প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এফএঅ’ৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে ৭৫ টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

শেহতীয়াভাৱে বিকশিত ৮ শস্যৰ ১৭ জৈৱিকৃত প্ৰকাৰো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 14 OCT 2020 11:13AM by PIB Guwahati

১৬ অক্টোবৰ, ২০২০ত খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে সংস্থাটোৰ সৈতে ভাৰতৰ দীৰ্ঘ-দিনীয়া সম্পৰ্কৰ চিনস্বৰূপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ৭৫ টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰিব। শেহতীয়াভাৱে বিকশিত ৮ শস্যৰ ১৭ জৈৱিকৃত প্ৰকাৰো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে।

এই কাৰ্যসূচীয়ে কৃষি আৰু পুষ্টিৰ অৰ্থে চৰকাৰখনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আৰু সম্পূৰ্ণৰূপে ক্ষুধা,  নিৰ্মূল, অল্পভোজন আৰু অপুষ্টি নিবাৰণ কৰিবলৈ ইয়াৰ সংকল্পকে প্ৰতিফলিত কৰিছে। সমগ্ৰ দেশখনৰ অংগনৱাড়ী, কৃষি বিজ্ঞান কেন্দ্ৰ, জৈৱিক আৰু উদ্যানশস্য অভিযানসমূহে এয়া প্ৰত্যক্ষ কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় কৃষিমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু মহিলা ও শিশু বিকাশ মন্ত্ৰীও উপস্থিত থাকিব।

ভাৰত আৰু এফএঅ

অসুৰক্ষিত শ্ৰেণী আৰু জনতাক অৰ্থনৈতিক আৰু পুষ্টিগতভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে এফএঅ’ৰ যাত্ৰা অতুলনীয়। এফএঅ’ৰে ভাৰতৰ সম্পৰ্ক ঐতিহাসিক। ১৯৫৬-১৯৬৭ ৰ সময়ছোৱাত ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া ডঃ বিনয় ৰঞ্জন সেন এফএঅ’ৰ সঞ্চালক প্ৰধান আছিল। তেওঁৰ কাৰ্যকালতে ২০২০ৰ শান্তিৰ ন’বেল বঁটা লাভ কৰা ৱৰ্ল্ড ফুড প্ৰগ্ৰেম প্ৰতিষ্ঠা কৰা হৈছিল। ২০১৬ত ইন্টাৰনেশ্যনেল ইয়েৰ অৱ পালছ আৰু ২০২৩ত ইন্টাৰনেশ্যনেল ইয়েৰ অৱ মিল্লেটছৰ অৰ্থে ভাৰতৰ প্ৰস্তাৱত এফএঅ’য়েও সমৰ্থন জনাইছে।

অপুষ্টিৰ নিবাৰণ

মুজুৰা লগা, অপুষ্টি, ৰক্তহীনতা আৰু জন্মতে নিম্ন ওজন হ্ৰাসৰ লক্ষ্যৰে ১০০ নিযুতৰো অধিক লোকক সামৰি ভাৰতে অভিলাষী পোষণ অভিযান ৰূপায়ণ কৰি আছে। অপুষ্টি হৈছে এটা গোলকীয় সমস্যা যাৰ বাবে দুই বিলিয়ন লোকে সুক্ষ্ম পোষকৰ ঘাটিৰ সন্মুখীন হৈছে। শিশুৰ মৃত্যুৰ প্ৰায় ৪৫% শতাংশৰ কাৰক হৈছে এই অপুষ্টি। যথাযথভাৱে, ই হৈছে ৰাষ্ট্ৰসংঘৰ ১৭ টা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ এটা।

উক্ত আন্তঃৰাষ্ট্ৰীয় অগ্ৰাধিকাৰেৰে খোজত খোজ মিলাই, শস্যৰ অধিক পুষ্টি থকা প্ৰকাৰৰ বিকাশ সাধন কৰা হৈছে য’ত আইৰণ, জিংক, কেলছিয়াম, পূৰ্ণ প্ৰ’টিন সূক্ষ্ম পোষক সমৃদ্ধ হৈছে। ইয়াত অধিক লাইজাইন আৰু ট্ৰাইপট’ফানসহ উৎকৃষ্ট প্ৰ’টিন, এন্থ’চায়েনিন, প্ৰ’ভিটামিন এ আৰু অলিক এচিড আছে আৰু পোষক-বিৰোধী কাৰকসমূহৰ স্তৰ হ্ৰাসক চৰকাৰখনে শীৰ্ষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। যোৱা পাঁচটা বছৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) ৰ নেতৃত্বত ৰাষ্ট্ৰীয় কৃষি গৱেষণা প্ৰণালীয়ে এনে ৫৩ টা প্ৰকাৰৰ বিকাশ সাধন কৰিছে। ২০১৪ৰ পূৰ্বে মাত্ৰ এটা জৈৱিকৃত প্ৰকাৰৰ বিকাশ সাধন কৰা হৈছিল।

