স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতে অতিক্ৰমিলে উল্লেখনীয় মাইলৰ খুঁটি

১.৫ মাহৰ পিচত প্ৰথমবাৰৰ বাবে সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৮ লাখৰ তললৈ নামিল

মুঠ আক্ৰান্তৰ মাত্ৰ ১০.৭০%হে সক্ৰিয় ৰোগী

Posted On: 17 OCT 2020 10:23AM by PIB Guwahati

ভিড বিৰোধী যুঁজত ভাৰতে আৰু এটা মাইলৰ খুঁটি অতিক্ৰম কৰিবলৈ সক্ষম হয়। প্ৰায় ডেৰটা মাহৰ পিচত এই প্ৰথম বাৰৰ বাবে দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৮ লাখৰ তললৈ নমা পৰিলক্ষিত হৈছে।

দেশত আজিৰ তাৰিখত সক্ৰিয় আক্ৰান্তৰ মুঠ সংখ্যা হৈছেগৈ ৭,৯৫,০৮৭গৰাকী। মুঠ আক্ৰান্তৰ শতকৰা হাৰ হল মাত্ৰ ১০.৭০শতাংশ। যোৱা ১ ছেপ্টেম্বৰতো সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৮ লাখ(৭,৮৫,৯৯৬)ৰ তললৈ অৱনমিত হৈছিল।

প্ৰতি দিনে কভিড ৰোগী আৰোগ্য হোৱাৰ বৰ্দ্ধিত হাৰে ভাৰতত সক্ৰিয় আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত অৱনমিত কৰাত সহায় কৰিছে।

 

WhatsApp Image 2020-10-17 at 9.36.27 AM.jpeg

 

প্ৰতিদিনেই অধিক লোকে আৰোগ্য লাভ কৰাৰ তথ্য উপলব্ধ হৈছে।

শেহতীয়া ২৪ ঘণ্টাত ৭০,৮১৬গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ লগতে চিকিত্সালয় এৰাৰ অনুমতি লাভ কৰাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৬২,২১২ গৰাকী লোক। ইয়াকে ধৰি দেশত মুঠ আৰোগ্যৰ সংখ্যাই ৬৫লাখ(৬৫,২৪,৫৯৫)ৰ ঘৰ স্পৰ্শ কৰিছে। বিগত দিনদিয়েকৰ ধাৰা অব্যাহত ৰাখি শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ ৮৭.৭৮%ত উপস্থিত হৈছে। ইফালে আৰোগ্য লাভ কৰা ব্যক্তি আৰু আক্ৰান্তৰ মাজৰ ব্যৱধান দিনৌ বাঢ়ি গৈ ৫৭,২৯,৫০৮গৰাকী হৈছেগৈ।

ধাৰাবাহিক প্ৰয়াস, বহুমুখী ৰণকৌশল, প্ৰভাৱশালী কাৰ্যক্ৰমৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নিয়মীয়া তদাৰকীৰ পৰিণতিতে এনে ফলাফল সম্ভৱ কৰিব পৰা গৈছে। দেশজুৰি চলা পৰীক্ষণৰ দ্বাৰা আক্ৰান্তৰ আগতীয়া চিনাক্তকৰণ, তাত্ক্ষণিক নিৰীক্ষণ আৰু আক্ৰান্তক অনুসৰণ তথা মানবিশিষ্ট চিকিত্সা সেৱাৰ সমন্বয়তে এনে আশাপ্ৰদ পৰিণতি লাভ কৰিব পৰা গৈছে।

 

WhatsApp Image 2020-10-17 at 9.38.59 AM.jpeg

 

নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, মহাৰাষ্ট্ৰই সৰ্বাধিক ১৩,০০০ৰৰো অধিক আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৮০০০ৰৰো অধিক আৰোগ্যৰে দ্বিতীয় স্থানত আছে কৰ্ণাটক।

 

 

শেহতীয়া ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ব্যক্তিৰ সংখ্যা হৈছে ৬২,২১২গৰাকী।

এইক্ষেত্ৰতো মহাৰাষ্ট্ৰই সৰ্বাধিক ১১,০০০ৰৰো অধিক আক্ৰান্তৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৭০০০ৰৰো অধিক আক্ৰান্তৰে দ্বিতীয় স্থানত আছে কৰ্ণাটক আৰু কেৰালা।

 

WhatsApp Image 2020-10-17 at 9.36.28 AM (1).jpeg

 

ইফালে, শেহতীয় ২৪ ঘণ্টাত দেশত ৮৩৭গৰাকী লোকে মৃত্যু সাৱটি লৈছে। এইক্ষেত্ৰতো প্ৰায় ৮২%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

মহাৰাষ্ট্ৰত এদিনত সৰ্বাধিক ৩০৬গৰাকী লোকে মৃত্যু বৰণ কৰাৰ তথ্য উপলব্ধ হৈছে।

 

WhatsApp Image 2020-10-17 at 9.36.28 AM.jpeg

 

পৃথিৱী জুৰি ত্ৰাসৰ সৃষ্টি কৰা মহামাৰীবিধৰ বিৰুদ্ধে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহে অব্যাহত ৰখা যুঁজলৈ পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে। সমন্বিত প্ৰয়াসৰ পিচতো শেহতীয়া ভাবে কেৰালা, কৰ্ণাটক, ৰাজস্থান, চত্তিশগড় আৰু পশ্চিম বংগ আদিত মহামাৰীবিধে পুনৰ আগ্ৰাসী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যকেইখনলৈ কেন্দ্ৰীয় দল প্ৰেৰণ কৰা হৈছে।

কেন্দ্ৰীয় দলসমূহে কভিড বিৰোধী যুঁজত ৰাজ্য চৰকাৰসমূহক সহযোগিতা আগবঢ়োৱাৰ উপৰি বিভিন্ন বিষয়ত ৰাজ্য চৰকাৰসমূহক পৰামৰ্শ দান কৰিব।

 

****

MV/SJ/KB



(Release ID: 1665597) Visitor Counter : 84