জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

শ্ৰী অৰ্জুন মুণ্ডাই মুকলি কৰিলে জনজাতীয় সামগ্ৰীৰ বৃহত্তম বজাৰ ‘‘ট্ৰাইবছ ইণ্ডিয়া ই-মাৰ্কেটপ্লেচ’’ আৰু কলকাতা আৰু হৃষীকেশত দুখন নতুন জনজাতীয় ভাৰতীয় বিপণী

অসুৰক্ষিত পাহাৰীয়া জনজাতিৰ দ্বাৰা উৎপাদিত পাকুৰ মৌও মুকলি কৰা হৈছে

জনজাতীয় সামগ্ৰী আৰু হস্তকলা সামগ্ৰী প্ৰদৰ্শনৰ নতুন ট্ৰাইফেড পদক্ষেপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে জনজাতীয় শিল্পীসকলক সংযোজিত কৰিব

Posted On: 02 OCT 2020 3:13PM by PIB Guwahati

কেন্দ্ৰীয় জনজাতীয় মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই কয়, ‘‘ভাৰতৰ সবাতোকৈ বৃহৎ হস্তশিল্প আৰু জৈৱিক উৎপাদন বজাৰ, ট্ৰাইবছ ইণ্ডিয়া ই-মাৰ্কেটপ্লেছ, জনজাতীয় জীৱন তথা আজীৱিকা পৰিৱৰ্তন কৰাৰ দিশত পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ মহামাৰীৰ পিছৰে পৰা জনজাতীয় লোকসকলৰ আৰ্থ-সামাজিক বিকাশত নতুন পৰিবেশ গঢ়াৰ প্ৰক্ৰিয়া গ্ৰহণ হোৱাত মই সন্তোষ প্ৰকাশ কৰিছো৷’’

২ অক্টোবৰ ২০২০ তাৰিখে ট্ৰাইবছ ইণ্ডিয়া-ই-মাৰ্কেট প্লেছ (www.market.tribesindia.com) ৰ অনলাইন মুকলিত শ্ৰী মুণ্ডাই কয় যে মাননীয় প্ৰধানমন্ত্ৰীৰ ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ পৰিকল্পনাৰ দিশত ট্ৰাইফেডৰ এয়া এক নতুন পদক্ষেপ হিচাপে বিবেচিত হৈছে৷

সমগ্ৰ দেশৰ জনজাতীয় উদ্যমীৰ উৎপাদিত তথা হস্তশিল্প কলাকৃতিসমূহৰ প্ৰদৰ্শন কৰা আৰু সেই উৎপাদনসমূহক প্ৰত্যক্ষভাৱে বজাৰলৈ লৈ যোৱাত সহায়ক হোৱা এই পথ প্ৰদৰ্শক পদক্ষেপ, জনজাতীয়, বাণিজ্যৰ ডিজিটেলীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷  ট্ৰাইবছ ইণ্ডিয়া ই-মাৰ্কেটপ্লেছৰ ভাৰ্চুৱেল শুভাৰম্ভ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী ৰেণুকা সিং, চট্টিশগড়ৰ গ্ৰামীণ উদ্যোগৰ মাননীয় মন্ত্ৰী শ্ৰী ৰূদ্ৰ কুমাৰ আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দীপক খাণ্ডেকাৰৰ অনলাইনৰ উপস্থিতিত কৰা হয়৷ ট্ৰাইফেডৰ অধ্যক্ষ শ্ৰী ৰমেশ চন্দ্ৰ মীনা, ট্ৰাইফেডৰ ব্যৱস্থাপনা সঞ্চালক শ্ৰী প্ৰবীৰ কৃষ্ণ আৰু মন্ত্ৰালয় তথা ট্ৰাইফেডৰ জ্যেষ্ঠ অধিকাৰীসকলো এই অনুষ্ঠানত উপস্থিত আছিল৷

 

এই উপলক্ষে শ্ৰী মুণ্ডাই ট্ৰাইফেডৰ অন্যান্য পদক্ষেপসমূহৰো শুভাৰম্ভ কৰে যাৰ উদ্দেশ্য জনজাতীয় ভাই-ভনীসকলক সমৰ্থন প্ৰদান কৰা৷ ইয়াৰ ভিতৰত হৃষীকেশত ট্ৰাইবছ ইণ্ডিয়াৰ ১২৩তম আৰু কলকাতাত ১২৪তম কেন্দ্ৰৰ উদঘাটন, ঝাৰখণ্ড ৰাজ্যৰ নতুন জনজাতীয় উৎপাদনসমূহক অন্তৰ্ভুক্ত কৰা আৰু এমাজনৰ সৈতে তেওঁলোকৰ বিক্ৰেতা ফ্লেক্স কাৰ্যসূচীত ট্ৰাইফেড/ট্ৰাইবছ ইণ্ডিয়াৰ সহযোগিতা অন্তৰ্ভুক্ত আছে৷

ট্ৰাইবছ ইণ্ডিয়া ই-মাৰ্কেটপ্লেছ এক গুৰুত্বপূৰ্ণ পদক্ষেপ যাৰ জৰিয়তে ট্ৰাইফেডৰ লক্ষ্য সমগ্ৰ দেশতে বিভিন্ন হস্তকলা, প্ৰাকৃতিক খাদ্য উৎপাদনৰ ক্ৰয়ৰ বাবে ৫ লাখ জনজাতীয় উৎপাদকক অন্তৰ্ভুক্ত কৰা আৰু তেওঁলোকৰ সন্মুখত সৰ্বোচ্চ গুণগতসম্পন্ন জনজাতীয় উৎপাদক প্ৰস্তুত কৰা৷

এই ই-প্লেটফ’ৰ্ম হ’ল সমগ্ৰ ভাৰতৰ জনজাতীয় উৎপাদনক এটা স্থানতেই প্ৰদৰ্শিত কৰা এক অত্যাধুনিক ই-কমাৰ্চ প্লেটফ’ৰ্ম যাক ৱেব তথা ম’বাইলত গ্ৰাহক আৰু পঞ্জীকৃত জনজাতীয় বিক্ৰেতাসমূহৰ দ্বাৰা ব্যৱহাৰ কৰিব পাৰি৷ 

অনুষ্ঠানটোত অন্য ট্ৰাইফেড পদক্ষেপ আৰু সহযোগিতাসমূহো উদঘাটন কৰা হয় য’ত জনজাতীয় কাৰিকৰ আৰু যোগানকাৰীসকলৰ সমাবেশী বিকাশ আৰু সশক্তিকৰণক আগুৱাই নিয়াত সফলতা আৰু উন্নতিৰ শিখৰ স্পৰ্শ হ’ব৷

মাননীয় প্ৰধানমন্ত্ৰীৰ ‘ভ’কেল ফ’ৰ লোকেল’ শীৰ্ষক বীক্ষণক বাস্তৱায়িত কৰাৰ বাবে বিপণন মাধ্যমৰ জৰিয়তে জনজাতীয় কাৰিকৰসকলৰ আজীৱিকা বৃদ্ধিৰ বাবে ট্ৰাইফেডে সমগ্ৰ দেশতে নিজৰ ব্যৱসায় বিস্তাৰৰ দিশত অগ্ৰসৰ হৈছে৷

 

*****

NB/SK/jk/MANN



(Release ID: 1661284) Visitor Counter : 145