প্ৰতিৰক্ষা মন্ত্ৰালয়
৮৮সংখ্যক বায়ু সেনা দিৱস উপলক্ষে বায়ু সেনাৰ যোদ্ধাসকলক শুভেচ্ছা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
प्रविष्टि तिथि:
08 OCT 2020 12:48PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিঙে আজি ভাৰতীয় বায়ু সেনা বাহিনী্ৰ ৮৮সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বায়ু সেনাৰ যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনায়৷ এক শুভেচ্ছা বার্তাত তেওঁ কয়, “৮৮ বছৰ ধৰি ভাৰতীয় বায়ু সেনা বাহিনীৰ যোদ্ধাসকলে ত্যাগ, উৎসর্গা আৰু শ্রেষ্ঠত্ব প্ৰদান কৰি আহিছে, যাৰ জৰিয়তে আজি তেওঁলোকে এক শক্তিশালী বাহিনী হিচাপে নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।
প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে লগতে কয় যে নীলা পোচাক পৰিহিত পুৰুষ আৰু মহিলা বায়ুসেনা কর্মীসকলৰ বাবে দেশ গৌৰৱান্বিত৷ ভাৰতীয় বায়ু সেনা বাহিনীৰ বীৰত্বক সকলোৱেই অভিনন্দন জনায়। যিকোনো ধৰণৰ সমস্যা মোকাবিলা কৰা আৰু শত্রুপক্ষক প্ৰতিৰোধ কৰিবলৈ ভাৰতীয় বায়ু সেনা বাহিনী সদায় প্ৰস্তুত থকা বুলিও তেওঁ উল্লেখ কৰে৷ মন্ত্ৰী সিঙে টুইটাৰযোগে লগতে কয়, “আমি ভাৰতীয় বায়ু সেনা বাহিনীৰ আধুনিকীকৰণ আৰু দেশীয় প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে তেওঁলোকৰ যুদ্ধ ক্ষেত্রত সক্ষমতা বৃদ্ধিৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধ”৷
প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে আত্মবিশ্বাসেৰে কয় যে ভাৰতীয় বায়ু সেনা বাহিনীয়ে যিয়ে নহওক কিয় সদায় আকাশমাৰ্গেৰে দেশক নিৰাপত্তা দি আহিছে৷ তেওঁ কয়, “আপোনালোকে নীলা আকাশত বিচৰণ আৰু নিৰাপদে অৱতৰণ কৰি থকাটো সদায় কামনা কৰো৷”
***
ABB/Nampi/DK/DB
(रिलीज़ आईडी: 1662927)
आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Malayalam
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu