গৃহ মন্ত্ৰালয়

পুনৰ মুকলিৰ বাবে নতুন নীতি-নিৰ্দেশনা জাৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ

বিদ্যালয়সমূহ মুকলিৰ ক্ষেত্ৰত ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ শিথিলতা

কন্টেইনমেন্ট জ’নৰ বাহিৰত অধিক কাম-কাজ প্ৰশস্ত

৩১ অক্টোবৰ, ২০২০লৈ কন্টেইনমেন্ট জ’নত কঠোৰভাৱে বলবৎ হ’ব লকডাউন

Posted On: 30 SEP 2020 7:56PM by PIB Guwahati

কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰৰ এলেকাসমূহত অধিক কাম-কাজ প্ৰশস্ত কৰি গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (এমএইচএ)এ আজি নতুন নীতি-নিৰ্দেশনা জাৰি কৰিলে। ১ অক্টোবৰ, ২০২০ ৰপৰা কাৰ্যকৰী হ’বলগীয়া এই নীতি-নিৰ্দেশনাত, কাম-কাজৰ পৰ্যায়ক্ৰমিক পুনৰ-মুকলি সম্প্ৰসাৰণ কৰা হৈছে। আজি জাৰি কৰা এই নতুন নীতি-নিৰ্দেশনাখনি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰপৰা লাভ কৰা মতামত আৰু সম্পৰ্কীয় কেন্দ্ৰীয় মন্ত্ৰণালয় আৰু বিভাগসমূহৰে অনুষ্ঠিত বিস্তৃত আলোচনা মৰ্মে প্ৰস্তুত কৰা হৈছে।

নতুন নীতি-নিৰ্দেশনাখনিৰ মূল বৈশিষ্ট্য

কন্টেইনমেন্ট জ’নৰ বাহিৰৰ এলেকাত ১৫ অক্টোবৰ, ২০২০ৰপৰা কাম-কাজত অনুমতি

  • ৫০% আসন ক্ষমতাৰে চিনেমা/থিয়েটাৰ/মাল্টিপ্লেক্স আদি খুলিবলৈ অনুমতি প্ৰদান কৰা হ’ব, যাৰ বাবে তথ্য ও সম্প্ৰচাৰ মন্ত্ৰালয়ে এছঅ’পি জাৰি কৰিব।
  • বিজনেছ টু বিজনেছ (B2B) প্ৰদৰ্শনী খুলিবলৈ অনুমতি প্ৰদান কৰা হ’ব, যাৰ বাবে বাণিজ্য বিভাগে এছঅ’পি জাৰি কৰিব।
  • ক্ৰীড়াবিদসকলৰ প্ৰশিক্ষণৰ অৰ্থে ব্যৱহৃত ছুইমিং পুলসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰা হ’ব, যাৰ বাবে যুৱ পৰিক্ৰমা ও ক্ৰীড়া মন্ত্ৰালয় (MoYA&S)এ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (SOP) জাৰি কৰিব।
  • প্ৰমোদ উদ্যান আৰু সমজাতীয় স্থান খুলিবলৈ অনুমতি প্ৰদান কৰা হ’ব, যাৰ বাবে স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoHFW)এ এছঅ’পি জাৰি কৰিব।

বিদ্যালয়, মহাবিদ্যালয়, শিক্ষা প্ৰতিষ্ঠান আৰু ক’ছিং প্ৰতিষ্ঠানসমূহৰ মুকলি

  • বিদ্যালয় আৰু ক’ছিং প্ৰতিষ্ঠানসমূহৰ পুনৰ মুকলিৰ বাবে, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহলৈ পৰ্যায়ভিত্তিকভাৱে ১৫ অক্টোবৰ, ২০২০ৰ পাছত সিদ্ধান্ত গ্ৰহণৰ অৰ্থে শিথিলতা আগবঢ়াই অহা হৈছে। এই সিদ্ধান্ত সংশ্লিষ্ট বিদ্যালয়/ প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰে পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত নিম্ন উল্লেখিত চৰ্ত সাপেক্ষে গ্ৰহণ কৰা হ’বঃ

শিক্ষাদানৰ অগ্ৰাধিকাৰমূলক বিকল্প হিচাপে অনলাইন/দূৰ শিক্ষাদান অব্যাহত থাকিব আৰু ইয়াক উৎসাহিত কৰি গৈ থকা হ’ব।

