প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্যসভাৰ উপ-সভাপতি হিচাপে শ্ৰী হৰিবংশ নাৰায়ণ সিং নিৰ্বাচিত হোৱাক লৈ প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 14 SEP 2020 7:32PM by PIB Guwahati

শ্ৰীমান হৰিবংশ জী দ্বিতীয় বাৰৰ বাবে এই সদনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে সমগ্ৰ সদন আৰু সকলো দেশবাসীৰ হৈ মই বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো৷

ৰাজহুৱা কাম-কাজ আৰু সাংবাদিকতাৰ জগতখনত হৰিবংশজীয়ে যিদৰে নিজৰ দায়ৱদ্ধতাৰ পৰিচয় দিলে, তাৰ বাবে মই তেওঁক সদায় সন্মান কৰো৷ মই অনুভৱ কৰো যে হৰিবংশ জীৰ বাবে যি সন্মান আৰু আত্মীয়তা মোৰ মনত আছে, তেওঁক কাষত পোৱা সকলোৰে মনত  সেই আত্মীয়তা আৰু সন্মান আজি প্ৰতিগৰাকী সদস্যৰ মনত আছে৷ এই ভাৱনা, এই আত্মীয়তা হৰিবংশজীয়ে স্ব-অৰ্জিত মুলধন৷ তেওঁৰ কাম কৰা ধৰণ, যিদৰে সদন পৰিচালনা কৰে, সেয়া দেখিলে তেনেই সাধাৰণ যেন লাগে৷ সদনত আপোনাৰ নিৰপেক্ষ ভূমিকাই গণতন্ত্ৰক শক্তিশালী কৰিব৷

সভাপতি মহোদয়, এইবাৰ এই সদন ইতিহাসৰ ভিতৰতে পৃথক আৰু এক ভীষণ পৰিস্থিতিৰ মাজত পৰিচালিত হৈছে৷ ক’ৰোনাৰ বাবে যি পৰিস্থিত সৃষ্টি হৈ আছে, সেই ক্ষেত্ৰত এই সদনে কাম কৰা, দেশৰ বাবে প্ৰয়োজনীয় দায়িত্ব পালন কৰাটো আমাৰ সকলোৰে কৰ্তব্য৷ মোৰ বিশ্বাস আমি সকলো সম্পূৰ্ণ সজাগ হৈ সকলো নিৰ্দেশনা পালন কৰি, নিজৰ কৰ্তব্য পালন কৰিম৷

ৰাজ্যসভাৰ সদস্যসকলে, সভাপতি, উপ-সভাপতি ডাঙৰীয়াক সদনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাত যিমানে সহযোগ কৰিব, সিমানে সময় সদ্ব্যৱহাৰ হ’ব আৰু সকলো সুৰক্ষিত হ’ব৷

সভাপতি মহোদয়, সংসদৰৰ উচ্চ সদনে যি দায়িত্বৰ বাবে হৰিবংশজীক আমি সকলো যি ভৰসা কৰিছো, তেওঁ সেই আশা সম্পূৰ্ণৰূপে পুৰণ কৰিব৷ মই পূৰ্বৰ ভাষণত কৈছিলো যে মোৰ ভৰসা আছে যে হৰি সকলোৰে, সেইদৰে সদনৰ হৰি সপক্ষ-বিপক্ষ সকলোৰে হ’ব৷ সদনৰ আমাৰ হৰি, হৰিবংশজী, ইপাৰ-সিপাৰ সকলোৰে সমান, কোনো ভেদভাৱ নাই, সপক্ষ-বিপক্ষ নাই৷

মই এইটোও কৈছিলো যে এই খেলপথাৰত খেলুৱৈতকৈ অধিক আম্পায়াৰ অধিক চিন্তিত হয়৷ নিয়মত খেলাৰ বাবে সাংসদসকলক বাধ্য কৰোৱাটো প্ৰত্যাহ্বানমূলক কাম৷ মোৰ বিশ্বাস যে তেওঁ ভাল আম্পায়াৰিং কৰিব, কিন্তু যিসকলে হৰিবংশজীক নাজানে, হৰিবংশ জীয়ে নিজৰ নিৰ্ণায়ক শক্তি, নিজৰ সিদ্ধান্তৰ জৰিয়তে সকলোৰে বিশ্বাসী হৈ পৰিব৷

