PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 01 OCT 2020 6:23PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত ক্ৰমাগত ভাৱে হ্ৰাস পাইছে সক্ৰিয় ৰোগীৰ সংখ্যা, ১০ দিন ক্ৰমাগতভাৱে সক্ৰিয় ৰোগীৰ সংখ্যা ১০ লাখৰ তললৈ নামিছে, ভাৰতৰ মুঠ আৰোগ্যৰ সংখ্যা প্ৰায় ৫৩ লাখ হৈছে, কেৱল ১২ দিনত শেষৰ ১০ লাখ লোক আৰোগ্য হৈছে

ভাৰতত ১০ দিনলৈ ক্ৰমাগতভাৱে সক্ৰিয় ৰোগীৰ সংখ্যা ১০ লাখৰ তললৈ হ্ৰাস পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ৮৫,৩৭৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ আজি পৰ্যন্ত ৫২,৭৩,২০১ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হৈছে ৮৩.৫৩%৷  ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯,৪০,৭০৫ জন৷

অধিক বিৱৰণৰ বাবে

 

আন্তৰ্জাতিক বয়সস্থ লোক দিৱসত ডাঃ হৰ্ষ ৱৰ্ধনে মুকলি কৰিলে ডিকেড অব্ হেলথী এজিং (২০২০-২০৩০)

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আন্তৰ্জাতিক বয়সস্থ লোক দিৱস উপলক্ষে চৰকাৰৰ দায়ৱদ্ধতাসমূহ দোহাৰে৷ প্ৰতি বছৰে  ১ অক্টোবৰ তাৰিখটো আন্তৰ্জাতিক বয়সস্থ লোকৰ দিৱস হিচাপে পালন কৰা হয়৷

অধিক বিৱৰণৰ বাবে

 

 

পুনৰ মুকলিৰ বাবে নতুন নীতি-নিৰ্দেশনা জাৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ, ৩১ অক্টোবৰ, ২০২০লৈ কন্টেইনমেন্ট জ’নত কঠোৰভাৱে বলৱৎ হ’ব লকডাউন

কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰৰ এলেকাসমূহত অধিক কাম-কাজ প্ৰশস্ত কৰি গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (এমএইচএ)এ আজি নতুন নীতি-নিৰ্দেশনা জাৰি কৰিলে। ১ অক্টোবৰ, ২০২০ ৰপৰা কাৰ্যকৰী হ’বলগীয়া এই নীতি-নিৰ্দেশনাত, কাম-কাজৰ পৰ্যায়ক্ৰমিক পুনৰ-মুকলি সম্প্ৰসাৰণ কৰা হৈছে। আজি জাৰি কৰা এই নতুন নীতি-নিৰ্দেশনাখনি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰপৰা লাভ কৰা মতামত আৰু সম্পৰ্কীয় কেন্দ্ৰীয় মন্ত্ৰণালয় আৰু বিভাগসমূহৰে অনুষ্ঠিত বিস্তৃত আলোচনা মৰ্মে প্ৰস্তুত কৰা হৈছে। কন্টেইনমেন্ট জ’নৰ বাহিৰৰ এলেকাত ১৫ অক্টোবৰ, ২০২০ৰপৰা কাম-কাজত অনুমতি দিয়া হৈছে৷