ভাৰতীয় থালীক পুষ্টি-থালীলৈ ৰূপান্তৰ

প্ৰধানমন্ত্ৰীগৰাকীৰদ্বাৰা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিবলগীয়া শেহতীয়াভাৱে বিকাশ সাধন কৰি উলিওৱা ৮ বিধ শস্যৰ ১৭টা জৈৱিকৃত প্ৰকাৰৰ পুষ্টি মান ৩.০-গুণলৈ বৃদ্ধি পাব। চাউলৰ প্ৰকাৰ চিআৰ ধান ৩১৫ হৈছে অধিক জিংকসমৃদ্ধ; ঘেঁহু প্ৰকাৰ এইচআই ১৬৩৩ হৈছে অধিক প্ৰ'টিন, আইৰণ আৰু জিংকসমৃদ্ধ, এইচডি ৩২৯৮ হৈছে অধিক প্ৰ’টিন আৰু আইৰণসমৃদ্ধ আৰু ডিবিডব্লিউ ৩০৩ আৰু ডিডিডব্লিউ ৪৮ হৈছে অধিক প্ৰ’টিনসমৃদ্ধ ঘেঁহুৰ প্ৰকাৰ; লাধোৱাল কোৱালিটি প্ৰ’টিন মেইজ হাইব্ৰিড ১, ২ আৰু ৩ হৈছে অধিক লাইজাইন আৰু ট্ৰাইপট’ফানসমৃদ্ধ; ফিংগাৰ মিল্লেটৰ চিএফএমভি ১ আৰু ২ হৈছে অধিক কেলছিয়াম, আইৰণ আৰু জিংকসমৃদ্ধ; লিট’ল মিল্লেটৰ চিএলএমভি ১ হৈছে অধিক আইৰণ আৰু জিংকসমৃদ্ধ; পুছা মাষ্টাৰ্ড ৩২ৰ নিম্ন ইৰুচিছ এচিড আছে; বাদামৰ গিৰ্ণাৰ ৪ আৰু ৫ৰ বৰ্ধিত অলিক এচিড আছে আৰু শ্ৰী নীলিমাৰ য়াম প্ৰকাৰটো ই আছে আৰু ডিএ ৩৪০ক বৰ্ধিত জিংক, আইৰণ আৰু এন্থ’চায়েনিন উপাদানেৰে সমৃদ্ধ কৰা হৈছে।

আন খাদ্য উপাদানৰ সৈতে এই প্ৰকাৰসমূহে সাধাৰণ ভাৰতীয় থালীক পুষ্টি-থালীলৈ ৰূপান্তৰিত কৰিব। স্থানীয় কৌশল আৰু কৃষকৰ প্ৰকাৰসমূহৰ ব্যৱহাৰৰ জৰিয়তে এই প্ৰকাৰসমূহৰ বিকাশ সাধন কৰা হৈছে। অধিক জিংকসমৃদ্ধ চাউল অসমৰ কৌশলৰ প্ৰয়োগেৰে গাৰো পাহাৰৰপৰা সংগ্ৰহ কৰা হৈছে আৰু ফিংগাৰ মিল্লেট গুজৰাটৰ দাং জিলাৰপৰা সংগ্ৰহ কৰা যায়।

আইচিএআৰে পুষ্টিৰে কৃষিক সংযোগ কৰিবলৈ পৰিয়ালভিত্তিক কৃষিক প্ৰোৎসাহনৰ অৰ্থে  নিউট্ৰি-ছেনচিটিভ এগ্ৰিকালচাৰেল ৰিচ’ৰ্ছ এণ্ড ইন’ভেশ্যন (NARI) কাৰ্যক্ৰমৰ সূচনা কৰিছে। এই কাৰ্যক্ৰমৰ আনবোৰ লক্ষ্যৰ ভিতৰত আছে পুষ্টিগত সুৰক্ষাৰ বৰ্ধনৰ অৰ্থে নিউট্ৰি-স্মাৰ্ট ভিলেজ আৰু স্থান নিৰ্দিষ্ট নিউট্ৰিশ্যন গাৰ্ডেন মডেল। যথোচিত মেক্ৰ’ আৰু সূক্ষ্ম পোষকৰ সৈতে স্থানীয়ভাৱে উপলব্ধ, স্বাস্থ্যকৰ আৰু বিবিধ খাদ্যাভ্যাস লাভ নিশ্চিত কৰিবলৈ কৃষি বিজ্ঞান কেন্দ্ৰসমূহে এয়া গঢ়ি তুলিছে আৰু ইয়াক প্ৰোৎসাহিত কৰিছে।

জৈৱিকৃত শস্যৰ প্ৰকাৰ উৎপাদনক মধ্যাহ্ন-ভোজন, অংগনৱাড়ী ইত্যাদি চৰকাৰী কাৰ্যক্ৰমৰে সংযোগ আৰু বৰ্ধন কৰা হ’ব। প্ৰাকৃতিকভাৱে সমৃদ্ধ খাদ্যৰ উপাদানৰ জৰিয়তে অপুষ্টি দূৰ কৰি ভাৰতক কুপোষণ মুক্ত কৰি তোলা যাব। ই কৃষকৰ অধিক আয়ৰ পথো প্ৰশস্ত কৰি তুলিব আৰু উদ্যোগশীলতাৰ বিকাশত বৰঙণি যোগান ধৰিব।

 

 

******

AP/SH/SB



(Release ID: 1664339) Visitor Counter : 246