PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 30 SEP 2020 6:03PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

ভাৰতত চিকিসাধীন ৰোগীৰ হাৰ কমি আহিছে, বৰ্তমান মুঠ আক্ৰান্ত ৰোগীৰ ১৫.১১%হে চিকিসাধীন হৈ আছে, মুঠ চিকিসাধীন ৰোগীৰ ৭৬%ই ১০খন সৰ্বাধিক প্ৰভাৱিত ৰাজ্যৰ

ভাৰতত মুঠ আক্ৰান্ত ৰোগীৰ বিপৰীতে চিকিসাধীন ৰোগীৰ হাৰ কমি আহিছে৷ বৰ্তমান মুঠ আক্ৰান্ত ৰোগীৰ ১৫.১১% চিকিসাধীন হৈ আছে৷ দেশত এতিয়া ৯,৪০,৪৪১জন ৰোগী চিকিসাধীন হৈ আছে৷ ১ আগষ্টত এই হাৰ ৩৩.৩২%ৰ পৰা  ৩০ ছেপ্টেম্বৰ এই হাৰ ১৫.১১% হৈছে৷  ইফালে, আৰোগ্য হাৰ ক্ৰমান্বয়ে উন্নীত হৈ আজি ৮৩.৩৩% হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৮৬,৪২৮গৰাকী ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান সৰ্বমুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৫১,৮৭,৮২৫গৰাকী হৈছে৷ ইফালে, চিকিসাধীন ৰোগীৰ ৭৬%ই ১০খন সৰ্বাধিক প্ৰভাৱিত ৰাজ্যৰ৷ সেই ৰাজ্যসমূহ হৈছে মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, অন্ধ্ৰপ্ৰদেশ উত্তৰপ্ৰদেশ. তামিলনাডু, ওড়িশা, অসম, চত্তীশগড় আৰু তেলেংগানা৷ বিগত ২৪ ঘণ্টাত দেশত ৮০,৪৭২গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে ১,১৭৯গৰাকী ৰোগীৰ মৃত্য হৈছে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1660258

 

প্ৰসূতি মাতৃ, নৱজাতক আৰু শিশুৰ স্বাস্থ্য(পিএমএনচিএইচ)পুৱাৰ আহাৰৰ দায়িত্বসহযোগিতা কাৰ্যসূচীত ভাষণ আগবঢ়ালে ড০ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজি এক ভিডিঅকনফাৰেন্সিংযোগে প্ৰসূতি মাতৃ, নৱজাতক আৰু শিশুৰ স্বাস্থ্য (পিএমএনচিএইচ)পুৱাৰ আহাৰৰ দায়িত্বসহযোগিতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ হোৱাইট ৰিবন এলায়েন্স (ডব্লিউআৰএ) আৰু প্ৰতিগৰাকী মহিলা আৰু প্ৰতিগৰাকী শিশু(ইডব্লিউইচি) দ্বাৰা এই কাৰ্যসূচী আয়োজন কৰা হয়৷ এই বৰ্ষৰ বিষয় হৈছে ভিড মহামাৰীৰ জৰিয়তে প্ৰজনন, মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ সৈতে সম্পৰ্কীত বিষয়ত কঠিন পৰিশ্ৰমৰ দ্বাৰা লাভ অৰ্জনৰ বাবে কৰা প্ৰয়াস৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1660178

 

