স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

আৰোগ্যৰ হাৰ ৮৫% অতিক্ৰমেৰে আন এক শিখৰত উপনীত হৈছে ভাৰত

চিকিৎসাধীন ৰোগীতকৈ আৰোগ্যৰ সংখ্যা ৪৮লাখ অধিক হৈছে

১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰত অধিক

Posted On: 07 OCT 2020 11:13AM by PIB Guwahati

ভাৰতে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে৷ বিগত সপ্তাহ কেইটাত ধাৰাবাহিকভাৱে সৰ্বাধিক ৰোগী আৰোগ্যৰ ফলত আজি দেশৰ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৫%লৈ উন্নীত হৈছে৷ বিগত ২৪ ঘণ্টাত নতুন আক্ৰান্ত লোকতকৈ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা অধিক হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৮২,২০৩গৰাকী ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৭২,০৪৯জন৷ দেশত মুঠ আৰোগ্য লোকৰ সংখ্যা ৫৭,৪৪,৬৯৩জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰ জৰিয়তে ভাৰতে বিশ্বৰ ভিতৰতে সৰ্বাধিক আৰোগ্যৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷

WhatsApp Image 2020-10-07 at 10.37.25 AM.jpeg

সৰ্বাধিক আৰোগ্যৰ ফলত দেশত চিকিসাধীন (৯.০৭,৮৮৩) ৰোগীতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা ৪৮,৩৬,৮১০জনলৈ বৃদ্ধি পাইছে৷

বৰ্তমান দেশত মুঠ আক্ৰান্ত ৰোগীৰ ভিতৰত ১৩.৪৪%হে চিকিসাধীন হৈ আছে আৰু ই ক্ৰমে হ্ৰাস পাই আহিছে৷

ৰাষ্ট্ৰীয় আৰোগ্য হাৰৰ তুলনাত ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ অধিক৷

WhatsApp Image 2020-10-07 at 10.37.24 AM.jpeg

নতুনকৈ আৰোগ্য হোৱা ৭৫% ৰোগীয়েই মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালা, উত্তৰপ্ৰদেশ, ওড়িশা, চত্তীশগড়, পশ্চিমবংগ আৰু দিল্লীৰ৷

কালিৰ দিনটোত মহাৰাষ্ট্ৰত প্ৰায় ১৭,০০০ৰ লগতে কৰ্ণাটকত ১০,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে৷

WhatsApp Image 2020-10-07 at 10.37.23 AM.jpeg

বিগত ২৪ ঘণ্টাত দেশত ৭২,০৪৯জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াৰে ৭৮শতাংশই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই তালিকাতো সৰ্বাধিক আক্ৰান্ত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ৷

WhatsApp Image 2020-10-07 at 10.37.21 AM.jpeg

বিগত ২৪ ঘণ্টাত দেশত ৯৮৬গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ৮৩%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মৃত ৰোগীসকলৰ ভিতৰত মহাৰাষ্ট্ৰৰ সৰ্বাধিক ৩৭০ আৰু কৰ্ণাটকৰ ৯১জন আছে৷

WhatsApp Image 2020-10-07 at 10.37.22 AM.jpeg

অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে এই সময়ছোৱা দেশত উসৱৰ বতৰ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এক সাধাৰণ পৰিচালন পদ্ধতি ঘোষণা কৰিছে৷ এই সম্পৰ্কে এই লিংকত চাব পাৰিব:

https://www.mohfw.gov.in/pdf/StandardOperatingProceduresonpreventivemeasurestocontainspreadofCOVID19duringfestivities.pdf

 

****

MV/SJ/DB



(Release ID: 1662390) Visitor Counter : 176