প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কয়লা খনিৰ বাণিজ্যিক খননৰ বাবে নিলাম প্ৰক্ৰিয়াৰ ভাৰ্চুৱেল শুভাৰম্ভণি কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ

Posted On: 18 JUN 2020 1:15PM by PIB Guwahati

নমস্কাৰ,

দেশ তথা সমগ্ৰ বিশ্বজুৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো বন্ধুক আদৰণি জনাইছো৷ ইমান প্ৰত্যাহ্বানপূৰ্ণ সময়ত এইধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা আৰু আপোনালোকৰ অংশগ্ৰহণে মন যথেষ্ট আশা জাগ্ৰত কৰাৰ লগতে এক ডাঙৰ বাৰ্তা বহন কৰে৷

ভাৰতে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দি বিজয়ীও হ’ব আৰু আগবাঢ়ি যাব৷ ভাৰতে এই বৃহ দুৰ্যোগক দুৰ্যোগ বুলি ভাবি কান্দি-কাটি বহি থকা বিধৰ নহয়৷ ভাৰতৰ দুৰ্যোগ যিমানেই ডাঙৰ নহওক কিয়, তাক সূযোগলৈ ৰূপান্তৰ কৰাৰ সংকল্প লৈ আমি সকলোৱে মিলি ইয়াক সূযোগলৈ পৰিৱৰ্তন কৰিম৷ ক’ৰোনাৰ এই সংকটে ভাৰতক আত্মনিৰ্ভৰ হোৱাৰ শিক্ষা দিছে৷

আত্মনিৰ্ভৰ ভাৰত অৰ্থা ভাৰতে আমদানিৰ ওপৰত নিৰ্ভৰতা কম কৰিব৷ আত্মনিৰ্ভৰ ভাৰতে আমদানিৰ বাবে ব্যয় হোৱা লাখ লাখ কোটি বিদেশী মুদ্ৰা ৰাহি কৰিব আৰু দেশৰ দুখীয়া লোকসকলৰ কল্যানৰ কামত ব্যৱহাৰ কৰিব পৰা যাব৷ আমদানি কম হোৱাৰ বাবে দেশত সম্পদ আৰু সংসাধনৰ বিকশিত কৰাৰ দিশত ধাৰাবাহিকভাৱে প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব আৰু আগবাঢ়ি যাব৷ আপোনালোকৰ ওপৰত থকা ভৰসাৰ পৰা মই কৈ আহিছো যে আজি আমি যি আমদানি কৰিছো, কাইলৈ সেইবোৰেই ডাঙৰ ৰপ্তানিকাৰক হৈ উঠিব৷

বন্ধুসকল, এই লক্ষ্যত উপনীত হোৱাৰ বাবে আমি এটা এটা ক্ষেত্ৰ ধৰি, এটা এটা প্ৰডাক্ট ধৰি, এক সেৱাত ধ্যান দি উকৰ্ষমূলক ধৰণেৰে কাম কৰিম৷ এটা এটা ক্ষেত্ৰ বাছনি কৰি লৈ সেই ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিম৷ আজিৰ এই অনুষ্ঠান এই চিন্তাধাৰাক বাস্তৱ ৰূপ দিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ এক শক্তিশালী পদক্ষেপ হিচাপে পৰিগণিত হৈছে৷

আজি শক্তি খণ্ডত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ বাবে এক বৃহ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই কা্ৰ্যসূচী কেৱল কয়লা খনিৰ সৈতে জড়িত৷ এটা খণ্ডৰ সৈতে জড়িত সংস্কাৰ সাধনৰ কৰা তেনে নহয়, বৰঞ্চ ১৩০ কোটি লোকৰ আশা-আকাংক্ষাক উপলব্ধি কৰাৰ প্ৰতিশ্ৰুতি৷ এয়া আমাৰ যুৱ বন্ধুসকলৰ বাবে সংস্থাপনৰ লাখ লাখ সূযোগ সৃষ্টিৰ আৰম্ভণি৷

বন্ধুসকল, আত্মনিৰ্ভৰতাৰ সংকল্পক সিদ্ধি কৰাৰ বাবে যেতিয়া যোৱা মাহত আত্মনিৰ্ভৰ ভাৰত অভিযানৰ ঘোষণা কৰা হৈছিল, তেতিয়া বহু লোকে ভাৱিছিল যে এয়া এক সাধাৰণ চৰকাৰী প্ৰক্ৰিয়াষ কিন্তু এমাহৰ ভিতৰতে প্ৰতিটো ঘোষণা, প্ৰতিটো সংস্কাৰ, সেয়া কৃষি খণ্ড, এমএছএমই, কয়লা অথবা খনি যিটো খণ্ডতেই নহওক কিয় একে সময়তে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সিদ্ধান্ত লোৱা হৈছে৷