ভিড-১৯ সংকটে আয়ুস বিষয়ত এটাগৱেষণা সংস্কৃতি প্ৰেৰিত কৰিছে

ভিড-১৯ মহামাৰীটোৱে আয়ুস বিষয়ৰ স্বাস্থ্য়-প্ৰচাৰ আৰু ৰোগ-প্ৰতিৰোধ সমাধানত আলোকপাত কৰিছে। ভাষাৰ বাধ্যবাধকতা অবিহনে, ০১ মাৰ্চ, ২০২০ ৰপৰা ২৫ জুন, ২০২০ লৈ আয়ুৰ্বেদ মধ্যৱৰ্তিতাৰ ভিড-১৯ৰ পঞ্জীকৃত ট্ৰায়েলৰ বাবে ক্লিনিকেল ট্ৰায়েল ৰেজিষ্ট্ৰী অৱ ইণ্ডিয়াৰ সন্ধানৰ জৰিয়তে এটা অধ্যয়ন কৰা যায়। এই সময়ছোৱাত আয়ুৰ্বেদত পঞ্জীয়ন হোৱা নতুন ট্ৰায়েলৰ সংখ্যা হৈছে ৫৮। ২০২০ৰ আগষ্টত প্ৰকাশিত বাতৰি অনুসৰি ক্লিনিকেল ট্ৰায়েল ৰেজিষ্ট্ৰী অৱ ইণ্ডিয়া (CTRI) পঞ্জীয়ন হোৱা ২০৩ টা ট্ৰায়েলৰ ভিতৰত, ৬১.% হৈছে আয়ুস বিষয়ৰ। শেহতীয়াভাৱেজাৰ্ণেল অৱ ৰিচাৰ্ছ ইন আয়ুৰ্বেদিক চায়েন্স প্ৰকাশিত ‘‘আয়ুৰ্বেদ ৰিচাৰ্ছ ষ্টাডিজ অন ভিড-১৯ ৰেজিষ্ট্ৰেচন ইন চিটিআৰআইঃ ক্ৰিটিকেল এপ্পৰেইজেল’’ শীৰ্ষক এটি অধ্যয়নত আয়ুস বিষয়ত এই বৰ্ধিতগৱেষণা-সংস্কৃতি আলোকপাত কৰা হৈছে। ইয়াত আয়ুৰ্বেদ আৰু ভিড-১৯ৰে জড়িত চিটিআৰআই পঞ্জীকৃত ট্ৰায়েলত কেতবোৰ অতিৰিক্ত অন্তৰ্দৃষ্টিৰ সংযোগ ঘটোৱা হৈছে। মুঠ পঞ্জীকৃত ট্ৰায়েলৰ, প্ৰায় ৭০% ট্ৰায়েলৰে পৃষ্ঠপোষক আছিল চৰকাৰখন আৰু আয়ুস মন্ত্ৰালয়ৰে জড়িত আয়ুৰ্বেদৰ সংস্থাসমূহ। এই ট্ৰায়েলসমূহে গৱেষণাকাৰীসকলক উপযোগী তথ্য আগবঢ়াব যাৰ জৰিয়তে তেওঁলোকে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণত সহায়ক হৈ উঠিব আৰু সাধাৰণ লোকৰ বাবেও ভিড-১৯ত আয়ুৰ্বেদৰ অৱদান কি, সেয়া বুজি পোৱাত সহজ ব। সম্পূৰ্ণ হৈ উঠিলে, এই প্ৰতিশ্ৰুতিবদ্ধ অধ্যয়নৰ ফলাফল যিমান পৰা যায় সিমান সোনকালে প্ৰকাশ কৰা যাব যাৰ ফলত মেডিচিনৰ আযুস প্ৰণালীৰপৰা আৰম্ভ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ লাভৰ অৰ্থে ফলপ্ৰসূ সমাধান সূত্ৰ নিৰ্ণয় কৰালৈকে নীতি-নিৰ্ধাৰকসকলৰ সহায়ক হৈ উঠিব। ইয়াৰোপৰি, এই প্ৰত্যাহ্বানৰ সময়ত, ভাৰতত ভিড-১৯ প্ৰয়োগ কৰা আয়ুৰ্বেদ ক্লিনিকেল ট্ৰায়েলৰ ফলাফলসমূহৰ সন্দৰ্ভত বিশ্বৰ বৈজ্ঞানিক সমাজে জানিবলৈ তথ্য আগবঢ়াব। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ভৱিষ্যতে সহযোগিতামূলক অধ্যয়নৰ বাবে সম্ভাৱ্য তথ্যৰ ৎস সৃষ্টি কৰিব। এই উল্লেখিত ৫৮ পঞ্জীকৃত ট্ৰায়েলৰ ভিতৰত, ৫২ (৮৯.৬৬%) হৈছে হস্তক্ষেপমূলক ট্ৰায়েল আৰু (১০.৩৪%) হৈছে পৰ্যবেক্ষণমূলক ট্ৰায়েল। গৰিষ্ঠসংখ্যক ট্ৰায়েলতে টাৰ্গেট জনসমষ্টি হিচাপে উভয় লিংগৰ প্ৰাপ্তবয়স্ক লোকসকলক সামৰি লোৱা হৈছে। মুঠ ৫৩ (৯১.৩৮%) ট্ৰায়েলত ১৮ বছৰ বা ততোধিক বয়সৰ অংশগ্ৰহণকাৰী নিয়োগ কৰা যায় আৰু মাত্ৰ ০৫ (.৬২%) ট্ৰায়েলত ১৮ বছৰৰ তলৰ অংশগ্ৰহণকাৰীক নিয়োগ কৰা হয়। চেন্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্ছ ইন আয়ুৰ্বেদিক চায়েন্সৰ গৱেষণাকাৰীসকলৰদ্বাৰা প্ৰণয়ন কৰা পত্ৰিকাখনিত, আয়ুৰ্বেদ ভিত্তিক ভিড-১৯ ক্লিনিকেল ট্ৰায়েল সন্দৰ্ভত সৱিশেষ তথ্য আগবঢ়োৱা হৈছে। ইয়াত সন্নিৱিষ্ট কৰা হৈছে ট্ৰায়েল ৰেজিষ্ট্ৰী নম্বৰ আৰু পৃষ্ঠপোষকতাৰ প্ৰশাসনীয় তথ্য, অধ্যয়নৰ প্ৰকাৰৰ বৰ্ণনামূলক তথ্য আৰু অধ্যয়নৰ দৈৰ্ঘ্য আৰু অধ্যয়নৰ ডিজাইন। ইয়াৰোপৰি, পঞ্জীয়নৰ তাৰিখ আৰু অধ্যয়নৰ আৰম্ভণিৰ প্ৰকৃত তাৰিখ আৰু নিয়োগ সম্পৰ্কীয় তথ্য, কাৰ-কাৰ তুলনা কৰা হৈছিল, উপস্থাপন কৰা হৈছিল আৰু চিটিআৰআইত ০১ মাৰ্চ, ২০২০ ৰপৰা ২৫ জুন, ২০২০লৈ পঞ্জীয়ন হোৱা ট্ৰায়েল তথ্যৰ ভিত্তিত কৰা বিশ্লেষণৰ সৱিশেষ উদ্ধৃত কৰা হৈছে।