৫০% আসন ক্ষমতাৰে চিনেমা/থিয়েটাৰ/মাল্টিপ্লেক্স আদি খুলিবলৈ অনুমতি প্ৰদান কৰা হ’ব, যাৰ বাবে তথ্য ও সম্প্ৰচাৰ মন্ত্ৰালয়ে এছঅ’পি জাৰি কৰিব। বিজনেছ টু বিজনেছ (B2B) প্ৰদৰ্শনী খুলিবলৈ অনুমতি প্ৰদান কৰা হ’ব, যাৰ বাবে বাণিজ্য বিভাগে এছঅ’পি জাৰি কৰিব। ক্ৰীড়াবিদসকলৰ প্ৰশিক্ষণৰ অৰ্থে ব্যৱহৃত ছুইমিং পুলসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰা হ’ব, যাৰ বাবে যুৱ পৰিক্ৰমা ও ক্ৰীড়া মন্ত্ৰালয় (MoYA&S)এ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (SOP) জাৰি কৰিব। প্ৰমোদ উদ্যান আৰু সমজাতীয় স্থান খুলিবলৈ অনুমতি প্ৰদান কৰা হ’ব, যাৰ বাবে স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW)এ এছঅ’পি জাৰি কৰিব। বিদ্যালয় আৰু ক’ছিং প্ৰতিষ্ঠানসমূহৰ পুনৰ মুকলিৰ বাবে, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহলৈ পৰ্যায়ভিত্তিকভাৱে ১৫ অক্টোবৰ, ২০২০ৰ পাছত সিদ্ধান্ত গ্ৰহণৰ অৰ্থে শিথিলতা আগবঢ়াই অহা হৈছে। এই সিদ্ধান্ত সংশ্লিষ্ট বিদ্যালয়/ প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰে পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত নিম্ন উল্লেখিত চৰ্ত সাপেক্ষে গ্ৰহণ কৰা হ’বঃ

শিক্ষাদানৰ অগ্ৰাধিকাৰমূলক বিকল্প হিচাপে অনলাইন/দূৰ শিক্ষাদান অব্যাহত থাকিব আৰু ইয়াক উৎসাহিত কৰি গৈ থকা হ’ব। বিদ্যালয়সমূহে অনলাইন ক্লাছ কৰি থকা সময়ত কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি বিদ্যালয়লৈ কায়িকভাৱে অহাৰ পৰিৱৰ্তে অনলাইন ক্লাছত উপস্থিত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকক তেনে কৰিবলৈ দিয়া যাব। পিতৃ-মাতৃৰ লিখিত সন্মতি সাপেক্ষেহে মাথো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়/প্ৰতিষ্ঠানলৈ আহিব পাৰিব। উপস্থিতি প্ৰয়োগ কৰিব নোৱাৰিব আৰু পিতৃ-মাতৃৰ সন্মতিৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ (DoSEL)ৰদ্বাৰা জাৰি কৰা এছঅ’পিৰ ভিত্তিত স্থানীয় প্ৰয়োজনীয়তা সাপেক্ষে বিদ্যালয়/প্ৰতিষ্ঠানসমূহৰ পুনৰ মুকলিৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে স্বাস্থ্য আৰু সুৰক্ষা সতৰ্কতা সন্দৰ্ভত তেওঁলোকৰ নিজা এছঅ’পি প্ৰস্তুত কৰি উলিয়াব। মুকলি কৰিবলৈ বিদ্যালয়সমূহক অনুমতি প্ৰদান কৰিলে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ শিক্ষা বিভাগৰদ্বাৰা জাৰি কৰা এছঅ’পি মানি চলাটো হ’ব বাধ্যতামূলক।

অধিক বিৱৰণৰ বাবে

 

 

 

ই-ইনভইচৰ প্ৰণয়নৰ দ্বাৰা সকাহ পাইছে জিএছটি কৰদাতাসকলে

চৰকাৰে ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত এইবুলি নিৰ্দেশনা জাৰি কৰিছিল যে বাৰ্ষিক ১০০ কোটিতকৈ অধিক টকা টাৰ্ণ অভাৰ থকা জিএছটি কৰদাতাসকলে সকলো বিজনেছ টু বিজনেছ যোগানৰ বাবে ই-ইনভইচ প্ৰদান কৰিব লাগিব আৰু এয়া কাৰ্যকৰী হ’ব লাগিব ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা৷ ২০২০ৰ মাৰ্চত ই-ইনভইচ প্ৰণয়নৰ তাৰিখ ১ অক্টোবৰ ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হৈছিল৷

অধিক বিৱৰণৰ বাবে

 

 