এইবোৰে ভাৰতে এই সংকটক সূযোগলৈ ৰূপান্তৰ কৰিবলৈ কিমান গুৰুত্ব তথা প্ৰতিশ্ৰুতিবদ্ধ তাকে প্ৰদৰ্শন কৰিছে৷ আমি আজি কেৱল কয়লাৰ বাণিজ্যিক খননৰ শুভাৰম্ভ কৰা নাই, বৰঞ্চ কয়লা খণ্ডক দশক দশক ধৰি থকা লকডাউনৰ পৰা মুক্ত কৰিছো৷ কয়লা খণ্ডত লকডাউনৰ কি প্ৰভাৱ আছিল, সেয়া মোতকৈ আপোনালোকে ভালদৰে জানিব৷ ভাৱকছোন, যিখন দেশত কয়লা ৰিজাৰ্ভৰ হিচাপত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত আছে, যি দেশৰ দ্বিতীয় সৰ্ববৃহপাদনকৰ্তা, সেই দেশে কয়লাৰ ৰপ্তানি কৰাটো বাদেই বৰ্হিদেশৰ পৰা আমদানি কৰিবলগীয়া হৈছে৷

ডাঙৰ প্ৰশ্নটো এই যে আমি যেতিয়া বিশ্বৰ সৰ্ববৃহপাদনকৰ্তা, অৰ্থা সৰ্ববৃহপাদনকৰ্তাৰ গ্ৰুপত অন্তৰ্ভূক্ত হৈছো, তেতিয়াহ’লে কিয় সৰ্ববৃহ ৰপ্তানিকৰ্তা হ’ব নোৱাৰো? এয়া আমি সকলোৱে নিজে নিজক সুধিব লাগিব৷ এই প্ৰশ্ন আপোনাৰ-মোৰ লগতে সমগ্ৰ ভাৰতীয়ৰ মনত উঠি আহিছে৷

বন্ধুসকল,

কেইবা দশক ধৰি আমাৰ এই অৱস্থা৷ দেশৰ কয়লা খণ্ডৰ স্বজন-তোষণ তথা চোৰাং ব্যৱসায়ীৰ জালত মেৰ খাই আছিল৷ ইয়াক স্বচ্ছ প্ৰতিযোগিতাৰ বাহিৰত ৰখা হৈছিল; স্বচ্ছতা এক ডাঙৰ সমস্যা আছিল৷ নিলামৰ ন্যায্য প্ৰক্রিয়া সম্পর্কে পাহৰি যাওক, কয়লা খনি আৱণ্টনৰ ক্ষেত্রত ডাঙৰ ডাঙৰ কেলেংকাৰী সম্পর্কে আপোনালোক সকলোৱেই জানে৷ সেইবাবে কয়লা খণ্ডত বিনিয়োগৰ অভাৱ আছিল আৰু ইয়াৰ দক্ষতাতকৈ লৈও প্ৰশ্ন উত্থাপন হৈছিল৷ কয়লা এখন ৰাজ্যত উত্তোলন কৰা হৈছিল আৰু কেইবাশ কিলোমিটাৰ দূৰত অন্য এখন ৰাজ্যলৈ প্রেৰণ কৰা হৈছিল আৰু উত্পাদনকাৰী ৰাজ্যখনে কয়লাৰ বাবে অপেক্ষা কৰিছিল৷ সমগ্ৰ প্ৰক্রিয়াটোৱেই বেমেজালি সৃষ্টি হৈছিল৷

বন্ধুসকল, ২০১৪চনৰ পাছৰে পৰা এই পৰিস্থিতি সলনি কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱা হৈছে৷ মই কয়লা সংযোগ কার্যকৰী কৰিছোযি বিষয়ত আগতে কোনেও ভাবিবই পৰা নাছিল৷ এই ধৰণৰ পদক্ষেপসমূহে কয়লা খণ্ডক গতি প্ৰদান কৰিছে। বৰ্তমান, আমি বহু সংস্কাৰ আনিছো যি কেইবা দশক ধৰি ভবা হৈছিল৷ এতিয়া ভাৰতে প্ৰতিযোগিতা, মূলধন, অংশগ্ৰহণ আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কয়লা আৰু খনি খণ্ডক সম্পূৰ্ণৰূপে উন্মুক্ত কৰাৰ বাবে এক ডাঙৰ সিদ্ধান্ত লৈছে৷ বেচৰকাৰী খনি খণ্ডত নতুন বিনিয়োগকাৰীৰ যাতে ধনৰ সমস্যা নহয় তা প্ৰতি লক্ষ্য ৰখা হৈছে৷