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1660259

 

সুস্থ জীৱনশৈলীৰ বৰ্তাই ৰখাৰ বাবেদিনচৰ্যাআৰুঋতুচৰ্যা অৱধাৰণা পালনৰ পৰামৰ্শ আগবঢ়ালে উপ-ৰাষ্ট্ৰপতিয়ে; আগশাৰীৰ যোদ্ধা আৰু ভিড-১৯ ৰোগীৰ ক্ষেত্ৰত সনা কলংক আৰু বৈষম্যৰ বিষয়ক গৰিহণা উপ-ৰাষ্ট্ৰপতিৰ

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৱে কালি এক সুস্থ শৰীৰ আৰু সুস্থ মনৰ মহত্বক জোৰ দি কয় যে আমি সুস্থ জীৱন বৰ্তাই ৰখাৰ বাবেদিনচৰ্যা’-দৈনিক অনুশাসন আৰুঋতুচৰ্যা’-বতৰৰ অনুশাসন অৱধাৰণা পালন কৰিব লাগিব৷ ভিডিঅকনফাৰেন্সৰ জৰিয়তেভিডৰ পাছত স্বাস্থ্য সেৱাৰ বিশ্ব-নতুন আৰম্ভণিশীৰ্ষক বিষয়ত ফিক্কি হীলৰ চতুৰ্দশ সংস্কৰণ উদ্বোধন কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে এই মহামাৰীয়ে আমাক শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে সুস্থ থকাৰ গুৰুত্ব সম্পৰ্কে শিকালে৷ তেওঁ কয় যে ৰোগ দূৰ কৰিবলৈ সন্তুলিত আহাৰ আৰু ফিটনেচ দুয়োটাই আৱশ্যক৷

অধিক বিৱৰণৰ বাবেঃhttps://pib.gov.in/PressReleseDetail.aspx?PRID=1660091

 

কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মুনাফা, কর্মদক্ষতা আৰু লেনদেন বৃদ্ধিত চৰকাৰে অগ্রাধিকাৰ দিছেঃ প্ৰকাশ জাভড়েকাৰ

চলিত মহামাৰীৰ সময় কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে গুৰুত্বপূর্ণ ভূমিকা পালনৰ প্ৰশংসা কৰি কেন্দ্রীয় গুৰু উদ্যোগ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী শ্রী প্ৰকাশ জাভড়েকাৰে কয় যে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ দেশৰ গৌৰৱ আৰু মোদী চৰকাৰে এই সংস্থাসমূহৰ কর্মদক্ষতা, লেনদেন আৰু মুনাফা বৃদ্ধি সর্বোচ্চ অগ্রাধিকাৰ দিছে৷ মন্ত্ৰী জাভড়েকাৰ আৰু বিভাগীয় ৰাজ্য মন্ত্রী অর্জুন ৰাম মেঘৱালে আজি 'বিল্ডিং ছেলফ ৰিলায়েন্স, ছেলফ ৰিচার্জেন্ট আৰু ৰেছিলিয়েণ্ট ইণ্ডিয়া' শীর্ষক এক পুস্তিকা উন্মোচন কৰে৷ চলিত মহামাৰীৰ সময়ত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ বিভিন্ন প্ৰচেষ্টা আৰু অৱদানৰ কথা এই পুস্তিকাত লিপিবদ্ধ কৰা হৈছে। মন্ত্ৰী জাভড়েকাৰে ক’ভিড-১৯ মহামাৰীৰ সময়ত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কাম-কাজৰ প্ৰশংসা কৰি কয় যে ক’ৰোনা মহামাৰীৰ সময়ত ৯৯ শতাংশ ক্ষেত্রতে বিদ্যু যোগান অব্যাহত ৰখা হৈছে, প্রায় ২৪,০০০ এলপিজি বিতৰক, ৭১,০০০ খুচৰা বিক্ৰেতা আৰু ৬,৫০০তকৈ অধিক এছকেঅ’ ডিলাৰে জটিল পৰিস্থিতিতে দিনে-ৰাতিয়ে জনসাধাৰণৰ সেৱা কৰি আহিছে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1660295

 

ক’ভিড-১৯এ সৃষ্ট কৰা জটিলতা দূৰ কৰাৰ বাবে ধৈৰ্য, সামূহিক শক্তিৰ প্ৰয়াস আৰু প্ৰক্ৰিয়া পুনৰ অভিযান্ত্ৰিকীকৰণ কৰাৰ ক্ষেত্ৰত জোৰ দিয়ে মন্ত্ৰী পীয়ুষ গোৱেলে

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী শ্রী পীযূষ গোৱেলে কৃষক সমাজৰ স্বার্থ সুৰক্ষাত কৃষি খণ্ডত কৰা সংস্কাৰসমূহক যুগান্তকাৰী অধ্যায় হিচাপে আখ্যা দিছে৷ শ্রী গোৱেলে আজি ফেডাৰেচন অৱ তেলেংগাননা চেম্বাৰ্চ অৱ কমাৰ্ট এণ্ড ইণ্ডাষ্ট্ৰীয়ে আয়োজন কৰ এক নতুন বিশ্ব-শৃঙ্খল-আত্মনির্ভৰ ভাৰত শীর্ষক অনুষ্ঠানত বক্তব্য আগবঢ়ায়৷ তেওঁ লগতে কয় যে নতুন এই বিশ্ব-শৃঙ্খলে ভাৰতত কৃষি খণ্ডৰ ঐতিহাসিক প্রেক্ষাপটক সলনি কৰিব৷ আনকি, আত্মনির্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে কৃষি খণ্ডত সংস্কাৰমূলক পদক্ষেপসমূহে কৃষক সমাজৰ আয় আৰু তেওঁলোকৰ পাদনশীলতা বৃদ্ধি কৰিব

