প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭৫০ মেগাৱাটৰ ৰেৱা সৌৰ প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰতিবছৰে প্ৰায় ১৫ লাখ টন কাৰ্বন ডাই অক্সাইডৰ সমতুল্য কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব ৰেৱা প্ৰকল্পই
এই প্ৰকল্পই ভাৰতৰ ২০২২ৰ ভিতৰত ১৭৫ গিগাৱাট নৱীকৰণযোগ্য শক্তি ক্ষমতা স্থাপনৰ লক্ষ্য়ত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব

Posted On: 09 JUL 2020 4:11PM by PIB Guwahati

১০ জুলাই, ২০২০ত মধ্য প্ৰদেশৰ ৰেৱাত স্থাপন কৰা ৭৫০ মেগাৱাটৰ সৌৰ প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এখন ছলাৰ পাৰ্ক (মুঠ মাটিকালি ১৫০০ হেক্টৰ)ৰ ভিতৰত অৱস্থিত এই প্ৰকল্পই ৫০০ হেক্টৰ মাটিত পৰিৱেষ্টিত ২৫০ মেগাৱাটকৈ তিনিটা ছলাৰ জেনেৰেশ্যন ইউনিটক সামৰি লৈছে। মধ্য প্ৰদেশ উৰ্জা বিকাশ নিগম লিমিটেড (MPUVN) আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ অধীনস্থ ছলাৰ এনাৰ্জী কৰ্পৰেশ্যন অৱ ইণ্ডিয়া (SECI)ৰ যুটীয়া প্ৰচেষ্টাৰ কোম্পানী ৰেৱা আলট্ৰা মেগা ছলাৰ লিমিটেড (RUMSL)এ এই ছলাৰ পাৰ্কখনি স্থাপন কৰিছে। পাৰ্কখনৰ নিৰ্মাণৰ অৰ্থে আৰইউএমএছএললৈ ১৩৮ কোটি টকাৰ কেন্দ্ৰীয় আৰ্থিক সাহাৰ্য্য় আগবঢ়োৱা হৈছে। পাৰ্কখনিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত, লাৰ পাৰ্কখনৰ ভিতৰত ২৫০ মেগাৱাটকৈ তিনিটা ছলাৰ জেনেৰেশ্যন ইউনিট স্থাপন কৰিবলৈ আৰইউএমএছএলৰদ্বাৰা মহিন্দ্ৰা ৰিনিউৱেবলছ প্ৰাইভেট লিমিটেড; এচিএমই জয়পুৰ ছলাৰ পাৱাৰ প্ৰাইভেট লিমিটেড আৰু আৰিনছুন ক্লীন এনাৰ্জী প্ৰাইভেট লিমিটেডক ৰিভাৰ্ছ অক্সনৰ জৰিয়তে বাছনি কৰা যায়। ৰেৱা সৌৰ প্ৰকল্প হৈছে সৰ্বোত্তম ফলাফলসমূহৰ অন্যতম উদাহৰণ যি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বয়ত গঢ় লৈ উঠিছে।

গ্ৰীড পেৰিটি প্ৰত্যাহ্বান নেওচিবলৈ সক্ষম হোৱা ৰেৱা সৌৰ প্ৰকল্প হৈছে দেশখনৰ প্ৰথমটো সৌৰ প্ৰকল্প। ২০১৭ ত প্ৰায় ৪.৫০ টকা/ইউনিটত সৌৰ প্ৰকল্প টেৰিফৰ বিপৰীতে, ৰেৱা প্ৰকল্পই যুগান্তকাৰী সমাধানত উপনীত হৈছে। এই প্ৰকল্পটোৱে বছৰি ১৫ লাখ টন কাৰ্বন ডাই অক্সাইডৰ সমতুল্য কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব।

বলিষ্ঠ প্ৰকল্প গাঁথনি আৰু উদ্ভাৱনৰ বাবে ৰেৱা প্ৰকল্পই ভাৰত আৰু বিদেশতো স্বীকৃতি লাভ কৰিছে। ইয়াৰ বৰ্ধিত সুৰক্ষা ব্যৱস্থাই পাৱাৰ ডেভলপাৰসকলৰ দুৰ্ভাৱনা হ্ৰাস কৰি তুলিব। এমএনআৰইৰদ্বাৰা এই আৰ্হি গ্ৰহণ কৰা হৈছে। তদুপৰি ই উদ্ভাৱন আৰু সৰ্বোত্তমতাৰ বাবে ৱৰ্ল্ড বেংক গ্ৰুপ প্ৰেচিডেন্টচ এৱাৰ্ড লাভ কৰাৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰদ্বাৰা উন্মোচন কৰা গ্ৰন্থ এ বুক অৱ ইনভেশ্যনঃ নিউ বিগিনিংত সন্নিৱিষ্ট হৈছে। এই প্ৰকল্পটো হৈছে প্ৰথমটো নৱীকৰণযোগ্য শক্তি প্ৰকল্প যিয়ে ৰাজ্যৰ বাহিৰত যথাঃ দিল্লী মেট্ৰ আদি আনুষ্ঠানিক উপভোক্তালৈ যোগান ধৰিছে, যিয়ে এই প্ৰকল্পটোৰপৰা ২৪% শক্তি লাভ কৰিব আৰু বাকী ৭৬% শক্তি মধ্য প্ৰদেশ ৰাজ্যিক ডিচকমলৈ যোগান ধৰা যাব।

ৰেৱা প্ৰকল্পটোৱে তদুপৰি ১০০ গিগাৱাট সৌৰ সংস্থাপিত ক্ষমতাৰে ২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট সংস্থাপিত নৱীকৰণযোগ্য শক্তি ক্ষমতা আহৰণৰ ভাৰতৰ যি লক্ষ্য তাত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

*******

VRRK/VJ/BM/SB



(Release ID: 1655601) Visitor Counter : 253