স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
পৰীক্ষণৰ ক্ষেত্ৰত এক নতুন মাইলৰখুঁটি অতিক্ৰম ভাৰতৰ
মুঠ নমূনা পৰীক্ষা ৯লাখৰ সীমা অতিক্ৰম
২০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পজিটিভিৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ অধিক হৈছে
Posted On:
14 OCT 2020 11:50AM by PIB Guwahati
ভাৰতত ২০২০ৰ জানুৱাৰী মাহৰ পৰা ক’ভিড-১৯ৰ নমুনা পৰীক্ষাৰ পৰিমাণ অভূতপূৰ্ব হাৰত অগ্ৰগতি হৈছে৷ আজিলৈকে নমুনা পৰীক্ষাৰ সংখ্যা ৯ কোটিৰ সীমা অতিক্ৰম কৰিছে৷ দেশত বিগত ২৪ ঘণ্টায় ১১,৪৫,০১৫টা নমুনা পৰীক্ষা হৈছে৷ ইয়াৰ ফলত মুঠ নমুনা পৰীক্ষাৰ সংখ্যা ৯,০০,৯০,১২২লৈ বৃদ্ধি পাইছে৷

ভাৰতৰ নমুনা পৰীক্ষাৰ সক্ষমতা বহুগুণে বৃদ্ধি পাইছে৷ চৰকাৰী আৰু বেচৰকাৰীসহ নমুনা পৰীক্ষাগাৰৰ সংখ্যা ১,৯৩৫লৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ জৰিয়তে দৈনিক ১৫ লাখতকৈ অধিক নমুনা পৰীক্ষা কৰা সম্ভৱ৷
দেশজুৰি নমুনা পৰীক্ষাৰ উচ্চহাৰ অব্যাহত থকাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত আক্রান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ইয়াৰ পৰাই সংক্ৰমণৰ হাৰ কার্যকৰীভাৱে সীমাবদ্ধ ৰখা সম্ভৱ হোৱাটো পৰিলক্ষিত হৈছে৷

২০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত আক্রান্তৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ কম। দেশত আক্রান্তৰ হাৰ ৮.০৪ শতাংশলৈ হ্ৰাস পাইছে।

অধিক পৰিমাণৰ নমুনা পৰীক্ষাৰ ফলত আক্রান্তৰ চিনাক্তকৰণ, তেওঁলোকৰ দ্রুত চিকিৎসা সেৱা প্ৰদান আৰু আইছ’লেশ্যন ব্যৱস্থাৰ অধীনত ৰখাৰ ফলত মৃত্যু হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ভাৰতত বৰ্তমান নতুনকৈ আক্রান্তৰ তুলনাত আৰোগ্য হোৱা লোকৰ হাৰ বৃদ্ধি পাইছে৷ ইয়াৰ ফলত দেশত ক’ৰোনা আক্রান্তৰ সংখ্যা ৮,২৬,৮৭৬ জন হৈছে৷ বৰ্তমান দেশত মুঠ আক্রান্তৰ কেৱল ১১.৪২ শতাংশ হৈছে৷
দেশত বিগত ২৪ ঘণ্টাত ৭৪,৬৩২জন ক’ভিড ৰোগী সুস্থ হৈছে৷ আনহাতে, নতুনকৈ আক্রান্তৰ হৈছে ৬৩,৫০৯জন৷ অধিক সংখ্যাৰ আৰোগ্য লোকৰ ফলত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৭.০৫ শতাংশলৈ উন্নীত হৈছে৷
দেশত আজিলৈকে মুঠ ৬৩,০১,৯২৭জন লোক সুস্থ হৈছে৷ আৰোগ্য আৰু আক্রান্ত হৈ চিকিৎসাধীন লোক সংখ্যাৰ মাজৰ ব্যৱধান ৫৪,৭৫,০৫১জনলৈ বৃদ্ধি পাইছে৷
শেহতীয়া আৰোগ্য লোকৰ ৭৯ শতাংশই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে মহাৰাষ্ট্ৰত একেদিনাই সর্বাধিক ১৫,০০০তকৈ অধিক৷

দেশত বিগত ২৪ ঘণ্টায় ৬৩,৫০৯জন লোক আক্রান্ত হৈছে৷ ইয়াৰে ভিতৰত ৭৭ শতাংশই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল৷ সর্বাধিক আক্রান্তৰ লোক কেৰালা, মহাৰাষ্ট্ৰ আৰু কর্ণাটকৰ৷

দেশত বিগত ২৪ ঘণ্টায় ৭৩০ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ৮০ শতাংশই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল৷ ইয়াৰে সর্বাধিক ১৮৭ জন মহাৰাষ্ট্রৰ৷

দেশত প্রায় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ত দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছে৷ দেশত মহামাৰীজনিত ৰোগৰ লগতে বতৰৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড চিকিৎসাৰ লগতে ডেংগু, মেলেৰীয়া, ইনফ্লুয়েঞ্জা, চিকুনগুনীয়াকে ধৰি বিভিন্ন ৰোগৰ ক্ষেত্রত অগ্রাধিকাৰ দিয়া হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অন্যান্য ঋতুকালীন ৰোগকে ধৰি ক’ভিড-১৯ৰ সংক্ৰমিত হোৱাৰ আশংকাৰ বাবে নির্দেশনা জাৰি কৰিছে৷
এই নিৰ্দেশনা চাবলৈ ইয়াত ক্লিক কৰকঃhttps://www.mohfw.gov.in/pdf/GuidelinesformanagementofcoinfectionofCOVID19withotherseasonalepidemicpronediseases.pdf
****
MV/SJ/DB
(Release ID: 1664598)
Visitor Counter : 321
Read this release in:
Tamil
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam