শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ ভাৰতত শ্ৰমিক কল্যান আৰু সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰেঃ শ্ৰী গেংৱাৰ

কেন্দ্ৰীয় চৰকাৰে ভৱন আৰু অন্যান্য নিৰ্মাণ উপ-কৰ পুঁজিৰ জৰিয়তে প্ৰায় ২ কোটি নিৰ্মাণ শ্ৰমিকক ৫,০০০কোটি টকা মুকলি কৰি দিছে; এই খণ্ডত সৰ্বাধিক প্ৰব্ৰজিত শ্ৰমিকে সংস্থাপন লাভ কৰিছে
কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ত ২০টা নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ জৰিয়তে আৱদ্ধ হৈ থকা ৩০০ কোটি টকা প্ৰায় ২লাখ শ্ৰমিকক প্ৰদান কৰা হৈছে

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত ১.৭ লাখ কোটি টকাৰ বিত্তীয় পেকেজৰ জৰিয়তে অসংগঠিত শ্ৰমিকসহ দুখীয়া আৰু অভাৱগ্ৰস্ত ৮০ কোটি লোকক গাইপতি বিনামূলীয়াকৈ ৫ কেটি চাউল/আটা আৰু ১কেজিকৈ দাইল যোগান ধৰা হৈছে

এমজিএনৰেগাৰ অধীনত প্ৰতিদিনে মজুৰি ১৮২ৰ পৰা ২০২টকা বৃদ্ধি কৰা হৈছে

প্ৰায় ৫০লাখ পদপথৰ দোকানীক তেওঁলোকৰ ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ বাবে বছৰি ১০,০০০ টকাকৈ বন্ধকীমুক্ত মুলধনী ঋণ প্ৰদানৰ লক্ষ্যৰে স্বনিধি আঁচনি আৰম্ভ কৰা হৈছে

প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে কল্যানমূলক পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত যোগসুত্ৰ ৰক্ষা কৰিবলৈ সমন্বয়ৰক্ষী বিষয়া নিয়োগৰ বাবে জুলাই মাহতে নিৰ্দেশনা জাৰি কৰা হৈছে, যাতে তেওঁলোকক চৰকাৰৰ বিভিন্ন আঁচনিৰে সামৰি ল’ব পৰা যায়

Posted On: 16 SEP 2020 9:39AM by PIB Guwahati

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী গেংৱাৰে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ ভাৰতত শ্ৰমিক কল্যান আৰু সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷  তেওঁ কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰাথমিক তালিকাতে শ্ৰমিকসকলক ধৰা হয়৷ সেয়েহে ৰাজ্য চৰকাৰে প্ৰব্ৰজিত শ্ৰমিক আইনকে ধৰি একাধিক কেন্দ্ৰীয় আইন ব্যাপক ৰূপত ৰূপায়ণ কৰিছে৷

প্ৰব্ৰজিত শ্ৰমিক আইনৰ ব্যৱস্থা অনুসৰি প্ৰব্ৰজিত শ্ৰমিকসকলক পঞ্জীয়ন সংশ্লিষ্ট ৰাজ্য চৰকাৰে কৰে৷ অৱশ্যে ক’ভিড-১৯ৰ অভূতপূৰ্ব পৰিৱেশৰ পৰিপ্ৰেক্ষিতত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে লকডাউনৰ সময়ত গৃহ ৰাজ্যলৈ ঘূৰি যোৱাৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ তথ্য সংগ্ৰহৰ কাম কৰিছিল৷ বিভিন্ন ৰাজ্যৰ পৰা লাভ কৰা তথ্য অনুসৰি ক’ভিড-১৯ৰ সময়ত প্ৰায় ১কোটি শ্ৰমিকে নিজৰ গৃহ ৰাজ্যলৈ ঘূৰি গৈছে৷

শ্ৰম মন্ত্ৰীগৰাকীয়ে লগতে কয় যে লকডাউনৰ সময়ত এই প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে৷

লকডাউন ঘোষণাৰ লগে লগে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকক বিত্তীয় সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়ে৷ সেই হিচাপে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে ভৱন আৰু অন্যান্য নিৰ্মাণ উপ-কৰ পুঁজিৰ জৰিয়তে প্ৰায় ২ কোটি নিৰ্মাণ শ্ৰমিকক তেওঁলোকৰ বেংক একাউণ্টত ৫,০০০কোটি টকা মুকলি কৰি দিছে৷

লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ অভাৱ-অভিযোগ নিষ্পত্তি কৰাৰ বাবে মন্ত্ৰালয়ে ২০টা নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ জৰিয়তে আৱদ্ধ হৈ থকা ২৯৫ কোটি টকা প্ৰায় ২লাখ শ্ৰমিকক প্ৰদান কৰিছে৷

লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত ১.৭ লাখ কোটি টকাৰ বিত্তীয় পেকেজত অসংগঠিত শ্ৰমিকসহ দুখীয়া আৰু অভাৱগ্ৰস্ত ৮০ কোটি লোকক নৱেম্বৰ মাহলৈকে গাইপতি বিনামূলীয়াকৈ ৫ কেটি চাউল/আটা আৰু ১কেজিকৈ দাইল যোগান ধৰিব৷

এমজিএনৰেগাৰ অধীনত প্ৰতিদিনে মজুৰি ১৮২ৰ পৰা ২০২টকা বৃদ্ধি কৰা হৈছে৷ শ্ৰী গেংৱাৰে লগতে কয় যে ভাৰত চৰকাৰে প্ৰায় ৫০লাখ পদপথৰ দোকানীক তেওঁলোকৰ ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ বাবে বছৰি ১০,০০০ টকাকৈ বন্ধকীমুক্ত মুলধনী ঋণ প্ৰদানৰ লক্ষ্যৰে স্বনিধি আঁচনি আৰম্ভ কৰিছে৷

ইফালে, প্ৰব্ৰজিত শ্ৰমিকসকলক সংস্থাপনৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ অধীনত ১১৬খন জিলাত মিচন মোডত ৫০,০০০ কোটি টকাৰ কাম হাতত লোৱা হৈছে৷

আত্মনিৰ্ভৰ ভাৰতৰ অধীনত ২০লাখ কোটি টকাৰ বিত্তীয় পেকেজ ধাৰ্য কৰি প্ৰব্ৰজিত শ্ৰমিক, অসংগঠিত খণ্ডৰ শ্ৰমিকৰ কৰ্মসংস্থাপনৰ সুযোগ, এমএছএমই খণ্ডসমূহৰ শক্তিশালীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নত গুৰুত্ব দিয়া হৈছে৷

শ্ৰমিকসকলক ন্যূনতম বিত্তীয় সাহায্য প্ৰদানৰ লক্ষ্যৰে শ্ৰম মন্ত্ৰালয়ে শ্ৰমিকসকলৰ ইপিএফ একাউণ্টৰ পৰা ৭৫% ধন উলিযাবলৈ অনুমতি প্ৰদান কৰে৷ ইয়াৰ জৰিয়তে মুঠ ৩৯,০০০ কোটি টকা উলিওৱাৰ তথ্য পোৱা গৈছে৷

প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে কল্যানমূলক পদক্ষেপ গ্ৰহণ তথা শ্ৰমিকসকলৰ সঠিক তথ্য লাভৰ ক্ষেত্ৰত যোগসুত্ৰ ৰক্ষা কৰিবলৈ সমন্বয়ৰক্ষী বিষয়া নিয়োগৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ২৭ জুলাই, ২০২০তে এক নিৰ্দেশনা জাৰি কৰা হৈছে৷ এই তথ্য ভিত্তিত শ্ৰমিকসকলক চৰকাৰৰ বিভিন্ন আঁচনিৰে সামৰি লোৱা হৈছে৷

******

RCJ/IA/DB



(Release ID: 1655129) Visitor Counter : 227