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1660318

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট

 

  • মহাৰাষ্ট্ৰঃ ৩০ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ নতুন লকডাউনৰ সময়সীমা অন্তৰ পৰাৰ লগে লগে ৰাজ্য চৰকাৰে ক’ভিড-১৯ৰ বাবে বিগত ৬মাহে বন্ধ থকা ৰেষ্টুৰেণ্টসমূহ পুনৰ মুকলি কৰাৰ বাবে এক সাধাৰণ পৰিচালন পদ্ধতি ঘোষণা কৰিছে৷ চৰকাৰে অহা নৱৰাত্ৰি পালনৰ সন্দৰ্ভতো এক নিৰ্দেশনা জাৰি কৰিছে৷ এই উপলক্ষে দাণ্ডিয়াৰস আৰু গৰ্বা সাংস্কৃতিক কাৰ্যসূচীত সমবেত ৰাইজক লৈ ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰাৰ আহ্বান জনায়৷ বৰ্তমান ৰাজ্যখনত ২.৬০লাখ ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷
  • গুজৰাটঃ বিগত ২৪ ঘণ্টাত ১,৩৮১গৰাকী নতুনকৈ আক্ৰান্তসহ গুজৰাটৰ ক’ভিড ৰোগীৰ সংখ্যা মঙলবাৰে ১,৩৬,০০৪গৰাকীলৈ বৃদ্ধি পাইছে৷ এই সময়ছোৱাত নতুনকৈ ১১জন ৰোগীৰ মৃত্যুসহ মুঠ মৃত লোকৰ সংখ্যা ৩,৪৪২জনলৈ বৃদ্ধি পালে৷ গুজৰাটত বৰ্তমান ১৬,৭০৩গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৮৫.১৯%৷
  • ৰাজস্থানঃ ২ অক্টোবৰত ৰাজ্যখনত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ মাস্ক পৰিধান আৰু সামাজিক গুৰত্ব বজাই ৰকাৰ সন্দৰ্ভত এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷ ১১খন জিলাৰ সদৰত এই কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷ ৰাজ্যখনত বৰ্তমান ২০,৩৭৬গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশ চৰকাৰে ৰাজ্যখনৰ সকলো নাৰ্ছিং হোম আৰু ব্যক্তিগত চিকিসালয়ত ক’ভিড-১৯ ৰোগীৰ চিকিসাৰ বাবে লোৱা ধনৰ পৰিমাণ অভ্যৰ্থনা কক্ষত প্ৰদৰ্শন কৰি থোৱাটো বাধ্যতামূলক বুলি জাননী জাৰি কৰিছে৷ ৰাজ্যখনৰ বৰ্তমান ২১,৩১৭গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • অসমঃ অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে টুইটাৰযোগে জনোৱা মতে কালি ৰাজ্যখনত ১,৭০২গৰাকী ৰোগী ডিছচাৰ্ডজ দিয়া বুলি সদৰি কৰি তেওঁ এই মহামাৰী নিয়ন্ত্ৰণৰ বাবে ৰাজ্যবাসীক অধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়৷ ৰাজ্যখনত এতিয়ালৈকে ১,৪৩,৯৯গৰাকীক ডিছচাৰ্জড দিয়াৰ বিপৰীতে এতিয়াও ৩২,৫৩৯গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • মনিপুৰঃ ৰাজ্যখনত নতুনকৈ ২৯গৰাকী লোক আক্ৰান্ত হৈছে৷ কালি আৰু এজন লোকসহ মৃত্যুৰ সংখ্যা ৬৫জনলৈ বৃদ্ধি পাইছে৷
