প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ড০ বালাচাহেব ভিখে পাটীলৰ আত্মজীৱনী উন্মোচন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

পোষ্ট কৰা হৈছে: 13 OCT 2020 2:33PM by PIB Guwahati

মহাৰাৰ্ষ্ট্ৰৰ মুখ্য় মন্ত্ৰী শ্ৰীমান উদ্ধৱ থাকৰে জী, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী দেৱেন্দ্ৰ ফড়নবীস জী, শ্ৰী চন্দ্ৰকান্ত পাটীল জী, শ্ৰী ৰাধাকৃষ্ণ পাটীল জী, সুজয় বিখে পাটীল জী, কাৰ্যক্ৰমত উপস্থিত অন্য জনপ্ৰতিনিধিসকল, মোৰ সকলো কৃষক বন্ধু, বিশিষ্ট আই আৰু সজ্জনসকল, চত্ৰপতি শিৱাজী মহাৰাজ তসেছ বীৰ-বীৰাংগণা ৱ কৰ্মযোগাংছী ভূমি অসলেল্যা মহাৰাষ্ট্ৰ মী বন্দন কৰতো !!!

মই ৰাধাকৃষ্ণ বিখে পাটীল জী, তেওঁৰ পৰিয়াল আৰু  আহমদনগৰৰ সকলো বন্ধুক আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো, যিসকলে মোক এই পূণ্য উপলক্ষৰে জড়িত হোৱাৰ বাবে আমন্ত্ৰিত কৰিলে। প্ৰথমেতো তালৈ যোৱাৰ কথাই আছিল। আপোনালোকৰ মাজত এই উপলক্ষে উপস্থিত হোৱাৰ কথাই নিশ্চিত কৰা হৈছিল। পিছে, ক’ৰোনাৰ বাবেই আজি ‘ভাৰ্চুৱেল’ ব্যৱস্থাৰে এই কাৰ্যক্ৰম কৰিবলগীয়া হ’ল।

বন্ধুসকল, ড০ বালাসাহেব বিখে পাটীলৰ আত্মকথাৰ উন্মোচন আজি ঠিকেই হৈছে, কিন্তু তেখেতৰ জীৱনৰ কথাবোৰ আপনালোকে মহাৰাষ্ট্ৰ সকলো প্ৰান্ততে উপলব্ধ কৰিব পাৰিব। ময়ো এই কথা খুউব কাষৰ পৰা প্ৰত্যক্ষ কৰিছো, কেনেকৈ ড০ বিথ্থলৰাৱ বিখে পাটীল জীৰ পদচিহ্ণ অনুসৰণ কৰি বালাসাহেব বিখে পাটীল জীয়ে মহাৰাষ্ট্ৰ বিকাশৰ বাবে নিজকে সমৰ্পিত কৰিছিল। গাঁও, গৰীৱ, কৃষকৰ জীৱন সমস্যামুক্ত কৰি তোলাৰ বাবে, তেওঁলোকৰ দুখ, তেওঁলোকৰ বেদনা কম কৰোটো, বিখে পাটীল জীৰ জীৱনৰ মূলমন্ত্ৰ হৈ উঠিছিল। নিজৰ আত্মকথাতো তেওঁ লিখিছে- মীস্বত: সত্তেপাসুন ৱা ৰাজকাৰণা পাসুন অলিস ৰাহিলো নাহী, মাত্ৰ সমাজা-সাথীছ ৰাকাৰণা আণি সত্তা হে পথ্য মী কায়ম সাম্ভলংল। ৰাকাৰণ কৰতানা মাঝা সতত সমাজাছে প্ৰশ্ন সোডৱণ্যাৱৰ ভৰ ৰাহিলা। তেওঁ শাসন আৰু ৰাজনীতিৰ জৰিয়তে সদায় সমাজৰ মংগলৰ বাবে কাম কৰি গৈছিল।