সভাপতি মহোদয়, হৰিবংশ জীয়ে নিজৰ দায়িত্বৰ কিমান সফলতাৰে পুৰণ কৰিছে, যোৱা দুবছৰ ইয়াৰ সাক্ষী৷ সদনৰ যিমান গম্ভীৰতাৰে ডাঙৰ ডাঙৰ বিধেয়কৰ সন্দৰ্ভত চৰ্চা কৰালে, সিমান  ক্ষিপ্ৰতাৰে বিধেয়ক গৃহীত কৰোৱাৰ বাবে হৰিবংশ জীয়ে কেইবাঘণ্টা ধৰি একেৰাহে বৈঠকত বহিল, সুচাৰুৰূপে সদন পৰিচালনা কৰিলে৷

এই সময়ছোৱাত দেশৰ ভৱিষ্যতক, দেশৰ দিশ পৰিৱৰ্তন কৰাৰ বাবে কেইবাখনো ঐতিহাসিক বিধেয়ক এই সদনত গৃহীত হৈছে৷ যোৱা বছৰ এই সময়ছোৱাত দহ বছৰৰ ভিতৰত সৰ্বাধিক উপাদনশীলতা অভিলেখ ৰচনা হৈছে৷ সেয়া তেতিয়াই হৈছিল, যেতিয়া যোৱা বছৰ লোকসভাৰ নিৰ্বাচন আছিল৷

এয়া প্ৰতিগৰাকী সদস্যৰ বাবে গৌৰৱৰ কথা যে সদনত উপাদনশীলতাৰ লগতে ইতিবাচক দিশো বৃদ্ধি পাইছে৷ ইয়াত সকলোৱে মুক্তমনে নিজৰ বক্তব্য দাঙি ধৰিব পাৰে৷ ইয়াৰ জৰিয়তে সদনৰ গৰিমা বৃদ্ধি পায়৷ সংসদৰ উচ্চসদনৰ পৰা এই আশা সংবিধান প্ৰণেতাসকলেও কৰিছিল৷ গণতন্ত্ৰৰ ভূমি বিহাৰৰ পৰা জেপি আৰু কৰ্পূৰী ঠাৰৰ ভূমিৰ পৰা, বাপুৰ চম্পাৰণৰ ভূমিৰ পৰা যেতিয়া কোনো গণতন্ত্ৰৰ সাধক আগুৱাই আহি দায়িত্ব পালন কৰে, তেতিয়া এনেকুৱাই হয়, যিটো হৰিবংশজীয়ে কৰি দেখুৱাইছে৷

যেতিয়া আপুনি হৰিবংশজীৰ সৈতে কাষৰ পৰা চৰ্চা কৰে, তেতিয়া গম পোৱা যায়, তেও কিয় ইমান ভূমিৰ সৈতে জড়িত হৈ থাকে৷ তেওঁৰ গাঁৱত নীম গছৰ তলত পাঠদান হয়, য’ত তেওঁৰ শিক্ষা জীৱন আৰম্ভ হৈছিল৷ মাটিত বহি বুজি পোৱা, ভূমিৰ সৈতে জড়িত শিক্ষা তাত পাইছিল৷

আমি সকলোৱে ভালদৰে জানো যে হৰিবংশ জীয়ে জয়প্ৰকাশৰ জীৰ গাঁও ছিতাব দিয়াৰ পৰা আহিছে৷ সেই গাঁও জয়প্ৰকাশ জীৰ জন্মভূমিক৷ দুখন ৰাজ্য উত্তৰপ্ৰদেশ, বিহাৰৰ তিনিখন জিলা আৰা, বলিয়া আৰু ছাপ্ৰাৰ অঞ্চল, গংগা আৰু ঘাঘৰাৰ মাজত স্থাপিত দিয়া, টাপুৰ দৰে ঠাই প্ৰতিবছৰে বানে প্লাৱিত কৰিছিল৷ তেতিয়া যোগাযোগৰ বাবে কেৱল নাৱেৰেহে যাব পাৰিছিল৷

