PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 07 OCT 2020 6:23PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

আৰোগ্য লাভৰ হাৰ ৮৫% অতিক্ৰমেৰে আন এটা শিখৰত আৰোহণ ভাৰতৰ, ৪৮ লাখৰ ব্যৱধানত সক্ৰিয় ঘটনাক অতিক্ৰম কৰিলে আৰোগ্য লাভৰ ঘটনাই, ১৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্য লাভৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক

ভাৰতে লক্ষ্যণীয় মাইলৰ খুঁটি অতিক্ৰম কৰিলে। আজি ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰে ৮৫% অতিক্ৰম কৰে। যোৱা সপ্তাহতটোত অধিক সংখ্যক ৰোগীয়েই আৰোগ্য লাভ কৰি অহাৰ পাছত আজি এই ঈপ্সিত ফলাফল লাভ কৰা যায়। যোৱা ২৪ ঘন্টাত পুনৰ আৰোগ্য লাভৰ ঘটনাই নতুন নিশ্চিত ঘটনাক অতিক্ৰম কৰে। যোৱা ২৪ ঘন্টাত দেশখনত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৮২,২০৩ আৰু নতুন নিশ্চিত ঘটনাৰ সংখ্যা হৈছে ৭২,০৪৯। এতিয়ালৈকে দেশখনত আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ৫৭,৪৪,৬৯৩।

অধিক বিৱৰণৰ বাবে

 

মধ্য প্ৰদেশৰ ৰেৱাস্থিত শ্য়াম শ্বাহ চৰকাৰী মেডিকেল কলেজৰ ছুপাৰ স্পেচিয়েলিটি ব্লক ডিজিটেলি উদ্বোধন কৰিলে ডাঃ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে মধ্য প্ৰদেশৰ ৰেৱাস্থিত শ্য়াম শ্বাহ চৰকাৰী মেডিকেল কলেজৰ ছুপাৰ স্পেচিয়েলিটি ব্লক ডিজিটেলি উদ্বোধন কৰে। ইয়াত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান উপস্থিত থাকে। ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত ১৫০ কোটি টকা ব্যয় সাপেক্ষে এই ২০০ খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি ব্লকটো নিৰ্মাণ কৰি উলিওৱা হৈছে। ইয়াত থাকিব ছটা মডুলাৰ অপাৰেশ্যন থিয়েটাৰ, ৩০ খন আইচিইউ বেড আৰু আঠ ভেন্টিলেটৰ।

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ ভেকচিন প্ৰশাসন আৰু সৰবৰাহ অনুসৰণ কৰিবলৈ ডিজিটেল প্লেটফৰ্ম প্ৰস্তুত কৰা হৈছেঃ স্বাস্থ্য সচিব

কালি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংবাদ কেন্দ্ৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব শ্ৰী ৰাজেশ ভূষণে ক’ভিড-১৯ৰ শেহতীয়া তথ্য, আগন্তুক প্ৰস্তুতি আৰু গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে। সংবাদ মাধ্যমক তেওঁ জনাই যে দেশখনত প্ৰতিদিনে নতুন ঘটনাৰ সংখ্যা ক্ৰমশঃ হ্ৰাস পাইছে। তেওঁ কয় যে যোৱা দিনকেইটাত দৈনিক আৰোগ্য লাভৰ সংখ্যা আক্ৰান্ত লোকতকৈ বৃদ্ধি পাই আহিছে। ইয়াত আয়ুস মন্ত্ৰালয়ৰ সচিব শ্ৰী বৈদ্য ৰাজেশেও ভাগ লয়।

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাডিমিৰ পুটিনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তেখেতক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেখেতৰ সৈতে থকা দীৰ্ঘদিনীয়া বন্ধুত্বৰ কথা সোঁৱৰণ কৰে। দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বিশেষ আৰু কৌশলগত বন্ধুত্বৰ ক্ষেত্ৰত পুটিনে পালন কৰি অহা ভূমিকাৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ শলাগ লয়।

অধিক বিৱৰণৰ বাবে

 

পিএম স্বনিধি আৰু এছবিআই পৰ্টেলৰ মাজৰ এপিআই ইন্টিগ্ৰেশ্যন মুকলি

প্ৰধান মন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্ম নিৰ্ভৰ নিধি (PM SVANidhi) আঁচনিৰ অধীনত, গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই পিএম স্বনিধি পৰ্টেল আৰু ষ্টেট বেংক অৱ ইণ্ডিয়া পৰ্টেলৰ মাজত এপ্লিকেশ্যন প্ৰগ্ৰেমিং ইন্টাৰফেচ (API) ইন্টিগ্ৰেশ্যন মুকলি কৰে। এই ব্যৱস্থাই পৰ্টেল দুটাৰ মাজত তথ্যৰ নিৰৱচ্ছিন্ন প্ৰৱাহ নিশ্চিত কৰিব। ই লোন অনুমোদন আৰু হস্তান্তৰ প্ৰক্ৰিয়াটোত সুৰক্ষিত বাতাবৰণৰ সৃষ্টি কৰি তুলিব। যাৰ ফলত লোন লাভৰ ক্ষেত্ৰত পদপথৰ ব্যৱসায়ীসকল লাভান্বিত হ’ব।