বন্ধুসকল, শক্তিশালী খনি আৰু খনিজ খণ্ডক বাদ দি স্বাৱলম্বন সম্ভৱ নহয়; কাৰণ খনিজ আৰু খনন আমাৰ অর্থনীতিৰ দুটা গুৰুত্বপূর্ণ স্তম্ভ৷

এই সংস্কাৰৰ পাছত এতিয়া কয়লা উত্পাদন আৰু গোটা কয়লা খণ্ড আত্মনির্ভৰ হৈ উঠিব৷ এতিয়া কয়লাৰ বজাৰ উন্মুক্ত কৰি দিয়া হৈছে; সেয়েহে, যিকোনো ক্ষেত্ৰই তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি কিনিব পাৰে৷

বন্ধুসকল, এই সংস্কাৰসমূহে কেৱল কয়লা খণ্ডকে নহয় অন্যান্য খণ্ডকো উপকৃত কৰিব৷ আমাৰ কয়লা উত্পাদন যেতিয়া বৃদ্ধি পাব, তেতিয়া বিদ্যু উত্পাদন বৃদ্ধিৰ লগতে তীখা, এলুমিনিয়াম, সাৰ আৰু চিমেণ্ট খণ্ডৰ উত্পাদন বৃদ্ধি আৰু সংসাধনতো ইতিবাচক প্ৰভাৱ পৰিলক্ষিত হ’ব৷ সৌভাগ্যক্ৰমে ভাৰতত কয়লা, লো, বক্সাইট আৰু অন্যান্য খনিজ সম্পদৰ ভাণ্ডাৰ প্ৰায় একে ঠাইত অৱস্থিত। সেয়েহে খনিজ ক্ষেত্রত অনা সংস্কাৰসমূহে কয়লা খনিৰ সংস্কাৰৰ পৰা শক্তি অর্জন কৰিব৷

বন্ধুসকল,

বাণিজ্যিক কয়লা খনিৰ বাবে আজিৰ নিলামৰ শুভাৰম্ভণিয়ে সংশ্লিষ্ট সকলোৰে বাবে এক জয়ৰ পৰিৱেশ গঢ়ি তুলিছে। উদ্যোগসমূহ, আপুনি, আপোনাৰ ব্যৱসায়, আপোনাৰ বিনিয়োগ নতুন সম্পদ আৰু বজাৰ পাব৷ ৰাজ্য চৰকাৰসমূহে আৰু অধিক ৰাজহ পাব আৰু দেশৰ বিশাল সংখ্যক লোকে কর্মসংস্থাপন পাব৷ ইয়াৰ অর্থ হৈছে প্ৰতিটো ক্ষেত্রতে ইতিবাচক প্ৰভাৱ পৰিব৷

বন্ধুসকল,

কয়লা সংস্কাৰ বাস্তবায়িত কৰাৰ সময়ত এইটো নিশ্চিত কৰা হৈছে যে পৰিৱেশ ৰক্ষাত ভাৰতৰ প্ৰতিশ্রুতি যাতে দুর্বল নহয়৷ কয়লাৰ পৰা গেছ প্ৰস্তুত কৰিবলৈ অত্যাধূনিক প্ৰযুক্তি আৰম্ভ কৰিব পাৰে আৰু কয়লাৰ পৰা গেছ পাদনৰ ক্ষেত্রত পৰিৱেশ সুৰক্ষা সুনিশ্চিত কৰা হ’ব৷ কয়লাৰ পৰা পন্ন গেছ পৰিবহন আৰু ৰন্ধন গেছ হিচাপে ব্যৱহৃত হোৱাৰ লগতে ইউৰিয়া আৰু তীখা উত্পাদন উদ্যোগসমূহো লাভবান হ’ব৷ ২০৩০ চনলৈকে আমি প্রায় ১০০ কোটি টন কয়লাৰ পৰা গেছ পাদন লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ মোক জনোৱামতে ইয়াৰ বাবে চাৰিটা প্ৰকল্প চিহ্নিত কৰা হৈছে আৰু প্রায় ২০ হাজাৰ কোটি টকা এই প্ৰক্রিয়াত বিনিয়োগ কৰা হ’ব৷

