PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 18 SEP 2020 6:29PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত এদিনতে সৰ্বাধিক সংখ্যক লোকে আৰোগ্য লাভ কৰিছে, বিগত ২৪ ঘণ্টাত ৮৭,৪৭২জন ক’ভিড ৰোগীয়ে আৰোগ্য লাভ কৰিছে, শীৰ্ষৰ ৫খন সক্ৰিয় ৰোগী থকা ৰাজ্যত সৰ্বাধিক পৰিমাণে আৰোগ্যও লাভ কৰিছে

ভাৰতত এদিনতে সৰ্বাধিক সংখ্যক লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৮৭,৪৭২ জন লোকক মুকলি কৰি দিয়া হৈছে৷ আৰোগ্যৰ হাৰ আজি  ৭৮.৮৬%লৈ বৃদ্ধি পাইছে৷ মুঠ ৪১,১২,৫৫১ জন লোকে আৰোগ্য লাভ কৰিছে৷ বৰ্তমানে মৃত্যুৰ হাৰ ১.৬২% হৈছে৷

অধিক বিৱৰণৰ বাবে

 

বিশ্ব ৰোগী সুৰক্ষা দিৱস উপলক্ষে স্বাস্থ্য মন্ত্ৰালয়ে অনুষ্ঠিত কৰিলে এক ৱেবিনাৰ

দ্বিতীয় বিশ্ব ৰোগী সুৰক্ষা দিৱস উপলক্ষে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু নেচনেল হেল্থ ছিষ্টেম ৰিছ’ৰ্চ চেণ্টাৰে কালি এখন ৱেবিনাৰৰ আয়োজন কৰে৷ এই বৰ্ষৰ ৱেবিনাৰখনৰ বিষয়বস্তু হ’ল ‘ছেফ হেলথ ৱৰ্কাৰ, ছেফ পেচেণ্ট’৷

অধিক বিৱৰণৰ বাবে

 

জি ২০ গোষ্ঠীভুক্ত দেশবিলাকৰ অৰ্থ আৰু স্বাস্থ্য মন্ত্ৰীসকলৰ যৌথ সভাত ড৹ হৰ্ষবৰ্ধনৰ ভাষণ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ হৰ্ষ বৰ্ধনে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত জি ২০ গোষ্ঠীভুক্ত দেশবিলাকৰ অৰ্থ আৰু স্বাস্থ্য মন্ত্ৰীসকলৰ যৌথ সভাত ভাষণ দিয়ে। চৌদি আৰবে এই জি ২০ গোষ্ঠীৰ বৈঠকত সভাপতিত্বৰ কাম পৰিচালনা কৰে। ড৹ হৰ্ষ বৰ্ধনে জনস্বাস্থ্য ক্ষেত্ৰত বিনিয়োগ বিষয়ত উচ্চসিত প্ৰশংসা কৰি ইতিমধ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া বৈঠকত দাঙি ধৰে। বৰ্তমান মহামাৰী আৰু বিশ্বব্যাপি সংকটৰ সময়ছোৱাত যি বিষয়বিলাক উত্থাপিত হৈছে তাতকৈও বেছি গুৰুত্বপূৰ্ণ হৈছে জাতীয় আৰু বিশ্ব সংহতি। আন্তৰ্জাতিক স্তৰত কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সমান্তৰালভাৱে চলা স্বাস্থ্য ক্ষেত্ৰৰ সমস্যা সমাধানৰ বহুপক্ষীয় সহযোগিতাৰ প্ৰয়োজন। বিশ্বত সাধাৰণ মানুহৰ বিশেষকৈ দুৰ্বল আৰু প্ৰবীনসকলে পৰ্যাপ্ত সুৰক্ষা বজাই ৰখা দৰকাৰ।

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি ঐতিহাসিক কুশী ৰে’ল মহাসেতু উচৰ্গা কৰে; যাত্ৰীসকলৰ সুবিধাৰ্থে বিহাৰত নতুন ৰে’ল লাইন আৰু বৈদ্যুতিকীকৰণ প্ৰকল্প মুকলি কৰে; ক’ভিডৰ সময়ছোৱাত নিৰৱচ্ছিন্নভাৱে কৰ্মৰ গতি অব্যাহত ৰখা ৰে’লৱেক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে যাত্ৰীসকলৰ সুবিধাৰ্থে বিহাৰত নতুন ৰে’ল লাইন আৰু বৈদ্যুতিকৰণ প্ৰকল্প মুকলি কৰাৰ দেশবাসীক উদ্দেশ্যি ঐতিহাসিক কুশী ৰে’ল মহাসেতু উচৰ্গা কৰে৷ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিহাৰত ৰে’ল সংযোগৰ ক্ষেত্ৰত নতুন ইতিহাসৰ ৰচনা হৈছে৷ তেওঁ কয় যে ৩০০০ কোটি টকাৰ প্ৰকল্প যেনে কুশী মহাসেতু আৰু কিউল দলঙৰ মুকলি, বৈদ্যুতিকীকৰণ প্ৰকল্প, ৰে’লৱেত মেক ইন ইণ্ডিয়াৰ প্ৰচাৰ আৰু আজি মুকলি কৰা প্ৰকল্পসমূহত বুজনসংখ্যক চাকৰিৰ সৃষ্টি হোৱাৰ থল আছে৷ এই প্ৰকল্পসমূহে কেৱল বিহাৰৰ ৰে’ল নেটৱৰ্কক শক্তিশালী কৰাই নহয় বৰঞ্চ পশ্চিম বংগ আৰু পূব ভাৰতৰ ৰে’ল সংযোগকো শক্তিশালী কৰিব৷ প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ জনসাধাৰণক এই নতুন আৰু আধুনিক সুবিধাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ কয় যে চাৰি বছৰ পূৰ্বে পাটনা আৰু মুংগেৰত জনসাধাৰণৰ সুবিধাৰ্থে দুখন মহাসেতুৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল৷ এতিয়া এই দুয়োখন ৰে’ল দলং মুকলিৰ জৰিয়তে উত্তৰ আৰু দক্ষিণ বিহাৰৰ মাজত ভ্ৰমণ সৰল হৈ উঠিব  আৰু ইয়াৰ দ্বাৰা উত্তৰ বিহাৰত উন্নয়নৰ নতুন পথো মুকলি হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰায় আশী বছৰ পূৰ্বে বিভিন্ন ভূমিকম্পত মিথিলা আৰু কুশী অঞ্চল পৃথক হৈছিল যদিও আশ্বৰ্যজনকভাৱে ক’ৰোনাৰ দৰে মহামাৰীয়ে দুয়োখন স্থানক পুনৰ একত্ৰিত কৰিলে৷ তেওঁ কয় যে সৌপাল-আসনপুৰ-কুপাহা ৰে’লপথ ৰাষ্ট্ৰবাসীলৈ উচৰ্গা কৰা হৈছে আৰু এয়া সম্ভৱ হৈছে প্ৰব্ৰজিত শ্ৰমিকসকলৰ নেৰা-নেপেৰা প্ৰয়াসৰ দ্বাৰা৷ তেওঁ কয় যে ২০০৩ চনত শ্ৰী অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আৰু নীতিশ কুমাৰ ৰে’লমন্ত্ৰী হৈ থাকোতে মিথিলা আৰু কুশী অঞ্চলৰ লোকৰ সমস্যা হ্ৰাস কৰাৰ বাবে নতুন কুশী ৰে’ল লাইন বহুওৱা হৈছিল৷ তেওঁ কয় যে বৰ্তমানৰ চৰকাৰৰ সময়ত কামৰ গতি দ্ৰুত হৈছে আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি সৌপাল-আসনপুৰ-কুপাহা ৰে’ল পথৰ কাম সম্পূৰ্ণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড পৰিঘটনা আৰু ছেৰ’ সৰ্বেক্ষণ স্থিতি

ভাৰতত প্ৰতি মিলিয়ন জনসংখ্যাত ন্যূনতম সংখ্যক সক্ৰিয় ৰোগী আছে৷ প্ৰতি মিলিয়নত আমেৰিকাৰ ১৯২৯৫, ব্ৰাজিলৰ ২০১৪৬, ৰাছিয়াৰ ৭২৮৩ আৰু দক্ষিণ আফ্ৰিকাৰ ১০৯২৯ হোৱাৰ বিপৰীতে ভাৰতত এই সংখ্যা হৈছে ৩৪৪৫ জন৷ এই তথ্য লোকসভাত আজি কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

 

 

ক’ভিড প্ৰতিৰোধৰ মূল্যায়ন

ভাৰতত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ দেশীয় কাৰ্যালয়ে ৬ জানুৱাৰী ২০২০ তাৰিখে চীনৰ য়ুহান নগৰত উদ্ভৱ হোৱা এক অজ্ঞাত মহামাৰীৰ বিষয়ে ভাৰতক অৱগত কৰে৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ বিষয়ে ৯ জানুৱাৰী ২০২০ তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতি প্ৰকাশ কৰিছিল৷ পিছলৈ ইয়াক ছাৰ্ছ-চিঅ’ভি-২ নাম দিছিল আৰু ১১ ফেব্ৰুৱাৰী ২০২০ তাৰিখে ৰোগটোৰ নাম দিছিল ক’ভিড-১৯৷ এই তথ্য লোকসভাত আজি কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

  

 

কেন্দ্ৰৰ উচ্চস্তৰীয় দল জম্মুলৈ ৰাওনা হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জম্মুলৈ এক উচ্চস্তৰীয় কেন্দ্ৰীয় দল ৰাওনা কৰিছে৷ জিলাখনত শেহতীয়াকৈ নতুনকৈ বহু লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছে৷ এই দলটোৱে নিয়ন্ত্ৰণ,নিৰীক্ষণ, পৰীক্ষণ আৰু ক্লিনিকেল ব্যৱস্থাপনাত ৰাজ্যৰ প্ৰয়াসক সহযোগ কৰিব৷

অধিক বিৱৰণৰ বাবে

 

প্ৰতিষেধকৰ গৱেষণাৰ প্ৰক্ৰিয়া

চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গনাইজেছনে নতুন ঔষধ উদ্ভাৱনৰ বাবে ক্লিনিকেল ট্ৰায়েল অথবা বিপণনৰ বাবে অনুমতি প্ৰদান কৰিবলৈ প্ৰয়োজনী নিৰ্দেশনাৱলী প্ৰস্তুত কৰা হৈছে বুলি জানিবলৈ দিছে৷ এই তথ্য লোকসভাত আজি কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

 

উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠান উভয়ৰে পৰা প্ৰায় ৩০টা ক’ভিড প্ৰতিষেধক বিকাশৰ বিভিন্ন পৰ্যায়ত আছে

জৈৱ প্ৰযুক্তি বিভাগে পাঁচটা ৰাষ্ট্ৰীয় ক’ভিড-১৯ বায়’-ৰিপ’জিটৰিজ স্থাপন কৰিছে৷ বৰ্তমানে সমগ্ৰ দেশত উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠান উভয়ৰে পৰা প্ৰায় ৩০টা ক’ভিড প্ৰতিষেধক বিকাশৰ বিভিন্ন পৰ্যায়ত আছে৷ এই তথ্য আজি লোকসভাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ পিছত দক্ষতা বিকাশ কাৰ্যসূচীত পৰিৱৰ্তন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ জৰিয়তে ‘ই-স্কিল ইণ্ডিয়া’ প্লেটফ’ৰ্ম ব্যৱহাৰ কৰি ক’ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত অনলাইন দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিছে৷ পিছলৈ গৃহ মন্ত্ৰালয়ে ২১ ছেপ্টেম্বৰ ২০২০ তাৰিখৰ পৰা শাৰীৰিক উপস্থিতিৰ সৈতে দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

মহামাৰীৰ সময়ছোৱাত ৰপ্তানিৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ

ক’ভিড-১৯ৰ মহামাৰীৰ সময়ছোৱাত মাৰ্চ ২০২০ৰ পৰা ৰপ্তানি বিকাশ আয়োগ, চেম্বাৰ্ছ অব্ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, ইণ্ডাষ্ট্ৰী বডীজ আৰু সহযোগীসকলৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত হৈ আহিছে৷ বৈঠকত ৰপ্তানিকাৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হৈছে৷ এই তথ্য আজি ৰাজ্যসভাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে লিখিতৰূপত প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

 

