বিত্ত আয়োগ

পঞ্চদশ বিত্ত আয়োগৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ বৈঠক কাইলৈ

Posted On: 03 SEP 2020 1:12PM by PIB Guwahati

পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ শ্ৰী এন কে সিং আৰু আয়োগৰ সদস্যসকলে কাইলৈ দিনজোৰা কাৰ্যসূচীৰে আয়োগৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰে এক বৈঠকত মিলিত হব।

বৈঠকত জিডিপি-ৰ উথ্থান, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ কৰ বাউন্সী, জিএছটিৰ বাবদ আদায় দিব লগা ক্ষতিপূৰণ, ৰাজহ ঘাটিৰ অনুমোদন আৰু বিত্তীয় সংগ্ৰহ সন্দৰ্ভত আলোচনা কৰা হব।

কাইলৈৰ সভাত নিম্নোল্লিখিত সদস্যসকল উপস্থিত থকাৰ সম্ভাৱনা আছে।

পিণাকী চক্ৰৱৰ্তি, ড০ প্ৰাচী মিশ্ৰ, ওংকাৰ গোস্বামী, ড০ ছাজিদ জেড চেনয়, শ্ৰী নীলকণ্ঠ মিশ্ৰ, ড০ ৰথীন ৰয়, ড০ ডি কে শ্ৰীবাস্তৱা, ড০ অৰৱিন্দ ভিৰমানী, ড০ এম গোবিন্দ ৰাও, ড০ সুদীপ্ত মুণ্ডলে, ড০ শংকৰ আচাৰ্য, ড০ প্ৰণৱ সেন, ড০ কৃষ্ণমূৰ্তি সুব্ৰমণিয়ম।

*****

MC/KB



(Release ID: 1651049) Visitor Counter : 146