আয়ুষ
বৈপ্লৱিক পৰিৱর্তনৰ দিশত ভাৰতীয় ঔষধ পদ্ধতি আৰু হোমিঅ’পেথীৰ চিকিৎসা বিজ্ঞান শিক্ষা
प्रविष्टि तिथि:
15 SEP 2020 12:15PM by PIB Guwahati
সংসদত আয়ুষ মন্ত্ৰালয়ৰ দুখন গুৰুত্বপূর্ণ বিধেয়ক গৃহীত হোৱাৰ লগে লগে দেশত ভাৰতীয় ঔষধ পদ্ধতি আৰু হোমিঅ’পেথীৰ চিকিৎসা বিজ্ঞান শিক্ষাত বৈপ্লৱিক সংস্কাৰ দিশত অগ্ৰসৰ হৈছে৷ লোকসভাত ১৪ ছেপ্টেম্বৰ, ২০২০ত দা নেচনেল কমিচন ফৰ ইণ্ডিয়ান ছিষ্টেম অৱ মেডিচিন বিল, ২০২০ আৰু দা নেচনেল কমিচন ফৰ হোমিঅ’পেথী বিল, ২০২০ দুখন গৃহীত হয়৷ এই দুখন বিধেয়ক বৰ্তমানৰ ইণ্ডিয়ান মেডিচিন ছেণ্ট্ৰেল কাউন্সিল এক্ট, ১৯৭০ আৰু দা হোমিওপেথী চেণ্ট্ৰেল কাউন্সিল এক্ট, ১৯৭৩ৰ স্থান ল’ব৷ ৰাজ্যসভাত দুয়োখন বিধেয়ক যোৱা ১৮ মার্চ, ২০২০ত গৃহীত হৈছিল৷ এই বিধেয়কসমূহ সংসদৰ অনুমোদন লাভ কৰাটো আয়ুষৰ ইতিহাসত এক উল্লেখযোগ্য সফলতা হিচাপে পৰিগণিত হৈছে৷
‘দা নেচনেল কমিচন ফৰ ইণ্ডিয়ান চিষ্টেম অফ মেডিচিন’ আৰু ‘দা নেচনেল কমিচন ফৰ হোমিওপেথী বিধেয়ক’ দুখনে ক্ৰমে ভাৰতীয় ঔষধ পদ্ধতি আৰু হোমিওপেথীৰ চিকিৎসা বিজ্ঞান শিক্ষাত সংস্কাৰ সাধন কৰিব৷
‘দা নেচনেল কমিচন ফৰ ইণ্ডিয়ান চিষ্টেম অফ মেডিচিন বিল, ২০১৯’ আৰু ‘দা নেচনেল কমিচন ফৰ হোমিওপেথী বিল, ২০১৯’ ৰাজ্যসভাত ২০১৯ৰ ৭ জানুৱাৰীত উত্থাপন কৰা হৈছিল৷ দুয়োখন বিধেয়ক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সংসদীয় স্থায়ী কমিটীলৈ প্ৰেৰণ কৰা হৈছিল।
কমিটীয়ে বিধেয়ক দুখন পৰীক্ষা কৰি ‘দা নেচনেল মেডিকেল কমিচন এক্ট, ২০১৯’ৰ সৈতে সংগতি ৰাখি একাধিক সংশোধনীৰ পৰামর্শ আগবঢ়ায়৷ সেই অনুসৰি মন্ত্ৰালয়ে প্ৰধান পৰামর্শসমূহ বিবেচনা কৰাৰ লগতে চৰকাৰীভাৱে সংশোধন কৰাৰ পাছত ২০২০ৰ ১৮ মার্চত ৰাজ্যসভায় গৃহীত হয়৷
***
MV/SK/DB
(रिलीज़ आईडी: 1654811)
आगंतुक पटल : 237
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam