জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ অধীনত শ্ৰী অৰ্জুন মুণ্ডাই কাইলৈ শুভাৰম্ভ কৰিব জনজাতীয় লোকৰ উৎপাদিত সামগ্ৰীৰ সৰ্ববৃহৎ “ট্ৰাইবছ ইণ্ডিয়া ই-মাৰ্কেটপ্লেচ”

কলকাতা আৰু ঋষিকেশত শুভাৰম্ভ কৰিব দুখন নতুন ট্ৰাইবছ ইণ্ডিয়া বিপনী

ট্ৰাইফেডৰ পাকুৰ মৌও বিপণনৰ শুভাৰম্ভ কৰিব জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে

জনজাতীয় লোকৰ উৎপাদিত সামগ্ৰী আৰু হস্তশিল্পৰ প্ৰদৰ্শিত কৰাৰ বাবে নতুন ট্ৰাইফেড প্ৰচেষ্টাৱলীয়ে জনজাতীয় বনবাসী আৰু শিল্পীক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰিব

Posted On: 01 OCT 2020 3:41PM by PIB Guwahati

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই গান্ধী জয়ন্তী উপলক্ষে জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰেণুকা সিং আৰু মন্ত্ৰালয়ৰ সচিব দীপক খাণ্ডেকাৰৰ উপস্থিতিত ভাৰতৰ সৰ্ববৃহ হস্তশিল্প আৰু জৈৱিক সামগ্ৰীৰ বজাৰ, ট্ৰাইবছ ইণ্ডিয়াৰ -মাৰ্কেটপ্লেচৰ শুভাৰম্ভ কৰিব৷ ভাৰতক আত্মনিৰ্ভৰ কৰাৰ দিশত প্ৰধানমন্ত্ৰীৰ ভিজনৰ প্ৰতি লক্ষ্য ৰাখি জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত কাম কৰা সংস্থা ট্ৰাইফেডে সমগ্ৰ দেশৰ জনজাতীয় উদ্যোগৰ পাদিত সামগ্ৰী আৰু হস্তশিল্প প্ৰদৰ্শিত কৰা আৰু তেওঁলোকে তেওঁলোকৰ পাদিত সামগ্ৰী প্ৰত্যক্ষভাৱে বজাৰলৈ নিয়াত সহায় কৰিব৷ এই মঞ্চ জনজাতীয় বাণিজ্যৰ ডিজিটেলকৰণৰ দিশত এক ডাঙৰ অভিজ্ঞতা হিচাপে পৰিগণিত হৈছে৷  এই উপলক্ষে শ্ৰী মুণ্ডাই ট্ৰাইফেডৰ অন্যান্য কেতবোৰ আঁচনিও শুভাৰম্ভ কৰিব, যিবোৰৰ উদ্দেশ্য হৈছে আদিবাসী ভাই-ভনীসকলক সহায় কৰা৷ এইবোৰৰ ভিতৰত ঋষিকেশ আৰু কলকাতাত ট্ৰাইবছ ইণ্ডিয়াৰ ক্ৰমে ১২৩ আৰু ১২৪সংখ্যক বিপণী উদ্বোধন কৰা, ঝাৰখণ্ড আৰু চত্তীশগড়ত নতুন জনজাতীয় লোকৰ পাদিত সামগ্ৰীৰ শৃংখল অন্তৰ্ভূক্ত কৰা, আমাজনৰ চেলাৰ প্লেক্স কাৰ্যসূচীৰ সৈতে ট্ৰাইফেড/ট্ৰাইবছ ইণ্ডিয়াৰ সহযোগিতাও আৰম্ভ কৰা ব৷ মন্ত্ৰী মুণ্ডাই ট্ৰাইফেড আৰু ট্ৰাইফেড ইণ্ডিয়াৰ দ্বাৰা প্ৰস্তুত কৰা পাকুৰ মৌও শুভাৰম্ভ কৰা ব৷ এইয়া ১০০শতাংশ প্ৰাকৃতিক মৌ, যি কেইবাপ্ৰকাৰৰ ফুলৰ পৰা প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ বিশেষত্ব এই যে ইয়াক ঝাৰখণ্ডৰ পাকুৰৰ পৰা চন্থাল আদিবাসীসকলে একত্ৰিত কৰে৷

ট্ৰাইবছ ইণ্ডিয়া -মাৰ্কেটপ্লেচ এনে এক গুৰুত্বপূৰ্ণ  পদক্ষেপ, যাৰদ্বাৰা ট্ৰাইফেডৰ লক্ষ্য দেশজুৰি বিভিন্ন হস্তশিল্প, প্ৰাকৃতিক খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে লাখ জনজাতীয় পাদক লগত লৈ কাম কৰা, যাতে জনজাতি লোকসকলক সংস্থাপন দিব পৰা যায় আৰু দেশৰ সাধাৰণ জনতাই জনজাতীয় লোকসকলে পাদন কৰা সৰ্বোত্তম সামগ্ৰীসমূহ লাভ কৰিব পাৰে৷  যোগানকাৰীৰ সৈতে জনজাতীয় কাৰিকৰ, জনজাতীয় আত্মসহায়ক গোট আৰু জনজাতীয় লোকসকলৰ লগতে আৰু অন্যান্য ক্ষেত্ৰত কাম কৰাৰ বাবে সংগঠন/এজেন্সি/বেচৰকাৰী সংগঠনৰ সৈতে চামিল কৰা ব৷ এই মঞ্চই জনজাতীয় সামগ্ৰী যোগানকাৰীক নিজকে ক্ষুদ্ৰ বিক্ৰেতা আৰু বিতৰক, ট্ৰাইফেডৰ দোকানৰ নেটৱৰ্ক, -কমাৰ্চত সহযোগিতা আৰু -মাৰ্কেটপ্লেচত নিজা একাউণ্টৰ জৰিয়তে সামগ্ৰী বিক্ৰীৰ বাবে বহুব্যাপি চেনেলৰ সুবিধা প্ৰদান কৰিব৷ -মাৰ্কেটপ্লেচে অধিক সংখ্যক জনজাতি আৰু কাৰিকৰক একেলগে একেখন মঞ্চলৈ অনা আৰু তেওঁলোকক অনলাইন ব্যৱসায়ৰৰ জৰিয়তে তাক্ষণিক লাভালাভ প্ৰদানত সহায় কৰিব৷ ট্ৰাইফেডৰ পৰিচালন সঞ্চালক প্ৰবীৰ কৃষ্ণাই কয় যে ইয়াৰ দ্বাৰা দেশৰ জনজাতীয় লোকৰ জীৱিকা সুনিশ্চিত কৰাত সহায় কৰাৰ লগতে তেওঁলোকক আত্মনিৰ্ভৰশীলো কৰি তুলিব৷

*****

NB/SK/jk/MoTA/01.10.2020/DB



(Release ID: 1660847) Visitor Counter : 173