প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্য প্ৰদেশত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত নিৰ্মাণ হোৱা ১.৭৫ লাখ গৃহ আৰু ‘গৃহ প্ৰৱেশম’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূপ

Posted On: 12 SEP 2020 2:04PM by PIB Guwahati

অলপ আগেয়ে মই কিছু সংখ্যক হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিলো, তেওঁলোকে আজি পকী ঘৰ লাভ কৰিছে, নিজৰ সপোনৰ ঘৰ লাভ কৰিছে, নিজৰ সন্তানৰ ভৱিষ্যতৰ বিশ্বাস লাভ কৰিছে৷ এতি মধ্য প্ৰদেশৰ এক লাখ পসত্তৰ হাজাৰ পৰিয়াল, যিয়ে আজি নিজৰ ঘৰত প্ৰৱেশ কৰিছে, যাৰ আজি গৃহ প্ৰৱেশ হৈছে, তেওঁলোককো অশেষ অভিনন্দন জনাইছো, শুভকামনা জনাইছো৷

এই সকলো সতীৰ্থ প্ৰযুক্তিৰ মাধ্যমেৰে সমগ্ৰ মধ্য প্ৰদেশতে এই কাৰ্যসূচীৰ সৈতে জড়িত হৈ পৰিছে৷ আজি আপোনালোক দেশৰ সেই পচিশ লাখ পৰিয়ালৰ সৈতে চামিল হৈছে যিয়ে বিগত ছটা বছৰত নিজৰ ঘৰ লাভ কৰিছে, যি এতিয়া ভাড়াত নহয়, কেঁচা ঘৰত নহয়, নিজৰ ঘৰত বাস কৰিছে, পকী ঘৰত বাস কৰিছে৷

বন্ধুসকল, এইবাৰ আপোনালোকৰ দিপাৱলীৰ আনন্দ দুগুণ হ’ব৷ ক’ৰোনা নাথাকিলে আপোনালোকৰ জীৱনৰ এই পৰম আনন্দৰ ক্ষণত, আপোনালোকৰ ঘৰৰ এই সদস্য, আপোনালোকৰ প্ৰধান সেৱক নিশ্চিতৰূপত আপোনালোকৰ মাজত থাকিলেহেঁতেন৷ আৰু এই আনন্দোৎসৱৰ অংশীদাৰ হ’লোহেঁতেন কিন্তু ক’ৰোনাৰ যি স্থিতি, তাৰবাবে মই দূৰৰ পৰাই আজি আপোনালোকৰ দৰ্শনৰ অৱকাশ লাভ কৰিছো৷ কিন্তু এতিয়াৰ বাবে এয়াই উপযুক্ত!!!

আজিৰ এই সমাৰোহত মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দী বেন মহোদয়া, ৰাজ্যৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান মহোদয়, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী নৰেন্দ্ৰ সিং টোমৰ মহোদয়, মোৰ সহযোগি জ্যোতিৰাদিত্য মহোদয়, মধ্য প্ৰদেশৰ মন্ত্ৰীগণ, সদস্য, সাংসদ আৰু বিধায়কগণ, গ্ৰাম পঞ্চায়তৰ প্ৰতিনিধিগণ আৰু মধ্য প্ৰদেশৰ গাঁওসমূহৰ সৈতে জড়িত মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল!

আজি মধ্য প্ৰদেশত সামূহিক গৃহ প্ৰৱেশৰ এই সমাৰোহত এক লাখ পসত্তৰ হাজাৰ দুখীয়া পৰিয়ালৰ বাবে এই ক্ষণটো চিৰস্মৰণীয় হোৱাৰ লগতে দেশৰ অঘৰী লোকসকলক পকী ঘৰ প্ৰদান কৰাৰো এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ আজিৰ এই কাৰ্যসূচীয়ে মধ্যপ্ৰদেশসহিতে দেশৰ অঘৰী লোকসকলো এক বিশ্বাস প্ৰদান কৰিব৷ যাৰ কোনো ঘৰ নাই, তেওঁলোকৰো এদিন ঘৰ হ’ব, তেওঁলোকৰো সপোন পূৰণ হ’ব৷

বন্ধুসকল, আজিৰ এই দিনটোৱে কোটি কোটি দেশবাসীৰ সেই বিশ্বাসকো মজবুত প্ৰদান কৰিছে যে নিষ্ঠাৰে প্ৰস্তুত কৰা চৰকাৰী যোজনাও বাস্তৱায়িত হয় আৰু হিতাধিকাৰীসকলো উপকৃত হয়৷ যিসকল বন্ধুৱে আজি নিজৰ ঘৰ লাভ কৰিছে, যাৰ সৈতে মোৰ কথা-বাৰ্তা হৈছে আৰু যিসকলক মই স্ক্ৰীণত দেখা পাইছো, তেওঁলোকৰ অন্তৰৰ সন্তোষ, তেওঁলোকৰ আত্মবিশ্বাসক মই অনুভৱ কৰিব পাৰিছো৷

মই আপোনালোক সকলো বন্ধুক এয়াই ক’ব বিচাৰিছো এই ঘৰ আপোনালোকৰ উন্নত ভৱিষ্যতৰ নতুন আধাৰ৷ ইয়াৰ পৰা আপোনালোকে নতুন জীৱনৰ শুভাৰম্ভ কৰক৷ নিজৰ সন্তানৰ, নিজৰ পৰিয়ালক নতুন উচ্চতালৈ লৈ যাওক৷ আপোনালোক আগবাঢ়িলেহে দেশ আগবাঢ়িব৷

বন্ধুসকল, ক’ৰোনাৰ সময়ছোৱাত ইমানবোৰ বাধাৰ পিছতো দেশত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১৮ লাখ ঘৰৰ কাম পূৰণ কৰা হৈছে৷ তাৰে ১ লাখ ৭৫ হাজাৰ ঘৰৰ কাম মধ্য প্ৰদেশত অকলেই কৰা হৈছে৷ এই সময়ছোৱাত যি গতিত কাম কৰা হৈছে, তাতেও এক অভিলেখৰ সৃষ্টি হৈছে৷ সাধাৰণতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা ঘৰ নিৰ্মাণৰ বাবে এশ পঁচিশ দিনৰ সময়ৰ প্ৰয়োজন হয় কিন্তু এতিয়া যি কথা মই ক’বলৈ বিচাৰিছো, সেয়া দেশৰ বাবে, আমাৰ সংবাদ মাধ্যমৰ সতীৰ্থসকলৰ বাবেও ইতিবাচক খবৰ হিচাপে বিবেচিত হ’ব৷  ক’ৰোনাৰ এই সময়ছোৱাত পিএম আৱাস যোজনাৰ অধীনত ঘৰ নিৰ্মাণৰ বাবে ১২৫ দিন নহয় বৰঞ্চ কেৱল ৪৫ দিনৰ পৰা ৬০ দিনতেই প্ৰস্তুত কৰা হয়৷ বিপদক অৱকাশলৈ পৰিৱৰ্তন কৰাৰ এয়া এক অতিশয় উত্তম উদাহৰণ৷ আপোনালোকে ভাবিব পাৰে যে ই কিদৰে সম্ভৱ? প্ৰথমে ১২৫ দিন আৰু এতিয়া ৪০ৰ পৰা ৬০ দিনৰ ভিতৰত কিদৰে সম্ভৱ হ’ব পাৰে?

বন্ধুসকল, চহৰৰ পৰা উভতি অহা শ্ৰমিকসকলৰ বাবেই ক্ষীপ্ৰতা সম্ভৱ হৈছে৷ তেওঁলোকৰ দক্ষতাও আছিল, ইচ্ছাশক্তিও আছিল আৰু তেওঁলোকো ইয়াত জড়িত হৈ পৰিল আৰু তাৰ পৰিণাম স্বৰূপে এই ফলাফল লাভ হৈছে৷ আমাৰ এই বন্ধুসকলে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ পূৰ্ণ লাভ উঠাই নিজৰ পৰিয়ালকো চম্ভালিছে আৰু লগতে নিজৰ দৰিদ্ৰ ভাই-ভনীসকলৰ বাবে ঘৰো নিৰ্মাণ কৰিছে৷ পিএম গৰিব কল্যাণ অভিযানৰ দ্বাৰা মধ্য প্ৰদেশসহিতে দেশৰ অনেক ৰাজ্যত প্ৰায় ২৩ হাজাৰ কোটি টকাৰ কাম সম্পূৰ্ণ হোৱাত মই সুখী অনুভৱ কৰিছো৷ এই অভিযানৰ অধীনত গাঁৱে-গাঁৱে ঘৰ নিৰ্মাণ হোৱাৰ লগতে, ঘৰে ঘৰে পানী যোগান ধৰাৰ কাম, অংগনৱাড়ী আৰু পঞ্চায়ত ভৱনৰ নিৰ্মাণৰ কাম, পশুৰ বাবে আশ্ৰয়স্থল, পুখুৰী আৰু কুঁৱা নিৰ্মাণৰ কাম, গ্ৰামীণ পথৰ কাম, গাঁৱৰ বিকাশৰ সৈতে জড়িত এনে অনেক কাম ক্ষীপ্ৰ গতিত সমাধান কৰা হৈছে৷ ইয়াৰ দুটা লাভ হৈছে৷ এফালে চহৰৰ পৰা উভতি অহা লক্ষাধিক শ্ৰমিক বন্ধুসকলে ৰোজগাৰ লাভ কৰিছে৷ আৰু দ্বিতীয়তে ইটা, চিমেণ্ট, বালি আৰু নিৰ্মাণখণ্ডৰ সৈতে জড়িত সামগ্ৰীসমূহৰো বিক্ৰী বৃদ্ধি হৈছে৷ এফালে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ ৰোজগাৰ অভিযান এই সমস্যাৰ সময়ত অৰ্থ ব্যৱস্থাৰ এক বৃহৎ অৱকাশ হিচাপে পৰিগণিত হৈছে৷

বন্ধুসকল, মোক বহুসময়ত বহু লোকে সোধে যে দেশত পূৰ্বেও ঘৰ নিৰ্মাণ কৰা হৈছিল, চৰকাৰৰ যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল, আপোনালোকে কি পৰিৱৰ্তন সাধন কৰিলে? এয়া সত্য যে দৰিদ্ৰৰ বাবে ঘৰ নিৰ্মাণ কৰাৰ কাম দশকজুৰি পূৰ্বৰ যোজনাৰ অধীনত চলি আহিছে৷ আনকি স্বাধীনতাৰ পিছৰ দশকতেই সামুহিক বিকাশ কাৰ্যসূচীৰ অধীনত এই কাম আৰম্ভ কৰা হৈছিল৷ ইয়াৰ পিছত ১০-১৫ বছৰত এই ধৰণৰ যোজনাৰ সৈতে বহু অংশ জড়িত কৰোৱা হ’ল, নাম পৰিৱৰ্তন কৰা হ’ল৷ কিন্তু কোটি কোটি দৰিদ্ৰক ঘৰ প্ৰদান কৰাৰ যি লক্ষ্য আছিল, তেওঁলোকক গৰিমাপূৰ্ণ জীৱন প্ৰদান কৰাৰ যি লক্ষ্য আছিল, সেয়া কেতিয়াও পূৰণ নহ’ল৷ কাৰণটো এয়েই যে পূৰ্বতে যি যোজনা প্ৰস্তুত কৰা হৈছিল, তাত চৰকাৰী দখল বেছি আছিল৷ সেই যোজনাসমূহত ঘৰৰ সৈতে জড়িত প্ৰতিটো বস্তুৰ সিদ্ধান্ত চৰকাৰে, তাকো দিল্লীৰ পৰা হৈছিল৷  যিসকলৰ ঘৰ আছিল, তেওঁলোকক সোধাই নাছিল৷ এতিয়া যিদৰে চহৰৰ দৰে আদিবাসী ক্ষেত্ৰসমূহতো ক’লনীৰ দৰে ঘৰ বনোৱাৰ প্ৰয়াস কৰা হৈছিল৷ কিন্তু আমাৰ আদিবাসী ভাই-ভনীসকলৰ ৰহন-খাৱন অন্যতকৈ পৃথক৷ তেওঁলোকৰ প্ৰয়োজনীয়তা পৃথক৷ সেইবাবে চৰকাৰে বনোৱা ঘৰত তেওঁলোকে থাকিবলৈ ভাল নাপাইছিল৷ এয়াই নহয়, পূৰ্বৰ যোজনাসমূহত পাৰদৰ্শিতা নাছিল, বহু ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল৷ মই সেইসমূহ বিস্তাৰিত ভাৱে ক’বলৈ নাযাও৷ সেয়ে সেই ঘৰসমূহৰ গুণগতমানো বেয়া আছিল৷ তাৰোপৰি বিদ্যুৎ, পানীৰ দৰে মৌলিক প্ৰয়োজনসমূহৰ বাবে হিতাধিকাৰীসকলে পৃথকে চৰকাৰী বিভাগসমূহলৈ যাবলগীয়া হৈছিল৷ ইয়াৰ ফলস্বৰূপে সেই যোজনাসমূহৰ অধীনত যি ঘৰ নিৰ্মাণ কৰা হৈছিল তালৈ আবাসী সোনকালে নগৈছিল, তাত গৃহ প্ৰৱেশ নহৈছিল৷

বন্ধুসকল, ২০১৪ চনত আমি যেতিয়াৰ পৰা শাসনভাৰ চম্ভালিলো তেতিয়া পুৰণি অভিজ্ঞতাসমূহ চালি-জাৰি চালো, পুৰণি যোজনাসমূহৰ সংস্কাৰ সাধন কৰিলো আৰু পুনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সম্পূৰ্ণ নতুন ধৰণে এই যোজনা আৰম্ভ কৰা হ’ল৷ ইয়াত হিতাধিকাৰীৰৰ বাচনিৰ পৰা আৰম্ভ কৰি গৃহ প্ৰৱেশ পৰ্যন্ত পাৰদৰ্শিতাক প্ৰাথমিকতা প্ৰদান কৰা হ’ল৷  পূৰ্বতে দৰিদ্ৰসকল চৰকাৰৰ পিছে পিছে দৌৰিছিল, কিন্তু আজি আমাৰ যোজনা এনেকুৱা হৈছে যে এতিয়া চৰকাৰ জনতাৰ পিছে পিছে দৌৰিছে৷ এতিয়া কাৰো ইচ্ছানুসাৰে তালিকাত নাম সংযোজন অথবা কৰ্তন কৰিব নোৱাৰি৷ বাচনিৰ পৰা আৰম্ভ কৰি নিৰ্মাণলৈ  সকলোতে বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰা  হৈছে৷ এয়াই নহয়, সামগ্ৰীৰ পৰা আৰম্ভ কৰি নিৰ্মাণলৈ, স্থানীয় পৰ্যায়ত উপলব্ধ আৰু ব্যৱহাৰ হোৱা সামগ্ৰীসমূহক প্ৰাথমিকতা প্ৰদান কৰা হৈছে৷ ঘৰৰ ডিজাইনো স্থানীয় প্ৰয়োজনীয়তা তথা নিৰ্মাণ শৈলীৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰা হৈছে৷ এতিয়া সম্পূৰ্ণ পাৰদৰ্শিতাৰ সৈতে ঘৰ নিৰ্মাণৰ প্ৰতিটো পৰ্যায় সম্পূৰ্ণ নিৰীক্ষণৰ সৈতে হিতাধিকাৰীসকলে নিজৰ ঘৰ নিজে নিৰ্মাণ কৰে৷ ঘৰৰ নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে ঘৰৰ কিস্তিও তেওঁলোকৰ একাউণ্টত জমা হৈ গৈ থাকে৷ কোনোবাই যদি দুৰ্নীতি কৰাৰ প্ৰয়াস কৰে তেন্তে ধৰা পেলোৱাৰ বাবে অনেক উপাইয়ো আছে৷

বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বৈশিষ্ট হ’ল ইয়াৰ ৰামধেনু স্বৰূপ৷ যিদৰে ৰামধেনুৰ ভিন্ন ভিন্ন ৰং থাকে ঠিক সেইদৰেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ হোৱা ঘৰ সমূহৰো নিজা ৰং আছে৷ এতিয়া দৰিদ্ৰসকলে কেৱল ঘৰেই নহয়, বৰঞ্চ ঘৰৰ সৈতে শৌচালয়, উজ্বলা গেছ সংযোগ, সৌভাগ্য যোজনাৰ বিদ্যুৎ সংযোগ, উজালাৰ এলইডি বাল্ব, পানীৰ সংযোগ, সকলো ঘৰৰ সৈতে লাভ কৰিছে৷ অৰ্থাৎ পিএম আৱাস যোজনাৰ সৈতে আন অনেক যোজনাৰ লাভ হিতাধিকাৰীসকলে লাভ কৰিছে৷ মই শিৱৰাজ মহোদয়ৰ চৰকাৰক অভিনন্দন জনাইছো কিয়নো তেওঁ পিএম আৱাস যোজনাৰ সৈতে আন ২৭টা যোজনাও সংযোজিত কৰিছে৷

বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক অথবা স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণ হোৱা শৌচালয়েই হওক, ইয়াৰ পৰা দৰিদ্ৰসকলে সুবিধা লাভ কৰাৰ লগতে ৰোজগাৰ আৰু সশক্তিকৰণৰো মাধ্যম হিচাপে বিবেচিত হৈছে৷ পিএম যোজনাৰ অধীনত নিৰ্মাণ হোৱা ঘৰসমূহৰ পঞ্জীয়ন অধিকাংশ মহিলাৰ নামত হৈছে ৷ আজি গাঁৱত মহিলা ৰাজমিস্ত্ৰীয়েও কাম কৰিছে৷ কেৱল মধ্য প্ৰদেশতেই ৫০ সহস্ৰাধিক ৰাজমিস্ত্ৰীক প্ৰশিক্ষিত কৰা হৈছে আৰু ইয়াৰ ৯ হাজাৰেই হ’ল মহিলা ৰাজমিস্ত্ৰী৷  ইয়াৰ দ্বাৰা আমাৰ ভগ্নীসকলৰ আয় আৰু আত্মবিশ্বাস, দুয়োটাই বৃদ্ধি হৈছে৷

বন্ধুসকল. যেতিয়া দুখীয়াৰ, গাঁৱৰ আয় আৰু আত্মবিশ্বাস বৃদ্ধি হয় তেতিয়া  আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ  আমাৰ সংকল্পও অধিক শক্তিশালী হৈ উঠে৷ এই আত্মবিশ্বাসক শক্তিশালী কৰি তোলাৰ বাবে গাঁৱত সকলো প্ৰকাৰৰ আধুনিক আন্তঃগাঁথনি বিকশিত কৰা হৈছে৷ ২০১৯ চনৰ পূৰ্বে ৫ বছৰত শৌচালয়, গেছ, বিদ্যুৎ, পথৰ দৰে প্ৰাথমিক সুবিধাসমূহক গাঁৱে গাঁৱে প্ৰদান কৰাৰ কাম কৰা হৈছিল, এতিয়া এই মূল সুবিধাসমূহৰ সৈতে আধুনিক সুবিধাৰৰ সৈতেও গাঁওসমূহক সৱলীকৃত কৰা হৈছে৷ এইবাৰৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা মই কৈছিলো যে আগন্তুক এহেজাৰ দিনত দেশৰ প্ৰায় ৬ লাখ গাঁৱত অপ্টিকেল ফাইবাৰ বহুওৱাৰ কাম সম্পূৰ্ণ কৰা হ’ব৷ প্ৰথমে দেশৰ আঢ়ৈ লাখ পঞ্চায়তত এই ফাইবাৰ বহুওৱাৰ যোজনা কৰা হৈছিল আৰু এতিয়া ইয়াক পঞ্চায়তৰ পৰা আগুৱাই নি গাঁৱে-গাঁৱে প্ৰাদন কৰাৰ সংকল্প নিৰ্ধাৰণ কৰা হৈছে৷

এই ক’ৰোনাৰ সময়ছোৱাতো প্ৰধানমন্ত্ৰী গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত এই কাম দ্ৰুত গতিত সম্পন্ন গৈছে৷ কেৱল কেইটামান সপ্তাহৰ ভিতৰতেই দেশৰ ১১৬খন জিলাত ৫ হাজাৰ কিলোমিটাৰতকৈও  অধিক অপ্টিকেল ফাইবাৰ বহুওৱা হৈছে৷ ইয়াত মধ্য প্ৰদেশৰো নিৰ্বাচিত জিলাসমূহত ১৩শ কিলোমিটাৰতকৈও অধিক অপ্টিকেল ফাইবাৰ স্থাপন কৰা হৈছে৷ গাঁৱে-গাঁৱে অপ্টিকেল ফাইবাৰ স্থাপন হ’লে নেটৱৰ্কৰ সমস্যা দূৰ হ’ব৷ ইণ্টাৰনেটৰ সুবিধা উন্নত হ’ব৷ গাঁৱৰ শিশু, যুৱচামে অধ্যয়ন আৰু উপাৰ্জনৰ সুবিধা লাভ কৰিব৷

বন্ধুসকল, আজি চৰকাৰৰ প্ৰতিটো সেৱা, প্ৰতিটো সুবিধা অনলাইন কৰা হৈছে যাতে লাভো দ্ৰুত গতিত পোৱা যায়, দুৰ্নীতিও নহয় আৰু গাঁৱৰ পৰা লোকো সৰু সৰু কামৰ বাবে চহৰলৈ আহিবলগীয়া যাতে নহয়৷  এতিয়া আপোনালোকে নিজৰ ঘৰত থাকিলে ডিজিটেল ভাৰত অভিযানে আপোনাৰ জীৱন অধিক সৰল কৰি তুলিব৷ গাঁৱৰ দৰিদ্ৰসকলক সশক্ত কৰাৰ এই অভিযান দ্ৰুত হ’ব৷ এই বিশ্বাসৰ সৈতে আপোনালোকৰ নিজা পকী ঘৰৰ বাবে অশেষ শুভকামনা জনালো৷ কিন্তু মনত ৰাখিব, আৰু মই এই কথা বাৰে বাৰে ক’ম, নিশ্চয়কৈ মনত ৰাখিব, মোৰ বিশ্বাস আপোনালোকে মনত ৰাখিব৷ এয়াই নহয়, মোৰ কথা  মানিবও৷ যেতিয়ালৈ দৰৱ নাই তেতিয়ালৈ দুই গজৰ দূৰত্ব, মাস্ক এই মন্ত্ৰ পাহৰিব নালাগিব৷ আপোনালোকৰ স্বাস্থ্য উত্তম হওক৷

এই কামনাৰ সৈতে আপোনালোকক অশেষ ধন্যবাদ! আৰু সকলোলৈ অনেক শুভকামনা থাকিল৷

 

*****



(Release ID: 1653608) Visitor Counter : 184