম ঠাইত এইমছসহ চাৰিখন মেডিকেল কলেজ, আইআইটি, আইআইএম, জম্মু কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু জম্মু বিশ্ববিদ্যালয়, দুখনকৈ চৰকাৰী ইঞ্জিনিয়াৰিং কলেজ, উত্তৰ ভাৰতৰ প্ৰথম জৈৱ প্ৰযুক্তি টেকন’লজী পাৰ্ক, আৰু উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ বাঁহ প্ৰযুক্তি কেন্দ্ৰ গঢ়ি উঠিছে।

 

২০১৯ চনৰ ৫ আগষ্টত সংবিধানৰ ৩৭০ ধাৰা বাতিলৰ ফলত দেশৰ বিভিন্ন ঠাইৰ পৰা শ্ৰেষ্ঠ শিক্ষাবিদসকলক এইবোৰ প্ৰতিষ্ঠানলৈ অনাৰ ক্ষেত্ৰত সুবিধা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে কোনো শিক্ষা প্ৰতিষ্ঠানৰ মান তেতিয়াহে অটুট থাকিব, যেতিয়া তাত মেধাৰ ভিত্তিত শিক্ষাবিদসকলক বাচনি কৰা হ’ব। এই প্ৰসঙ্গত ডঃ সিঙে পণ্ডিত মালব্যৰ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপনা এৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ গ্ৰহণৰ উদ্যোগৰ কথা উল্লেখ কৰে।

 

 

তেওঁ লগতে জনায়, মহাকাশ দপ্তৰৰ মাধ্যমেৰে উত্তৰ ভাৰতৰ প্ৰথম বিজ্ঞান আৰু গৱেষণা কেন্দ্ৰও এই বিশ্ববিদ্যালয়তে গঢ়ি উঠিছে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অশোক আইমাই অনুষ্ঠানত আদৰণি ভাষণ দিয়ে। তেওঁ এই বিশ্ববিদ্যালয়ৰ ভালেমান উল্লেখযোগ্য বৈশিষ্টৰ কথাও জনায়।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই কেন্দ্ৰৰ অনুমোদনক্ৰমে এই বিশ্ববিদ্যালয়ত এটা কেন্দ্ৰ খুলিবলৈ বিচাৰিছে বুলিও তেওঁ জনায়।

 

 

*******

SNC/RD



(Release ID: 1665738) Visitor Counter : 96