PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 16 SEP 2020 6:15PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

ভাৰতত এদিনতে সৰ্বাধিক আৰোগ্যৰ লাভ, বিগত ২৪ ঘণ্টাত ৮২,৯৬১গৰাকী লোকৰ আৰোগ্যৰে অভিলেখ

ভাৰতে সৰ্বাধিক আৰোগ্যৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে৷ বিগত ২৪ ঘণ্টাত ৮২,৯৬১গৰাকী ক’ভিড ৰোগী সুস্থ হোৱাৰ জৰিয়তে এই হাৰ ৭৮.৫৩%লৈ উন্নীত হৈছে৷ বিগত ৭ দিন একেৰাহে আৰোগ্যৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আছে৷ বৰ্তমানলৈকে দেশত ৩৯,৪২,৩৬০গৰাকী ৰোগী সুস্থ হৈছে৷ বিগত ২৪ ঘণ্টাৰ মুঠ আৰোগ্যৰ ভিতৰত সৰ্বাধিক ১৯,৪২৩গৰাকীয়েই মহাৰাষ্ট্ৰৰ৷ ইফালে, দেশত বৰ্তমান ৯,৯৫,৯৯৩গৰাকী ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷ আৰোগ্য লাভ কৰা চিকিসাধীন হৈ থকা ৰোগীৰ মাজত ব্যৱধান আজিৰ দিনটোত ২৯,৪৬,৪২৭লৈ বৃদ্ধি পাইছে৷ দেশত বিগত ২৪ঘণ্টাত ৯০,১২৩গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ইয়াৰে ২০,০০০তকৈ অধিক লোকে মহাৰাষ্ট্ৰৰ৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1654884

 

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্যকৰ্মীসকলৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ বীমা আঁচনিৰ ম্যাদ অতিৰিক্ত ৬মাহলৈ বৃদ্ধি কৰা হৈছে

ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্যকৰ্মীসকলৰ বাবে ৩০ মাৰ্চ, ২০২০ত ৯০দিনৰ ম্যাদৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ বীমা আঁচনি ঘোষণা কৰা হৈছিল৷ এই আঁচনি ২৫ ছেপ্টেম্বৰ, ২০২০লৈ পুনৰ ৯০ দিনৰ বাবে বৃদ্ধি কৰা হয়৷ শেহতীয়াভাৱে এই আঁচনি অতিৰিক্ত ৬মাহৰ বাবে ম্যাদ বৃদ্ধি কৰিছে৷ এই আঁচনিৰ জৰিয়তে ক’ভিড-১৯ ৰোগীৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক থকা সামূহিক স্বাস্থ্য কৰ্মীকে ধৰি সকলো স্বাস্থ্যসেৱা আগবঢ়োৱা ব্যক্তিসকল সংক্ৰমিত হ’লে, তেওঁলোকক ৫০লাখ টকাৰ বীমাৰে সামৰি ল’ব৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1654635

 

আন্তঃৰাষ্ট্ৰীয় বিমানযাত্ৰীৰ বাবে ক’ভিড-১৯ পৰীক্ষা

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে পৰীক্ষামূলকভাৱে বিমানবন্দৰ প্ৰৱেশ কৰা বিদেশলৈ যাবলগীয়া যাত্ৰীসকলৰ আৰটি-পিচিআৰ পৰীক্ষা কৰাৰ বাবে অনুমতি দিছে৷ বিমানবন্দৰ পৰিচালকসকলে আৰটি-পিচিআৰৰ নমূনা সংগ্ৰহৰ সুবিধাযুক্ত জিৰণি গৃহৰ ব্যৱস্থা কৰিব লাগিব৷ যদি পৰীক্ষা নিগেটিভ আহে, তেতিয়া তেওঁলোকক ভ্ৰমণৰ বাবে অনুমতি দিয়া হ’ব৷ যদি পজিটিভ আহে, তেতিয়া যাত্ৰীসকলৰ আইচিএমআৰৰ প্ৰটকল অনুসৰি ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব৷ ৰাজ্যসভাত এইদৰে এক প্ৰশ্নোত্তৰত কয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1654635

 

ক’ৰোনা ভাইৰাছৰ প্ৰভাৱ

ক’ভিড-১৯ৰ হঠা হোৱা প্ৰাদূৰ্ভাৱে বিশ্বৰ বৃহ অৰ্থনীতিৰ দেশসমূহত ব্যাপক প্ৰভাৱ পৰিছে৷ মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইউৰোপিয়ান সংঘ, ব্ৰিটেইন আৰু ভাৰতসহ সমগ্ৰ বিশ্বৰ অৰ্থনীতিত ক’ৰোনাই ব্যাপক ক্ষতি কৰিছে৷ ক’ৰোনাৰ বাবে প্ৰায় প্ৰতিখন দেশে লকডাউন ঘোষণা কৰাৰ ফলতে এই ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এতিয়া লকডাউন শিথিল কৰাৰ পাছত অৰ্থনীতিৰ উত্থান পৰিলক্ষিত হোৱা বুলি এক প্ৰশ্নোত্তৰত লোকসভাত কয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1655051

 

ৰে’লৰ ডবা ক’ভিড কেয়াৰ ইউনিটলৈ পৰিৱৰ্তন

লকডাউনৰ সংকটৰ সময়ত ভাৰতীয় ৰে’লৱে ৫,২৩১টা নন-এচি আইচিএফ ডবা সাময়িকভাৱে ক’ভিড আইছ’লেচনলৈ ৰূপান্তৰ কৰা হয়৷ একাংশ ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে ৮১৩টা ডবা ব্যৱহাৰৰ বাবে দিয়া হৈছে৷ লোকসভাত এক প্ৰশ্নোত্তৰত এইদৰে ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1655117

 

ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ ভাৰতত শ্ৰমিক কল্যান আৰু সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰেঃ শ্ৰী গেংৱাৰ

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী গেংৱাৰে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ ভাৰতত শ্ৰমিক কল্যান আৰু সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷  তেওঁ কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰাথমিক তালিকাতে শ্ৰমিকসকলক ধৰা হয়৷ সেয়েহে ৰাজ্য চৰকাৰে প্ৰব্ৰজিত শ্ৰমিক আইনকে ধৰি একাধিক কেন্দ্ৰীয় আইন ব্যাপক ৰূপত ৰূপায়ণ কৰিছে৷

প্ৰব্ৰজিত শ্ৰমিক আইনৰ ব্যৱস্থা অনুসৰি প্ৰব্ৰজিত শ্ৰমিকসকলক পঞ্জীয়ন সংশ্লিষ্ট ৰাজ্য চৰকাৰে কৰে৷ অৱশ্যে ক’ভিড-১৯ৰ অভূতপূৰ্ব পৰিৱেশৰ পৰিপ্ৰেক্ষিতত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে লকডাউনৰ সময়ত গৃহ ৰাজ্যলৈ ঘূৰি যোৱাৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ তথ্য সংগ্ৰহৰ কাম কৰিছিল৷ বিভিন্ন ৰাজ্যৰ পৰা লাভ কৰা তথ্য অনুসৰি ক’ভিড-১৯ৰ সময়ত প্ৰায় ১কোটি শ্ৰমিকে নিজৰ গৃহ ৰাজ্যলৈ ঘূৰি গৈছে৷

শ্ৰম মন্ত্ৰীগৰাকীয়ে লগতে কয় যে লকডাউনৰ সময়ত এই প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে৷

লকডাউন ঘোষণাৰ লগে লগে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকক বিত্তীয় সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়ে৷ সেই হিচাপে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে ভৱন আৰু অন্যান্য নিৰ্মাণ উপ-কৰ পুঁজিৰ জৰিয়তে প্ৰায় ২ কোটি নিৰ্মাণ শ্ৰমিকক তেওঁলোকৰ বেংক একাউণ্টত ৫,০০০কোটি টকা মুকলি কৰি দিছে৷

লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ অভাৱ-অভিযোগ নিষ্পত্তি কৰাৰ বাবে মন্ত্ৰালয়ে ২০টা নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ জৰিয়তে আৱদ্ধ হৈ থকা ২৯৫ কোটি টকা প্ৰায় ২লাখ শ্ৰমিকক প্ৰদান কৰিছে৷

লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত ১.৭ লাখ কোটি টকাৰ বিত্তীয় পেকেজত অসংগঠিত শ্ৰমিকসহ দুখীয়া আৰু অভাৱগ্ৰস্ত ৮০ কোটি লোকক নৱেম্বৰ মাহলৈকে গাইপতি বিনামূলীয়াকৈ ৫ কেটি চাউল/আটা আৰু ১কেজিকৈ দাইল যোগান ধৰিব৷

এমজিএনৰেগাৰ অধীনত প্ৰতিদিনে মজুৰি ১৮২ৰ পৰা ২০২টকা বৃদ্ধি কৰা হৈছে৷ শ্ৰী গেংৱাৰে লগতে কয় যে ভাৰত চৰকাৰে প্ৰায় ৫০লাখ পদপথৰ দোকানীক তেওঁলোকৰ ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ বাবে বছৰি ১০,০০০ টকাকৈ বন্ধকীমুক্ত মুলধনী ঋণ প্ৰদানৰ লক্ষ্যৰে স্বনিধি আঁচনি আৰম্ভ কৰিছে৷

ইফালে, প্ৰব্ৰজিত শ্ৰমিকসকলক সংস্থাপনৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ অধীনত ১১৬খন জিলাত মিচন মোডত ৫০,০০০ কোটি টকাৰ কাম হাতত লোৱা হৈছে৷

আত্মনিৰ্ভৰ ভাৰতৰ অধীনত ২০লাখ কোটি টকাৰ বিত্তীয় পেকেজ ধাৰ্য কৰি প্ৰব্ৰজিত শ্ৰমিক, অসংগঠিত খণ্ডৰ শ্ৰমিকৰ কৰ্মসংস্থাপনৰ সুযোগ, এমএছএমই খণ্ডসমূহৰ শক্তিশালীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নত গুৰুত্ব দিয়া হৈছে৷

শ্ৰমিকসকলক ন্যূনতম বিত্তীয় সাহায্য প্ৰদানৰ লক্ষ্যৰে শ্ৰম মন্ত্ৰালয়ে শ্ৰমিকসকলৰ ইপিএফ একাউণ্টৰ পৰা ৭৫% ধন উলিযাবলৈ অনুমতি প্ৰদান কৰে৷ ইয়াৰ জৰিয়তে মুঠ ৩৯,০০০ কোটি টকা উলিওৱাৰ তথ্য পোৱা গৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1654819

 

শ্ৰী পীয়ুষ গোৱেলে কয় যে বিগত সপ্তাহত ৰপ্তানিৰ বিকাশৰ হাৰ ১০ৰ ঘৰ অতিক্ৰম কৰাটোৱে দ্ৰুত পুনৰুত্থানকে প্ৰদৰ্শিত কৰিছে

ৰে’ল আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ৰপ্তানিৰ পৰিমাণ ৫০০ বিলিয়ন মাৰ্কিন ডলাৰলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ চিআইআইৰ ভাৰত ব্ৰিটেইন বাৰ্ষিক সন্মিনত কালি আগবঢ়োৱা উদ্বোধনী ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ লক্ষ্যত উপনীত হোৱাৰ দিশে পুনৰ ধাৱিত হ’ব৷ তেওঁ কয় যে ৮-১৪ ছেপ্টেম্বৰলৈ দেশত ৰপ্তানিৰ হাৰ ১০.৭৩%ৰে ৬.৬৮ বিলিয়ন মূল্যৰ সমান হৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1654721

 

ক’ভিড-১৯ৰ সময়ত এমজিএনৰেগাৰ ৰূপায়ণ

মহাত্মা গান্ধী এনৰেগা এক চাহিদাভিত্তিক মজুৰি সংস্থাপন আঁছনি গ্ৰামাঞ্চলৰ প্ৰতিঘৰ লোকৰ এজন প্ৰাপ্তবয়স্কৰ নামত এটা জব কাৰ্ডৰ বাবে যোগ্য৷ চলিত বিত্তীয় বৰ্ষত বৰ্তমানলৈকে ৮৬,৮১,৯২৮টা জবকাৰ্ড নতুনকৈ দিয়া হৈছে৷ এপ্ৰিল, ২০২০ৰ পৰা আগষ্ট, ২০২০লৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে এনৰেগাৰ অধীনত ৫৮,৭০,৬০০লাখ পুঁজি মুকলি দিয়াৰ বিপৰীতে ৫২৯৩৭৬৪ লাখ টকা ব্যয় কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1654684

 

গৰীৱ কল্যান ৰোজগাৰ অভিযান

ক’ভিড-১৯জনিত দুৰ্যোগৰ সন্মুখীন হৈ নিজ গাঁৱলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিক আৰু গাঁওবাসীৰ বাবে নিজৰ এলেকাতে জীৱন-জীৱিকাৰ সুযোগ প্ৰদান ৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ২০ জুন, ২০২০ত ১২৫দিনীয়া গৰীৱ কল্যাণ ৰোজগাৰ অভিযান শীৰ্ষক এক অভিযান শুভাৰম্ভ কৰে৷ অভিযানৰ বাবে ৫০,০০০ কোটি টকাৰ পুঁজিৰ কথাও ঘোষণা কৰিছিল৷ গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ অধীনত ৬খন ৰাজ্য ক্ৰমে বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু উত্তৰপ্ৰদেশত ২৫টা কামৰ বাবে ১১৬খন জিলা বাছনি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1654680

 

স্বাস্থ্য সেৱা আৰু হাস্পতালৰ অন্যান্য স্বাস্থ্য কর্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য আৰু সুৰক্ষা সংক্রান্তীয় ক্ষতিশংকাৰ বাবে মৃত ছাফাই কর্মীসকলৰ সন্দৰ্ভত কেন্দ্রীয় চৰকাৰে কোনো তথ্য সংৰক্ষণ কৰা নাই৷ কাৰণ হাস্পতাল আৰু ডিছপেনছেৰীসমূহ ৰাজ্যৰ বিষয়৷
ৰাজ্যসমূহত সংক্রমণ প্রতিৰোধ আৰু নিয়ন্ত্রণ কমিটী গঠন কৰিবলৈ কোৱা হৈছে। হাস্পতালসমূহত এনে এজন সমন্বয়ৰক্ষী বিষয়া ৰাখিবলৈ কোৱা হৈছে, যিজনে স্বাস্থ্য সেৱা কর্মীৰ পর্যবেক্ষণ কৰিব আৰু তেওঁলোকৰ স্বাস্থ্য সংক্রান্তীয় অৱস্থাৰ বিষয়বোৰ পর্যালোচনা কৰিব৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1654924

 

মহামাৰীৰৰ পৰিপ্ৰেক্ষিতত বৃদ্ধাশ্রমসমূহ পৰিচালনাৰ দায়িত্বত থকা সংস্থাসমূহক সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে অগ্রিম পুঁজিৰ প্ৰদানৰ সিদ্ধান্ত লৈছে