বন্ধুসকল,

এই কয়লা ক্ষেত্রত সংস্কাৰসমূহে পূব আৰু মধ্য ভাৰতক, আমাৰ জনজাতি বসতিপ্ৰধান ৰাজ্যসমূহক উন্নয়নৰ স্তম্ভ হিচাপে গঢ়ি তোলাৰ এক ডাঙৰ মাধ্যম কৰি তুলিব৷ আমাৰ দেশত কয়লা আৰু খনিজসম্পদ সম্পন্ন অঞ্চলসমূহত অগ্ৰগতি আৰু সমৃদ্ধিৰ আশা কৰা ধৰণে পাবলৈ সক্ষম হোৱা নাই৷ এই অঞ্চলসমূহতে আছে দেশৰ অধিকাংশ অভিলাসী জিলা৷ এই জিলাসমূহৰ জনতাই উন্নয়নৰ বাবে উচ্চাকাঙ্ক্ষী, কিন্তু উন্নয়নৰ ক্ষেত্রত পিছ পৰি আছে৷

আপোনালোকে কল্পনা কৰিব পাৰে যে দেশৰ ১৬খন অভিলাসী জিলাত প্ৰভূত পৰিমাণে কয়লাৰ ভাণ্ডাৰ আছে; কিন্তু এই অঞ্চলসমূহৰ জনসাধাৰণে ইয়াৰ যথাযথ সুবিধা পোৱা নাই৷ এই এলেকাবোৰৰ পৰা আমাৰ নবীন বন্ধুসকলে কর্মসংস্থাপনৰ বাবে দূৰ-দুৰণিৰ চহৰলৈ ঢাপলি মেলিব লগীয়া হৈছে৷

বাণিজ্যিক খনিৰ ক্ষেত্রত গৃহীত পদক্ষেপসমূহে পূব আৰু মধ্য ভাৰতৰ বিশাল জনসংখ্যাৰ বাবে তেওঁলোকৰ ঘৰৰ কাষতে কর্মসংস্থাপন আৰু এইধৰণৰ বিভিন্ন সমস্যা লাঘৱ কৰাত অত্যন্ত সহায়ক হ’ব৷

এই কয়লা ব্লকসমূহৰ নিলামে বৰ্তমান লাখ লাখ লোকৰ কর্মসংস্থাপন সৃষ্টি কৰিব৷ কেৱল ইমানেই নহয়, কয়লা উত্তোলনৰ পৰা আৰম্ভ কৰি পৰিবহণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিমূলক কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব৷ বৰ্তমান চৰকাৰে এই ধৰণৰ আন্তঃগাঁথনি সৃষ্টি ৫০ হাজাৰ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছে৷

বন্ধুসকল, কয়লা খণ্ডত সংস্কাৰ আৰু বিনিয়োগে মানুহৰ জীৱনত বিশেষকৈ আমাৰ দৰিদ্ৰ আৰু জনজাতি ভাই-ভনীসকলৰ জীৱন সহজ কৰি তোলাত ডাঙৰ ভূমিকা পালন কৰিব৷ কয়লা পাদনৰ জৰিয়তে উত্পন্ন অতিৰিক্ত আয় সেই এলেকাত জনকল্যাণমূলক প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ ৰাজ্যসমূহেও জিলা খনিজ পূঁজিৰ লাভাংশ পাই থাকিব৷ এই পূঁজিৰ এক বৃহ অংশ কয়লা খনিৰ সমীপৰ অঞ্চলৰ জনগণৰ বাবে প্ৰয়োজনীয় সা-সুবিধা বিকাশত ব্যৱহাৰ কৰা হ’ব৷ আমি দেশৰ খনিজ সম্পদ সমৃদ্ধ অঞ্চলৰ লোকসকলক ধনী কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে৷ আজি গৃহীত পদক্ষেপসমূহে এই উদ্দেশ্যক ব্যাপকভাৱে সহায় কৰিব৷

বন্ধুসকল,

 

