হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

‘স্বচ্ছতাৰ ৬ বছৰ, অদ্বিতীয়’- গান্ধী জয়ন্তীত স্বচ্ছ ভাৰত অভিযান-চহৰৰ ছয় বছৰ পূৰ্তি উদযাপন কৰিব গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে

স্বচ্ছ ভাৰত অভিযানৰ ফলপ্ৰসূতাৰ অৰ্থে উদ্ভাৱনীমূলক পদ্ধতি থূপাই প্ৰদৰ্শন কৰা সংক্ষিপ্ত ও প্ৰগতিশীল জিআইএছ পৰ্টেল উদ্বোধন কৰিব হৰদ্বীপ পুৰীয়ে

অনাময়ৰ দৃষ্টিকোণেৰে ক’ভিড-১৯ৰ প্ৰতি ভাৰতীয় চহৰসমূহৰ সঁহাৰিৰ দলিল মুকলি

ৰাজ্য/চহৰসমূহৰদ্বাৰা যোৱা ছবছৰীয়া অভিজ্ঞতাৰ আদান-প্ৰদানৰ সত্ৰ ও স্বচ্ছতম ভাৰতৰ অৰ্থে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ

এছবিএম-ইউৰ অধীনত অদ্যপি ৪,৩২৭ আৰবান লোকেল ব’ডী (ULBS)ক অ’ডিএফ ঘোষণা

৬৬ লাখ ব্যক্তিগত গৃহস্থীৰ শৌচাগাৰ ও ৬ লাখৰো অধিক সমূহীয়া/ৰাজহুৱা শৌচাগাৰ সম্পূৰ্ণ হৈ উঠিছে

অদ্যপি ১,৩১৯ অ’ডিএফ+ চাৰ্টিফাইড চহৰ ও ৪৮৯ অ’ডিএফ++ চাৰ্টিফাইড চহৰ

২৯০০+ চহৰজুৰি ৫৯,৯০০ শৌচাগাৰ গুগল মেপত লাইভ

এছডব্লিএমৰ অধীনত ৯৭% ৱাৰ্ডত সম্পূৰ্ণ ঘৰে ঘৰে গৈ সংগ্ৰহ

৭৭% ৱাৰ্ডৰ আৱৰ্জনাৰ উৎসৰ বিভাজনৰ বিপৰীতে মুঠ সংগৃহীত আৱৰ্জনাৰ ৬৭% প্ৰক্ৰিয়াজাত কৰা হৈছে – যি ২০১৪ত ১৮%ৰপৰা ৪ গুণ বৃদ্ধি

আৱৰ্জনা মুক্ত চহৰৰ বাবে গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ষ্টাৰ ৰেটিং অনুসৰি ৫-ষ্টাৰ চহৰত অন্তৰ্ভুক্ত ইন্দোৰ, অম্বিকাপুৰ, নভী মুম্বাই, চুৰাট, ৰাজকোট আৰু মিছৌৰ, ৩-ষ্টাৰত ৮৬ খন চহৰ আৰু ১-ষ্টাৰত ৬৪ খন চহৰ

Posted On: 01 OCT 2020 11:13AM by PIB Guwahati

২ অক্টোবৰ, ২০২০ত ‘স্বচ্ছতা কে ৬ সাল, বেমিসাল’ শীৰ্ষক এখনি ৱেবিনাৰৰ আয়োজনেৰে গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA)এ স্বচ্ছ ভাৰত অভিযান- চহৰ (SBM-U)ৰ ষষ্ঠ বাৰ্ষিকী উদযাপন কৰিব। মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্ম দিৱস উপলক্ষে উক্ত দিনা, এই অভিযানৰ অধীনত যোৱা ছবছৰত লাভ কৰা সফলতাৰে উদ্ধৃতিৰে উদযাপন কৰা হ’ব য’ত ৰাজ্য, চহৰ আৰু সহযোগী সংস্থাসমূহেও অভিজ্ঞতাৰ আদান-প্ৰদান কৰিব। এই ৱেবিনাৰখনিত পৌৰহিত্য কৰিব গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA)ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী হৰদ্বীপ সিং পুৰীয়ে। ইয়াত গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA)ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰ আৰু গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA)ৰ অতিৰিক্ত সচিব শ্ৰী কামৰাণ ৰিজভি উপস্থিত থাকিব।