  • বিদ্যালয়সমূহে অনলাইন ক্লাছ কৰি থকা সময়ত কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি বিদ্যালয়লৈ কায়িকভাৱে অহাৰ পৰিৱৰ্তে অনলাইন ক্লাছত উপস্থিত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকক তেনে কৰিবলৈ দিয়া যাব।
  • পিতৃ-মাতৃৰ লিখিত সন্মতি সাপেক্ষেহে মাথো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়/প্ৰতিষ্ঠানলৈ আহিব পাৰিব।
  • উপস্থিতি প্ৰয়োগ কৰিব নোৱাৰিব আৰু পিতৃ-মাতৃৰ সন্মতিৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব।
  • ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ (DoSEL)ৰদ্বাৰা জাৰি কৰা এছঅ’পিৰ ভিত্তিত স্থানীয় প্ৰয়োজনীয়তা সাপেক্ষে বিদ্যালয়/প্ৰতিষ্ঠানসমূহৰ পুনৰ মুকলিৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে স্বাস্থ্য আৰু সুৰক্ষা সতৰ্কতা সন্দৰ্ভত তেওঁলোকৰ নিজা এছঅ’পি প্ৰস্তুত কৰি উলিয়াব।
  • মুকলি কৰিবলৈ বিদ্যালয়সমূহক অনুমতি প্ৰদান কৰিলে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ শিক্ষা বিভাগৰদ্বাৰা জাৰি কৰা এছঅ’পি মানি চলাটো হ’ব বাধ্যতামূলক।

পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত গৃহ পৰিক্ৰমা মন্ত্ৰালয় (MHA)ৰে আলোচনামৰ্মে শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগ (DHE)এ বিদ্যালয়/উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ মুকলিৰ সময় সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। শিক্ষাদানৰ অগ্ৰাধিকাৰমূলক বিকল্প হিচাপে অনলাইন/দূৰ শিক্ষাদান অব্যাহত থাকিব আৰু ইয়াক উৎসাহিত কৰি গৈ থকা হ’ব।

  • অৱশ্যে, উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ মাথো পৰীক্ষাগাৰ/পৰীক্ষামূলক কামৰ প্ৰয়োজন হোৱা বিজ্ঞান আৰু প্ৰযুক্তি পাঠ্যক্ৰমৰ স্নাত-কোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষণাকাৰী (Ph.D.)সকলৰ বাবেহে মাথো ১৫ অক্টোবৰ, ২০২০ৰ পৰা পুনৰ মুকলিৰ অনুমতি প্ৰদান কৰিব। এনে শিক্ষানুষ্ঠানৰ ভিতৰত থাকিবঃ
    1. কেন্দ্ৰীয়ভাৱে পুঁজি যোগান ধৰা উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত, শিক্ষানুষ্ঠানখনিৰ মূৰব্বীয়ে ছাত্ৰ/ছাত্ৰীক সন্তুষ্ট কৰিব লাগিব যে বিজ্ঞান আৰু প্ৰযুক্তি পাঠ্যক্ৰমৰ স্নাত-কোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষণাকাৰী (Ph.D.)সকলৰ বাবে পৰীক্ষাগাৰ/পৰীক্ষামূলক কামৰ প্ৰয়োজনীয়তা আছে।  
    2. আন সকলো উচ্চ শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত যথাঃ ৰাজ্যিক বিশ্ববিদ্যালয়, ব্যক্তিগত বিশ্ববিদ্যালয় ইত্যাদিৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি পৰীক্ষাগাৰ/পৰীক্ষামূলক কামৰ প্ৰয়োজন হোৱা বিজ্ঞান আৰু প্ৰযুক্তি পাঠ্যক্ৰমৰ স্নাত-কোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষণাকাৰী (Ph.D.)সকলৰ বাবেহে মাথো মুকলি কৰিব পাৰে।

গোট খোৱাৰ নিয়ম

  • মাত্ৰ কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত, ১০০ লোকৰ সমাবেশেৰে সামাজিক/ শৈক্ষিক/ ক্ৰীড়া/ মনোৰঞ্জন/ সাংস্কৃতিক/ ধৰ্মীয়/ ৰাজনৈতিক কাৰ্যসূচী আৰু আন সমাবেশত ইতিমধ্যে অনুমতি জনোৱা হৈছে। এতিয়া ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰসমূহক এনে সমাবেশত লোকৰ সংখ্যা ১০০ ৰ বৃদ্ধি হ’ব পাৰিব নে নোৱাৰে তাৰ অনুমতি দিবলৈ শিথিলতা প্ৰদান কৰা হৈছে। ১৫ অক্টোবৰ, ২০২০ৰ পাছত কন্টেইনমেন্ট জ’নৰ বাহিৰত এই ক্ষেত্ৰত অনুমতি প্ৰদান কৰিলেও তলত উল্লেখিত চৰ্তসমূহ মানি চলাটো হ’ব বাধ্যতামূলকঃ
  • ঠেক স্থানত, প্ৰেক্ষাগৃহৰ সৰ্বাধিক ৫০% অনুমতি দিয়া হ’ব, ইয়াত মানুহৰ সংখ্যা ২০০ৰ অধিক হ’ব নোৱাৰিব। ফেচ মাস্ক পৰিধান, সামাজিক দূৰত্ব বজাই ৰখা, থাৰ্মেল স্কেঙৰ ব্যৱস্থা কৰা আৰু হেণ্ড ৱাছ বা ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো হ’ব বাধ্যতামূলক।
  • মুকলি স্থানত, স্থান/খালী ঠাইৰ আকাৰৰ ওপৰত ভিত্তি কৰি সেই মতে মানুহৰ সংখ্যা সীমাবদ্ধ কৰিব লাগিব তথা সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, ফেচ মাস্ক বাধ্যতামূলকভাৱে পৰিধান কৰিব লাগিব আৰু থাৰ্মেল স্কেনিং আৰু হেণ্ড ৱাছ বা ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব।