তেওঁ সদায় এই কথাত জোৰ দিছিল যে ৰাজনীতিক সমাজৰ সাৰ্থক পৰিৱৰ্তনৰ মাধ্যম কেনেকৈ কৰিব পৰা যায়, গাঁও আৰু দুখীয়াসকলৰ সমস্যাসমূহৰ সমাধান কেনেকৈ সম্ভৱ কৰিব পৰা যায়। বালাসাহেব বিখে পাটীল জীৰ এই চিন্তাই তেওঁক আনৰ পৰা পৃথক পৰিচিতি প্ৰদান কৰিছিল। সেই কাৰণেই আজিও তেওঁ সকলো দল, সকলো সংগঠনৰ পৰা বিশেষ সন্মান আদায় কৰি আহিবলৈ সক্ষম হৈছে। গাঁও আৰু দুখীয়াৰ বিকাশৰ বাবে, শিক্ষাৰ বাবে, তেওঁৰ অৰিহণা, মহাৰাষ্ট্ৰত সমবায়ৰ সফলতাৰ ক্ষেত্ৰত তেওঁ প্ৰয়াস, আগন্তুক প্ৰজন্মসমূহৰ বাবে সদায়ে প্ৰেৰণা আগবঢ়ায় থাকিব। সেয়ে, বালাসাহেব বিখে পাটীলৰ জীৱন আধাৰিত এইখন গ্ৰন্থ আমাৰ সকলোৰে বাবেই অতিকে মহত্বপূৰ্ণ।

বন্ধুসকল, বালাসাহেব বিখে পাটীলে, গাঁও-গৰীৱ আৰু কৃষকৰ দুখ, বেদনা তেনেই কাষৰ পৰা প্ৰত্যক্ষ কৰিছিল, বুজিছিল আৰু অনুভৱ কৰিছিল। সেয়ে, তেওঁ খেতিয়কসকলক একত্ৰিত কৰিছিল, তেওঁলোকক সমবায়ৰ সৈতে জড়িত কৰিছিল। এইগৰাকী ব্যক্তিৰ প্ৰয়াসৰ ফলতে এটা সময়ত অভাৱগ্ৰস্ততাৰে কালাতীত কৰিবলৈ বাধ্য হোৱা অঞ্চলসমূহৰ আজি সামগ্ৰিক প্ৰতিচ্ছৱিয়েই সলনি হৈ পৰিছে। সমবায়ৰ মহত্ব সন্দৰ্ভত তেওঁ লিখিছিল যে- সহকাৰী ছলবল হী খৰী নিধৰ্মী ছলবল আহে। তী কুঠল্যা জাতীছী কিংবা ধৰ্মাছী বটীক নাহী। আতা পৰ্যত সগল্যা সমাজালা, জাতীঁ নাহী প্ৰতিনিধিত্ব দিলে আহে। অৰ্থাত, সমবায় অভিযান প্ৰকৃতাৰ্থে নিৰপেক্ষ হয়। ইয়াৰ কোনো জাতি কিম্বা পক্ষৰ সৈতে পক্ষপাত নাথাকে। ইয়াত সমাজৰ সকলো শ্ৰেণীৰ প্ৰতিনিধিত্ব থাকে। একপ্ৰকাৰ ক’বলৈ গ’লে সমবায় তেওঁৰ বাবে ‘সকলোৰে সৈতে সকলোৰে কল্যাণৰ পথে’ই হয়। কেৱল মহাৰাষ্ট্ৰই নহয়, অটল জীৰ চৰকাৰতো মন্ত্ৰী হৈ থাকোতেও তেওঁ দেশৰ অনেক ক্ষেত্ৰত সমবায় আন্দোলনক উত্সাহিত কৰাৰ প্ৰয়াস কৰিছিল। তেওঁৰ আত্মচৰিত্ৰৰ বাবে ‘দেহ ৱেচৱা কাৰণী’ শীৰ্ষক শিৰোনামটো নিতান্তই প্ৰসংগিক হৈছে। সন্ত তুকাৰাম জী মহাৰজাৰ এই পংক্তিত বালাসাহেব বিখে পাটীলৰ জীৱনৰ সাৰ নিহিত হৈ আছে।

