ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ জেনেৰিক ঔষধৰ উৎপাদন আৰু ৰপ্তানিকৰ্তা হৈছে ভাৰত

ভাৰতত ৰসায়ন আৰু পেট্র’ৰসায়নৰ বজাৰৰ আকাৰ ১৬৫ বিলিয়ন মাৰ্কিন ডলাৰ; ২০২৫ চনৰ ভিতৰত সেয়া বৃদ্ধি পাই ৩০০ বিলিয়ন মার্কিন ডলাৰ হ’ব বুলি আশা কৰা হৈছেঃ শ্ৰী ডি ভি সদানন্দ গৌড়া

Posted On: 15 OCT 2020 10:14AM by PIB Guwahati

কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রী শ্রী ডি ভি সদানন্দ গৌড়াই কয় যে ভাৰতে বিশ্বৰ ভিতৰতে সৰ্বাধিক জেনেৰিক ঔষধ প্ৰস্তুত আৰু ৰপ্তানি কৰে৷ প্ৰাৰম্ভিক পৰ্যায়ত ক’ভিড-১৯ৰ চিকিসাৰ সময়ত জৰুৰীকালীন ঔষধ হিচাপে হাইড্র’ক্সিক্লৰ’কুইন(এইচচিকিউ) আৰু এজিথ্রোমাইচিনক প্ৰয়োগৰ বাবে বিতৰণ কৰা হৈছিল। ক’ভিড মহামাৰীৰ মাজতে ভাৰতে এই ঔষধ দুবিধ বিশ্বৰ ১২০খনতকৈ অধিক দেশক যোগান ধৰিছে। এইদৰেই ঔষধ যোগানৰ ক্ষেত্রত ভাৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নির্ভৰযোগ্য দেশত পৰিণত হৈছে।

মন্ত্রী গৌড়াই মার্কিন যুক্তৰাষ্ট্র-এফডিএৰ নিয়ম মানি আমেৰিকাৰ বাহিৰে আটাইতকৈ বেছি ঔষধ প্ৰস্তুত কেন্দ্ৰ ভাৰতত আছে বুলি সদৰি কৰে৷ ইয়াৰ ৰপ্তানি মূল্য ২০ বিলিয়ন মাৰ্কিন ডলাৰৰ সমান বুলিও তেওঁ উল্লেখ কৰে৷

 লেটিন আমেৰিকা আৰু কেৰিবিয়ান দেশসমূহৰ বাবে ফিকিয়ে আয়োজিত লিডছ, ২০২০ শীৰ্ষক ভাৰ্চুৱেল সন্মিলনত কালি ভাষণ প্ৰসংগত তেওঁ কয় যে ভাৰতৰ ঔষধ পাদন খণ্ড ২০২৪ চনৰ ভিতৰ ৬,৫০০ কোটি মার্কিন ডলাৰ মূল্যৰ উদ্যোগত পৰিণত হ’ব৷ বর্তমান দেশত ৩টা ডাঙৰ ঔষধ পাদন পার্ক আৰু ৪টা চিকিসা সংক্রান্তীয় সঁজুলি পাদন পার্ক নিৰ্মাণ কৰা হৈছে৷

মন্ত্রীগৰাকীয়ে লগতে কয় যে ঔষধ উদ্যোগৰ ক্ষেত্ৰত ভাৰত বিনিয়োগৰ বৃহসুযোগ আছে৷ যিকোনো প্ৰতিষ্ঠানে যুটীয়া অংশীদাৰিত্বৰে ভাৰতৰ বজাৰত প্ৰৱেশ কৰিব পাৰে৷ ভাৰতীয় ঔষধ উপাদন খণ্ডত কোনো লোকে বিনিয়োগ কৰিব বিচাৰিলে তেওঁৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু তেওঁলোকক সম্ভাৱ্য সকলো সুবিধা প্ৰদান কৰা হ’ব বুলি কয়৷

তেওঁ লগতে কয় যে ভাৰতত ৰসায়ন আৰু পেট্র’ৰসায়নৰ বজাৰৰ আকাৰ ১৬৫ বিলিয়ন মাৰ্কিন ডলাৰ৷ ২০২৫ চনৰ ভিতৰত সেয়া বৃদ্ধি পাই ৩০০ বিলিয়ন মার্কিন ডলাৰ হ’ব বুলি আশা কৰা হৈছে৷ মন্ত্ৰী গৌড়াই কয় যে সাৰ পাদনৰ ক্ষেত্রতো ভাৰতত এক আকর্ষণীয় বজাৰ আছে৷ আমাৰ দেশত সাৰ পাদন কৰা হ’লেও ভাৰত বিশ্বৰ সৰ্ববৃহসাৰ আমদানিকৰ্তা৷ উদাহৰণস্বৰূপে, ২০১৮-১৯ বৰ্ষত ভাৰতত ৭.৫ মিলিয়নটন ইউৰিয়া আৰু পি এণ্ড কে সাৰ, ৬.৬ মিলিয়ন টন ডিএপি সাৰ, ৩ মিলিয়ন টন এমঅ’পি সাৰ আৰু ০.৫ মিলিয়ন টন এনপিকে সাৰ আমদানি কৰিব লগা হয়। লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ দেশসমূহে ভাৰতলৈ প্ৰচুৰ পৰিমাণে সাৰ ৰপ্তানি কৰে৷

মন্ত্রীগৰাকীয়ে নেনো ফার্টিলাইজাৰৰ ওপৰত গুৰুত্ব দি কয় যে এই ক্ষেত্রত গৱেষণা আৰু উদ্ভাৱনৰ বাবে বিদেশৰ সৈতে যুটীয়া প্ৰচেষ্টা ল’ব পাৰে৷ তেওঁ কয়, আমি এই খণ্ডসমূহত যিকোনো প্ৰস্তাৱ আদৰণি জনোৱাৰ লগতে ভাৰতত তেওঁলোকক সম্ভাৱ্য সকলো সুবিধা প্ৰদানৰ আশ্বাস দিছো৷

****

RCJ/RKM/DB



(Release ID: 1664968) Visitor Counter : 201