এনে সমাবেশৰ জৰিয়তে ক’ভিড-১৯ৰ সংক্ৰমণ নোহোৱাটো নিশ্চিত কৰিবলৈ, ৰাজ্য/ কেন্দ্ৰীয় শাসিত চৰকাৰে এনে সমাবেশক নিয়ন্ত্ৰিত কৰিবলৈ বিস্তৃত এছঅ’পি জাৰি কৰিব লাগিব আৰু ইয়াক কঠোৰভাৱে কাৰ্যকৰী কৰি তুলিব লাগিব।

  • তলত উল্লেখ কৰাৰ বাহিৰে, কন্টেইনমেন্ট জ’নৰ বাহিৰত সকলো কাম-কাজত অনুমতি প্ৰদান কৰিবঃ
    1. গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ অনুমতিৰ বাহিৰে যাত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ।
  • ৩১ অক্টোম্বৰ, ২০২০ পৰ্যন্ত কন্টেইনমেন্ট জ’নসমূহত কঠোৰভাৱে লকডাউন বলবৎ হৈ থাকিব।
  • সংক্ৰমণৰ শৃংখল ফলপ্ৰসূতাৰে ছিঙি পেলোৱাৰ উদ্দেশ্যৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)ৰ নীতি-নিৰ্দেশনাখনিৰ বিবেচনা কৰাৰ পাছত তৃণমূল পৰ্যায়ত জিলা কৰ্তৃপক্ষৰদ্বাৰা কন্টেইনমেন্ট জ’নসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ’ব। কন্টেইনমেন্ট জ’নসমূহত কঠোৰভাৱে নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব আৰু মাথো নিত্য-ব্যৱহাৰ্য কাম-কাজতহে অনুমতি দিয়া হ’ব।
  • কন্টেইনমেন্ট জ’নসমূহৰ ভিতৰত, কঠোৰ সীমা নিয়ন্ত্ৰণ (strict perimeter control) মানি চলিব লাগিব আৰু মাথো এৰাব নোৱাৰা কাম-কাজতহে অনুমতি দিয়া হৈছে।
  • এই কন্টেইনমেন্ট জ’নসমূহক সংশ্লিষ্ট জিলা কালেক্টৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৱেবচাইটত প্ৰকাশ কৰিব লাগিব আৰু ইয়াৰ তথ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় (MoHFW)কো দাখিল কৰিব লাগিব।

কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত ৰাজ্যই কোনো ধৰণৰ স্থানীয় লকডাউন বলবৎ কৰিব নোৱাৰিব

  • কেন্দ্ৰীয় চৰকাৰখনৰ সৈতে পূৰ্বে আলোচনা নকৰাকৈ, কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কোনো ধৰণৰ স্থানীয় লকডাউন (ৰাজ্য/জিলা/মহকুমা/মহানগৰ/গাঁও পৰ্যায়ত) বলবৎ কৰিব নোৱাৰিব।

আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচলত বাধা নাই

  • ব্যক্তি আৰু দ্ৰব্যৰ আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহত বাধা নাথাকিব। এনে চলাচল-সৰবৰাহৰ বাবে পৃথক অনুমতি/অনুমোদন/ই-পাৰ্মিটৰ প্ৰয়োজনীয়তা নাথাকিব।

’ভিড-১৯ ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় নিৰ্দেশিকা (Directives)

  • সামাজিক দূৰত্ব সুনিশ্চিতকৰণৰ লক্ষ্যৰে, সমগ্ৰ দেশতে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ অৰ্থে ৰাষ্ট্ৰীয় নিৰ্দেশনা পালন বাহাল থাকিব। দোকান-পোহাৰসমূহে গ্ৰাহকসকলৰ মাজত যথোপযুক্ত শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গৃহ পৰিক্ৰমা মন্ত্ৰণালয় (MHA)এ ৰাষ্ট্ৰীয় নিৰ্দেশনাৰ ফলপ্ৰসূ ৰূপায়ণ নিৰীক্ষণ কৰিব।

আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোক (vulnerable persons)ৰ অৰ্থে সুৰক্ষা

  • আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোক যথাঃ ৬৫ বছৰ বয়সৰ উৰ্ধ লোক, আন ৰোগত আক্ৰান্ত হৈ থকা লোক, গৰ্ভৱতী মহিলা আৰু ১০ বছৰ বয়সৰ অনূৰ্ধ শিশুক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা আৰু চিকিৎসা সম্পৰ্কীয় কাৰণৰ বাহিৰে ঘৰতে থকাৰ পৰামৰ্শ প্ৰদান কৰি অহা হৈছে।

আৰোগ্য সেতুৰ ব্যৱহাৰ

  • আৰোগ্য সেতু ম’বাইল এপ্লিকেশ্যনটো ব্যৱহাৰত উৎসাহিত কৰি যোৱা যাব।

*****

NW/RK/PK/DDD/SB



(Release ID: 1660481) Visitor Counter : 272