বর্তমান মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধাশ্রমসমূহ পৰিচালনাৰ ক্ষেত্রত সংশ্লিষ্ট সংস্থাসমূহৰ ওচৰত যথেষ্ট ধন নথকাৰ আশংকা কৰা হৈছে৷ সেয়েহে, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রায়লে সংশ্লিষ্ট সংস্থাসমূহক অগ্রিম পুঁজি যোগানৰ সিদ্ধান্ত লৈছে৷ আজিলৈকে এই শিতানত ৮৩.৭৪ কোটি টকা মুকলি কৰি দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1654923

 

কৰোনা সংকট কালত পিএমইউৱাইৰ অধীনত চিলিণ্ডাৰ বিতৰণ

দুখীয়া গৃহস্থীৰ প্ৰাপ্তবয়স্ক মহিলাক বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰদান কৰিবৰ বাবে ১/৫/২০১৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ (পি এম ইউ ৱাই) অধীনত চৰকাৰে পুঁজি গঠন আৰম্ভ কৰে। ২০১৯ৰ ৭ ছেপ্টেম্বৰত ইয়াৰ লক্ষ্যত উপনীত হয়। এই সময়ছোৱাত ১৩,০৬ কোটি চিলিণ্ডাৰ যোগান ধৰা হৈছে৷

অধিক বিৱৰণৰ বাবে : https://pib.gov.in/PressReleseDetail.aspx?PRID=1654934

প্ৰতিৰক্ষা সেৱাত ক’ভিড-১৯ৰ ঘটনা

স্থল সেনা, নৌ সেনা আৰু বায়ু সেনা ক্ৰমে ১৬,৭৫৮, ১,৩৬৫ আৰু ১,৭১৬গৰাকী জোৱান ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ইয়াৰে স্থল সেনা আৰু বায়ু সেনাৰ ক্ৰমে ৩২ আৰু ০৩জন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে নৌসেনাৰ কোনো জোৱানৰ মৃত্যু হোৱা নাই৷ নিয়ম অনুসৰি সংক্ৰমিত ৰোগ মৃত্যু হোৱা জোৱানৰ বাবে বিশেষ ক্ষতিপুৰণৰ কোনো ব্যৱস্থা নাই৷ অৱশ্যে সেৱাৰ বাবে সকলো ধৰণৰ সুবিধাৰ মৃত জোৱানসকলৰ আত্মীয়ই লাভ কৰিব৷ ৰাজ্য সভাত এক প্ৰশ্নোত্তৰত এই তথ্য সদৰি কৰিলে প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়কে৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1655098

