স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ পৰীক্ষণত ভাৰতে অব্যাহত ৰাখিছে নতুন শিখৰ অতিক্ৰমণৰ ধাৰা

একেৰাহে দুটা দিনত প্ৰতি দিনে ১১.৭০ লাখৰো অধিক নমুনাৰ পৰীক্ষণ

ব্যাপক পৰীক্ষণৰ পিচতো, দৈনিক আক্ৰান্তৰ হাৰ ৭.৫শতাংশৰ তলত আৰু সামগ্ৰিক আক্ৰান্তৰ হাৰো ৮.৫ শতাংশৰ তলত আছে

Posted On: 04 SEP 2020 12:08PM by PIB Guwahati

প্ৰতিদিনে দিনে ১০লাখৰো অধিক নমুনা পৰীক্ষাৰ লক্ষ্যত সফলতাৰে উপনীত হোৱাৰ পিচত কভিড-১৯ৰ পৰীক্ষণত ভাৰতে বিগত দুটা দিনত নতুন শিখৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এই দুটা দিনত একেৰাহে প্ৰতিদিনে ১১.৭০লাখকৈ নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে সমগ্ৰ দেশজুৰি। শেহতীয়া ২৪ ঘণ্টাত ১১,৬৯,৭৬৫টা নমুনাৰ পৰীক্ষা কৰা হৈছে।

দিনৌ ইমান বিশাল সংখ্যক নমুনা পৰীক্ষাৰ অভিলেখ ৰচনা আন কোনো দেশেই এই পৰ্যন্ত কৰিব পৰা নাই।

দিনৌ ইমান বিশাল সংখ্যক পৰীক্ষণৰ সুবাদত আজিৰ তাৰিখত ভাৰতত সৰ্বমুঠ পৰীক্ষণৰ সংখ্যা প্ৰায় ৪.৭ কোটি হৈছেগৈ। শেহতীয়া তথ্য অনুযায়ী দেশত সম্পন্ন হোৱা পৰীক্ষণৰ সংখ্যা হল সৰ্বমুঠ ৪,৬৬,৭৯,১৪৫টা।

ইমান ব্যাপক হাৰত পৰীক্ষণৰ পিচতো, দৈনিক আক্ৰান্তৰ হাৰ ৭.৫শতাংশৰ তলতে আছে আৰু সামগ্ৰিক আক্ৰান্তৰ হাৰো ৮.৫শতাংশৰ তলত আছে বুলি তথ্য লাভ কৰা হৈছে। দৃঢ় মনোভৱৰে লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতে আজি সাফল্যৰ নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে।

Description: WhatsApp Image 2020-09-04 at 10.35.11 AM.jpeg

ইফালে, কভিড ৰোগীৰ মৃত্যুৰ হাৰ ১শতাংশৰ তললৈ নমোৱাৰ বাবে অব্যাহত ৰখা প্ৰয়াসৰ ফলত দেশত এই মুহূৰ্তত মৃত্যুৰ শত্কৰা হাৰ ১.৭৪শতাংশলৈ অৱনমিত হৈছে। এই হাৰ আৰু তললৈ নমাৰ সকলো সংকেত লাভ কৰিব পৰা গৈছে।

আজিৰ তাৰিখত দেশত ১৬৩১টা পৰীক্ষাগাৰৰ এক শৃংখল গঢ়ি তোলা হৈছে। ইয়াৰে ১০২৫টা চৰকাৰীখণ্ডত স্থাপনৰ বিপৰীতে ৬০৬টা পৰীক্ষাগাৰ স্থাপিত হৈছে ব্যক্তিগত খণ্ডত। পৰীক্ষাগাৰসমূহৰ বিস্তৃত বিৱৰণ তলত উল্লেখ কৰা ধৰণৰ:

ৰিয়েল টাইম আৰটি পিচিআৰ পৰীক্ষণ পৰীক্ষাগাৰ-৮২৭টা (চৰকাৰী-৪৬৫টা+ব্যক্তিগত-৩৬২)

ট্ৰুনাট ভিত্তিক পৰীক্ষাগাৰ- ৬৮৩টা(চৰকাৰী-৫২৬টা+ব্যক্তিগত-১৫৭টা)

চিবিনাট ভিত্তিক পৰীক্ষাগাৰ-১২১টা (চৰকাৰী-৩৪টা+ব্যক্তিগত-৮৭টা)

ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।

কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .

অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

 

****

MV/SJ/KB



(Release ID: 1651466) Visitor Counter : 189