সন্তুষ্টিয়েই সুখা, এই ব্যৱহাৰিক জ্ঞান হৰিবহংশ জীয়ে নিজৰ গাঁৱৰ ঘৰৰ পৰিৱেশৰ পৰা পাইছিল৷ তেওঁ কি পৰিৱেশৰ পৰা আহিছিল, ইয়াৰ সৈতে জড়িত এক ঘটনা নোক কৈছিল৷ হাইস্কুললৈ অহাৰ পাছত হৰিবংশজীৰ প্ৰথমে জোতা বনোৱাৰ কথা কৈছিল৷ তেওঁৰ প্ৰথমে জোতা কিনাই নাছিল৷ গাঁৱতে এজন লোকে জোতা প্ৰস্তুত কৰে, তেওঁকে জোতা বনোৱাৰ বাবে কৈছিল৷ হৰিবংশজীয়ে প্ৰায়ে সেই জোতা কিমান বনালে, সেয়া চাবলৈ যায়৷ যেনেকৈ ডাঙৰ চহকী লোকে নিজৰ ঘৰ কিমান বনাইছে চাবলৈ যায়৷ জোতা প্ৰস্তুত কাৰ লোকজনক সদায় শোধে কেতিয়া প্ৰস্তুতৰ কাম শেষ হ’ব৷ আপোনালোকে কল্পনা কৰক তেওঁ মাটিৰ সৈতে কিমান সম্পৰ্কীত আছিল৷

জয়প্ৰকাশ জী প্ৰভাৱ তেওঁৰ ওপৰত বাৰুকৈয়ে পৰিছিল৷ সেই সময়ত তেওঁৰ কিতাপৰ ভাৰো বৃদ্ধি পাইছিল৷ তাৰ সৈতে জড়িত এক ঘটনাও মই গম পাইছিলো৷ হৰিবংশ জীয়ে যেতিয়া প্ৰথমে চৰকাৰী বৃত্তি পাইছিল, তেতিয়া ঘৰৰ লোকসকলৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ল’ৰাই বৃত্তিৰ সকলো ধন লৈ আহিব৷ কিন্তু হৰিবংশ জীয়ে বৃত্তিৰ ধন ঘৰলৈ নিয়াৰ পৰিৱৰ্তে কিতাপ কিনিছিল৷ বহু সংক্ষিপ্ত জীৱনী, সাহিত্য ঘৰলৈ আনিছিল৷ হৰিবংশ দীৰ জীৱনত সেই সময়ত যিদৰে গ্ৰন্থৰ প্ৰৱেশ হৈছিল, এতিয়াও সেই ধাৰা ব্ৰতী আছে৷

সভাপতি মহোদয়, প্ৰায় চাৰি দশক সাংবাদিক হিচাপে কাম কৰাৰ পাছত হৰিবংশ জীয়ে ২০১৪চনত সংসদীয় জীৱনত প্ৰৱেশ কৰে৷ সদনৰ উপ-সভাপতি হিচাপে হৰিবংশ জীয়ে যিদৰে মৰ্যাদাৰ প্ৰতি ধ্যান দিয়ে, সংসদৰ সদস্য হিচাপেও তেওঁৰ কাৰ্যকাল সমানে গৰিমাপূৰ্ণ৷ সদস্য হিচাপে সকলো বিষয়, সেয়া আৰ্থিকেই হওক বা সামাজিক সুৰক্ষাৰ সৈতে জড়িত বিষয়েই হওক, হৰিবংশজীয়ে নিজৰ মন্তব্য সুন্দৰভাৱে দাঙি ধৰিছিল৷

আমাৰ সকলোৱে জানো যে শালীনতা আৰু সাৰমৰ্মতাৰে কথা কোৱাটো তেওঁৰ পৰিচয়৷ সদনৰ সদস্য হিচাপে তেওঁ নিজৰ জ্ঞান, নিজৰ অভিজ্ঞতাৰ জৰিয়তে দেশৰ সেৱা কৰিবলৈ সম্পূৰ্ণ প্ৰয়াস কৰিছে৷ হৰিবংশ জীয়ে সকলো আন্তঃৰাষ্ট্ৰীয় মেজত ভাৰতৰ গৰিমা, ভাৰতৰ মান বৃদ্ধিৰ কাম কৰিছে৷ সেয়া লাগিলে আন্তঃসংসদীয় সংঘৰ সকলো বৈঠকেই হওক বা আন দেশত ভাৰতীয় সংস্কৃতি প্ৰতিনিধি মণ্ডলৰ সদস্য হিচাপে ভূমিকা পালন কৰাই হওক৷ হৰিবংশজীয়ে এনেকৈ সকলো স্থানতে ভাৰত আৰু ভাৰতৰ সংসদৰ মান বৃদ্ধি কৰিছে৷

