গ্ৰামোন্নয়ণ মন্ত্ৰালয়

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ উদ্দেশ্য পূৰণৰ বাবে এই পৰ্যন্ত প্ৰায় ৩০ কোটি শ্ৰম দিৱস ৰোজগাৰ উপলব্ধ কৰোৱা হৈছে আৰু ২৭,০০০ কোটি টকাতকৈ অধিক ব্যয় কৰা হৈছে

অভিযানৰ অধীনত সৃজন হোৱা পৰিসম্পত্তিত ১.১৪ লক্ষাধিত জল সংৰক্ষণ আন্তঃগাঁথনি, প্ৰায় ৩.৬৫ লাখ গ্ৰামীণ ঘৰ তথা প্ৰায় ১০,৫০০ ৰাজহুৱা স্বচ্ছতা পৰিসৰ অন্তৰ্ভুক্ত আছে

Posted On: 30 SEP 2020 6:55PM by PIB Guwahati

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত প্ৰব্ৰজিত শ্ৰমিক যি বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, ওড়িশা, ৰাজস্থান তথা উত্তৰ প্ৰদেশস্থিত নিজৰ গাঁৱলৈ উভটি আহিছে, তেওঁলোকক ৰোজগাৰ প্ৰদানৰ বাবে অভিযানভিত্তিত কাম কৰি আছে৷ এই অভিযান এতিয়া এই ৰাজ্যসমূহৰ ১১৬খন জিলাত আজীৱিকা অৱকাশৰ সৈতে গ্ৰামাঞ্চলকো সশক্ত কৰি আছে৷

১৩তম সপ্তাহ পৰ্যন্ত অভিযানৰ উদ্দেশ্য পূৰণৰ বাবে এই পৰ্যন্ত প্ৰায় ৩০ কোটি শ্ৰম দিৱস ৰোজগাৰ উপলব্ধ কৰোৱা হৈছে আৰু ২৭,০০৩ কোটিতকৈও অধিক টকা ব্যয় কৰা হৈছে৷ ১,১৪,৩৪৪ জল সংৰক্ষণ আন্তঃগাঁথনি, ৩,৬৫,০৭৫ গ্ৰামীণ ঘৰ, ২৭,৪৪৬ পশু ঘৰ, ১৯,৫২৭ কৃষি পুখুৰী আৰু ১০,৪৪৬ ৰাজহুৱা স্বচ্ছতা পৰিসৰ সহিতে বৃহৎ সংখ্যাত আন্তঃগাঁথনিসমূহ নিৰ্মাণ কৰা হৈছে৷ জিলা খনিজ নিধিৰ জৰিয়তে ৬৭২৭ কাৰ্য আৰম্ভ কৰা হৈছে, ১৬৬২ গাঁও পঞ্চায়তক ইণ্টাৰনেট সংযোগৰ সুবিধা প্ৰদান কৰা হৈছে, কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে ৫৪,৪৫৫ প্ৰত্যাশীক কৌশল প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷

 

*****

APS/SG/MANN



(Release ID: 1660531) Visitor Counter : 174