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ উদ্দেশ্য পূৰণৰ বাবে এই পৰ্যন্ত প্ৰায় ৩০ কোটি শ্ৰম দিৱস ৰোজগাৰ উপলব্ধ কৰোৱা হৈছে আৰু ২৭,০০০ কোটি টকাতকৈ অধিক ব্যয় কৰা হৈছে

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত প্ৰব্ৰজিত শ্ৰমিক যি বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, ওড়িশা, ৰাজস্থান তথা উত্তৰ প্ৰদেশস্থিত নিজৰ গাঁৱলৈ উভটি আহিছে, তেওঁলোকক ৰোজগাৰ প্ৰদানৰ বাবে অভিযানভিত্তিত কাম কৰি আছে৷ এই অভিযান এতিয়া এই ৰাজ্যসমূহৰ ১১৬খন জিলাত আজীৱিকা অৱকাশৰ সৈতে গ্ৰামাঞ্চলকো সশক্ত কৰি আছে৷

 

১৩তম সপ্তাহ পৰ্যন্ত অভিযানৰ উদ্দেশ্য পূৰণৰ বাবে এই পৰ্যন্ত প্ৰায় ৩০ কোটি শ্ৰম দিৱস ৰোজগাৰ উপলব্ধ কৰোৱা হৈছে আৰু ২৭,০০৩ কোটিতকৈও অধিক টকা ব্যয় কৰা হৈছে৷ ১,১৪,৩৪৪ জল সংৰক্ষণ আন্তঃগাঁথনি, ৩,৬৫,০৭৫ গ্ৰামীণ ঘৰ, ২৭,৪৪৬ পশু ঘৰ, ১৯,৫২৭ কৃষি পুখুৰী আৰু ১০,৪৪৬ ৰাজহুৱা স্বচ্ছতা পৰিসৰ সহিতে বৃহৎ সংখ্যাত আন্তঃগাঁথনিসমূহ নিৰ্মাণ কৰা হৈছে৷ জিলা খনিজ নিধিৰ জৰিয়তে ৬৭২৭ কাৰ্য আৰম্ভ কৰা হৈছে, ১৬৬২ গাঁও পঞ্চায়তক ইণ্টাৰনেট সংযোগৰ সুবিধা প্ৰদান কৰা হৈছে, কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে ৫৪,৪৫৫ প্ৰত্যাশীক কৌশল প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো গাঁৱৰ পঞ্চায়ত তথা গাঁওবুঢ়াক গাঁওসমূহত জল জীৱন অভিযান প্ৰণয়ন কৰি প্ৰতিখন ঘৰতে নলেৰে পানী যোগান ধৰিবলৈ আহ্বান জনাইছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ ছেপ্টেম্বৰ ২০২০ তাৰিখে পত্ৰ যোগে সকলো গাঁৱৰ পঞ্চায়ত/গাঁওবুঢ়াক এই বুলি আহ্বান জনাইছে যে তেওঁলোকে যাতে জল জীৱন অভিযান প্ৰণয়নৰ জৰিয়তে গাঁৱৰ প্ৰতিখন ঘৰলৈ, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ ঘৰলৈ নল যোগে পানী যোগানৰ সুবিধা প্ৰদান কৰে৷  পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে সকলোৰে সুস্বাস্থ্য আৰু সুৰক্ষা কামনা কৰে৷

অধিক বিৱৰণৰ বাবে

 

ডাঃ হৰ্ষ ৱৰ্ধনে আইআইটি দিল্লী, উন্নত ভাৰত অভিযান, বিজ্ঞান ভাৰতী আৰু চিএছআইআৰৰ সহযোগত গ্ৰামোন্নয়নৰ বাবে চিএছআইআৰ প্ৰযুক্তি মুকলি কৰে

বিজ্ঞান আৰু প্ৰযুক্তি, ভূ বিজ্ঞান আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কালি গ্ৰামোন্নয়নৰ বাবে আইআইটি দিল্লী, উন্নত ভাৰত অভিযান, বিজ্ঞান ভাৰতী আৰু চিএছআইআৰৰ সহযোগত চিএছআইআৰ প্ৰযুক্তি মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

