PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 14 OCT 2020 6:23PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

 

#IndiaFightsCorona

 

Image

 

পৰীক্ষণৰ ক্ষেত্ৰত এক নতুন মাইলৰখুঁটি অতিক্ৰম ভাৰতৰ, মুঠ নমূনা পৰীক্ষা ৯লাখৰ সীমা অতিক্ৰম, ২০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পজিটিভিৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ অধিক হৈছে

ভাৰতত ২০২০ৰ জানুৱাৰী মাহৰ পৰা ক’ভিড-১৯ৰ নমুনা পৰীক্ষাৰ পৰিমাণ অভূতপূৰ্ব হাৰত অগ্ৰগতি হৈছে৷ আজিলৈকে নমুনা পৰীক্ষাৰ সংখ্যা কোটিৰ সীমা অতিক্ৰম কৰিছে৷ দেশত বিগত ২৪ ঘণ্টায় ১১,৪৫,০১৫টা নমুনা পৰীক্ষা হৈছে৷ ইয়াৰ ফলত মুঠ নমুনা পৰীক্ষাৰ সংখ্যা  ৯,০০,৯০,১২২লৈ বৃদ্ধি পাইছে৷ ভাৰতৰ নমুনা পৰীক্ষাৰ সক্ষমতা বহুগুণে বৃদ্ধি পাইছে৷ চৰকাৰী আৰু বেচৰকাৰীসহ নমুনা পৰীক্ষাগাৰৰ সংখ্যা ১,৯৩৫লৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ জৰিয়তে দৈনিক ১৫ লাখতকৈ অধিক নমুনা পৰীক্ষা কৰা সম্ভৱ৷ দেশজুৰি নমুনা পৰীক্ষাৰ উচ্চহাৰ অব্যাহত থকাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত আক্রান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ইয়াৰ পৰাই সংক্ৰমণৰ হাৰ কার্যকৰীভাৱে সীমাবদ্ধ ৰখা সম্ভৱ হোৱাটো পৰিলক্ষিত হৈছে৷ ২০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত আক্রান্তৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ কম। দেশত আক্রান্তৰ হাৰ ৮.০৪ শতাংশলৈ হ্ৰাস পাইছে। অধিক পৰিমাণৰ নমুনা পৰীক্ষাৰ ফলত আক্রান্তৰ চিনাক্তকৰণ, তেওঁলোকৰ দ্রুত চিকিসা সেৱা প্ৰদান আৰু আইছ’লেশ্যন ব্যৱস্থাৰ অধীনত ৰখাৰ ফলত মৃত্যু হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ভাৰতত বৰ্তমান নতুনকৈ আক্রান্তৰ তুলনাত আৰোগ্য হোৱা লোকৰ হাৰ বৃদ্ধি পাইছে৷ ইয়াৰ ফলত দেশত ক’ৰোনা আক্রান্তৰ সংখ্যা ৮,২৬,৮৭৬ জন হৈছে৷ বৰ্তমান দেশত মুঠ আক্রান্তৰ কেৱল ১১.৪২ শতাংশ হৈছে৷ দেশত বিগত ২৪ ঘণ্টাত ৭৪,৬৩২জন ক’ভিড ৰোগী সুস্থ হৈছে৷ আনহাতে, নতুনকৈ আক্রান্তৰ হৈছে ৬৩,৫০৯জন৷ অধিক সংখ্যাৰ আৰোগ্য লোকৰ ফলত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৭.০৫ শতাংশলৈ উন্নীত হৈছে৷ দেশত আজিলৈকে মুঠ ৬৩,০১,৯২৭জন লোক সুস্থ হৈছে৷ আৰোগ্য আৰু আক্রান্ত হৈ চিকিসাধীন লোক সংখ্যাৰ মাজৰ ব্যৱধান ৫৪,৭৫,০৫১জনলৈ বৃদ্ধি পাইছে৷ শেহতীয়া আৰোগ্য লোকৰ ৭৯ শতাংশই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে মহাৰাষ্ট্ৰত একেদিনাই সর্বাধিক ১৫,০০০তকৈ অধিক৷ দেশত বিগত ২৪ ঘণ্টায় ৬৩,৫০৯জন লোক আক্রান্ত হৈছে৷ ইয়াৰে ভিতৰত ৭৭ শতাংশই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল৷ সর্বাধিক আক্রান্তৰ লোক কেৰালা, মহাৰাষ্ট্ৰ আৰু কর্ণাটকৰ৷ দেশত বিগত ২৪ ঘণ্টায় ৭৩০ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ৮০ শতাংশই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল৷ ইয়াৰে সর্বাধিক ১৮৭ জন মহাৰাষ্ট্রৰ৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1664244

