স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিশ্বৰ ভিতৰতে সৰ্বাধিক আৰোগ্যৰ ৰেংকিঙৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে ভাৰতে

বিশ্বৰ ভিতৰতে সৰ্বনিম্ন মৃত্যুৰ হাৰ

Posted On: 03 OCT 2020 11:33AM by PIB Guwahati

ভাৰতে বিশ্বৰ ভিতৰতে সৰ্বাধিক আৰোগ্যৰ ক্ষেত্ৰত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে৷ আজি সৰ্বমুঠ আৰোগ্যৰ সংখ্যা ৫৪,২৭,৭০৬গৰাকীলৈ বৃদ্ধি পাইছে৷ এই আৰোগ্যৰ পৰিমাণ বিশ্বৰ মুঠ আৰোগ্য লোকৰ ২১%৷

একেদৰে অন্যান্য দেশবোৰৰ তুলনাত ভাৰতত মৃত্যু হাৰো বিশ্বৰ ভিতৰতে সৰ্বনিম্ন৷ বিশ্বৰ ক’ভিড-১৯ ৰোগীৰ মৃত্যু গড় হাৰ ২.৯৭%ৰ বিপৰীতে ভাৰতৰ এই হাৰ ১.৫৬%৷ প্ৰতি ১০লাখৰ বিপৰীতে ভাৰতত মৃত্যুৰ হাৰো সৰ্বনিম্ন৷ বিশ্বত প্ৰতি ১০লাখত গড়ে ১৩০জন লোকৰ মৃত্যুৰ বিপৰীতে ভাৰতত এই সংখ্যা ৭৩জন বুলি তথ্য পোৱা গৈছে৷

ভাৰতে উচ্চ হাৰৰ আৰোগ্য লোক হাৰ অব্যাহত ৰাখিছে আৰু বিগত ২৪ ঘণ্টাত দেশত ৭৫,৬২৮গৰাকী লোক আৰোগ্য হৈছে৷

দৈনিক উচ্চ হাৰৰ আৰোগ্যৰ ফলত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ বৰ্তমান ৮৩.৮৪%লৈ উন্নীত হৈছে৷

বিগত ২৪ ঘণ্টাত আৰোগ্যৰ ভিতৰত ৭৪.৩৬%ই মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটককে ধৰি ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

বৰ্তমান চিকিসাধীন ৰোগী ৭৭ শতাংশই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ২.৬লাখ ৰোগীৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ৷

আজিৰ দিনটোত দেশত মুঠ আক্ৰান্তৰ ১৪.৬০% ৰোগী চিকিসাধীন হৈ আছে৷

একেৰাহে দ্বাদশ দিনাও ভাৰতত চিকিসাধীন ৰোগীৰ সংখ্যা ১০ লাখৰ তলত আছে৷ আজিৰ দিনটোত ৯,৪৪,৯৯৬গৰাকী ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷

বিগত ২৪ ঘণ্টাত দেশত দেশত ৭৯,৪৭৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াৰে ৭৮.২%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ

দেশত বিগত ২৪ ঘণ্টাত ১,০৬৯গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ৮৪.১%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৪২৪ আৰু কৰ্ণাটকৰত ১২৫গৰাকী ৰোগীৰ মৃত্যু হৈছে৷



(Release ID: 1661301) Visitor Counter : 172