মন্ত্ৰীজনে তদুপৰি সমগ্ৰ ভাৰতৰ ফলপ্ৰসূ গোটা আৱৰ্জনা ব্যৱস্থাপনা (SWM)ৰ অৰ্থে উদ্ভাৱনীমূলক পদ্ধতি থূপাই প্ৰদৰ্শন কৰা সংক্ষিপ্ত আৰু প্ৰগতিশীল জিআইএছ পৰ্টেল মুকলি কৰিব। ইয়াৰোপৰি, এনআইইউএৰদ্বাৰা যুগুত কৰা অনাময়ৰ দৃষ্টিকোণেৰে ক’ভিড-১৯ৰ প্ৰতি ভাৰতীয় চহৰসমূহৰ সঁহাৰিৰ দলিল, নেশ্যনেল ফায়েচেল শ্লাজ আৰু চেপ্টেজ মেনেজমেন্ট (NFSSM) এলায়েন্সৰদ্বাৰা প্ৰস্তুত অনাময় কৰ্মীসকলৰ অনুপ্ৰেৰণামূলক কাহিনীৰ সংগ্ৰহ- ‘ফ্ৰন্টলাইন ষ্ট’ৰী অৱ ৰেজিলিয়েন্সঃ ইণ্ডিয়াজ ছেনিটেশ্যন চেম্পিয়ন’ আৰু আৰবান মেনেজমেন্ট চেন্টাৰ (UMC) ৰদ্বাৰা প্ৰস্তুত কৰি উলিওৱা অনাময় কৰ্মীসকলৰ সুৰক্ষাৰ বাবে এটা টুলকিট মুকলি কৰা হ’ব।

সত্ৰখনিৰ দ্বিতীয়াৰ্ধত নিৰ্বাচিত ৰাজ্য আৰু চহৰসমূহে যোৱা ছটা বছৰত লাভ কৰা অভিজ্ঞতাৰ আদান-প্ৰদান কৰা হ’ব আৰু স্বচ্ছতম ভাৰতৰ বাবে পৰিকল্পনা যুগুত কৰা হ’ব। অভিযানৰ পৰৱৰ্তী স্তৰৰ বাবে কৌশলৰ আদান-প্ৰদানৰ বাবে এই কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে।

২০১৪ ত এছবিএম-ইউৰ সূচনাৰেপৰা, ই অনাময় আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা উভয়তে লক্ষ্যণীয় অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে ৪,৩২৭ আৰবান লোকেল ব’ডী (ULB)ক অ’ডিএফ হিচাপে ঘোষণা কৰা হৈছে। এয়া সম্ভৱ হৈ উঠাৰ কাৰণ হিচাপে চিহ্নিত হৈছে ৬৬ লাখৰো অধিক ব্যক্তিগত গৃহস্থীৰ শৌচাগাৰ আৰু ৬ লাখৰো অধিক সামূহিক/ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ। যাৰ জৰিয়তে অভিযানটোৰ লক্ষ্যকে বাস্তৱায়িত কৰি তোলা যায়। বৰ্তমান অভিযানটোৱে ইয়াৰ অ’ডিএফ+ আৰু অ’ডিএফ++ প্ৰট’কলৰ জৰিয়তে সামগ্ৰিক অনাময়ত লক্ষ্য নিহিত কৰিছে। আজিৰ তাৰিখত অ’ডিএফ+ চাৰ্টিফাইড চহৰৰ মুঠ সংখ্যা হৈছে ১,৩১৯ আৰু অ’ডিএফ++ চাৰ্টিফাইড চহৰৰ সংখ্যা হৈছে ৪৮৯। ইয়াৰোপৰি, ২৯০০০+ চহৰজুৰি ৫৯,৯০০ৰোধিক টয়লেট গুগল মেপত লাইভ হৈছে। গোটা আৱৰ্জনাৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত, ৯৭% ৱাৰ্ডত ঘৰে ঘৰে গৈ সংগ্ৰহ সম্পূৰ্ণ হৈ উঠিছে, ৭৭% ৱাৰ্ডৰ আৱৰ্জনাৰ উৎসৰ বিভাজনৰ বিপৰীতে মুঠ সংগৃহীত আৱৰ্জনাৰ ৬৭% প্ৰক্ৰিয়াজাত কৰা হৈছে যি ২০১৪ত ১৮%ৰপৰা ৪ গুণ বৃদ্ধি। আৱৰ্জনা মুক্ত চহৰৰ বাবে গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ষ্টাৰ ৰেটিং অনুসৰি ৫-ষ্টাৰ চহৰত মুঠ ৬খন চহৰ (ইন্দোৰ, অম্বিকাপুৰ, নভী মুম্বাই, চুৰাট, ৰাজকোট আৰু মিছৌৰ) অন্তৰ্ভুক্ত, ৩-ষ্টাৰত ৮৬ খন চহৰ আৰু ১-ষ্টাৰত ৬৪ খন চহৰ অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, এটি চৰকাৰী কাৰ্যক্ৰম হোৱাৰ পৰিপ্ৰেক্ষিতত, এই অভিযান জনতাৰ আন্দোলনলৈ ৰূপান্তৰিত হৈ পৰে। স্বচ্ছ সৰ্বেক্ষণ, ২০২০ত ১২ কোটিৰো অধিক নাগৰিকৰ অংশগ্ৰহণেৰে ই হৈ পৰে প্ৰকৃত ‘জন আন্দোলন’। যি আছিল গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA)এ ৰূপায়ণ কৰা অন্তিম বাৰ্ষিক স্বচ্ছতা সমীক্ষা। এই অভিযানে তদুপৰি মহাত্মা গান্ধীৰ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সমতা আৰু অন্তৰ্ভুক্তি নিশ্চিতকৰণৰ লক্ষ্যৰ অনুসৰণেৰে সকলো অনাময় কৰ্মী আৰু অ-আনুষ্ঠানিক আৱৰ্জনা সংগ্ৰহকাৰীৰ মৰ্যাদাপূৰ্ণ জীৱিকাত অধিকভাৱে গুৰুত্ব আৰোপ কৰে। ইয়াক বাস্তৱায়িত কৰি অভিযানটোৱে ৮৪,০০০ ৰোধিক অ-আনুষ্ঠানিক আৱৰ্জনা সংগ্ৰহকাৰীক মূলসূঁতিত অংশভুক্ত তথা ৫.৫ লাখৰো অধিক অনাময় কৰ্মীক ভিন্ন কল্যাণ আঁচনিৰে সংযোগকৰণত সফলতা লাভ কৰে।

