প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
Posted On:
08 OCT 2020 9:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানৰ বিয়োগ গভীৰ শোক প্ৰকাশ কৰিছে৷
এলানি টুইটাৰযোগে প্ৰকাশ কৰা শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মই শোকবিহ্বল হৈ পৰিছো৷ এয়া দেশৰ বাবে এনে এক ক্ষতি, যি কেতিয়াও পুৰণ নহয়৷ শ্ৰী ৰাম বিলাস পাছোৱান জীৰ বিয়োগ মোৰ বাবে এক ব্যক্তিগত ক্ষতি৷ মই এগৰাকী বন্ধু, মুল্যবান সহযোগী তথা এনে এগৰাকী ব্যক্তিক হেৰুৱালো, যিজনে প্ৰতিগৰাকী দুখীয়া লোকৰ মৰ্যদাপূৰ্ণ জীৱন সুনিশ্চিত কৰাৰ বাবে অত্যন্ত অনুৰাগী আছিল৷
শ্ৰী ৰাম বিলাস পাছোৱান জীয়ে কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে ৰাজনীতিত উজ্বলি উঠিছিল৷ এগৰাকী উদীয়মান নেতা হিচাপে জৰুৰীকালীন সময়ত অত্যাচাৰ আৰু আমাৰ গণতন্ত্ৰ প্ৰতি ওপৰত কৰা আক্ৰমণ প্ৰতিহত কৰিছিল৷ তেওঁ এগৰাকী অসাধাৰণ সাংসদ আৰু মন্ত্ৰী আছিল, যিগৰাকীয়ে একাধিক নীতি দীৰ্ঘদিন ধৰি বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল৷
একেলগে কাম কৰা, কান্ধত কান্ধ মিলাই আগবঢ়াৰ ক্ষেত্ৰত পাছোৱান জীৰ অভিজ্ঞতা অভূতপূৰ্ব আছিল৷ কেবিনেট বৈঠকত তেওঁৰ মধ্যস্থতা অন্তৰ্দৃষ্টিসম্পন্ন আছিল৷ ৰাজনৈতিক জ্ঞান, ৰাষ্ট্ৰনেতাৰ পৰা প্ৰশাসনিক বিষয়লৈকে তেওঁ অতি দক্ষ আছিল৷ তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিলো৷ ঔম শান্তি৷”
***
VRRK/SH /DB
(Release ID: 1662923)
Visitor Counter : 100
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam