স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰেপিড এন্টিজেন টেষ্টত নিগেটিভ দেখুওৱা সকলো লক্ষণযুক্ত ঘটনাৰ আৰটি-পিচিআৰ ৰ জৰিয়তে বাধ্যতামূলকভাৱে পুনৰ টেষ্ট কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ স্বাস্থ্য মন্ত্ৰালয়ৰ

Posted On: 10 SEP 2020 12:43PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে একাংশ ডাঙৰ ৰাজ্যত ৰেপিড এন্টিজেন টেষ্ট (আৰএটি)ত লক্ষণযুক্ত নিগেটিভ ঘটনাসমূহৰ আৰটি-পিচিটি টেষ্টিং সম্পন্ন নোহোৱাত উদ্বেগ প্ৰকাশ কৰিছে।

আইচিএমআৰৰ নীতি-নিৰ্দশনাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও স্পষ্টকৈ উল্লেখ কৰিছে যে তলত উল্লেখিত দুই নিৰ্দিষ্ট পৰ্য়ায়ৰ লোকে নিশ্চিতভাৱে আৰটি-পিচিআৰ টেষ্টৰ জৰিয়তে পুনৰ টেষ্ট সম্পন্ন কৰাটো বাঞ্চনীয়ঃ

  1. ৰেপিড এন্টিজেন টেষ্ট (আৰএটি)ৰ সকলো লক্ষণযুক্ত (জ্বৰ বা কাহ বা শ্বাসকষ্ট) নিগেটিভ ঘটনা।
  2. আৰএটিৰ লক্ষণবিহীন নিগেটিভ ঘটনা যিয়ে নিগেটিভ বুলি প্ৰমাণিত হোৱাৰ ২ ৰপৰা ৩ দিনৰ ভিতৰত লক্ষণ দেখুৱায়।

ইয়াৰ ভিত্তিতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু আইচিএমআৰে যুটীয়াভাৱে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰে আৰু ৰেপিড এন্টিজেন টেষ্টত নিগেটিভ দেখুওৱা সকলো লক্ষণযুক্ত ঘটনাৰ আৰটি-পিচিআৰ ৰ জৰিয়তে বাধ্যতামূলকভাৱে পুনৰ টেষ্ট নিশ্চিত কৰিবলৈ কৈছে। এনে লক্ষণবিহীন নিগেটিভ ঘটনাসমূহৰ যাতে পুনৰ টেষ্ট নকৰাকৈ নাথাকে আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকলৈ যাতে ৰোগটো বিয়পাব নোৱাৰে তাৰ নিশ্চিতি বাঞ্চনীয়। এনে মিছা নিগেটিভৰ আগতীয়া চিনাক্তকৰণ আৰু আইছলেশ্যন/চিকিৎসালয়ত ভৰ্তি নিশ্চিত কৰাতো গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰালয় আৰু আইচিএমআৰে তদুপৰি কয় যে ক্ষেত্ৰত বৰ্ধিত লাভ আৰু উপলব্ধতাৰ অৰ্থে আৰএটি ব্যৱহাৰ কৰাৰ বিপৰীতে আৰটি-পিচিআৰ হৈছে কভিড টেষ্টৰ গল্ড ষ্টেণ্ডাৰ্ড।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে তদুপৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এনে ঘটনাসমূহৰ অনুসৰণৰ বাবে প্ৰতিখন জিলাতে (এজন দায়িত্বপ্ৰাপ্ত বিষয়া বা এটা টীম) আৰু ৰাজ্যিক পৰ্যায়ত এটা নিৰীক্ষণ ব্যৱস্থা জৰুৰীভাৱে স্থাপন কৰিবলৈ কয়। এই টীমসমূহে জিলাসমূহত আৰু ৰাজ্যিক পৰ্যায়ত সম্পন্ন হোৱা আৰএটিৰ সৱিশেষ দৈনিক ভিত্তিত বিশ্লেষণ কৰিব আৰু লক্ষণযুক্ত নিগেটিভ ঘটনাসমূহৰ যাতে পুনৰ টেষ্টিং পলম নহয়, সেয়া সুনিশ্চিত কৰিব। কোনো সম্ভাৱ্য পজিটিভ ঘটনা যাতে পুনৰ টেষ্ট নকৰাকৈ ৰৈ নাযায় তাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে।

****

MV/SJ/SB



(Release ID: 1653022) Visitor Counter : 235