বন্ধুসকল, যেতিয়া দেশত গ্ৰামীণ শিক্ষাৰ ইমান আলোচনাই হোৱা নাছিল, তেতিয়াই ‘প্ৰৱৰা ৰুৰেল এজুকেশ্যন ছ’চাইটী’ৰ মাধ্যমৰে তেওঁ গাঁৱৰ যুৱক-যুৱতীসকলক উত্সাহিত কৰাৰ কামত আত্মনিয়োগ কৰিছিল। এই ছ’চাইটীৰ মাধ্যমৰেই গাঁৱৰ যুৱ-প্ৰজন্মৰ শিক্ষা আৰু কৌশল বিকাশকে ধৰি, গাঁৱত সচেতনতা সৃষ্টি কৰাৰ বাবে তেওঁ যিবোৰ কাম কৰিছিল সেয়া আমি খুউব ভালকৈয়ে জানো। সেয়ে, আজিও ‘প্ৰৱৰা ৰুৰেল এজুকেশ্যন ছ’চাইটী’ৰ সৈতে বালাসাহেবৰ নাম জড়িত কৰাটো সিমানেই উচিত হ’ব। তেওঁ গাঁৱত, খেতি পথাৰত শিক্ষাৰ মহত্ব বুজি পাইছিল। তেওঁ আত্মকথাত লিখিছে- শেতীচ কৌশল্য অসল্যাশিৱায় সুশিক্ষিত মাণুসাহী সহজ শেতী কৰু শকত নাহী। খৰঁ তৰ শেতীলা এণ্টাৰপ্ৰাইজ কা মহণত নাহীতা। অৰ্থাত, মানুহে যিমানেই পঢ়া-শুনা নকৰক কিয়, যদি তেওঁ খেতি কৰাৰ কৌশল নাজানে তেন্তে তেওঁ কেতিয়াও খেতি কৰিব নোৱাৰে। যদি এয়াই সত্য হয়, তেন্তে আমি খেতিক এণ্টাপ্ৰাইজ বুলি কিয় নকও!

বন্ধুসকল, বালাসাহেব বিখে পাটীলৰ মনলৈ এনে প্ৰশ্ন এনেয়ে অহা নাছিল। বাস্তৱ ক্ষেত্ৰত দশকৰ পিচত দশক ধৰি তেওঁ যি অভিজ্ঞতা আহৰণ কৰিছিল, তাৰ আধাৰতে তেওঁ এই কথা কৈছে। বালাসাহেবৰ এই প্ৰশ্নৰ উত্তৰ আজিকালিৰ ঐতিহাসিক কৃষি সংস্কাৰৰ মাজত আছে। আজি খেতি-বাতিক, খেতিয়কসকলক অন্নদাতাৰ ভূমিকাৰে আগুৱাই নি, তেওঁলোকক উদ্যমী হিচাপে গঢ়ি তুলিবলৈ, ‘এণ্টাৰপ্ৰিনিউৰশ্বিপ’-ৰ আৰ্হিত গঢ়ি তোলাৰ বাবে প্ৰেক্ষাপট ৰচনা কৰাৰ প্ৰয়াস চলিছে। চেনীয়ে যেনেকৈ মহাৰাষ্ট্ৰত ক্ৰান্তি আনিবলৈ সক্ষম হৈছে, গাখীৰে যেনেকৈ গুজৰাটত ক্ৰান্তি আনিছে, ঘেহুৱে যেনেকৈ পঞ্জাৱলৈ পৰিৱৰ্তনৰ সূচনা কৰিছিল, ‘লোকেল ইক’নমী, লোকেল এণ্টাপ্ৰাইজ’ৰ এই মডেলে দেশক আগুৱাই লৈ যাব।

বন্ধুসকল, স্বাধীনতাৰ পিচতে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যে দেশত পেট ভৰাই খোৱাৰ বাবেই পৰ্যাপ্ত অন্নৰ অভাৱ হৈছিল। এনে পৰিস্থিতিত চৰকাৰে খাদ্যদ্ৰব্যৰ উত্পাদন বৃদ্ধিত গুৰুত্ব দিবলগীয়া হৈছিল। সেয়ে, তেতিয়া খেতিয়কসকলে কি শস্য উতপাদন কৰিব, কিমান ফচল উত্পাদন কৰিব এনে প্ৰসংগতে সকলোৰে নজৰ কেন্দ্ৰীভূত হৈছিল। আমাৰ কৃষকসকলেও শৰীৰৰ ঘাম মাটিত পেলাই , কঠোৰ পৰিশ্ৰম কৰি অধিকৰ পৰা অধিকতৰ ফচলৰ যোগান ধৰি দেশৰ প্ৰয়োজনীতা পূৰণ কৰিবলৈ সক্ষম হৈছিল। পিচে, উত্পাদনৰ এই চিন্তাই চৰকাৰসমূহৰ নীতিক খেতিয়কসকলৰ ‘প্ৰফিটেবিলিটী’ৰ কথা ভাবিবলৈকে সুবিধা দিয়া নাছিল। খেতিয়কসকলৰ আমদানীৰ কথা সকলোৱে পাহৰিয়েই পেলাইছিল। পিচে এতিয়া প্ৰথমবাৰৰ বাবে চিন্তাৰ পৰিৱৰ্তন সাধন কৰা গৈছে।