  • মেঘালয়ঃ ৰাজ্যখনত এতিয়ালৈকে ৩,৯৪০জন লোক আৰোগ্য হোৱাৰ বিপৰীতে বৰ্তমান ১,৪৭৬গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • মিজোৰামঃ কালি মিজোৰামত ২৮গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমান ৪১০গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • নাগালেণ্ডঃ ৮৩গৰাকী নতুন আক্ৰান্তসহ নাগালেণ্ডৰ মুঠ ক’ভিড ৰোগীৰ সংখ্যা ৬,০৪০গৰাকীলৈ বৃদ্ধি হৈছে৷ বৰ্তমান ৰাজ্যখনত ১,০৩৭ গৰাকী ৰোগী চিকিসাধীন হৈ আছে আৰু ইতিমধ্যে ৪,৯৪২গৰাকী লোক আৰোগ্য হৈছে৷
  • ছিকিমঃ ৪১গৰাকী নতুন আক্ৰান্ত আৰু ৭১গৰাকী ডিছচাৰ্জডসহ ৰাজ্যখনত ৬৬৭গৰাকী ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷
  • কেৰালাঃ ৰাজ্যিক কেবিনেটে নিৰাশ্ৰয়ী লোক, মানসিক স্বাস্থ্য কেন্দ্ৰ আৰু মঠসমূহত অহা তিনি মাহলৈ বিনামূলীয়া কিট যোগানৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনত বৰ্তমান ৬১,৭৯১গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • তামিলনাডুঃ ৰাজ্যিক কেবিনেটে কেতবোৰ শিথিলতা জাৰি কৰিলেও অহা ৩১ অক্টোবৰলৈকে আৰু এমাহৰ বাবে লকডাউন বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷ এই সময়ছোৱাত শিক্ষানুষ্ঠানসমূহো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্য চৰকাৰে সকলো কৰ্তৃপক্ষক অহা ২ অক্টোবৰত গাঁও সভা অনুষ্ঠিত কৰি ক’ভিড-১৯ৰ সজাগতা বৃদ্ধিৰ অনুমতি দিছে৷
  • কৰ্ণাটকঃ মঙলবাৰে ১০,৪৫৩গৰাকী নতুন আক্ৰান্তসহ ৰাজ্যখনৰ ক’ভিড ৰোগীৰ সংখ্যা ৫,৯২,৯১১গৰাকীলৈ বৃদ্ধি পাইছে৷ উচ্চ ন্যায়ালয়ে ক’ভিড হাস্পতালসমূহত অক্সিজেনৰ পৰ্যাপ্তৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল নিৰ্দেশ দিয়াৰ লগতে ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰিছে৷
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্য চৰকাৰে সামাজিক দুৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশনা মানি আৰটিচিৰ বাছত ভ্ৰমণ কৰাৰ অনুমতি প্ৰদান কৰিছে৷ ইফালে, আৰটিচিয়ে ইয়াৰ কৰ্মচাৰীসকল কোনো যদি ক’ভিড আক্ৰান্ত হৈ মৃত্যু হয় তেতিয়া আত্মীয়ক ৫লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে৷ ইতিমধ্যে আৰটিচি ৪,৫০০ কৰ্মী ক’ৰোনাৰ বলি হৈছে আৰু ইয়াৰে ৭২জনৰ মৃত্যু হৈছে৷ 
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানাত ২,১০৩ নতুনকৈ আক্ৰান্ত, ২,২৪৩ আৰোগ্য আৰু ১১ জন ক’ভিড ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ ৰাজ্যখনত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৯১,৩৮৬জনৰ বিপৰীতে বৰ্তমান ২৯,৩২৬গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ মৃত্যু সংখ্যা ১,১২৭জনলৈ বৃদ্ধি পাইছে৷

 

FACT CHECK

 

****************



(Release ID: 1660483) Visitor Counter : 180