অধিক বিৱৰণৰ বাবে

 

লকডাউনৰ পূৰ্বৰ দৰে ট্ৰেইনৰ নিৰ্ধাৰিত প্ৰস্থানৰ সময়ৰ ৩০ মিনিট পূৰ্বে প্ৰকাশ পাব দ্বিতীয় আৰক্ষণ তালিকা

ভাৰতীয় ৰেলৱেয়ে ১০ অক্টোবৰৰপৰা কাৰ্যকৰী হোৱাকৈ দ্বিতীয় আৰক্ষণ তালিকাৰ প্ৰস্তুতিৰ পূৰ্বৰ প্ৰণালী পুনৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ’ভিড সময়ৰ পূৰ্বৰ নিৰ্দেশনা আছিল, ট্ৰেইনৰ প্ৰস্থানৰ অতি কমেও ৪ ঘন্টা পূৰ্বে প্ৰথমখন আৰক্ষণ তালিকা প্ৰকাশ পাব। দ্বিতীয় আৰক্ষণ তালিকা নিৰ্ধাৰিত প্ৰস্থানৰ সময়ৰ ৩০ মিনিট পূৰ্বে প্ৰকাশ পাব। কিন্তু মহামাৰীটোৰ পৰিপ্ৰেক্ষিতত এই সময়সীমা সাল-সলনি কৰা হৈছিল।

অধিক বিৱৰণৰ বাবে

 

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা, ২০২০ৰ ফলাফল ঘোষণা

ৰেলৱে আৰু বাণিজ্য ও উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে কালি ইয়াত ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা, ২০২০ৰ ফলাফলসমূহ ঘোষণা কৰে। এই ভাৰ্চুৱেল সম্বৰ্ধনা অনুষ্ঠানত বাণিজ্য ও উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সোম প্ৰকাশ উপস্থিত থাকে। উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্যৰ প্ৰোৎসাহনৰ অৰ্থে বিভাগ (DPIIT) এ ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা প্ৰৱৰ্তন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল অসামান্য ষ্টাৰ্টআপসমূহক স্বীকৃতি প্ৰদান কৰা। ইয়াৰ জৰিয়তে বিভাগটোৱে উদ্ভাৱনীমূলক পণ্য বা সমাধান প্ৰণালীৰ এটা বাতাবৰণ সৃষ্টিৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। তদুপৰি, ভিন্ন প্ৰতিষ্ঠানসমূহক উদ্ভাৱনৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈকে বিভাগটোৱে এই প্ৰচেষ্টা হাতত লয়। ইয়াৰ জৰিয়তে বিভাগটোৱে নিয়োগ সৃষ্টিৰ অধিক সম্ভাৱনা বা সম্পদৰ সৃষ্টি, লক্ষ্যণীয় সামাজিক প্ৰভাৱ প্ৰদৰ্শনৰ পোষকতা কৰে। এই ব্যৱস্থাৰ জৰিয়তে কেৱল বিনিয়োগকাৰীৰ আৰ্থিক লাভেই নহয়, বৰঞ্চ সামাজিক কল্যাণ নিশ্চিত হয়। এই বঁটাৰ প্ৰথম সংস্কৰণৰ বাবে ১২ টা খণ্ডৰপৰা আৱেদন আহ্বান কৰে। ইয়াকে আকৌ ৩৫ টা শিতানত উপ-শ্ৰেণীবদ্ধ কৰা হয়। এই ১২ টা খণ্ডৰ ভিতৰত অন্তৰ্ভুক্ত হৈছেঃ কৃষি, শিক্ষা, প্ৰতিষ্ঠান প্ৰযুক্তি, শক্তি, বিত্ত, খাদ্য, স্বাস্থ্য, উদ্যোগ ৪.০, মহাকাশ, সুৰক্ষা, পৰ্যটন আৰু নগৰীয়া সেৱাসমূহ। ইয়াৰ বাহিৰেও, গ্ৰামাঞ্চলক প্ৰভাৱিত কৰা ষ্টাৰ্টআপ, মহিলা-ভিত্তিক আৰু শৈক্ষিক চৌহদত বিকাশ সাধন হোৱা ষ্টাৰ্টআপসমূহকো বাছনি কৰা হয়। ২৩ খন ৰাজ্য আৰু ৪ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ষ্টাৰ্টআপসমূহৰপৰা মুঠ ১৬৪১ খন আৱেদন লাভ কৰা যায়। এই আৱেদনসমূহৰ ভিতৰত, ৬৫৪ মহিলা-ভিত্তিক, ১৬৫ শৈক্ষিক প্ৰতিষ্ঠান ভিত্তিক আৰু ৩৩১ টা ষ্টাৰ্টআপে গ্ৰামাঞ্চলত কাম কৰি আছে। সকলোবোৰ আৱেদনকে ছটা বিস্তৃত প্ৰাচলৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয়। সেইকেইটা হৈছেঃ উদ্ভাৱন, অনুমাপকতা, অৰ্থনৈতিক প্ৰভাৱ, সামাজিক প্ৰভাৱ, পাৰিপাৰ্শ্বিক প্ৰভাৱ, অন্তৰ্ভুক্তি আৰু বৈচিত্ৰ্য। বিস্তৃত মূল্যায়নৰ তিনিটা স্তৰৰ পাছত, ১৯৯ টা ষ্টাৰ্টআপক বিচাৰক মণ্ডলীৰ আগত প্ৰদৰ্শনৰ বাবে বাছনি কৰা হয়। এইসমূহৰ ভিতৰত ১৯২ টাই ১৫ বিশেষজ্ঞ বিচাৰক মণ্ডলীৰ সন্মুখত প্ৰদৰ্শন কৰে। এই বিশেষজ্ঞসকল আছিল উদ্যোগ, বিনিয়োগ আৰু চৰকাৰী খণ্ডৰ।

অধিক বিৱৰণৰ বাবে

 

উন্নত কৰোনা ব্যৱস্থাপনাৰ বাবে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভূমিকাৰ শলাগ ললে ডাঃ জিতেন্দ্ৰ সিঙে

উন্নত ক’ভিড ব্যৱস্থাপনাৰ অৰ্থে উত্তৰ পূবৰ ৰাজ্যসমূহৰ শলাগ লয় কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে। ইয়াৰ ব্যৱস্থাপনাৰ অৰ্থে ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। ইয়াৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ বাবে সমাজখনকো মন্ত্ৰীজনে ধন্যবাদ জ্ঞাপন কৰে। বিশেষঃ সংস্থাৰদ্বাৰা চলোৱা সমীক্ষাৰপৰা লাভ কৰা তথ্যৰ ভিত্তিতে মন্ত্ৰীজনে এই কথা কয়।

অধিক বিৱৰণৰ বাবে

 

 

                        ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • কেৰালাঃ আজি কেৰালাৰ শক্তি মন্ত্ৰী এম.এম. মণি ক’ভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰ জৰিয়তে তেওঁ হৈ পৰিল ক’ভিড-১৯ ত আক্ৰান্ত হোৱা ৰাজ্যখনৰ চতুৰ্থজন মন্ত্ৰী। জনপ্ৰিয় পৰ্যটনস্থলী মুন্নাৰ অঞ্চলত ভাইৰাছটোৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটকৰ প্ৰৱেশ বাৰণ কৰা হৈছে। কালি ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৭,৮৭১ জন। ইয়াত বৰ্তমানে আক্ৰান্তৰ সংখ্যা ৮৭,৭৩৮ জন। এতিয়ালৈকে মৃত্যু হৈছে ৮৮৪ জন লোকৰ।
  • তামিল নাডুঃ তামিল নাডুৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি সদৰী কৰিছে ৰাজ্য়খনৰ শিক্ষামন্ত্ৰীয়ে। এই সন্দৰ্ভত তেওঁ কয়, ‘এতিয়াই বিদ্যালয়সমূহ খোলা নহয়, ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য হৈছে আমাৰ অগ্ৰাধিকাৰ।’ ৰাজ্যখনত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৫,০১৭ জন। শেহতীয়া তথ্য অনুসৰি, তামিল নাডুত ডিচাৰ্জ দিয়া হৈছে ৫,৫৪৮ জন আক্ৰান্তক।
  • কৰ্ণাটকঃ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰখনৰপৰা ক’ভিডত আক্ৰান্ত লোকৰ বাবে প্ৰতিখন জিলাত কিমানখনকৈ বিচনা আছে আৰু আন মেডিকেল সা-সুবিধাসমূহ আছে, সেই সন্দৰ্ভত তথ্য বিচাৰিছে। ইফালে, ক’ডাগুত পৰ্যটকৰ বাবে ক’ভিড-১৯ টেষ্ট বাধ্যতামূলক কৰা হৈছে। এই মাহটোত ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থাকিব।
  • অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৫৭৯৫ জন। ইয়াৰ জৰিয়তে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৭.২৯ লাখ। কালি আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৬০৪৬ জন। ৰাজ্যখনত মুঠ আৰোগ্য লাভ কৰিছে ৬.৭২ লাখে।
  • তেলেংগানাঃ তেলেংগানাত নতুনকৈ আক্ৰান্ত হৈছে ২১৫৪ জন। যোৱা ২৪ ঘন্টাত ইয়াত আৰোগ্য লাভ কৰিছে ২২৩৯ জনে আৰু মৃত্যু হৈছে ০৮ জনৰ। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২,০৪,৭৪৮ জন আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৬,৫৫১। মুঠ মৃত্যুৰ সংখ্যা ১১৮৯ৰ বিপৰীতে মুঠ আৰোগ্য লাভৰ সংখ্যা ১,৭৭,০০৮।
  • চণ্ডীগড়ঃ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ স্বাস্থ্য় প্ৰশাসনক নিৰ্দেশ দিছে ইয়াৰ প্ৰশাসকে। এনে অঞ্চলসমূহত জনসমাগম বেছি হোৱাৰ পৰিপ্ৰেক্ষিততে সংক্ৰমণ যাতে বেছি হ’ব নোৱাৰে, সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰশাসকে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।
  • হাৰিয়ানাঃ বিভিন্ন পৰ্ব আহি থকাৰ পৰিপ্ৰেক্ষিতত হাৰিয়ানাৰ মুখ্য় সচিব সকলো বিভাগকে যাৱতীয় কভিড বিধি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। সমান্তৰালভাৱে, এই সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰো পোষকতা কৰিছে মুখ্য় সচিবজনে।
  • মহাৰাষ্ট্ৰঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ১৩২ জন আৰক্ষীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে আৰু ইয়াৰে ৪ জনৰ মৃত্যু হৈছে। ৰাজ্য়খনত অদ্যপি আৰক্ষীৰ ২৪,৩৮৬ লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২.৪৭ লাখ আৰু মুঠ মৃত্যুৰ সংখ্যা ৩৮,৭১৭।
  • গুজৰাটঃ গুজৰাটক আৰোগ্য লাভৰ হাৰ ৮৬.১৬ শতাংশ। সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৬,৫৯৭।
  • ৰাজস্থানঃ মঙলবাৰে নতুনকৈ আক্ৰান্ত হৈছে ২,১২১ জন লোক। ইয়াৰ ভিতৰত জয়পুৰত সৰ্বাধিক ৪৬৯ জন লোক আক্ৰান্ত হয়। শেহতীয়াভাৱে ১৫ আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২১,২৯৪।
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত আৰোগ্য লাভৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু শেহতীয়াভাৱে এই হাৰ ৮৩ শতাংশৰো অধিক। ৰাজ্য়খনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৮,১৪১।
  • চত্তীশগড়ঃ ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ জিলাসমূহত নতুনকৈ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাজ্য়খনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৭,২৩৮।
  • গোৱাঃ গোৱাত বৰ্তমানে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৪,৭২০।
  • অসমঃ কালি অসমত নতুনকৈ ১১৮৪ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে। কালিৰ দিনটোতে ডিচাৰ্জ লাভ কৰে ১৫৮৬ জন ৰোগীয়ে। ৰাজ্য়খনত মুঠ আক্ৰান্তৰ সংখ্যা ১৮৮৯০২, সক্ৰিয় ঘটনা ৩৩০৪৭ আৰু অদ্যপি মৃত্যু হৈছে ৭৭৮ জনৰ।
  • মেঘালয়ঃ আজি মেঘালয়ত ১১৫ জন ক’ভিড আক্ৰান্তক ডিচাৰ্জ দিয়া হৈছে। ৰাজ্য়খনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৩৭১ আৰু অদ্যপি আৰোগ্য লাভ কৰিছে ৪৬০৬ জনে।
  • মিজোৰামঃ কালি মিজোৰামত নতুনকৈ ২০ জন লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰিছে। ৰাজ্যখনত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ২১৪৮ৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৬১।
  • নাগালেণ্ডঃ নাগালেণ্ডত মুঠ ৬৬৬২ নিশ্চিত ঘটনাৰ ভিতৰত সশস্ত্ৰ বাহিনীৰ ৩১৪১ জন জোৱান আক্ৰান্ত হৈছে। ইফালে, ১৬৩৪ সংস্পৰ্শলৈ অহাৰ পৰিপ্ৰেক্ষিতত আক্ৰান্ত হয়। ঘূৰি অহা ১৫৩০ জন লোক আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে ৩৫৭ ফ্ৰন্টলাইন কৰ্মী আক্ৰান্ত হৈছে।

 

ফেক্ট চেক

 

 

****************************



(Release ID: 1662529) Visitor Counter : 160