 

শ্ৰী থাৱাৰচান্দ গেহলটে এছচি (এছএছআইআইএম)ৰ বাবে  মুকলি কৰিলে ‘‘আম্বেদকাৰ ছ’চিয়েল ইন’ভেচন এণ্ড ইনকিউবেচন মিছন’’

অধিক বিৱৰণৰ বাবে

 

 

কাঠুৱা, দ’দা, উধামপুৰ আৰু ৰিয়েছি জিলাত ২৩ টা পথ আৰু ব্ৰীজ প্ৰকল্প উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙৰ

কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন (ড’নাৰ) দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ’), পাৰ্ছনেল, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি জম্মু অঞ্চলৰ কাঠুৱা, দ’দা, উধামপুৰ আৰু ৰিয়েছি জিলাত ২৩ টা পথ আৰু ব্ৰীজ প্ৰকল্প উদ্বোধন কৰে। তেওঁ কয়, প্ৰায় ৭৩ কোটি টকা ব্যয়সাপেক্ষে এই প্ৰকল্পসমূহৰ অধীনত ১১১ কিঃমিঃ দৈৰ্ঘ্যৰ পথ আৰু দলং নিৰ্মাণ সম্পন্ন হোৱাৰ ফলশ্ৰুতিত অঞ্চলটোৰ ৩৫,০০০ লোক লাভান্বিত হ’ব। এই ২৩ টা প্ৰকল্পৰ ভিতৰত সকলো ধৰণৰ বতৰতে সংযোগ নিশ্চিত হোৱাকৈ পিএমজিএছৱাই ৰ অধীনত ১৫ টা পথ আৰু ৮ খন দলং নিৰ্মাণ কৰা হৈছে।

 

এই প্ৰকল্পসমূহৰ ই-উদ্বোধন কৰি, ডাঃ জিতেন্দ্ৰ সিঙে কয় যে যোৱা কেইটামান মাহত ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি হোৱা সত্বেও, এই প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা যায়। তেওঁ উল্লেখ কৰে যে মহামাৰীটোৰদ্বাৰা যিমানেই প্ৰত্যাহ্বানৰ সৃষ্টি নহওঁক কিয়, কেন্দ্ৰীয় শাসিত জম্মু আৰু কাশ্মীৰকে প্ৰমুখ্য কৰি সমগ্ৰ দেশখনৰ উন্নয়নৰ ক্ষীপ্ৰতাত কোনো ধৰণৰ আপোচ কৰা নহ’ব। তেওঁ অৱগত কৰে যে যোৱা বৰ্ষত ৮০০ কিঃমিঃৰ তুলনাত এইটো বিত্তীয় বৰ্ষৰ আজিৰ তাৰিখলৈকে ১১৫০ কিঃমিঃ পথ নিৰ্মাণ সম্ভৱ হৈ উঠিছে। ডাঃ জিতেন্দ্ৰ সিঙে কয় যে মোদী চৰকাৰৰ আমোলৰ যোৱা ৬ টা বছৰত, কৰ্ম সংস্কৃতিত সাগৰ সদৃশ পৰিৱৰ্তন সাধন হৈছে আৰু কোনো ধৰণৰ শিথিলতা অবিহনে কেৱল প্ৰয়োজনীয়তাৰ ভিত্তিত প্ৰকল্পসমূহ ৰূপায়ণ কৰা গৈছে। তেওঁ কয়, ইয়াৰে পিএমজিএছৱাই পুঁজিৰ প্ৰায় ২/৩য়াংশ পাহাৰীয়া উধামপুৰ, কাঠুৱা আৰু দ’দালৈ আবন্টন দিয়া গৈছে। পিএমজিএছৱাই পুঁজিৰ ৪১৭৫ কোটি টকাৰ ভিতৰত, প্ৰায় ৩৮৮৪ কোটি টকা এই তিনি অঞ্চলক প্ৰদান কৰা হৈছে বুলি তেওঁ লগতে কয়।

