আয়ুষ

পুণেত আয়ুষ মন্ত্ৰালয়ে ঔষধি উদ্ভিদৰ বাবে স্থাপন কৰিলে আঞ্চলিকৰ সুবিধা প্ৰদান কেন্দ্ৰ

प्रविष्टि तिथि: 01 OCT 2020 1:32PM by PIB Guwahati

আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই ২৯ ছেপ্টেম্বৰ ২০২০ তাৰিখে এক ভাৰ্চুৱেল অনুষ্ঠান যোগে মহাৰাষ্ট্ৰৰ পুণে বিশ্ববিদ্যালয়ত আয়ুষ মন্ত্ৰালয়ৰ অধীনত আঞ্চলিক সুবিধা প্ৰদান কেন্দ্ৰ, পশ্চিম আঞ্চলিক (আৰচিএফচি) ৰাষ্ট্ৰীয় ঔষধি ব’ৰ্ড (এনএমপিবি) স্থাপন কৰে৷ অনুষ্ঠানটোত পদ্মভূষণ ডাঃ বিজয় ভাটকৰ, আচাৰ্য, নালন্দা বিশ্ববিদ্যালয়; অধ্যাপক ডাঃ এ বি আডে, মুৰব্বী, উদ্ভিদ বিজ্ঞান বিভাগ আৰু সমন্বয়ক আৰচিএফচি (ডব্লিউআৰ); ডাঃ জে এল শাস্ত্ৰী, চিইঅ’, এনএমপিবিও উপস্থিত আছিল৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শ্ৰী কোটেচাই ঔষধি উদ্ভিদৰ খেতিত এনএমপিবিৰ উদ্দেশ্যত আৰচিএফচিৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে৷ এই ক্ষেত্ৰত তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ বীক্ষণ বাস্তৱায়িত কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে৷

এই পৰ্যন্ত সমগ্ৰ দেশতে এনএমপিবিয়ে ছয়টা আঞ্চলিক সুবিধা কেন্দ্ৰ স্থাপন কৰিছে৷

 

MV/SK/MANN


(रिलीज़ आईडी: 1660890) आगंतुक पटल : 194
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Tamil , Telugu