 

২০খন ৰাজ্যক ৮৬,৮২৫ কোটি টকা আহৰণৰ অনুমতি বিত্ত মন্ত্ৰালয়

বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে আজি ২০ খন ৰাজ্যক মুক্ত বজাৰ ঋণৰ জৰিয়তে ৬৮,৮২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি আহৰণৰ অনুমতি প্ৰদান কৰিছে৷ জিএছটি ৰূপায়ণৰ ফলত দেখা দিয়া ঘাটি পূৰণৰ বাবে বিত্ত মন্ত্রালয়ৰ প্রস্তাৱিত দুটা বিকল্পৰ ভিতৰত প্ৰথম বিকল্প বাছনি কৰা ৰাজ্যসমূহক মুঠ ৰাজ্যিক ঘৰুৱা ৎপাদনৰ অতিৰিক্ত ঋণৰ @.৫০% আহৰণৰ অনুমতি দিয়া হৈছে৷ ২০২০ৰ ২৭ আগষ্টত অনুষ্ঠিত জিএছটি পৰিষদৰ বৈঠকত দুটা বিকল্প দিয়াৰ লগতে পৰৱৰ্তী সময়ত ২৯ আগষ্ট, ২০২০ত ৰাজ্যসমূহৰ সৈতে যোগাযোগ কৰা হয়৷ প্ৰথমটো বিকল্প বাছনি কৰা ২০খন ৰাজ্য হৈছে ক্ৰমে-অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচলপ্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মনিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িশা, ছিকিম, ত্ৰিপুৰা, উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ড৷ আঠখন ৰাজ্যই এতিয়াও এই বিকল্প গ্ৰহণ কৰিবলৈ বাকী আছে৷ এই বিকল্প বাছনি কৰা ৰাজ্যসমূহে লাভ কৰা সুবিধাসমূহৰ ভিতৰত প্ৰথমতে, ঋণ জৰিয়তে ৰাজহ ঘাটি পুৰণৰ বাবে বিত্ত মন্ত্ৰালয়ৰ দ্বাৰা সমন্বিত এক বিশেষ ঋণৰ ব্যৱস্থা আছে৷ এই ৰাজহ ঘাটি পৰিমাণ ৰাজ্যসমূহৰ ক্ষেত্ৰত আনুমানিক .১লাখ কোটি টকা বুলি ধৰা হৈছে৷ দ্বিতীয়তে, ভিডৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি মুঠ ৰাজ্যিক ঘৰুৱা ৎপাদনৰ % অতিৰিক্ত ঋণৰ পৰা .% অন্তিম কিস্তিৰ সংশোধৰ চৰ্ত ৰেহাই দিয়াৰ অনুমতি প্ৰদান কৰা হৈছে৷  ব্যয় বিভাগে ২০২০ৰ ১৭ মে ৰাজ্যসমূহক মুঠ ৰাজ্যিক ঘৰুৱা ৎপাদনৰ অতিৰিক্ত % ঋণৰ সুবিধা প্ৰদান কৰিছিল৷ এই % সীমাৰ পৰা .% অন্তিম কিস্তি ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত চাৰিটা সংস্কাৰৰ অতি কমেও তিনিটা পুৰণ কৰাৰ বাবে সংযোগ কৰা হৈছিল৷ অৱশ্যে যিসমূহ ৰাজ্যই জিএছটি ৰূপায়ণ কৰাৰ বাবে সৃষ্টি হোৱাৰ ৰাজহ ঘাটি পুৰণৰ বাবে প্ৰথম বিকল্প ব্যৱহাৰ কৰিছে, সেইসমূহ ৰাজ্যক মুঠ ৰাজ্যিক ঘৰুৱা পাদনৰ .% অন্তিম কিস্তিৰ ৰেহাইৰ চৰ্ত পুৰণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1664054

 