এই নিলাম এনে এক সময়ত অনুষ্ঠিত হৈছে যি সময়ত অর্থনৈতিক কাৰ্য-কলাপ দ্রুত স্বাভাৱিকৰ দিশে ঘূৰি আহিছে। জনগণৰ ক্ৰয়ক্ষমতা, চাহিদা আৰু খৰচ দ্রুতগতিত ক’ভিড-১৯ পূৰ্বৰ সময়ৰ পৰ্যায় পাইছেগৈ৷ নতুন আৰম্ভণিৰ বাবে ইয়াতকৈ ভাল সময় আৰু হ’ব নোৱাৰে৷

বিদ্যু ব্যৱহাৰৰ চাহিদাই হওক অথবা পেট্র’লিয়ামজাত সামগ্ৰীৰ চাহিদাই হওক; মে’ মাহৰ শেষ সপ্তাহ আৰু জুনৰ প্ৰথম সপ্তাহত দ্রুতগতিত বৃদ্ধি পাইছে। এপ্রিলৰ তুলনাত প্রায় ২০০ শতাংশ -লে বিলৰ পেমেণ্টেই ইয়াৰ সাক্ষী। জুন মাহত টোল কৰ সংগ্ৰহ ইতিমধ্যে ফেব্রুৱাৰীত সংগ্ৰহৰ ৭০ শতাংশ পাইছেগৈ৷ এপ্রিলেৰ তুলনাত ৰে’লৱেৰ সামগ্ৰী পৰিবহনো মে’ মাহত ২৬ শতাংশ বৃদ্ধি পাইছে। মুঠ ডিজিটেল খুচৰা লেনদেনৰ পৰিমাণৰ লগতে মূল্য দুয়োটাই বৃদ্ধি পাইছে৷

বন্ধুসকল,

গ্রামীণ অর্থনীতিয়েও মুৰ দাঙি উঠিবলৈ আৰম্ভ কৰিছে৷ এই বছৰৰ খাৰিফ শস্যৰ পৰিমাণ বিগত বছৰৰ তুলনাত ১৩% অধিক৷ এই বছৰ ঘেঁহুৰ পাদন আৰু সংগ্ৰহ বৃদ্ধি পাইছে৷ যোৱা বছৰৰ তুলনাত এইবছৰত এতিয়ালৈকে পর্যন্ত ১১% অধিক ঘেঁহু সংগ্ৰহ কৰা হৈছে৷ অৰ্থা আৰু অধিক ধন কৃষকসকলৰ পকেটত সোমাইছে। এই সকলো সূচক আমি জনাত যি ভাৰতীয় অর্থনীতিক আকৌ উন্নয়ন দিশত আগুৱাই যাবলৈ প্ৰস্তুত৷

বন্ধুসকল,

ভাৰতে পূৰ্বতেও ডাঙৰ ডাঙৰ সংকটৰ পৰা মুক্তি লাভ কৰিছে আৰু এইবাৰ এই সংকটৰ পৰা মুক্ত হ’ব৷ আমি ভাৰতবাসীয়ে যদি লাখ লাখ ভোক্তা হৈ থাকো লগতে আমাৰ মাজতে লাখ লাখ পাদকো ছে৷ সেইবাবে ভাৰতৰ সাফল্য আৰু বৃদ্ধি সুনিশ্চিত; আমাৰ দ্রুতগতিত আত্মনির্ভৰ হৈ উঠাৰ ক্ষমতা আছে৷

মনত ৰাখিব, কেইবা সপ্তাহ পূৰ্বে আমি এন-৯৫ মাস্ক, ক’ৰোনা ৰোগ নির্ণয় পৰীক্ষাৰ কিট, ব্যক্তিগত সুৰক্ষা সঁজুলি(পিপিই) আৰু ভেণ্টিলেটৰৰ চাহিদা পুৰণৰ অধিকাংশইই আমদানি কৰিবলগীয়া হৈছিল৷ এতিয়া ভাৰতেমেক ইন ইণ্ডিয়া মাধ্যমেৰে ইয়াৰ নিজস্ব চাহিদা পূৰণ কৰিছে। আৰু অতি শীঘ্ৰেই আমি এই চিকিত্সা সঁজুলিৰ এক গুৰুত্বপূর্ণ ৰপ্তানিকাৰক দেশ হৈ উঠিম৷ আপোনালোকে নিশ্চিতবাৱে আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখিত লাগিব যে আমি এইটো কৰিব পাৰিম৷ আমি নিশ্চিতভাবে আত্মনির্ভৰ ভাৰত হৈ উঠিব পাৰিম!

আমি আত্মনির্ভৰ ভাৰত গঢ়ি তুলিব পাৰিম!

আপোনালোকে ১৩০ কোটি ভাৰতীয়ৰ গঢ়ি তোলা আত্মনির্ভৰ ভাৰতৰ নির্মাণযাত্রাৰ প্ৰধান অংশীদাৰ, আহক, আমি ভাৰতক আগুৱাই নিও, ভাৰতক আত্মনির্ভৰ কৰি তোলো৷ কয়লা ক্ষেত্রত এই উল্লেখযোগ্য আৰম্ভণিৰ বাবে পুনৰবাৰ আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছো৷জীৱনত খুব কমে এনে ঘটনা ঘটে যেতিয়া নিজে কিছু কৰাৰ জৰিয়তে ইতিহাস সলনি কৰাৰ সুযোগ হয়। আজি উদ্যোজগত আৰু ভাৰতৰ সেৱা খণ্ডৰ সন্মুখত অসংখ্য লোকে সুলভ মূল্যত আৰোগ্য কৰাৰ জৰিয়তে ইতিহাস সলনি কৰাৰ সুযোগ আহিছে। আমি অৱশ্যে এই সুযোগ এৰি দিয়া উচিত নহয়৷ আহক, আমি দেশক আগুৱাই নিও আৰু ভাৰতক এক আত্মনির্ভৰ দেশ হিচাপে গঢ়ি তোলো৷

বন্ধুসকল, আজি মই আপোনালোকৰ সৈতে কথা পতাৰ সুযোগ পালো৷ যদিও এয়া কয়লাৰ বিষয়, তথাপি আমি অৱশ্যে হীৰাৰ সপোন দেখিব লাগিব৷ আকৌ, কয়লা খণ্ডত এই উল্লেখযোগ্য আৰম্ভণিৰ বাবে আপোনালোক সকলোকে মোৰ শুভেচ্ছা থাকিল৷ মই বিশেষকৈ মোৰ মন্ত্রীসভাৰ সহকর্মী প্ৰহ্লাদ যোশী জী আৰু তেওঁৰ সমগ্ৰ দলটোক এই লকডাউন সময়ছোৱাত কার্যকৰীভাৱে ব্যৱহাৰ আৰু সমগ্ৰ বিভাগৰ সকলো তথ্য আৰু খুঁটিনাটি সূক্ষ্মভাৱে অধ্যয়নৰ বাবে অভিনন্দন জনাব বিচাৰিছো৷ মই আজি প্ৰহ্লাদ জী, তেওঁৰ সচিব আৰু তেওঁৰ দলটোক নতুন নতুন উপায় বিচাৰি উলিৱাৰ বাবে অভিনন্দন জনাব বিচাৰিছো৷ ইয়াৰ জৰিয়তে তেওঁলোকে দেশক সমৃদ্ধ আৰু উন্নয়নত সহযোগিতা কৰাৰ লগতে এই ক্ষেত্রত এক অসাধাৰণ নেতৃত্ব দিছে৷

আপোনালোকৰ কোনো কোনোৱে হয়তো ভাবিছে, এয়া এক সৰু কথা৷ কিন্তু মই সেইদৰে নাভাৱো৷ প্ৰহ্লাদ জী, মই দেখিছো যে আপুনি আজি আত্মনির্ভৰ ভাৰতৰ বাবে এক শক্তিশালী ভেঁটি স্থাপন কৰিলে৷ সেয়েহে আপোনাৰ লগতে আপোনাৰ দলটোক আন্তৰিক অভিনন্দন জনাইছো৷

মই আজি ইয়াত উপস্থিত উদ্যোগীসকল তথা এই উদ্যোগৰ সৈতে জড়িত আমাৰ সকলো বন্ধুবৰ্গ আশ্বাস দিব বিচাৰিছো যে মই আপোনালোকৰ সৈতে আছো৷ আপোনালোকে দেশৰ কল্যাণাৰ্থে দুটা পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে মই আপোনালোকৰ সৈতে খোজত খোজ মিলাই চাৰিটা পদক্ষেপ ল’বলৈ সাজু আছো৷ আহক, আপোনালোক আগুৱাই আহক, আমি এই সুযোগ এনেয়ে যাবলৈ নিদিও৷

পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনালো৷

ধন্যবাদ!

******

VRRK/VJ/DB



(Release ID: 1655237) Visitor Counter : 344