গ্ৰামোন্নয়ণ মন্ত্ৰালয়

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত মুঠ ৩২ কোটি মানৱ কৰ্মদিনৰ নিয়োজন প্ৰদান কৰাৰ লগতে ৩১,৫০০ কোটি টকা ব্যয় কৰা হৈছে

বৃহৎ পৰিমাণৰ গাঁথনি প্ৰস্তুত কৰা হৈছে; ২১২৩ গাঁও পঞ্চায়তক ইণ্টাৰনেট সংযোগ প্ৰদান কৰা হৈছে, ২১,৫৯৫ টা আৱৰ্জনা ব্যৱস্থাপনাৰ কাম হাতত লোৱা হৈছে আৰু ৬২,৮২৪ জন প্ৰাৰ্থীক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে

प्रविष्टि तिथि: 12 OCT 2020 4:44PM by PIB Guwahati

গৰিব কল্যাণ ৰোজগাৰ অভিযানে নিয়োজনৰ পৰিমাণ বৃদ্ধি কৰিছে আৰু ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত গাঁৱলৈ উভতি অহা প্ৰব্ৰজিত কৰ্মীসকলক জীৱিকাৰ সুবিধা প্ৰদান কৰিছে৷ এই অভিযানে ৬ খন ৰাজ্যৰ ১১৬ খন জিলাক সৱলীকৃত কৰি জীৱিকাৰ অৱকাশ প্ৰদান কৰিছে৷

 

১৫তম সপ্তাহৰ ভিতৰত প্ৰায় ৩২ কোটি মানৱ কৰ্মদিনৰ নিয়োজন প্ৰদান কৰা হৈছে আৰু এই অভিযান সাফল্যমণ্ডিত কৰি তুলিবলৈ ৩১৫৭৭ কোটি টকা ব্যয় কৰা হৈছে৷ ১,৩২,১৪৬টা পানী সংৰক্ষণ গাঁথনি, ৪,১২,২১৪ টা গ্ৰামীণ ঘৰ, ৩৫,৫২৯টা পশু আশ্ৰয় শিবিৰ, ২৫,৬৮৯টা কৃষি পুখুৰী আৰু ১৬,২৫৩টা ৰাজহুৱা অনাময় কমপ্লেক্সকে ধৰি এক বৃহৎ আন্তঃগাঁথনি বিকশিত কৰা হৈছে৷ জিলা খনিজ পুঁজিৰ জৰিয়তে ৭৩৪০টা কাম হাতত লোৱা হৈছে, ২১২৩খন গাঁও পঞ্চায়তক ইণ্টাৰনেটৰ সংযোগ প্ৰদান কৰা হৈছে, মুঠ ২১,৫৯৫টা গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনাৰ কাম হাতত লোৱা হৈছে আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে ৬২,৮২৪ জন প্ৰাৰ্থীক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷

 

 

 

 

****

APS/SG/MANN


(रिलीज़ आईडी: 1663927) आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Malayalam