দেশত প্ৰথমবাৰৰ বাবে খেতিয়কসকলৰ আয়ৰ কথা চিন্তা কৰা হৈছে, তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ বাবে প্ৰয়াস আৰম্ভ হৈছে। সেয়া লাগিলে ‘এমএছপি’ বলবত্ কৰাই হওক, তাৰ পৰিসৰ বঢ়োৱাই হওক, ইউৰিয়াৰ নীম-কোটিংৰ সিদ্ধান্তই হওক, উন্নত ফচল বীমাৰ সিদ্ধান্তই হওক চৰকাৰে খেতিয়কসকলৰ সৰু সৰু সমস্যাসমূহ আঁতৰোৱাৰ প্ৰয়াস কৰিছে। ‘পিএম-কিষাণ সন্মান নিধি যোজনা’ই খেতিয়কসকলৰ সৰু সৰু খৰছৰ বাবে আনৰ কাষত হাত পতাৰ পৰম্পৰা নোহোৱা কৰিলে। এই যোজনাৰ অধীনত এক লাখ কোটি টকা পোণপতীয়া ভাবে খেতিয়কসকলৰ বেংক একাউণ্টলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। কেৱল ইমানেই নহয় ‘ক’ল্ড চেইন’, ‘মেগা ফুড পাৰ্ক’ আৰু ‘এগ্ৰো-প্ৰচেছিং ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ৰ ক্ষেত্ৰতো অভুপূৰ্ব ভাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। গাঁৱৰ বজাৰৰ পৰা আৰম্ভ কৰি বৃহত মণ্ডীসমূহলৈকে আধুনিকীকৰণৰ দ্বাৰা কৃষকসকল বাৰুকৈয়ে উপকৃত হৈছে।

বন্ধুসকল, বালাসাহেব বিখে পাটীলে কৈছিল- শেতী নিসৰ্গাধাৰিত কেলী জাত হোতী। হে জ্ঞান আজ সাম্ভালুন ঠেৱল পাহিজে। তসেচ নব্যা আণি জুন্যাচা মেল তৰী ধাতলা পাহিজে। অৰ্থাত্,  আগৰ দিনত খেতি-বাতি প্ৰাকৃতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি কৰা হৈছিল। আগৰ দিনৰ সেই জ্ঞান আমি সংৰক্ষিত কৰি ৰখা উচিত। খেতি-বাতিত পুৰণি আৰু নতুন কৌশলৰ সংমিশ্ৰণ কৰাতো খুবেই জৰুৰী। ইয়াৰ উত্কৃষ্ট উদাহৰণ কুঁহিয়াৰৰ খেতি। আহমদনগৰ, পুণে আৰু ইয়াৰ ওচৰ-পাজৰৰ অঞ্চলসমূহৰ বাবেতো ই অতিকে মহত্বপূৰ্ণ বুলিয়ে বিবেচিত হৈ আহিছে। এতিয়া কুঁহিয়াৰৰ পৰা চেনীৰ লগতে ইথানল নিষ্কাষণ কৰাৰ বাবেও উদ্যোগ স্থাপন হৈছে।