এই অভিযানৰ এটা অবিচ্ছেদ্য অংগ আছিল ইউএলবিৰ বিষয়া-বৰ্গ আৰু ষ্টাফৰ কেপাচিটি বিল্ডিং নিশ্চিত কৰা। এই প্ৰচেষ্টাৰ অংশস্বৰূপে, মন্ত্ৰালয়টোৱে, নেশ্যনেল ইনষ্টিটিউট অৱ আৰবান এফেয়াৰ্ছ (NIUA)ৰ সহযোগিতাত ৩,২০০ ৰোধিক ইউএলবিৰ ৬,০০০ ৰোধিক বিষয়া-বৰ্গৰ অংশগ্ৰহণেৰে কেপাচিটি বিল্ডিঙৰ অৰ্থে ১৫০ ৰোধিক কৰ্মশালা সম্পন্ন কৰা যায়।

স্বচ্ছ ভাৰত অভিযান হৈছে ভাৰত চৰকাৰৰ এখনি ধ্বজাবাহী কাৰ্যক্ৰম। ২০১৪ৰ ২ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ৰাজঘাটত ইয়াৰ সূচনা কৰিছিল। এই কাৰ্যক্ৰমৰ লক্ষ্য আছিল জাতিৰ পিতাৰ ১৫০ সংখ্যক জন্ম দিৱস ২০১৯ৰ ২ অক্টোবৰৰ ভিতৰত এখনি ‘স্বচ্ছ ভাৰত’ বাস্তৱায়িত কৰি তোলা। এই অভিযানৰ চহৰ উপাংশ ৰূপায়ণৰ দায়িত্ব গৃহ নিৰ্মাণ ও নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA)ক দিয়া হৈছিল। যাক সাফল্যমণ্ডিত কৰি তুলিবলৈ মন্ত্ৰালয়ে চহৰীয়া ভাৰতক মুকলিত মলত্যাগ মুক্ত (ODF) লক্ষ্য স্থিৰ কৰি পৰ্যায়ক্ৰমে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে মন্ত্ৰালয়ে নাগৰিকৰ মাজত বিস্তৃতভাৱে আচৰণ পৰিৱৰ্তনৰ জৰিয়তে আধুনিক আৰু বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনাটো একে গুৰুত্ব প্ৰদান কৰে।

***

RJ/SB



(Release ID: 1660822) Visitor Counter : 196