স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতত দ্ৰুতগতিত কমিছে সক্ৰিয় ৰোগীৰ % হাৰ
মুঠ আক্ৰান্তৰ ১৩.৭৫%হে সক্ৰিয় ৰোগী
নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ ৭৪%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ
২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ নিশ্চিত হোৱা আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিছে নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই
পোষ্ট কৰা হৈছে:
06 OCT 2020 11:37AM by PIB Guwahati
ভাৰতত দ্ৰুতগতিত কমিছে সক্ৰিয় ৰোগীৰ % হাৰ। আজিৰ তাৰিখত মুঠ আক্ৰান্তৰ ১৩.৭৫%হে সক্ৰিয় ৰোগী বুলি তথ্য লাভ কৰা হৈছে। শেহতীয়া তথ্য মতে দেশত এই মুহূৰ্তত ক’ভিডৰ উপস্থিতি নিশ্চিত হোৱা লোকৰ সংখ্যা হৈছে ৯,১৯,০২৩গৰাকী।

সক্ৰিয় ৰোগীৰ % হাৰৰ অৱনমিত ধাৰাক সমৰ্থন আগবঢ়াইছে আৰোগ্য লাভ কৰা ব্যক্তিৰ ক্ৰমবৰ্দ্ধমান %ৰ হাৰে।
এই মুহূৰ্তত দেশত আৰো্গ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা হৈছেগৈ ৫৬,৬২,৪৯০গৰাকী। ইফালে, আৰোগ্য লাভ কৰা আৰু সক্ৰিয় ৰোগীৰ সংখ্যাৰ মাজৰ ব্যৱধানে ৪৭লাখ(৪৭,৪৩,৪৬৭)ৰ সীমা অতিক্ৰম কৰিছে।
আৰোগ্য লাভ কৰোতা ব্যক্তিৰ সংখ্যা বৃদ্ধিৰ ক্ৰমবৰ্দ্ধমান ধাৰাই এই ব্যৱধান অধিকৰ পৰা অধিকতৰ কৰি ৰাখিছে।

আৰোগ্য লাভ কৰোতাৰ উচ্চ হাৰে আৰোগ্য লাভৰ ৰাষ্ট্ৰীয় হাৰ ৮৪.৭০%লৈ উন্নীত কৰিছে। শেহতীয়া ২৪ ঘণ্টাত ৭৫,৭৮৭গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ লগতে চিকিত্সালয়ৰ পৰা ওভতাৰ অনুমতি লাভ কৰাৰ বিপৰীতে ৬১,২৬৭গৰাকী লোকৰ দেহত ক’ভিডৰ উপস্থিতি নিশ্চিত কৰা হৈছে।
২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ নিশ্চিত হোৱা আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিছে নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই।

নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ ৭৪%ই মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিল নাডু, কেৰালা, উত্তৰ প্ৰদেশ, ওড়িশা, দিল্লী, চত্তিশগড় আৰু পশ্চিম বংগকে ধৰি ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
কেৱল মহাৰাষ্ট্ৰতে এটা দিনত প্ৰায় ১৩,০০০লোকে আৰোগ্য লাভ কৰা বুলি তথ্য উপলব্ধ হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত ৬১,২৬৭গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।
নতুনকৈ আক্ৰান্তৰ ৭৫%ই ১০খন ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ১০,০০০তকৈ অধিক আক্ৰান্তৰে মহাৰাষ্ট্ৰই নতুনকৈ আক্ৰান্তৰ তালিকাত এতিয়াও শীৰ্ষ স্থান অধিকাৰ কৰি আছে। ইয়াৰ পিচতে ৭০০০ৰৰো অধিক আক্ৰান্তৰে কৰ্ণাটকে স্থান লাভ কৰিছে।

শেহতীয়া ২৪ ঘণ্টাত ৮৮৪গৰাকী লোকে মৃত্যু সাৱটিবলগীয়া হৈছে।
ইয়াৰে ৮০%ই মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিল নাডু, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, পঞ্জাৱ, চত্তিশগড়, দিল্লী আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
২৯% মৃতকেই মহাৰাষ্ট্ৰ(২৬৩ গৰাকী)ৰ বুলি তথ্য নিশ্চিত কৰা হৈছে।

*********************
MV/SJ/KB
(ৰিলিজ আই ডি : 1662104)
অতিথি কক্ষ : 264
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam