PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
25 SEP 2020 6:21PM by PIB Guwahati
(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)
ভাৰতৰ আৰোগ্যৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই ৪৭.৫লাখৰ সীমা অতিক্ৰম কৰিছে; নতুনকৈ আৰো্গ্য হোৱাসকলৰ ভিতৰত ৭৩%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ
দেশত এতিয়ালৈকে ৪৭.৫লাখ (৪৭,৫৬,১৬৪)গৰাকী ৰোগী আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ৮১,১৭৭গৰাকী ৰোগী সুস্থ হৈছে৷ আজিৰ দিনটোত চিকিৎসাধান ৰোগী (৯,৭০,১১৬) আৰু আৰোগ্য হোৱা লোকৰ মাজৰ ব্যৱধান প্ৰায় ৩৮লাখ(৩৭,৮৬,০৪৮) হৈছে৷ ইফালে, দেশত আৰোগ্যৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আজি ৮১.৭৪% হৈছে৷ এই আৰোগ্য ৰোগীসকলৰ ৭৩%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ বিগত ২৪ ঘণ্টাত দেশত ৮৬,০৫২গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ লগতে ১,১৪১গৰাকী ৰোগীৰ মৃত্যু হৈছে৷
অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1659012
দৈনিক পৰীক্ষাৰ ক্ষেত্ৰত ভাৰত সৰ্বকালৰ সৰ্বাধিক পৰ্যায়ত উপনীত; প্ৰথমবাৰৰ বাবে মাত্ৰ এদিনতে প্ৰায় ১৫ লাখ ক’ভিড পৰীক্ষা সম্পন্ন, সৰ্বমুঠ পৰীক্ষাৰ সংখ্যা প্ৰায় ৭ কোটি
ক’ভিড-১৯ ৰ বিৰুদ্ধে ভাৰতে চলাই থকা যুঁজখনত শীৰ্ষত আৰোহন কৰিবলৈ সক্ষম হৈছে দেশখন। দেশে প্ৰথমবাৰৰ বাবে এদিনতে প্ৰায় ১৫ লাখ ক’ভিড-১৯ ৰ পৰীক্ষা সম্পন্ন কৰিছে। বিগত ২৪ ঘণ্টাত দেশত ১৪,৯২,৪০৯ টা পৰীক্ষা সম্পন্ন হৈছে, যাৰ ফলত বৰ্তমানলৈ এই পৰীক্ষাৰ সংখ্যা প্ৰায় ৭ কোটি হৈছেগৈ (৬,৮৯,২৮,৪৪০)৷ এই বৃহৎ সংখ্যক দৈনিক পৰীক্ষাই দেশত থকা ক’ভিড সংক্ৰান্তীয় আন্তঃগাঁথনিৰ শক্তিৰ কথাই প্ৰতীয়মান কৰে। উল্লেখ্য যে সংশ্লিষ্ট ৭ কোটি পৰীক্ষাৰ ভিতৰত ৭ম কোটি পৰীক্ষা সম্পন্ন হৈছে মাত্ৰ ৯ দিনত। পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ স্বাভাৱিকতে পৰীক্ষাৰ সংখ্যাও বৃদ্ধি পাইছে। আজি এই টেষ্টিং নেটৱৰ্ক ১৮১৮ টা পৰীক্ষাগাৰলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ১০৮৪ টা চৰকাৰী খণ্ডৰ পৰীক্ষাগাৰ আৰু ৭৩৪ টা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ।
অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1658910
নতুন দিল্লী এইমছক ৬৫সংখ্যৰ প্ৰতিষ্ঠা দিৱস উদ্বোধন কৰিলে ড০ হৰ্ষ বৰ্ধনে
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজি নতুন দিল্লী এইমছৰ ৬৫সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰে৷ এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী ছৌবেও উপস্থিত থাকে৷ আজিৰ দিনটোতে ১৯৫৬চনত এইমছত এমবিবিএছৰ প্ৰাকস্নাতক প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হৈছিল৷ বিগত সময়ছোৱাত এই প্ৰতিষ্ঠানটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শীৰ্ষত উপনীত হোৱাক বাবে মন্ত্ৰী বৰ্ধনে অভিনন্দন জনায়৷
অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1658991
চিকিৎসা শিক্ষাত ঐতিহাসিক সংস্কাৰঃ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠন
চাৰিখন স্বতন্ত্ৰ পৰিষদৰ উপৰি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ(এনএমচি) গঠনেৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ চিকিৎসা খণ্ডত এক ঐতিহাসিক সংস্কাৰ সাধন কৰিছে৷ ইয়াৰ জৰিয়তে কেইবা দশক পুৰণি ভাৰতীয় চিকিৎসা পৰিষদ(এমচিআই)ক নিৰ্মূল কৰা হৈছে৷ এনএমচিৰ উপৰি নতুনকৈ গঠন কৰা চাৰিখন পৰিষদ হৈছে প্ৰাক-স্নাতক আৰু স্নাতকোত্তৰ চিকিৎসা শিক্ষা পৰিষদ, চিকিৎসা মূল্যায়ন আৰু ৰেটিং পৰিষদ, নীতি আৰু চিকিৎসা পঞ্জীয়ন পৰিষদ উল্লেখযোগ্য৷ এই চাৰি পৰিষদে এনএমচিক দৈনন্দিন কাম-কাজত সহায় কৰিব৷ এই ঐতিহাসিক সংস্কাৰে চিকিৎসা শিক্ষাক এক স্বচ্ছ, মানসম্পন্ন আৰু জবাবদিহি ব্যৱস্থাত পৰিণত কৰিব৷ সেই অনুসৰি পূৰ্বৰ ‘নিৰ্বাচনী’ ব্যৱস্থাৰ পৰিৱৰ্তে এতিয়াৰে পৰা মেধাৰ ভিত্তিত ‘নিয়ন্ত্ৰক’ বাছনি কৰা হ’ব৷ এতিয়া পুৰুষ-মহিলা উভৈয়ে ত্ৰুটিহীনভাৱে ঐক্যবব্ধ ৰূপত, পেশাদাৰীত্ব, অভিজ্ঞতা আৰু প্ৰস্থিতিৰ ভিত্তিত চিকিৎসা শিক্ষাৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ অধিক সংস্কাৰ সাধন কৰিব পাৰিব৷
অধিক বিৱৰণ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1659029
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম সুগা ইয়োশিহিদেৰ মাজত টেলিফোনিক বাৰ্তালাপ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম সুগা ইয়োশিহিদেৰে টেলিফোনিক বাৰ্তালাপত ভাগ লয়। জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে সুগাৰ নিযুক্তিত প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁৰ লক্ষ্য পূৰণত সফলতা কামনা কৰে। দুয়োজন নেতাই যোৱা কেইটামান বছৰ ধৰি ভাৰত-জাপানৰ মাজত স্পেচিয়েল ষ্ট্ৰেটেজিক আৰু গ্ল’ৱেল পাৰ্টনাৰশ্বীপে বিশেষ অগ্ৰগতি লাভ কৰাৰ কথা দোহাৰে আৰু পাৰস্পৰিক বিশ্বাস আৰু ভেলুৰ শ্বেয়াৰৰ ভিত্তিত এই সম্পৰ্ক ভৱিষ্যতে সুদৃঢ়কৰণত তেওঁলোকৰ ইচ্ছা ব্যক্ত কৰে। বাৰ্তালাপৰ সময়ছোৱাত দুয়োজন নেতাই সহমতত উপনীত হয় যে দেশ দুখনৰ মাজৰ বন্ধুত্ব ক’ভিড-১৯ মহামাৰীকে ধৰি বিশ্বজনীন প্ৰত্যাহ্বানৰ আজিৰ এই সময়ত অধিক প্ৰাসংগিক হৈ উঠিছে। তেওঁলোকে গুৰুত্ব প্ৰদান কৰে যে মুক্ত, মুকলি আৰু সৰ্বব্যাপী ইন্দো-পেচিফিক অঞ্চলৰ অৰ্থনৈতিক পৰিকাঠামো প্ৰাণোচ্ছল যোগান শৃংখলত অৱশ্যেই সূচনা কৰিব লাগে আৰু ইয়াৰ প্ৰেক্ষাপটত, ভাৰত, জাপান আৰু আন সহভাৱাপন্ন দেশসমূহৰ মাজত সহযোগিতা আদৰণীয়। নেতা দুজনে দেশ দুখনৰ মাজৰ অৰ্থনৈতিক বন্ধুত্বৰ অগ্ৰগতিক শলাগ লয় আৰু ইয়াৰ প্ৰেক্ষাপটত, বিশেষীকৃত দক্ষ শ্ৰমিকৰ সংক্ৰান্তীয় চুক্তিৰ কথা-বতৰা চূড়ান্ত হোৱা কাৰ্যক আদৰণি জনোৱা যায়। বিশ্বজনীন ক’ভিড-১৯ মহামাৰীসৃষ্ট পৰিস্থিতি উন্নত হোৱাৰ পাছত, বাৰ্ষিক দ্বিপাক্ষিক সন্মিলনৰ অৰ্থে প্ৰধানমন্ত্ৰী সুগাক ভাৰতত পদাৰ্পণ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমন্ত্ৰণ জনায়।
অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1658956
আজিৰে পৰা কৰ্মস্থলীত ‘যোগা জিৰণি’ৰ পুনৰ আৰম্ভ কৰিব আয়ুষ মন্ত্ৰালয়ে
ক’ভিড-১৯ মহামাৰীৰ বাবে বন্ধ হৈ থকা আয়ুষ মন্ত্ৰালয়ৰ ‘যোগা জিৰণি’ প্ৰট’কলৰ প্ৰচাৰমূলক কাৰ্যসূচী আজিৰে পৰা পুনৰ আৰম্ভ কৰা হৈছে৷ এই পাঁচ মিনিটৰ প্ৰট’কৰল জৰিয়তে জনসাধাৰণে তেওঁলোকৰ কৰ্মৰ মাজতে যোগ সাধনা কৰি পুনৰ কামত নিয়োজিত হ’বলৈ নিজকে সতেজ কৰি তুলিব পাৰে৷ ২০২০ৰ জানুৱাৰীত পৰীক্ষামূলকভাৱে এই প্ৰট’কলৰ শুভাৰম্ভ কৰা হৈছিল৷
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1658770
‘আয়ুষ ফৰ ইমিউনিটী’ অভিযানৰ অংশ হিচাপে এক ন’ভেল ই-মাৰাথনৰ সমৰ্থন কৰিছে আয়ুষ মন্ত্ৰালয়ে
সুস্থ স্বাস্থ্যৰ প্ৰতি উৎসাহবৰ্ধক তথা ৰোগ প্ৰতিৰোধমূলক পদক্ষেপৰ প্ৰতি গুৰুত্ব আৰোপ কৰি আয়ুষ মন্ত্ৰালয়ে হাতত লোৱা ‘আয়ুষ ফৰ ইমিউনিটী’ শীৰ্ষক তিনিমহীয়া অভিযানৰ অংশ হিচাপে কোচিৰ ৰাজাগিৰি কলেজ অৱ ছ’চিয়েল ছায়েন্সেথ আৰু ৰাজাগিৰি বিজিনেছ স্কুলে আয়োজন কৰা এক ন’ভেল ই-মাৰাথনলৈ সমৰ্থন আগবঢ়াইছে৷ প্ৰযুক্তি, শাৰীৰিক দৌৰ, দাতব্য আৰু আৰোগ্য কাৰ্যসূচীৰ এই ই-কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ আশা কৰা হৈছে৷ ভাৰতৰ উপৰি বিশ্বৰ প্ৰায় ৮,০০০ প্ৰতিযোগীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷
অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1658770
ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে আয়ুষ মন্ত্রালয়ে বাসা আৰু গুডুচীৰ সম্ভাৱনা চাৰিজাৰি চাবলৈ চিকিৎসা সম্পৰ্কীয় গৱেষণা আৰম্ভ কৰিছে
ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে দ্রুত সমাধান উলিযাবলৈ আয়ুষ মন্ত্ৰালয়ে বিভিন্ন পদ্ধতিৰে কেতবোৰ পৰীক্ষাৰ-নিৰীক্ষাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছে৷ এই উদ্যোগৰ অংশ হিচাপে বাসাকৰ ৰস, গুডুচীৰ ৰস আৰু বাসাক-গুডুচীৰ ৰস ক’ভিড-১৯ সংক্ৰমিতসকলৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ যি সিদ্ধান্ত লোৱা হৈছে, সেই ক্ষেত্ৰত মন্ত্ৰালয়ে অনুমতি লাভ কৰিছে৷ নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুর্বেদ আৰু চিএছআইআৰৰ অধীনস্ত সংস্থা আইজিআইবিৰ সৈতে একেলগ হৈ এই পৰীক্ষা চলাব আয়ুষ মন্ত্ৰালয়ে৷
অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1658943
বিহাৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচন-নিৰ্বাচনৰ সূচী
ভাৰতৰ নিৰ্বাচন আয়োগে আজি বিহাৰ বিধানসভাৰ ২০২০ৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰে৷
অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1658980
যোৱা বৰ্ষৰ খাৰিফ শস্যৰ বতৰৰ ১০৬৬.০৬ লাখ হেক্টৰ এলেকাৰ বিপৰীতে চলিত বৰ্ষত ১১১৬.৮৮লাখ হেক্টৰ ভূমিত খেতি কৰিছে
কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ে ইয়াৰ অধীনত গ্ৰহণ কৰা কাৰ্যসূচী আৰু ধ্বজাবাহী আঁচনি সফৰ ৰূপায়ণৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে৷ ক’ৰোনা মহামাৰীৰ মাজতো চৰকাৰে সময়মতে কৃষকক বীজ, কীটনাশক, সাৰ, যন্ত্ৰপাতি আৰু ঋণৰ ব্যৱস্থা কৰি ব্যাপক হাৰত এই কাৰ্যসূচী সফল কৰি তুলিছে৷ বিশেষকৈ খাৰিফ শস্যৰ কৃষিকাৰ্যত আজিলৈকে ক’ভিড-১৯ৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ ফলস্বৰূপে যোৱা বৰ্ষৰ খাৰিফ শস্যৰ বতৰৰ ১০৬৬.০৬ লাখ হেক্টৰ এলেকাৰ বিপৰীতে চলিত বৰ্ষত ১১১৬.৮৮লাখ হেক্টৰ ভূমিত খেতি কৰিছে বুলি তথ্য পোৱা গৈছে৷
অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1658997
ক’ভিড-১৯ৰ পাছৰ সময়ত ৰিক’ভাৰী প্লেন হিচাপে প্ৰকৃতিক অন্তৰত ঠাই দিবলৈ বিশ্বৰ দেশসমূহক আহ্বান ভাৰতৰ
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী প্ৰকাশ জাভড়েকাৰে ‘ৰাষ্ট্ৰসংঘৰবহনক্ষম উন্নয়নৰ দশকজোৰা কাৰ্যসূচী’ৰ পৰিপ্ৰেক্ষিতত ‘প্ৰকৃতিৰ সৈতে সদ্ভাৱেৰে জীৱন-যাপন’ কৰিবলৈ সকলো ৰাষ্ট্ৰ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়৷ কালি এক আন্তঃৰাষ্ট্ৰীয় মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত শ্ৰী জাভেড়কাৰে ভাৰতক প্ৰতিনিধিত্ব কৰে৷
অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1658791
ঘৰৱা বিমান চলাচল পুনৰ আৰম্ভ হোৱাৰ পৰা ১কোটিতকৈ অধিক যাত্ৰীয়ে বিমানযোগে ভ্ৰমণ কৰিছে
অসমাৰিক বিমান পৰিবহণ বিভাহৰ ৰাজ্যিক মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সদৰি কৰা মতে ২৫ মে’, ২০২০ত ঘৰুৱা বিমান চলাচল পুনৰ আৰম্ভ কৰাৰ পাছৰ পৰা এতিয়ালৈকে দেশক ১,০৮,২১০খন বিমানযোগে এক কোটিতকৈ অধিক যাত্ৰীয়ে ভ্ৰমণ কৰিছে৷
অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1659001
ডিবিটি-আইচিএআৰে ব্ৰুচেলা এবৰটাছএছ১৯ ডেল্টা পাৰ ভেকচিনৰ প্ৰযুক্তি হস্তান্তৰ কৰিছে
জৈৱ প্ৰযুক্তি বিভাগে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰি চলিত সপ্তাহৰ প্ৰথম ভাগত ভিডিঅ’ কনফাৰেন্সিংযোগে ন’ভেল ব্ৰুছেলা এবৰটাছএছ১৯ ডেল্টা পাৰ ভেকচিনৰ প্ৰযুক্তি হস্তান্তৰ কৰিছে৷ এই ভেচচিন উত্তৰপ্ৰদেশৰ ইজ্জতনগৰৰ আইচিএআৰ-ইণ্ডিয়ান ভেটেৰিনেৰী ৰিছাৰ্ছ ইনষ্টিটিটিটত বিকাশ সাধন কৰা হৈছে৷
অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1659034
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট
- কেৰালাঃ দৈনিক বৰ্ধিত ৰোগীৰ সংখ্যাৰ হিচাপত চতুৰ্থ স্থানত আছে কেৰালা৷ বৰ্তমান ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় পজিটিভিৰ হাৰতকৈ অধিক৷ অন্য ৰাজ্যৰ তুলনাত কেৰালাত এসপ্তাহত ২০ শতাংশ ৰোগী আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ৪৫,৯১৯গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ মৃত্যুৰ সংখ্যা ৬১৩জন হৈছে৷
- তামিলনাডুঃ ৰাজ্যখনৰ দশমৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান অভিভাৱকৰ সন্মতি সাপেক্ষে সকলো নীতি-নিৰ্দেশনা মানি ১ অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হোৱাৰ আশা আছে৷ ৰাজ্যখনৰ ঘৰে ঘৰে গৈ জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে৷ এগৰাকী ২৭ বছৰীয় যুৱকক ভুলতে ক’ভিড পজিটিভ বুলি ঘোষণা কৰাৰ বাবে কইম্বাটোৰ মহানগৰ পৌৰ নিগমে বৃহস্পতিবাৰে এটা ব্যক্তিগত পৰীক্ষাগাৰ চীল কৰি দিয়ে৷
- কৰ্ণাটকঃ আশাকৰ্মীসকলৰ কৰি অহা অৱস্থান ধৰ্মঘটৰ বাবে ৰাজ্যখনৰ প্ৰায় ৩০,০০০ ঠিকাভিত্তিক আৰু আউটছৰ্চ স্বাস্থ্যকৰ্মীয়ে কাম বন্ধ কৰাৰ পৰা বিৰত আছে৷ ইফালে ৰাজ্যখনত ক’ভিড ৰোগী মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
- অন্ধ্ৰপ্ৰদেশঃ প্ৰতি ১০ লাখ লোকৰ ভিতৰত ১ লাখ লোকৰ ক’ভিড পৰীক্ষা সম্পন্নৰে অন্ধ্ৰপ্ৰদেশে ৰাজ্যখনৰ ১০শতাংশ লোকৰ পৰীক্ষা কৰি এক অভিলেখ ৰচনা কৰিছে৷ বৰ্তমানলৈকে ৰাজ্যখন ৫৩,৭৮,৩৬৭টা নমূনা পৰীক্ষা কৰা হৈছে৷
- তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ২,৩৮১জন নতুনকৈ আক্ৰান্ত, ২,০২১ জন আৰোগ্য, আৰু ১০ জন ক’ভিড ৰোগীৰ মৃত্যু তথ্য পোৱা গৈছে৷ বৰ্তমান ৰাজ্যখনত ৩০,৩৮৭জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ইফালে ভুৱা এনকাউণ্টাৰৰ বাবে ২৮ ছেপ্টেম্বৰত তেলেংগানা বন্ধ ঘোষণা কৰিছে মাওবাদীয়ে৷
- অৰুণাচলপ্ৰদেশঃ বিগত ২৪ ঘণ্টাত অৰুণাচলত ২৮৩জন লোকৰ নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ৰাজ্যখন মুঠ ক’ৰোনা ৰোগীৰ সংখ্যা ২,৩৩১জনলৈ বৃদ্ধি পাইছে৷
