ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

জিএছএফচিৰ ‘কেলচিয়াম নাইট্ৰেট’ ও ‘ব’ৰ’নেটেড কেলচিয়াম নাইট্ৰেট’ৰ থলুৱা প্ৰকাৰ মুকলি কৰিলে শ্ৰী মান্দাবিয়াই

“আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ কৃষি” অভিমুখে এটা নিৰ্ণায়ক পদক্ষেপঃ শ্ৰী মান্দাবিয়া

Posted On: 09 OCT 2020 11:16AM by PIB Guwahati

গুজৰাট ষ্টেট ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ- জিএছএফচি ইণ্ডিয়া লিমিটেডে প্ৰস্তুত কৰি উলিওৱা ‘কেলচিয়াম নাইট্ৰেট’ ও ‘ব’ৰ’নেটেড কেলচিয়াম নাইট্ৰেট’ৰ থলুৱা প্ৰকাৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মুকলি কৰে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দাবিয়াই।

ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰি উলিওৱা ‘কেলচিয়াম নাইট্ৰেট’ ও ‘ব’ৰ’নেটেড কেলচিয়াম নাইট্ৰেট’, ইয়াৰ পূৰ্বলৈকে আন দেশৰসমূহৰপৰা আমদানি কৰি থকা হৈছিল।

শ্ৰী মান্দাবিয়াই কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায়েই কোম্পানীটোৱে “আত্ম নিৰ্ভৰ ভাৰত আত্ম নিৰ্ভৰ কৃষি”ৰ অৰ্থে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে।

জিএছএফচিয়ে হিমাচল প্ৰদেশৰ চোলান আৰু গুজৰাটৰ ভাৱনগৰৰপৰা এই দুই প্ৰডাক্টৰ প্ৰথমবাৰৰ বাবে খুচুৰা বিক্ৰীৰ শুভাৰম্ভ কৰে। সম্প্ৰতি, এই দুই প্ৰডাক্টৰ বাবে জিএছএফচিৰ মুঠ উৎপাদন ক্ষমতা হৈছে বছৰি ১০,০০০ মেট্ৰিক টন (MT)। অহা তিনি মাহৰ ভিতৰত, উৎপাদন বছৰি ১৫০০০ মেট্ৰিক টনলৈ বৃদ্ধি পাব। ইফালে ৯ ৰপৰা ১২ মাহৰ ভিতৰত ৩০,০০০ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে জিএছএফচি এ।

এই ডিজিটেল মুকলি অনুষ্ঠানত সমগ্ৰ দেশৰ জিএছএফচিৰ আঞ্চলিক কাৰ্যালয়সমূহে অংশগ্ৰহণ কৰে। আগন্তুক মাহসমূহত, এই সকলোবোৰ কাৰ্যালয়ে সমগ্ৰ দেশখনতে কেলচিয়াম নাইট্ৰেট আৰু ব’ৰ’নেটেড কেলচিয়াম নাইট্ৰেটৰ বিক্ৰী আৰম্ভ কৰিব।

শ্ৰী মান্দাবিয়াই কয় যে কেলচিয়াম নাইট্ৰেট আৰু ব’ৰ’নেটেড কেলচিয়াম নাইট্ৰেটৰ এই থলুৱা প্ৰকাৰৰ জৰিয়তে দেশখনৰ কৃষক ৰাইজলৈ সাশ্ৰয়ী মূল্যত এটা উন্নত মানৰ প্ৰডাক্ট আগবঢ়োৱা হ’ব যাৰ জৰিয়তে ইয়াক আমদানিৰ আৱশ্যকতা দূৰ হ’ব। তেওঁ কয়, এই প্ৰডাক্ট দুটা এফচিঅ’ গ্ৰেডৰ আৰু ভাৰত চৰকাৰৰ সাৰ বিভাগৰ অনুমোদিত পৰীক্ষাগাৰৰদ্বাৰা ইয়াক স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বলৈকে এই প্ৰডাক্ট দুটি আমাৰ দেশলৈ সম্পূৰ্ণ আমদানি কৰি অহা হৈছিল আৰু প্ৰথমবাৰৰ বাবে জিএছএফচিৰ দৰে কোম্পানীয়ে ইয়াক ঘৰুৱাভাৱে প্ৰস্তুতৰ প্ৰচেষ্টা হাতত লয়। এই প্ৰডাক্ট দুটিয়ে ঘৰুৱা বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আমি নিশ্চিত।

যোৱা বৰ্ষত, দেশখনলৈ প্ৰায় ১.২৫ লাখ মেট্ৰিক টন (১,২৩,০০০ টন) কেলচিয়াম নাইট্ৰেট আমদানি কৰা হৈছিল। ইয়াৰে ৭৬% চীনৰপৰা আৰু বাকীখিনি নৰৱে আৰু ইজৰাইল প্ৰভৃতি দেশসমূহৰপৰা আমদানি কৰা হৈছিল। এই ১.২৫ লাখ টনৰ মুঠ আমদানি মূল্য হৈছে ২২৫ কোটি টকা। যোৱা বৰ্ষত জিএছএফচিয়ে নিজাববীয়াকৈ ৪৬০০ মেট্ৰিক টন আমদানি আৰু বিক্ৰী কৰে।

কেলচিয়াম নাইট্ৰেটক কৃষিত পানীত-দ্ৰবণীয় সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি, এই প্ৰডাক্টটোক ৱাষ্টৱাটাৰ ট্ৰিটমেন্টত ব্যৱহাৰ কৰা হয় আৰু চিমেন্ট কংক্ৰিটৰ ক্ষমতা বৃদ্ধি কৰিবলৈয়ো ইয়াক ব্যৱহাৰ কৰা যায়।

*****

RCJ/RKM/SB



(Release ID: 1663258) Visitor Counter : 188