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহ ইনপুট

  • মহাৰাষ্ট্ৰঃ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সকলো হাস্পতালত চিটি-স্কেনৰ বাবদ নিৰ্দিষ্ট মাচুল নিৰ্ধাৰণ কৰিবলৈ চাৰিজনীয়া সদস্যৰ এক সমিতি গঠন কৰিছে৷ বিভিন্ন হাস্পতালে পৃথক পৃথক দৰ আদায় কৰা বুলি অভিযোগ পোৱাৰ পাছতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপেই এই ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইফালে, ‘মোৰ পৰিয়াল মোৰ দায়িত্ব’ শীৰ্ষক এক প্ৰচেষ্টা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে ২৮,০০০ চৰপঞ্চৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হয়৷
  • ৰাজস্থানঃ ৰা্জ্যখনৰ ব্যক্তিগত হাস্পতালত ক’ভিড-১৯ পৰীক্ষাৰ দৰ ১২০০ টকালৈ হ্ৰাস কৰিছে৷ পৰীক্ষাৰ সঁজুলিৰ দাম হ্ৰাস পোৱাৰ পাছতে এই সিদ্ধান্ত লয় বুলি স্বাস্থ্যমন্ত্ৰী ড০ ৰঘু শৰ্মাই সদৰি কৰিছে৷ ইফালে, ৰাজ্যস্থানৰ ক’ভিড ব্যৱস্থাপনা কৌশলৰ সন্দৰ্ভত শীৰ্ষ চিকিসকসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী অশোক গেহলটে৷
  • মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশৰ চৰকাৰে চিকিসাৰ বাবে ব্যাপক হাৰত অক্সিজেনৰ নাটনি দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহৃত অক্সিজেনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷
  • চত্তীশগড়ঃ মঙলবাৰে দিনটোত চত্তীশগড়ত এদিনতে সৰ্বাধিক ৩,৪৫০গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত ইয়াৰ ফলত ক’ভিড আক্ৰান্তৰ সংখ্যা ৭০,৭৭৭লৈ বৃদ্ধি পাইছে৷ ৰাজ্য চৰকাৰে দুৰ্গ জিলা হাস্পতালত ৫০খন অক্সিজেন সুবিধাযুক্ত বিছনাৰ ব্যৱস্থা কৰিছে৷ মুংগেলী জিলাত ৭দিনীয়া লকডাউন ঘোষণা কৰিছে জিলা প্ৰশাসনে৷
  • কেৰালাঃ ৰাজ্যিক কেবিনেটে এক অধ্যাদেশত অনুমোদন জনাই আগন্তক স্থানীয় নিকায়সমূহৰ নিৰ্বাচনত ক’ভিড-১৯ ৰোগী আৰু আন শস্যাগত লোকসকলক পোষ্টেল ভোট প্ৰদানৰ সুবিধা দিছে৷ তদুপৰি, ভোটগ্ৰহণৰ সময়ত অতিৰিক্ত এঘণ্টা বৃদ্ধি কৰা হৈছে৷ ৰাজ্যখনত অৰ্থনীতিৰ ঘাটিৰ পৰিপ্ৰেক্ষিতত প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালৰ ৬দিনৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যিক বিত্তমন্ত্ৰী থমাছ আইজাক ক’ভিডমুক্ত হোৱাৰ পাছত আজি চিকিসালয়ৰ পৰা যাবলৈ দিয়া হয়৷ ৰাজ্যখনত বৰ্তমান ৩১,১৫৬গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ এতিয়ালৈকে ৪৬৬গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
  • তামিলনাডুঃ কেন্দ্ৰীয় শাসিত অঞ্চলটোত ক’ভিড-১৯ প্ৰট’কল ভংগ কৰাটো ৰোধ কৰিবলৈ আৰক্ষী, ৰাজহ আৰু পৌৰ নিকায়সমূহৰ কৰ্মচাৰীয়ে এক ভ্ৰাম্যমান দল গঠন কৰা বুলি কয় পুডুচেৰীৰ লেফটেনেণ্ট জেনেৰেল কিৰণ বেডীয়ে৷ তামিলনাডু মুখ্যমন্ত্ৰী পালানীস্বামীয়ে বিধানসভাত কয় যে ৰাজ্যখনৰ ক’ৰোনাৰ সংক্ৰমিত সংখ্যা লাহে লাহে হ্ৰাস পাইছে৷ ইফালে আৰোগ্যৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক ৮৯% বুলিও সদৰি কৰে৷