ছুইজাৰলেণ্ড, মালটা আৰু বটছোৱানাৰ ৰাষ্ট্ৰদূতসকলে ভিডিঅ’ কনফাৰেন্সযোগে দাখিল কৰিলে তেওঁলোকৰ পৰিচয়পত্ৰ

ৰাষ্ট্ৰপতি শ্রী ৰামনাথ কোবিন্দ আজি এক ভাৰ্চুৱেল অনুষ্ঠানত ছুইজাৰলেণ্ড, মালটা আৰু বটছোৱানাৰ ৰাষ্ট্ৰদূত/উচ্চায়ুক্তসকলৰ পৰা পৰিচয়পত্ৰ গ্ৰহণ কৰে৷ এই উপলক্ষে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰদূত ড০ ৰালফ হেকনাৰ, মালটাৰ উচ্চায়ুক্ত ৰুবেন দাউচি আৰু বটছোৱানাৰ আয়ুক্তৰ গিলবার্ট ছিমানে মাংগোলে উপস্থিত থাকে৷ অনুষ্ঠানত ৰাষ্ট্ৰপতি কোৱিন্দে ভাৰতত তেওঁলোকৰ নিযুক্তিৰ বাবে শুভেচ্ছা

অধিক বিৱৰণ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1664306

 

১৯৬ যোৰা সৱ বিশেষৰে’ল সেৱাত অনুমোদন ৰে’ল মন্ত্ৰালয়ৰ

ৰে’ল মন্ত্ৰালয়ে ২০ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰ, ২০২০লৈ উসৱৰ বতৰত ভিৰৰ প্ৰতি লক্ষ্য ৰখি ‘উসৱ বিশেষসেৱা হিচাপে ১৯৬ যোৰা (৩৯২খন ৰে’ল) চলাচলত অনুমোদন জনাইছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1664071

 

২০২০-২১ বৰ্ষৰ খাৰিফ বিপণন কালত এমএছপিৰ হাৰত ধান ক্ৰয়ৰ পৰিমাণ সঠিত দিশত অগ্ৰসৰ হৈছে

চৰকাৰে পূৰ্বৰ এমএছপিৰ হাৰতে ২০২০-২১ খাৰিফ বিপণন বৰ্ষত কৃষকৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ এই ধান ক্ৰয়ৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধিও পাইছে৷ ভাৰতীয় খাদ্য নিগমৰ লগতে অন্যান্য চৰকাৰী সংস্থাসমূহে ১২ অক্টোবৰ, ২০২০লৈকে সৰ্বমুঠ ৪৮.৫৩ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিছে৷ ইয়াৰ বাবে ৪.১৬লাখ কৃষকে মুঠ ৯,১৬৪ কোটি টকা লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1664069

 

সৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৰে’লৱে সুৰক্ষা বাহিনীয়ে

ৰে’লৱে সুৰক্ষা বাহিনীয়ে উসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্যৰে যাত্ৰীসকলক ৰে’ল, ষ্টেচন বা ৰে’লৱেৰ অন্যান্য স্থানত বহিৰ থকাৰ সময়ত কেতবোৰ নিয়ম মানি নচলিলে শাস্তিৰ লগতে জৰিমনাৰ ভৰিব লাগিব বুলি জনাইছে৷ সেই হিচাপে মাস্ক নিপিন্ধাকৈ যাত্ৰা কৰা, য’তে-ত’তে থু-খেকাৰ পেলোৱা, সামাজিক দুৰত্ব মানি নচলা ইত্যাদি একাধিক দিশত সতৰ্ক কৰি দিছে