ই-কমাৰ্চত ক’ভিড-১৯ৰ প্ৰভাৱ

লকডাফনৰ সময়ছোৱাত সামাজিক ব্যৱধান মানি চলিবলৈ গৃহ মন্ত্ৰালয়ে বিভিন্ন নিষেধাজ্ঞা জাৰি কৰিছিল৷ এই সময়ছোৱা অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য, ফাৰ্মাচিউটিকেলছ, চিকিৎসা সামগ্ৰীসমূহ ই-কমাৰ্চৰ জৰিয়তে পৰিবহণ কৰা হৈছিল৷ মহামাৰী বৰ্তমানেও চলি থকাৰ পৰিপ্ৰেক্ষিতত ই-কমাৰ্চ ক্ষেত্ৰৰ এতিয়াই মূল্যায়ন অধিক আগতীয়া হ’ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে৷ এই তথ্য আজি ৰাজ্যসভাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে লিখিতৰূপত প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

 

যাত্ৰীবাহী দবাক আইচলেচন ৱাৰ্ডলৈ পৰিৱৰ্তন

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় ৰে’লৱেয়ে মাৰ্চ, এপ্ৰিল, মে’ আৰু জুন ২০২০ত ৬০১ টা দবা  ক’ভিড কেয়াৰ কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰিছে৷ ৰাজ্যসমূহত নিজৰ চিকিৎসা ব্যৱস্থাৰ নাটনি হোৱাৰ পিছত ক্ৰমান্বয়ে ৰাজ্যসমূহে এই দবাসমূহ ব্যৱহাৰ কৰিব৷ এই তথ্য আজি ৰাজ্যসভাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে লিখিতৰূপত প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

 

শ্ৰমিক ৰে’ল

দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলৰ স্থানান্তৰণৰ বাবে শ্ৰমিক বিশেষ ৰে’ল অভিযানভিত্তিত চলোৱা হৈছিল৷ এই শ্ৰমিক বিশেষ ৰে’লসমূহ ৰাজ্য চৰকাৰসমূহৰ চাহিদা অনুসৰি চলোৱা হৈছিল৷ ১ মে’ ২০২০ তাৰিখৰ পৰা ৩১ আগষ্ট ২০২০ তাৰিখলৈ ৪৬২১ খন শ্ৰমিক বিশেষ ৰে’লে ৬৩.১৯ লাখ জন আৱদ্ধ যাত্ৰীক গৃহ ৰাজ্যলৈ কঢ়িয়াই নিছে৷ এই তথ্য আজি ৰাজ্যসভাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে লিখিতৰূপত প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

 

 

মাস্ক/পিপিই কিটৰ বাবে সামগ্ৰীসমূহৰ উপলব্ধতা

মাৰ্চ ২০২০ত শূন্য নিৰ্মাণৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখ পৰ্যন্ত ১১০০টা স্থানীয় পিপিই কিট নিৰ্মাণকাৰী প্ৰতিষ্ঠান চৰকাৰে বিকশিত কৰি তুলিছে৷ ইয়াৰে অধিকাংশই হ’ল এমএছএমই খণ্ডৰ৷ মে ’ ২০২০ৰ মাজভাগত এদিনত প্ৰায় ৫ লাখ পিপিই কিট নিৰ্মাণ কৰা হৈছিল৷ এই তথ্য আজি লোকসভাত কেন্দ্ৰীয় বয়ন মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীয়ে লিখিতৰূপত প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

 

বয়নখণ্ডত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ

চৰকাৰে ‘ভাৰতীয় ৰেচম উদ্যোগত ক’ভিড-১৯ৰ প্ৰভাৱ’ শীৰ্ষক অধ্যয়নৰ জৰিয়তে খণ্ডটোত সৃষ্টি হোৱা সমস্যাসমূহ মূল্যায়ন কৰাৰ প্ৰয়াস কৰিছে৷ অধ্যয়নটোত খণ্ডটো বৰ বেয়াকৈ প্ৰভাৱান্বিত হোৱা পৰিলক্ষিত হৈছে৷ এই তথ্য আজি লোকসভাত কেন্দ্ৰীয় বয়ন মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীয়ে লিখিতৰূপত প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

 

 

 

 

 