  • কৰ্ণাটকঃ ৰাজ্যিক কেবিনেটে মঙলবাৰে কৰ্ণাটক ৰাজহ ঘাটি দায়ৱদ্ধতা আইনৰ সংশোধন কৰি ৰাজ্যৰ ধাৰৰ পৰিমাণ মুঠ জিডিপিৰ ৩ শতাংশৰ পৰা ৫ শতাংশলৈ বৃদ্ধি কৰে৷কৰ্ণাটকৰ ৰাজ্যিৰ গৃহমন্ত্ৰী বাসৱাৰাজ বোম্মাই ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত মেজিকেল অফিাৰ এছ’চিয়েশ্যনে বিভিন্ন দাবীৰ সমৰ্থনত ১৮ ছেপ্টেম্বৰলৈকে অব্যাহত ৰাখিব ধৰ্মঘট কাৰ্যসূচী৷
  • অন্ধ্ৰপ্ৰদেশঃ গাঁও আৰু ৱাৰ্ডসমূহত পৰীক্ষাৰ বাবে নিযুক্ত ব্যক্তিসকল ক’ৰোনাত আক্ৰান্ত হ’লে তেনে লোকৰ বাবে বিশেষ কোঠাৰ ব্যৱস্তা কৰিছে ৰাজ্য চৰকাৰে৷ তিৰুমালা পৰ্বতৰ মন্দিৰত ১৭ৰ পৰা২৭ ছেপ্টেম্বৰলৈকে তিৰুমালা তিৰুপতি দেৱাস্তনম ব্ৰহ্মমহোসৱম ভক্ত অবিহনে ভাৰত চৰকাৰৰ ক’ভিড প্ৰটকল মান আয়োজন কৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনত ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্য ৫,০১৪জনলৈ বৃদ্ধি পাইছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ২,২৭৩গৰাকী নতুন আক্ৰান্ত, ২,২৬০গৰাকী সুস্থ আৰু ১২জন লোক ক’ভিড মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷ বৰ্তমান ৰাজ্যখনত ৩০,৪০১জন ৰোগী চিকিসাধীন হৈ আছে৷ এতিয়ালৈকে তেলেংগানাত ৯৯৬জন ৰোগী মৃত্যু হৈছে৷ ৰাজ্যখনত বিধায়কসহ বিধানসভাৰত ৫০জন কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হৈছে৷ তেলেংগানাত ক’ভিড ৰোগী সংখ্যা দ্ৰতগতিত বৃদ্ধি পোৱাৰ বিপৰীতে অক্সিজেনৰ ব্যাপক নাটনিয়ে দেখা দিছে৷
  • অৰুণাচলপ্ৰদেশঃ নতুনকৈ দুজন ক’ভিড ৰোগী মৃত্যুৰ ফলত ৰাজ্যখনৰ মৃত্যুৰ সংখ্য ১৩লৈ বৃদ্ধি পাইছে৷ মুখ্যমন্ত্ৰী পেমা খাণ্ডুসহ ১৭০জন লোক নতুনকৈ ক’ভিড আক্ৰান্ত হৈছে৷ বৰ্তমান অৰুণাচলত ১,৭৯৫গৰাকী লোক চিকিসাধীন হৈ আছে৷
  • অসমঃ কালি অসমত ১,৮৪৯জন ক’ভিড-১৯ ৰোগীক ডিছচাৰ্জড দিয়া হৈছে৷ ৰাজ্যখনত ক’ভিড ৰোগীৰ মুঠ সংখ্যা ১,৪৬,৫৭৫লৈ বৃদ্ধি হোৱাৰ বিপৰীতে এতিয়া ২৯,১৮০গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • মনিপুৰঃ মনিপুৰত নতুনকৈ ২৩৯জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৭৮শতাংশ৷ বৰ্তমান মনিপুৰত ১,৭৪৫জন ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনত ক’ভিড ৰোগী মৃত্যুৰ সংখ্যা ৪৭লৈ বৃদ্ধি পাইছে৷
  • মিজোৰামঃ কালি মিজোৰামত ১২জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ৰাজ্যখনত মুঠ আক্ৰান্ত ১,৪৮০জন ৰোগীৰ ভিতৰত বৰ্তমান ৫৮৮জন লোক চিকিসাধীন হৈ আছে৷ লক্ষণবিহীন লোকসকলক ঘৰতে আছুতীয়াকৈ থকাৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰিছে মিজোৰাম চৰকাৰে৷
  • মেঘালয়ঃ মেঘালয়ত মুঠ চিকিসাধীন লোকৰ সংখ্যা ১,৮১৮জনলৈ বৃদ্ধি পাইছে৷ ইয়াৰে ৩৭৯জন বিএছএফ আৰু সেনা বাহিনীৰ জোৱান৷

FACT CHECK

********



(Release ID: 1655323) Visitor Counter : 240