- অসমঃ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনোৱা মতে কালি ৰাজ্যখনত ২,৪৩২গৰাকী লোকক ডিছচাৰ্জড দিয়া হৈছে৷ বৰ্তমানলৈকে ১,৩৫,১৪১গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে ২৯,৮৩০গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷
- মনিপুৰঃ কালি নতুনকৈ ১৬১গৰাকী ৰোগীসহ মনিপুৰৰ ক’ভিড আক্ৰান্তৰ সংখ্যা ৯,৫৩৭জনলৈ বৃদ্ধি পাইছে. আৰোগ্যৰ হাৰ ৭৭শতাংশ আৰু বৰ্তমান ২,১০৬গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷
- মেঘালয়ঃ আজি মেঘালয়ত ১৯৯জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান ৰাজ্যখন ১,৯৭৭জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে৷
- মিজোৰামঃ মিজোৰামত কালি নতুনকৈ ২৬জন আক্ৰান্তসহ ক’ভিড ৰোগীৰ সংখ্যা ১,৭৮৬জনলৈ বৃদ্ধি পাইছে৷ বৰ্তমান ৰাজ্যখন ৬৮১জন ৰোগী চিকিৎসাধীন হৈ আছে৷
- নাগালেণ্ডঃ ৰাজ্যখনৰ ক’ভিড আক্ৰান্তৰ ভিতৰত সেনাবাহিনীৰ জোৱানৰ সংখ্যাই সৰ্বাধিক৷ তথ্যমতে ৰাজ্যখনৰ মুঠ আক্ৰান্তৰ ২,৭১৬গৰাকী(৪৭%)য়েই সেনা জোৱান৷
- ছিকিমঃ ৯৫গৰাকী নতুন আক্ৰান্তৰে ছিকিমত বৰ্তমান ৬৭৯গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত বৰ্তমানলৈকে ১,৯৯৪গৰাকী ৰোগী আৰোগ্য হৈছে৷
- মহাৰাষ্ট্ৰঃ কালিৰ দিনটোত মহাৰাষ্ট্ৰত ১৯,১৬৪গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ মুঠ আক্ৰান্তৰ সংখ্যা ১২.৮২ লাখ হোৱাৰ বিপৰীতে এতিয়ালৈকে ৩২,২৮৪গৰাকী লোকৰ মৃত্যু হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠকৰ পাছত সৰ্বাধিক আক্ৰান্ত জিলাসমূহত আক্ৰান্তৰ হাৰ কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে৷
- গুজৰাটঃ বৃহস্পতিবাৰে নতুনকৈ ১,৪০৮গৰাকী নতুন আক্ৰান্তসহ গুজৰাটৰ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,২৮,৯৪৯গৰাকী লৈ বৃদ্ধি পাইছে৷ একেসময়তে কালি ১,৪১০গৰাকী সুস্থ লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে৷ বৰ্তমান ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৮৪.৬৯শতাংশ হৈছে৷
- ৰাজস্থানঃ ক’ৰোনা ৰোগীৰ বাবে পৰ্যাপ্ত অক্সিজেন যোগান ধৰাৰ বাবে অক্সিজেন উৎপাদন প্ৰতিষ্ঠানসমূহত ঔষধ নিয়ন্ত্ৰক নিযুক্তি দিছে ৰাজ্যস্থানৰ স্বাস্থ্য বিভাগে৷
- চত্তীশগড়ঃ ৰাজ্যখনত ধাৰাবাহিকভাৱে ক’ভিডৰ পৰীক্ষাৰ মাত্ৰা বৃদ্ধি কৰি থকা হৈছে৷ চিকিৎসালয়ৰ উপৰি ভ্ৰাম্যমান দলে ৰাজ্যখনৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহতো ক’ভিডৰ নমূনা পৰীক্ষা কৰিছে৷ ৰাজ্যখনৰ বৰ্তমান ৮৩২টা পৰীক্ষা কেন্দ্ৰ আছে৷
FACT CHECK
********
(Release ID: 1659210)
Visitor Counter : 259