অধিক বিৱৰণৰ বাবে

৩য় ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণি অনুষ্ঠান

চলিত মাহৰ ৭ তাৰিখৰ পৰা ৩০ তাৰিখলৈ ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হোৱা ৩য় ৰাষ্ট্ৰীয় পোষণ মাহৰ সফল সামৰণি পৰে৷ ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে পোষণ মাহৰ তত্বাৱধানৰ দায়িত্বত আছিল৷

অধিক বিৱৰণৰ বাবে  

 

ভাৰতত ফাৰ্মা আৰু মেডিকেল সামগ্ৰীত বিনিয়োগ কৰাৰ উপযুক্ত সময়; ২০২৪ চনৰ ভিতৰত ভাৰত ৬৫ বিলিয়ন ডলাৰৰ উদ্যোগলৈ পৰিৱৰ্তিত হৈ উঠিবঃ শ্ৰী গৌড়া

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী গৌড়াই কয় যে বৰ্তমান ভাৰতত ফাৰ্মা আৰু মেডিকেল সামগ্ৰীত বিনিয়োগ কৰাৰ এক উপযুক্ত সময়৷ কিয়নো ২০২৪ চনৰ ভিতৰত বৰ্তমানৰ ৬৫ বিলিয়ন ডলাৰৰ  এই উদ্যোগটো ২০৩০ চনৰ ভিতৰত ১২০ বিলিয়ন ডলাৰৰ উদ্যোগলৈ ৰূপান্তৰিত হ’ব৷

অধিক বিৱৰণৰ বাবে

 

এক দেশ আৰু এক ৰেচন কাৰ্ড আঁচনিৰ অধীনত আজি তামিলনাডু আৰু অৰুণাচল প্ৰদেশ বিদ্যমান প’ৰ্টেবিলিটী ক্লাষ্টাৰত অন্তৰ্ভুক্ত হ’ল

এক দেশ আৰু এক ৰেচন কাৰ্ড আঁচনিৰ অধীনত বিদ্যমান ২৬খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ক্লাষ্টাৰৰ অধীনত আজি তামিলনাডু আৰু অৰুণাচল প্ৰদেশো অন্তৰ্ভুক্ত হ’ল৷ এই দুয়োখন ৰাজ্যৰ অন্তৰ্ভুক্তি দ্বাৰা বৰ্তমানে ২৮ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে নিৰৱচ্ছিন্নভাৱে এক দেশ এক ৰেচন কাৰ্ড আঁচনিৰ অধীনত সংযোজিত হৈ আছে৷

অধিক বিৱৰণৰ বাবে

 

ছেপ্টেম্বৰত সংগৃহীত হৈছে মুঠ ৯৫,৪৮০ কোটি টকাৰ জিএছটি ৰাজহ

২০২০ বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুঠ ৯৫,৪৮০ কোটি টকাৰ জিএছটি ৰাজহ সংগ্ৰহ হৈছে য’ত চিজিএছটি হ’ল ১৭,৭৪১ কোটি টকা, এছজিএছটি ঙ’ল ২৩,১৩১ কোটি টকা আৰু আইজিএছটি হ’ল ৪৭,৪৮৪ কোটি টকা৷