বন্ধুসকল, ড০ বালাসাহেব বিখে পাটীল মহাৰাষ্ট্ৰৰ গাঁও আৰু খেতিয়কসকলৰ সমস্যা সমাধানৰ বাবে সদায়ে প্ৰয়াসৰত আছিল। আজি আমি আনন্দৰে  ক’ব পাৰো যে ২০১৪ চনৰ পিচত চৰকাৰে এনে প্ৰয়াসলৈ অভুতপূৰ্ব সহোযোগিতা আগবঢ়াবলৈ লয়। প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ জৰিয়তে মহাৰাষ্ট্ৰৰ বছৰ পিচত বছৰ ধৰি পৰি ৰোৱা  ২৬টা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে তীব্ৰ গতিৰে কাম আৰম্ভ হয়। ইয়াৰে ৯টা পৰিযোজনাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ ফলত প্ৰায় ৫ লাখ হেক্টৰ মাটিত জলসিঞ্চনৰ দিহা কৰিব পৰা গৈছে। সেইদৰে ২০১৮চনত মহাৰাষ্ট্ৰৰ সৰু-ডাঙৰ ৯০টা জলসিঞ্চন প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। আগন্তুক ২-৩ বছৰত এই প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হৈ উঠিলে প্ৰায় ৪লাখ হেক্টৰ মাটিত জল-সিঞ্চনৰ ব্যৱস্থা কৰিব পৰা যাব। ৰাজ্য়খন ১৩খন জিলাত যিহেতু ভূ-জলৰ স্তৰ তেনেই কম হোৱাৰ পৰিপ্ৰেক্ষিতত এইকেইখন জিলাত ‘অটল ভূ-জল যোজনা’ ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল, কেৱল জলসিঞ্চনেই নহয় গাঁওসমূহত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ বাবেও মহাৰাষ্ট্ৰত দ্ৰুতগতিৰে কাম চলি আছে। ‘জল জীৱন মিছন’ৰ অধীনত এই পৰ্যন্ত ১৯ লাখ গৃহস্থীলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰা হৈছে। ইয়াৰে ১৩ লাখৰো অধিক দৰিদ্ৰ পৰিয়াললৈ ক’ৰোনা মহামাৰীৰ মাজতে খোৱা পানী যোগানৰ কাম সম্পন্ন কৰা হৈছিল।

বন্ধুসকল, বিগত বছৰচেৰেকত, দেশৰ আত্মসহায়ক  গোটৰে জড়িত প্ৰায় ৭ কোটি বাই-ভনীলৈ ৩ লাখ কোটি টকাৰো অধিক টকাৰ ঋণ দিয়া হৈছে।

বন্ধুসকল, গাঁৱত, গাঁৱত বসবাস কৰা সকলৰ মাজত, দুখীয়াসকলৰ মাজত যেতিয়া বিশ্বাসৰ ভাব উদয় হ’ব, যেতিয়া তেওঁলোকৰ আত্মবিশ্বাস শক্তিশালী হ’ব, তেতিয়াই আত্মনিৰ্ভৰশীলতাৰ সংকল্পও শক্তিশালী হৈ উঠিব। গাঁৱত আত্মনিৰ্ভৰতাৰ এই বিশ্বাস বালাসাহেব বিখে পাটীল জীয়েও  জগোৱাৰ প্ৰয়াস কৰিছিল। তেওঁ এই কাম জীৱন জুৰি কৰিছিল। মোৰ বিশ্বাস আপোনালোক আটায়ে বালাসাহেবৰ আত্মকথা নিশ্চয় পঢ়িব। এই গ্ৰন্থই সকলোৰে মনত নৱ চেতনাৰ সঞ্চাৰ কৰিব। পুনৰবাৰ বালাসাহেব বিখে পাটীলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে আপোনালোক আটাইকে বহুত বহুত শুভকামনা জ্ঞাপন কৰিলো।

পিচে, মোৰ বক্তব্য সামৰাৰ আগতে মই এটা কথা কটব বিচাৰিছো, বিশেষকৈ মহাৰাষ্ট্ৰৰ ৰাইজক কটব খুজিছো কটৰোনাৰ বিপদ এতিয়াও আঁতৰা নাই। মহাৰাষ্ট্ৰত ইয়াৰ প্ৰকোপ আনতকৈ অধিক, সেয়ে মই মহাৰাষ্ট্ৰৰ সকলো নাগৰিক ভাই-ভনীক কৰযোৰে প্ৰাৰ্থনা জনাইছো আপোনালোকে মুখত মাস্ক পৰিধান কৰক, সঘনাই হাত ধোৱাৰ অভ্যাস অব্যাহত ৰাখক, দুগজ দূৰত্বৰ বিধি মানি চলাত কাৰ্পণ্য নকৰিব। আমি এটা কথা মানি চলিবই লাগিব- যেতিয়া ঔষধ নাই, তেতিয়া শিথিলতাৰো অৱকাশ নাই।

পুনৰবাৰ বালাসাহেবৰ পৰিয়ালবৰ্গলৈ প্ৰণাম জনায় মোৰ বক্তব্য সামৰিছো।

আপোনালোক আটাইকে আভাৰ ব্যক্ত কৰিলো।

ধন্যবাদ !!

*****

 

VRRK/VJ/BM/KB


(ৰিলিজ আই ডি : 1664148) অতিথি কক্ষ : 128