স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

জি ২০ গোষ্ঠীভুক্ত দেশবিলাকৰ অৰ্থ আৰু স্বাস্থ্য মন্ত্ৰীসকলৰ যৌথ সভাত ড৹ হৰ্ষবৰ্ধনৰ ভাষণ

Posted On: 17 SEP 2020 7:05PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ হৰ্ষ বৰ্ধনে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত জি ২০ গোষ্ঠীভুক্ত দেশবিলাকৰ অৰ্থ আৰু স্বাস্থ্য মন্ত্ৰীসকলৰ যৌথ সভাত ভাষণ দিয়ে। চৌদি আৰবে এই জি ২০ গোষ্ঠীৰ বৈঠকত সভাপতিত্বৰ কাম পৰিচালনা কৰে।

 

ড৹ হৰ্ষ বৰ্ধনে জনস্বাস্থ্য ক্ষেত্ৰত বিনিয়োগ বিষয়ত উচ্চসিত প্ৰশংসা কৰি ইতিমধ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া বৈঠকত দাঙি ধৰে।

 

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীৰ বক্তব্য তলত দিয়া ধৰণৰঃ

 

মাননীয় সভাপতি আৰু মাননীয় মন্ত্ৰীগণ

বৰ্তমান মহামাৰী আৰু বিশ্বব্যাপি সংকটৰ সময়ছোৱাত যি বিষয়বিলাক উত্থাপিত হৈছে তাতকৈও বেছি গুৰুত্বপূৰ্ণ হৈছে জাতীয় আৰু বিশ্ব সংহতি। আন্তৰ্জাতিক স্তৰত কোভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সমান্তৰালভাৱে চলা স্বাস্থ্য ক্ষেত্ৰৰ সমস্যা সমাধানৰ বহুপক্ষীয় সহযোগিতাৰ প্ৰয়োজন। বিশ্বত সাধাৰণ মানুহৰ বিশেষকৈ দুৰ্বল আৰু প্ৰবীনসকলে পৰ্যাপ্ত সুৰক্ষা বজাই ৰখা দৰকাৰ।

 

আমি মহামাৰী মোকাবিলাৰ ক্ষেত্ৰত স্বাস্থ্য পৰিকাথামোৰ উন্নয়নৰ ওপৰত বিশেষ নজৰ দিয়া উচিত। য'ত আমি এই মহামাৰীৰে মোকাবিলাত অন্যান্য কাৰ্যসূচী গ্ৰহণ কৰিছো, তাত এই মহামাৰী প্ৰতিৰোধত উন্নত স্বাস্থ্য ব্যৱস্থাপনা গঢ়ি তুলিব লাগিব।

 

সকলোৰে সুবিধাৰ্থে ন্যায়সংগত কোভিড-১৯ চিকিসা ব্যৱস্থা আৰু সকলোৱে যাতে ন্যায্য মূল্যত প্ৰতিষেধক পায় সেয়া নিশ্চিত কৰাৰ প্ৰয়োজন আছে। অৰ্থৰ বিনিময়ত কেৱল সুৰক্ষাৰ সুযোগ-সুবিধা পোৱা যাব, এই বিষয়টো কেতিয়াও হোৱা উচিত নহয়।

 

মেক-ইন-ইণ্ডিয়া আৰু মেড-ফৰ দ্য ৱৰ্ল্ড এই প্ৰয়াসৰ মাধ্যমত ভাৰতে সংযত তথা মানদণ্ডপূৰ্ণ চিকিসাৰ সৰঞ্জাম উপাদনৰ ক্ষেত্ৰত অতীতৰ দৰেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু একেলগে সৰবৰাহ পৰিচালনাৰ বাবে ডিজিটেল দক্ষতা বিকাশ আৰু গৱেষণাৰ উন্নয়নত সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে।

 

আমাৰ সকলোৱে বৰ্তমানৰ ব্যৱস্থাপনা যেনে কোভিড-১৯ টুলছ এক্চেলেৰেটৰ (এ চি টি-এ) ব্যৱহাৰ আৰু স্বাস্থ্য ব্যৱস্থাপনা জোৰদাৰ কৰাৰ সময়ত চিকিসা আৰু প্ৰতিষেধকৰ ক্ষেত্ৰত ন্যায়সংগত সুযোগ-সুবিধা সুনিশ্চিত কৰিব লাগিব।

 

জনস্বাস্থ্য ক্ষেত্ৰত নেতৃত্ব প্ৰদানকাৰীসকলে অৱশ্যেই নিৰ্দিষ্ট সীমাৰ বাহিৰলৈ গৈ এই বিষয়বিলাক পৰ্যবেক্ষণ কৰিব। কেৱল কোনো সীমাৰ ভিতৰৰ পৰাই এই সংক্ৰমণৰ বিৰুদ্ধে যুঁজত বিশ্বৰ অভিজ্ঞতাৰ পৰা কেৱল আমি শিক্ষা নলওঁ, বৰ্তমান তথা ভৱিষ্যতৰ ৰোগীসকলৰ জীৱন ৰক্ষাৰ্থে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইতিমধ্যে যিসকলে প্ৰাণ হেৰুৱাইছে তেওঁলোককো সন্মান জনাম।

******

MV



(Release ID: 1655956) Visitor Counter : 142