অধিক বিৱৰণৰ বাবে

আত্মনিৰ্ভৰ ভাৰত পেকেজ-এই পৰ্যন্ত

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ মে ২০২০ তাৰিখে ২০ লাখ কোটি টকা অথবা ভাৰতৰ জিডিপিৰ ১০% ৰ বিশেষ অৰ্থনৈতিক পেকেজ হিচাপে ঘোষণা কৰিছিল৷ ভাৰতক স্বনিৰ্ভৰশীল কৰি তোলাৰ বাবে তেওঁ অৰ্থনীতি, আন্তঃগাঁথনি, প্ৰণালী, অনুনাদশীল ডেম’গ্ৰাফী আৰু চাহিদাকে ধৰি পাঁচটা বিষয়ত গুৰুত্ব প্ৰদান কৰি আত্মনিৰ্ভৰশীল ভাৰতৰ বিষয়ে ঘোষণা কৰিছিল৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ কেৰালাত কালি ৮৮৩০ লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ বৰ্তমানে ৬৭,০৬১ জন লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে মুঠ ২.৪০ লাখ লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ বুধবাৰে ৫৬৫৯ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ ৰাজ্যখনত বৰ্তমানে ৬৭ জনৰ মৃত্যু হৈছে৷ চেন্নাইত ১,৬৭,৩৭৬ জন লোক ৰোগত আক্ৰান্ত হৈছে৷
  • কৰ্ণাটকঃ ৰাজ্যখনত ৬,০১,৭৬৭ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ ১৫ অক্টোবৰলৈ হাইস্কুল আৰু প্ৰাক্-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিদ্যালয় অথবা মহাবিদ্যালয়লৈ অহাত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যিক কেবিনেটৰ বৈঠক ৮ অক্টোবৰলৈ বাতিল কৰা হয়৷ ৰাজ্যখনত এই পৰ্যন্ত ৫৮ লাখ নমুনা পৰীক্ষণ কৰা হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ২২১৪ জন  লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ২৪৭৪ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ৮ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৯৩,৬০০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯,৩২৬ জন, মৃত্যু হৈছে ১১২৭ জন৷ ১,৬০,৯৩৩ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুম্বাইৰ বিখ্যাত ডাব্বাৱালাক স্থানীয় ৰে’লেৰে ভ্ৰমণ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷ ৫ অক্টোবৰৰ পৰা হোটেল, ফুড ক’ৰ্ট, ৰেষ্টুৰেণ্ট আৰু বাৰসমূহ মুকলি কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে৷
  • গুজৰাটঃ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ২০২০-২১ শৈক্ষিক বৰ্ষৰ বাবে ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ বাৰ্ষিক মাচুল ২৫%লৈ কৰ্তন কৰাৰ নিৰ্দেশ দিছে গুজৰাট চৰকাৰে৷  
  • ৰাজস্থানঃ বিগত ২৪ ঘণ্টাত ২১৭৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০,৫৮১ জন৷
  • মধ্য প্ৰদেশঃ আজিৰে পৰা চৰকাৰী মহাবিদ্যালয়সমূহত অনলাইন শ্ৰেণীকোঠা আৰম্ভ হৈছে৷ ৰাজ্যিক চৰকাৰে সকলো নাৰ্চিং হোম আৰু ব্যক্তিগত চিকিৎসালয়ক তেওঁলোকৰ অভ্যৰ্থনা কক্ষত ক’ভিড-১৯ৰ চিকিৎসাৰ ব্যয় প্ৰদৰ্শিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷
  • চট্টিশগড়ঃ বুধবাৰে  ২,৯৪৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হ’ল ১,১৩,৬০২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০,৯২৭ জন৷ বুধবাৰে ২৮৩৬ জন ৰোগীক মুকলি কৰি দিয়াৰ জৰিয়তে আৰোগ্য হোৱা মুঠ ৰোগীৰ সংখ্যা হ’ল ৮১,৭১৮ জন৷
  • অসমঃ অসমত কালি ৩৫৯০ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৬১৬ জন ৰোগীক মুকলি কৰি দিয়া হয়৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮০৮১১ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৪৪৯৬ জন, ১৪৫৬১৫ জনক মুকলি কৰি দিয়া হৈছে আৰু ৬৯৭ জনৰ মৃত্যু হৈছে৷
  • ছিক্কিমঃ ছিক্কিমত ৩৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ২২৯০ জন লোকক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬২৭ জন আৰু ৩৯ জনৰ মৃত্যু হৈছে৷

 

ফেক্ট চেক

 

 

****************************



(Release ID: 1660820) Visitor Counter : 246