প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে গৱেষণা আৰু প্ৰতিষেধকৰ প্ৰায়োগিক বাতাবৰণ সম্পৰ্কীয় পৰ্যালোচনা সভাত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 15 OCT 2020 5:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কভিড-১৯ৰ বিৰুদ্ধে গৱেষণা আৰু প্ৰতিষেধকৰ প্ৰায়োগিক বাতাবৰণ সম্পৰ্কীয় এক পৰ্যালোচনা সভাত অধ্যক্ষতা কৰে। সভাত কভিডৰ নমুনা পৰীক্ষণৰ প্ৰযুক্তি, সংস্পৰ্শলৈ আহোতাসকলৰ অনুসৰণ, ঔষধ আৰু নিদান সম্পৰ্কীয় প্ৰসংগসমূহৰ সমীক্ষা কৰা হয়।

সভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী হৰ্ষ বৰ্দ্ধন, নীতি আয়োগৰ সদস্য(স্বাস্থ্য), প্ৰধান বৈজ্ঞানিক পৰামৰ্শদাতা, জ্যেষ্ঠ বিজ্ঞানীসকলৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় প্ৰতিষেধক বিকাশকসকলৰ লগতে উত্পাদকসকলে কভিড-১৯য়ে সৃষ্টি কৰা প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসক প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ সকলো প্ৰয়াসলৈ চৰকাৰৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নিয়ামক সংস্কাৰ এক গতিশীল প্ৰক্ৰিয়া আৰু সকলো শেহতীয়া আৰু নতুনকৈ গঢ় লোৱা ক্ষেত্ৰসমূহৰ বিশেষজ্ঞসকলক নিয়ামকসকলে সম্পূৰ্ণ সক্ৰিয়তাৰে ব্যৱহাৰ কৰা উচিত।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিষেধকৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ বিস্তৃত বিতৰণ আৰু বিতৰণ-তন্ত্ৰৰো শেহতীয়া স্থিতিৰ বুজ লয়। এই সমীক্ষাত পৰ্যাপ্ত সামগ্ৰী ক্ৰয়ৰ ব্যৱস্থাৱলী আৰু বৃহত্ পৰিসৰৰ একত্ৰীকৰণৰ প্ৰযুক্তি আহৰণ, ভাগে ভাগে চিচাত ভৰাই প্ৰভাৱশালী ৰূপত বিতৰণৰ দিহা কৰা আদি প্ৰসংগ অন্তৰ্ভুক্ত আছিল।

প্ৰধানমন্ত্ৰীয়ে কৰোণাৰ সংক্ৰমণৰ সমীক্ষা কৰাৰ লগতে নমুনা পৰীক্ষণৰ পৰিসৰ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে, তেওঁ সকলোৰে বাবে দ্ৰুত, কম ব্যয়সাপেক্ষ আৰু যথাসম্ভৱ খৰটকীয়া ভাবে নিয়মীয়া পৰীক্ষণৰ সুবিধা উপলব্ধ কৰাতো গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে নিয়মীয়া আৰু কঠোৰ বৈজ্ঞানিক পৰীক্ষণ আৰু পৰম্পৰাগত ঔষধৰ চিকিত্সাৰ প্ৰত্যায়িতকৰণৰ প্ৰয়োজনীয়তাকো গুৰুত্ব প্ৰদান কৰে। তেওঁ সাক্ষ্যভিত্তিক গৱেষণা আৰু সংকটকালত বিশ্বাসযোগ্য সমাধান সূত্ৰ আগবঢ়োৱাৰ বাবে আয়ুষ মন্ত্ৰালয়ক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে কম ব্যয় সাপেক্ষ, সহজে উপলব্ধ হব পৰা আৰু বিস্তৃত কৰিব পৰা পৰীক্ষণ, প্ৰতিষেধক আৰু ঔষধ কেৱল ভাৰতৰ বাবেই নহয় বৰং সমগ্ৰ পৃথিৱীৰ বাবেই উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।

তেওঁ মহামাৰীৰ বিৰুদ্ধে নিয়মীয়া নিৰীক্ষণ আৰু অধিক সতৰ্কতা অব্যাহত ৰখাৰ গোঁহাৰি জনায়।

 

 

******

 

AP/SH/KB



(Release ID: 1664964) Visitor Counter : 178