ক’ভিড-১৯ৰ সময়ছোৱাত স্বাস্থ্য সজাগতা সেৱা

চৰকাৰে নিয়মিতভাৱে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ সৈতে পৰিস্থিতি সন্দৰ্ভত বৈঠকত আয়োজন কৰি আহিছে৷ মহিলা আৰু শিশুসকলৰ পুষ্টিৰ বিকাশৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে অংগনৱাড়ী সেৱাৰ অধীনত পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ আয়োজন কৰিছে৷ এই তথ্য আজি লোকসভাত কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীয়ে লিখিতৰূপত প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

 

ইণ্টাৰনেচনেচ টেলিকমিউনিকেচন ইউনিয়ন (আইটিইউ) ফ’ৰামত ব্ৰিকছ দেশসমূহে নিৰৱচ্ছিন্নভাৱে টেলিকম/আইচিটি কাৰ্যসূচীত সহযোগিতা প্ৰদান কৰিছেঃ সঞ্জয় ধত্ৰে

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • কেৰালাঃ কালি এদিনতে ৪৩৫১ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ বৰ্তমানে ৩৪,৩১৪ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ৰাজ্যখনৰ বিভিন্ন স্থানত ২,১৩,৫৯৫ জন লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ বৃহস্পতিবাৰে ৫৫৬০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পাইছে৷ ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী চি বিজয়বাস্কৰে এক সংবাদ বিবৃতিযোগে ৪৫ সহস্ৰাধিক শিশু পজিটিভ পৰীক্ষিত হৈছে বুলি প্ৰকাশ কৰিছে৷
  • কৰ্ণাটকাঃ  ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ ১৪তম বিত্তীয় আয়োগৰ পৰা কৰ্ণাটকলৈ ৫৪৯৫ কোটি টকাৰ বিশেষ সাহায্যৰ বাবে আবেদন কৰিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্য চৰকাৰে কাইলৈৰ পৰা চিটী বাছ সেৱা প্ৰৱৰ্তনৰ বাবে সেউজ সংকেত দিছে৷ বাছসমূহত কেৱল ৬০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ২০৪৩ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৮০২ জনে আৰোগ্য লাভ কৰিছে আৰু ১১জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা ১,৬৭,০৪৬ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০,৬৭৩ জন৷ ১০১৬ জনৰ মৃত্যু হৈছে৷ ১,৩৫,৩৫৭ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ আজিৰে পৰা মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগনে ভ্ৰমণ নিষেধাজ্ঞাত কিছু শিথিলতা প্ৰদান কৰিছে৷
  • গুজৰাটঃ এদিনতে ১৩৭৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১৯,০৮৮ জন৷
  • ৰাজস্থানঃ ৰাজ্য চৰকাৰে কমৰবাইডিটিছ অথবা বিচনাৰ পৰি থকা ৰোগীসকলক বিশেষ চিকিৎসা প্ৰদানৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷
  • মধ্য প্ৰদেশঃ চৰকাৰে ডিচেম্বৰলৈ পাৰিশ্ৰামিকভিত্তিত ক’ভিড-১৯ৰ বাবে কনিষ্ঠ চিকিৎসকসকলৰ কৰ্তব্যৰ সময় সম্প্ৰসাৰিত কৰিছে৷
  • অৰুণাচল প্ৰদেশঃ ১৫৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ বৰ্তমানে ৰাজ্যখনত ১৮৭১ জন সক্ৰিয় ৰোগী আছে৷ আৰোগ্যৰ হাৰ হ’ল ৭২.৫%৷
  • মণিপুৰঃ মণিপুৰত ১১০ জন ৰোগীৰ দেহত পজিটিভ বীজাণু পোৱা গৈছে৷ ৭৭.৫% আৰোগ্যৰ হাৰৰ সৈতে ১৮ জনে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা ১৮৪০ জন৷
  • মিজোৰামঃ কালি ২৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৫৩৪ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৮৫ জন৷
  • মেঘালয়ঃ মেঘালয়ত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯৮৩ জন৷ মুঠ ২৩৪২ জনে আৰোগ্য লাভ কৰিছে৷
  • নাগালেণ্ডঃ নাগালেণ্ডত বৃহস্পতিবাৰে ৪৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ইয়াৰে ২৪ জন ডিমাপুৰৰ, ১৮ জন ক’হিমাৰ আৰু ১ জন মন জিলাৰ৷

 

ফেক্ট চেক

 

*****



(Release ID: 1656443) Visitor Counter : 164