প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আফগানিস্তানৰ ৰাষ্ট্ৰীয় পুনৰ-গঠন সম্পৰ্কীয় উচ্চ পৰিষদৰ অধ্যক্ষ ড০ আব্দুল্লা আব্দুল্লাৰ প্ৰধানমন্ত্ৰীক সাক্ষাত্

Posted On: 08 OCT 2020 1:08PM by PIB Guwahati

আফগানিস্তানৰ ৰাষ্ট্ৰীয় পুনৰ-সংগঠন সম্পৰ্কীয় উচ্চ পৰিষদৰ অধ্যক্ষ ড০ আব্দুল্লা আব্দুল্লাই আজি(৮ অক্টোবৰ) পুৱা প্ৰধানমন্ত্ৰীক সাক্ষাত্ কৰে। চৰকাৰে গ্ৰহণ কৰা প্ৰথমে চুবুৰীয়া নীতি সাৰোগত কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত-আফগানিস্তানৰ মাজত অব্যাহত থকা ঐতিহাসিক মৈত্ৰীপূৰ্ণ সম্পৰ্ক আৰু অধিক প্ৰগাঢ় কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক বিষয়সমূহৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত প্ৰসংগসমূহৰ বিষয়ে আলোচনা কৰে। ড০ আব্দুল্লাই আফগানিস্তনৰ শান্তি প্ৰক্ৰিয়া আৰু দোহাত অব্যাহত থকা আলোচনা সন্দৰ্ভত চমু ব্যাখ্যা দাঙি ধৰে।

আফগানিস্তানৰ বিকাশ কাৰ্যক্ৰমত ভাৰতৰ সহযোগিতাকে ধৰি দ্বিপাক্ষিক বিষয় সন্দৰ্ভত দুয়ো পক্ষই আলোচনা কৰে।

ভাৰতে আগবঢ়োৱা ৩ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ উন্নয়নমূলক সহযোগিতাৰ বাবে ড০ আব্দুল্লাই প্ৰধানমন্ত্ৰীৰ শলাগ লয়। এই সহযোগিতাই আফগানিস্তানৰ ৩৪খন প্ৰদেশকে উপকৃত কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে আফগানিস্তানত ধাৰাবাহিক শান্তি  আৰু প্ৰগতিৰ বাতাবৰণ প্ৰতিস্থাৰ বাবে ভাৰতৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি দোহাৰে আৰু আফগানিস্তানত এক বিস্তৃত আৰু স্থায়ী যুদ্ধবিৰতি ঘোষণাৰ বাবে অব্যাহত থকা প্ৰয়াসকো আদৰণি জনায়।

ইফালে, যোৱা ৭ অক্টোবৰত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা শ্ৰী অজিত ডোভালে ড০ আব্দুল্লা আব্দুল্লাক সাক্ষাত্ কৰে আৰু  আপগানিস্তানত বৃদ্ধি পোৱা হিংসাত্মক ঘটনাৱলীৰ প্ৰসংগকে ধৰি অঞ্চলটোৰ শান্তি আৰু নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰে।

কাইলৈ, ৯ অক্টোবৰ ২০২০ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে ড০ আব্দুল্লা আব্দুল্লাক সাক্ষাত্ কৰিব।

 

**************



(Release ID: 1662817) Visitor Counter : 189