সভাপতি মহোদয়, সদনৰ উপ-সভাপতিৰ উপৰি হৰিবংশ জী ৰাজ্যসভাৰ কেইবাখনো সমিতিৰ অধ্যক্ষ আছিল৷ এনে বহু সমিতিৰ অধ্যক্ষ হিচাপে হৰিবংশজীয়ে সমিতিসমূহৰ কাম-কাজ সুন্দৰভাৱে সম্পন্ন কৰিছিল৷

মই যোৱা বাৰো কৈছিলো যে হৰিবংশজী কেতিয়াবা সাংবাদিক হিচাপে আমাৰ সাংসদসকল কেনে হ’ব লাগে, সেই অভিযান হাতত লৈছে৷ সাংসদ হোৱাৰ পাছত তেওঁ এই দিশত পাৰ্যমানে যত্ন লৈ যে সকলো সাংসদে সআচাৰ-ব্যৱহাৰ আৰু কৰ্তব্যপৰায়ণ হওক৷

সভাপতি মহোদয়, হৰিবংশজীয়ে সংসদীয় কাম আৰু দায়িত্বৰ মাজতো এগৰাকী বুদ্ধিজীৱি আৰু বিচাৰক হিচাপেও সক্ৰিয় আছিল৷ আপুনি এতিয়াও সমগ্ৰ দেশলৈ যায়৷ ভাৰতৰ আৰ্থিক, সামাজিক, সামৰিক আৰু ৰাজনৈতিক প্ৰত্যাহ্বানৰ বিষয়ে জনমানসক সজাগ কৰে৷ ইয়াৰ মাজতে সাংবাদিক, লেখক চৰিত্ৰ প্ৰকাশ পায়৷ এওঁৰ গ্ৰন্থত আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমান চন্দ্ৰশেখৰ জীৰ জীৱনক দাঙি ধৰাৰ লগতে তেওঁ লিখন শৈলী পৰিস্ফুট হৈছে৷ মোৰ লগতে সদনৰ সকলো সদস্যৰ সৌভাগ্য এই যে উপ-সভাপতি হিচাপে হৰিবংশজীৰ মাৰ্গদৰ্শন আগলৈও পাই থাকিব৷

মাননীয় সভাপতি মহোদয়, সংসদৰ এই উচ্চ সদন ২৫০সংখ্যক অধিৱেশনতকৈও অধিক হৈছে৷ এই যাত্ৰা গণনন্ত্ৰ হিচাপে আমাৰ পৰিপক্কতাৰ প্ৰমাণ৷ পুনৰবাৰ হৰিবংশজীক এই গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে বহুত শুভকামনা জনাইছো৷ আপুনি সুস্থ থাকক আৰু সদনতো সুস্থ পৰিৱেশ বৰ্তাই ৰাখি সদনত আশা-আকাংক্ষাক পুৰণ কৰক৷ হৰিবংশজীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা মনোজ ঝাকো মই শুভকামনা জনাইছো৷ গণতন্ত্ৰৰ গৰিমাৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াৰ গুৰুত্ব অধিক৷ আমাৰ বিহাৰ ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভূমি৷ বৈশালীৰ সেই পৰম্পৰা, বিহাৰৰ সেই গৌৰৱ, সেই আদৰ্শক হৰিবংশ জীয়ে এই সদনৰ জৰিয়তে পৰিস্কৃত কৰিব বুলি মোৰ বিশ্বাস৷

মই সদনৰ সকলো সন্মানীয় সদস্যবৃন্দক এই নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছো৷ পুনৰবাৰ হৰিবংশ জীৰ লগতে সকলো সদস্যক আন্তৰিক শুভেচ্ছা জনাইছো৷

ধন্যবাদ৷

***

ভিআৰআৰকে/কেপি/এনএছ/দি বি



(Release ID: 1654268) Visitor Counter : 117