শক্তি মন্ত্ৰালয়

২০২০-২১ বৰ্ষৰ বাবে কেন্দ্ৰীয় বিদ্যুৎ মন্ত্ৰালয়ৰ সৈতে এছজেভিএনৰ বুজাবুজি চুক্তি স্বাক্ষৰ

বৰ্ষটোত ‘এক্সিলেণ্ট’ শাখাৰ অধীনত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে ৯৬৮০ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰাৰ লক্ষ্য হাতত লৈছে

বুজাবুজি চুক্তিৰ অংশ হিচাপে ‘কাপেক্সে’ ২৮৮০ কোটি টকাৰ লক্ষ্য স্থিৰ কৰিছে আৰু ২৮০০ কোটি টকাৰ টাৰ্ণ অভাৰৰ লক্ষ্যও গ্ৰহণ কৰিছে

Posted On: 30 SEP 2020 4:40PM by PIB Guwahati

কেন্দ্ৰৰ সৈতে এছজেভিএনে ২০২০-২১ বৰ্ষৰ বাবে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় বিদ্যুৎ বিভাগৰ সচিব শ্ৰী এছ এন সাহাই আৰু এছজেভিএনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী নন্দলাল শৰ্মাই এই চুক্তিত স্বাক্ষৰ কৰিছে। সম্পূৰ্ণ প্ৰক্ৰিয়াটো ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমত সম্পন্ন হৈছে।

চুক্তি অনুযায়ীএছজেভিএনে এইবছৰত উৎকৃষ্ট মানৰ ৯৬,৮০০ লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰিব। ইয়াৰ উপৰিওএছজেভিএনে ২,৮৮০ কোটি টকাৰ মূলধন খৰচ কৰাৰ লক্ষ্য ৰাখিছে আৰু পৰিচালনা দক্ষতাৰ বাবে আৰু প্ৰকল্পবোৰৰ তদাৰকীৰ বাবদ ২,৮০০ কোটি টকা ব্যয়ৰ লক্ষ্য ধাৰ্য কৰিছে।

এছজেভিএনৰ তৰফৰ পৰা সংস্থাৰ সঞ্চালক (পাৰ্ছনেল) শ্ৰীমতী গীতা কাপুৰ, সঞ্চালক (ছিভিল) শ্ৰী এছ পি বান্সাল, সঞ্চালক (বিত্ত) শ্ৰী এ কে সিং আৰু সঞ্চালক (ইলেক্ট্ৰিকেল) শ্ৰী সুশীল শৰ্মাই এই বুজাবুজি চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত আছিল।

ভিডিঅ’ কনফাৰেন্সত শ্ৰী নন্দলাল শৰ্মাই জনায়, ,০১৬ মেগাৱাট ক্ষমতাৰ বিদ্যুৎ উৎপাদনৰ ফলত সংস্থাটো ২০১৯-২০ বৰ্ষত ইয়াৰ অংশীদাৰসকলৰ মুঠ ৮৬৪ কোটি ৬৬ লাখ লভ্যাংশ দিছে। ইয়াৰ পূৰ্বৰ বছৰত ইয়াৰ পৰিমাণ আছিল ৮৪৪ কোটি ৯১ লাখ। তেওঁ লগতে জনায়, সংশ্লিষ্ট সংস্থাটোৱে ১০০ মেগাৱাট ক্ষমতাসম্পন্ন ধোলেৰা সৌৰবিদ্যুৎ প্ৰকল্প আৰু ১০০ মেগাৱাট ক্ষমতাসম্পন্ন ৰাঘানেছদা সৌৰবিদ্যুৎ প্ৰকল্পৰো অনুমোদন লাভ কৰিছে। গুজৰাট শক্তি নিগম লিমিটেডক ইয়াৰ বাবে ধোলেৰা প্ৰকল্পত ইউনিটে প্ৰতি ২.৮০ টকা আৰু ৰাঘানেছদা প্ৰকল্পত ইউনিটে প্ৰতি ২.৭৩ টকা দিব লাগিব।

এছজেভিএনে বৰ্তমান হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, নেপাল আৰু ভুটানত ১৩ টা জলবিদ্যুৎ প্ৰকল্পৰ কাম কৰি আছে। ইয়াৰ উপৰিও, বিহাৰত ১,৩২০ মেগাৱাট বক্সাৰ তাপবিদ্যুৎ প্ৰকল্প ৰূপায়ণৰ কামো কৰা হৈছে। শ্ৰী নন্দলাল শৰ্মাই লগতে জনায়, তেওঁলোকৰ সংস্থাই নেপালত আৰু অৰুণাচল প্ৰদেশত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰো সম্ভাৱনা দেখিছে।

শ্ৰী শৰ্মাই আশা ব্যক্ত কৰে যে, ২০২৩ বৰ্ষৰ ভিতৰত তেওঁলোকে ৫ হাজাৰ মেগাৱাট, ২০৩০ বৰ্ষৰ ভিতৰত ১২ হাজাৰ মেগাৱাট আৰু ২০৪০ বৰ্ষৰ ভিতৰত ২৫ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য ধাৰ্য কৰিছে।

 

RCJ/M/RD



(Release ID: 1660524) Visitor Counter : 150