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1664372

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যাসমূহৰ পৰা লাভ কৰা ইনপুট

  • হিমাচলপ্ৰদেশঃ পৰিবহণ মন্ত্ৰীয়ে সদৰি কৰা মতে হিমাচলপ্ৰদেশ ৰাজ্যিক পৰিবহণ নিগমে ১৪ অক্টোবৰৰ পৰা আন্তঃৰাজ্যিক বাছ চলাচল কৰা সিদ্ধান্ত লৈছে৷ সেই হিচাপে প্ৰথম পৰ্যায়ত ২৫টা পথত বাছ চলাচল কৰিব৷ ইয়াৰে ভিতৰত চণ্ডীগড়, পাঠানকোট, বাড্ডি, হোছিয়াৰপুৰ, লুধিয়ানা, আম্বালা, হৰিদ্বাৰ উল্লেখযোগ্য৷ কেৱল নন-এচি বাছসমূহহে চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে৷
  • অৰুণাচলপ্ৰদেশঃ কালিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১৯৩জন লোকৰ দেহত ক’ভিড ধৰা পৰিছে আৰু ১৭০জন ডিছচাৰ্জড দিয়া হৈছে৷ মুঠ ২৮ জন মৃত ক’ভিড ৰোগীৰ ১১ জনেই অক্টোবৰ মাহত মৃত্যু হৈছে৷
  • অসমঃ কালি দিনটোত অসমত ১,৪৮২জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১,০২০জন ৰোগীক ডিছচাৰ্জড দিয়া হৈছে৷ ৰাজ্যখনৰ মুঠ আক্ৰান্তৰ সংখ্যা ১,৯৬,৭৮৬ৰ বিপৰীতে এতিয়ালৈকে ১,৬৭,০৫৬জন আৰোগ্য হৈছে আৰু ৮৩০জনৰ মৃত্যু হৈছে৷ বৰ্তমান অসমত ২৮,৮৯৭জন ৰোগী চিকিসাধীন হৈ আছে৷
  • মেঘালয়ঃ ৰাজ্যখন আজি ১৩৩জন ৰোগী ক’ভিডৰ পৰা আৰোগ্য হৈছে৷ ৰাজ্যখনত বৰ্তমান ২,৩৬৭জন ৰোগী চিকিসাধীন হৈ থকাৰ বিপৰীতে ৫,৪০৬জন আৰোগ্য হৈছে৷
  • নাগালেণ্ডঃ নাগালেণ্ডত নতুনকৈ ১২৩জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • কেৰালাঃ কেৰালাই ডিছচাৰ্জড দিয়াৰ নিৰ্দেশনাৰ সংশোধন কৰিছে৷ সংশোধিত নিৰ্দেশনা অনুসৰি ৰোগীসকলক বিভিন্ন ভাগত বিভক্ত কৰা হৈছে৷ লক্ষণহীন ৰোগীসকলক আক্ৰান্ত বুলি চিনাক্ত কৰাৰ ১০দিনৰ দিনা পুনৰ ৰেপিড টেষ্ট কৰা হ’ব৷ নিগেটিভ হ’লে তেওঁলোকক যাবলৈ দিয়া হ’ব৷ ৰাজ্যখনত কালি নতুনকৈ ৮,৭৬৪জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ৯৫,৪০৭জন ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনত ১,০৪৬জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
  • তামিলনাডুঃ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডুৰ মুখ্য সচিব কে ছানমুগামৰ কাৰ্যকাল আৰু তিনিমাহলৈ বৃদ্ধি কৰা হৈছে৷ ৰাজ্যখনত বৰ্তমানৰ ই-পাছ ব্যৱস্থাৰ বিপৰীতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ই-পঞ্জীয়ন ব্যৱস্থা শীঘ্ৰে ৰূপায়ণ কৰিব বুলি জনাইছে৷ একেৰাহে দ্বিতীয় দিনাও তামিলনাডুত ক’ভিড আক্ৰান্তৰ সংখ্যা ৫,০০০তকৈ কম হৈছে৷ কালি ৪,৬৬৬জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৫৭জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ মুঠ আক্ৰান্তৰ সংখ্যা ৬,৬৫,৯৩০জনৰ বিপৰীতে মৃত্যু সংখ্যা ১০,৩৭১জনলৈ বৃদ্ধি পাইছে৷
  • কৰ্ণাটকঃ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আগন্তুক উসৱৰ বতৰত ক’ভিডক লৈ কি স্থিতি গ্ৰহণ কৰিছে, সেই সম্পৰ্কে জনাবলৈ নিৰ্দেশ দিছে৷ তদুপৰি, ক’ভিড ৰোগীৰ বিপৰীতে বিছনাৰ সংখ্যাৰ বিষয়েও জনাবলৈ কোৱা হৈছে৷ কৰ্ণাটকত ক’ভিড ৰোগী আৰোগ্যৰ সংখ্যা কালি ৬ লাখৰ সীমা অতিক্ৰম কৰিলে৷
