প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-শ্ৰীলংকাৰ মাজত হোৱা দ্বিপাক্ষিক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মুকলি ভাষণ

Posted On: 26 SEP 2020 5:36PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী

মহিন্দ্ৰা ৰাজপক্ষ,

নমস্কাৰ

আয়ুবোবান,

ৱনাক্কম

মহোদয়,

মই এই ভাৰ্চুৱেল সন্মিলনলৈ আপোনাক স্বাগতম জনাইছো৷ সদায়ৰ দৰে আপোনাৰ প্ৰথমটো চৰকাৰী ভ্ৰমণত আপোনাক স্বাগতম জনাবলৈ পাই সুখী অনুভৱ কৰিলোহেঁতেন৷ এই নিমন্ত্ৰণ আপোনাৰ বাবে সদায়েই থাকিব৷ বৰ্তমানৰ স্থিতিলৈ লক্ষ্য ৰাখি আমি ভাৰ্চুৱেল সন্মিলনত মিলিত হ’বলৈ পাই সুখী অনুভৱ কৰিছো৷ এই সন্মিলনৰ বাবে আপুনি মোৰ নিমন্ত্ৰণ স্বীকাৰ কৰিলে, ইয়াৰ বাবে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷

মই আপোনাক প্ৰধানমন্ত্ৰী পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনাইছো৷ সংসদীয় নিৰ্বাচনত এছএলপিপিৰ দুৰ্দান্ত জয়ৰ বাবে আপোনাক পুনৰবাৰ অভিনন্দন জনাইছো৷ এই ঐতিহাসিক জয়ত আপোনাৰ নেতৃত্বত জনসাধাৰণৰ বিশ্বাস প্ৰদৰ্শিত হৈছে৷

ভাৰত আৰু শ্ৰীলংকাৰ সম্বন্ধ বহু বৰ্ষকাল পুৰণি৷ মোৰ চৰকাৰৰ চুবুৰীয়া প্ৰথম নীতি আৰু সাগৰ তত্বৰ অধীনত শ্ৰীলংকাৰ সৈতে সম্বন্ধৰ আমি বিশেষ আৰু উচ্চ প্ৰাথমিকতা প্ৰদান কৰো৷

ভাৰত আৰু শ্ৰীলংকা বিমষ্টেক, আইঅ’আৰএ, ছাৰ্ক মঞ্চসমূহতো ঘনিষ্ঠ সহযোগিতা প্ৰদৰ্শিত কৰে৷ আপোনালোকৰ দলে শেহতীয়াকৈ জয় লাভ কৰাৰ পিছত ভাৰত আৰু শ্ৰীলংকাৰ সম্বন্ধত নতুন ঐতিহাসিক অধ্যায় সংযোজিত হৈছে৷ দুয়োখন দেশৰ লোকে নতুন আশা আৰু উৎসাহৰ সৈতে আমাৰ ফালে প্ৰত্যক্ষ কৰিছে৷

মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোকে লাভ কৰা শক্তিশালী জনাদেশ আৰু সমৰ্থনৰ দ্বাৰা দ্বিপাক্ষিক সহযোগিতাৰ সকলো ক্ষেত্ৰত উন্নতি কৰাত সহায় লাভ হ’ব৷ এতিয়া মই প্ৰধানমন্ত্ৰী ৰাজপক্ষক মুকলি মন্তব্য প্ৰদান কৰিবলৈ মিনতি জনাইছো৷

****

AP/SH/MANN



(Release ID: 1659361) Visitor Counter : 148