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনৰ ১৩খন জিলাৰ ছবি ঘৰৰ মালিকসকলে আজি এক বৈঠকত মিলিত হৈ কাইলৈৰ পৰা ছবি ঘৰসমূহ পুনৰ মুকলি নকৰাৰ সিদ্ধান্ত লৈছে৷ কিয়নো ৫০শতাংশ আসনেৰে ছবি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিলে প্ৰত্যেকে ১০লাখকৈ অতিৰিক্ত লোকচানৰ আশংকা কৰিছে৷ ৰাজ্যখনৰ মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা কালি ৭,৬৩,৫৭৩জনলৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনত এতিয়ালৈকে ৬,২৯১জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানাত ১,৪৪৬জন নতুন আক্ৰান্ত, ১,৯১৮জন আৰোগ্য আৰু ৮জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ বৰ্তমান তেলেংগানাত ২৩,৭২৮জন ৰোগী চিকিসাধীন হৈ আছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ১২,৫লাখ বিসংগতিপূৰ্ণ আৰটি-পিচিআৰ কিট প্ৰচলন হৈ আছে, যিবোৰ শীঘ্ৰে সলনি কৰা হ’ব বুলি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপেই কয়৷ কালিৰ দিনটোত ৰাজ্যখনত ৮,৫২২জন নতুন আক্ৰান্তৰ বিপৰীতে ১৫,৩৫৩জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান ৰাজ্যখন ২,০৫,৪১৫জন ৰোগী চিকিসাধীন হৈ আছে৷
  • গুজৰাটঃ ৰাজ্যখন প্ৰথমবাৰলৈ মুঠ আক্ৰান্তৰ বিপৰীতে চিকিসাধীন ৰোগীৰ হাৰ ৯.৮%লৈ অৱনমিত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১,৩৭৫জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান ৰাজ্যখনত ১৫,২০৯জন ৰোগী চিকিসাধীন হৈ আছে৷ ইফালে ৰাজ্য চৰকাৰে ১৭ অক্টোবৰৰ পৰা নৰ্মদাৰ ষ্টেছু অৱ ইউনিটী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত হৈছে৷
  • ৰাজস্থানঃ ৰাজস্থানৰ ৰাজ্যপাল কালৰাজ মিশ্ৰই মঙলবাৰে জনসাধাৰণক ক’ভিডৰ পৰা আৰোগ্য হোৱা লোকসকলক প্লাজমা দান কৰিবলৈ আহ্বান জনাইছে৷ ৰাজ্যখনত ১লাখতকৈ অধিক লোক আৰোগ্য হৈছে, যিসকলে প্লাজমা দান কৰিবলৈ আগুৱাই আহিব পাৰে৷ ৰাজ্যখন বৰ্তমান ২১,৯২৪জন ৰোগী চিকিসাধীন হৈ আছে৷
  • মধ্যপ্ৰদেশঃ বিগত তিনি সপ্তাহত মধ্যপ্ৰদেশত নতুন আক্ৰান্তৰ পৰিমাণ ৩৭% হ্ৰাস পোৱাৰ বিপৰীতে আৰোগ্যৰ হাৰ ৮৮.৪%লৈ উন্নীত হৈছে৷ বৰ্তমান ৰাজ্যখন ১৪,৬৬১জন ৰোগী চিকিসাধীন হৈ আছে৷
  • চত্তীশগড়ঃ চত্তীশগড়ত ১২ অক্টোবৰত অধিক ক’ৰোনা সংক্ৰমণৰ প্ৰৱণতা থকা লোকৰ সমীক্ষাৰ সম্পূৰ্ণ কৰে৷ এই অভিযানৰ অধীনত ক’ভিড-১৯ৰ লক্ষণযুক্ত ৰোগীসকলক চিনাক্ত কৰা হৈছে৷ ৫৬লাখ পৰিয়ালক সম্পন্ন কৰা এই অভিযান ৬,০০০ পজিটিভ ৰোগীক চিনাক্ত কৰা হয়৷
  • গোৱাঃ বৃহস্পতিবাৰৰ পৰা গোৱা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মানি চলি চিনেমা হল খোলাৰ অনুমতি প্ৰদান কৰিছে যদিও ছবি গৃহ মালিকসকলে নতুন ছবি নহালৈকে পুনৰ মুকলি নকৰে বুলি সদৰি কৰিছে৷

 

Image

 

*****



(Release ID: 1664589) Visitor Counter : 252