PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 31 AUG 2020 6:27PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ব্যাপক উত্থান, ভাৰত ৪.২৩ কোটি নমূনা পৰীক্ষা সম্পন্ন, কেৱল ৩ খন ৰাজ্য ক্ৰমে-মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকত মুঠ আক্ৰান্ত ৪৩% লোক আছে

জানুৱাৰী মাহত পুনেত কেৱল এটা পৰীক্ষাগাৰেৰে আৰম্ভ কৰি ইয়াৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ জৰিয়তে আগষ্টত দৈনিক ১০ লাখতকৈ অধিক নমূনা পৰীক্ষা কৰাৰ সক্ষমতা অৰ্জন কৰিছে ভাৰতে৷ আজিলৈকে সামূহিক নমূনা পৰীক্ষাৰ সংখ্যা ৪.২৩কোটিৰ সীমা অতিক্ৰম কৰিছে৷ বিগত ২৪ ঘণ্টা(৩০ আগষ্ট, দেওবাৰে)ত ৮,৪৬,২৭৮টা নমূনা পৰীক্ষা কৰাৰ বিপৰীতে এই সময়ছোৱাত দেশত নতুনকৈ ৭৮,৫১২গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ৩ খন ৰাজ্য ক্ৰমে-মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকত মুঠ আক্ৰান্ত ভিতৰত ৪৩% লোক চিকিসাধীন হৈ আছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1649953

 

উত্তৰপ্ৰদেশ, ঝাৰখণ্ড, চত্তীশগড় আৰু ওড়িশালৈ কেন্দ্ৰীয় দল প্ৰেৰণ কৰিলে স্বাস্থ্য মন্ত্ৰালয়ে

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ৪খন ৰাজ্য ক্ৰমে উত্তৰপ্ৰদেশ, ঝাৰখণ্ড, চত্তীশগড় আৰু ওড়িশালৈ উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই ৰাজ্যসমূহত ক’ভিড আক্ৰান্তৰ সংখ্যা আৰু মৃত্যুৰ হাৰ তাক্ষণিকভাৱে বৃদ্ধি পোৱা বুলি তথ্য লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবেhttps://pib.gov.in/PressReleseDetail.aspx?PRID=1650011

 

৩০.০৮.২০২০ তাৰিখেমন কী বাত . পঞ্চদশ খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণ

 “….মোৰ প্ৰিয় দেশবাসী, দেশ আজি যি বিকাশৰ পথত অগ্ৰসৰ হৈছে, ইয়াৰ সফলতা সুখদায়ক তেতিয়াহে যেতিয়া প্ৰতিজন দেশবাসী ইয়াত চামিল , এই যাত্ৰাৰ যাত্ৰী , এই পথৰ পথিক ব৷ সেয়ে প্ৰতিজন দেশবাসী যাতে সুস্থ হৈ থাকে আৰু একত্ৰিতভাৱে ৰোনাক হৰুৱাব পাৰে সেয়া অধিক গুৰুত্বপূৰ্ণ৷ ৰোনা তেতিয়াহে হাৰিব যেতিয়া আপোনালোক সুৰক্ষিত হৈ থাকিব, যেতিয়া আপোনালোকেদুই গজৰ দুৰত্বপালন কৰিব, মাস্ক পৰিধান কৰিব৷ এই সংকল্প পূৰ্ণ ৰূপে পালন কৰিব৷ আপোনালোক সুৰক্ষিত হৈ থাকক, সুস্থ হৈ থাকক, সুখী হৈ থাকক৷ এই নিৰ্দেশনাবোৰ আপোনালোকে পালন কৰক আৰু মই আপোনালোকৰ সু-স্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1649711

 

মহামাৰীৰ সময়ত জ্যেষ্ঠ ব্যক্তিসকলৰ বিশেষ সাৱধানতা আৰু সহায় কৰিবলৈ সকলোকে আহ্বন উপ-ৰাষ্ট্ৰপতিৰ

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে ক’ভিড-১৯ মহামাৰীৰ সময়ত জ্যেষ্ঠ ব্যক্তিসকলৰ বিশেষ সাৱধানতা আৰু সহায় কৰিবলৈ সকলোকে আহ্বন জনাইছে৷ এই ধৰণৰ স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থাত জ্যেষ্ঠ ব্যক্তিসকল আক্ৰান্ত হোৱাৰ আংশকা অধিক থাকে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ যুৱ প্ৰজন্ম তথা পৰিয়ালৰ অন্যান্য সদস্যসকলক এই লোকসলকৰ প্ৰতি অধিক সাৱধানতা ল’বলৈ কালি এক ফেচবুক পোষ্টযোগে আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1649733

 

আনলক-ৰ সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা জাৰি গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ, নটেইনমেণ্ট নৰ বাহিৰত অধিক কাম-কাজৰ বাট প্ৰশস্ত কৰিব

গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে ২৯ আগষ্ট, ২০২০ত আনলক-ৰ সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা জাৰি কৰি নটেইনমেণ্ট নৰ বাহিৰত অধিক কাম-কাজৰ বাট প্ৰশস্ত কৰিলে৷ এই নিৰ্দেশনা ১ ছেপ্টেম্বৰ, ২০২০ৰ পৰা কাৰ্যকৰী হ’ব৷ এই নতুন নীতি-নিৰ্দেশনা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰপৰা লাভ কৰা মতামত আৰু সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰে অনুষ্ঠিত বিস্তৃত আলোচনা মৰ্মে প্ৰস্তুত কৰা হৈছে।

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1649623

 

কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাপনাৰ পর্যালোচনা কেন্দ্রীয় গৃহ সচিব আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সচিবৰ

পুডুচেৰী, লাক্ষাদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউকে ধৰি কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে আজি কেন্দ্রীয় গৃহ সচিব আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সচিবে যুটীয়াভাৱে এক পর্যালোচনা বৈঠকত মিলিত হয়৷ ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এই বৈঠকত গৃহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ উপৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ একাংশ বিষয়াইও অংশগ্ৰহণ কৰে৷

কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়াসকলে ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ বাবে নমুনা পৰীক্ষা, সংক্ৰমিত লোকসকলৰ হোম আইছ’লেচনত ৰখা, স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি আৰু স্বাস্থ্যকর্মী আৰু পেৰা মেডিকেল ষ্ট্ৰাফৰ ব্যৱস্থা কৰা ইত্যাদি ব্যৱস্থাৱলীৰ সম্পর্কে কেন্দ্রীয় গৃহ সচিবক সবিশেষ অৱগত কৰে৷

কেন্দ্রীয় গৃহ সচিব আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সচিবে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়াসকলক ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰশাসনিক বিষয়া, চিকিসাকর্মী, পেৰা-মেডিকেল ষ্টাফকে ধৰি অন্যান্য স্বাস্থ্যকর্মীসকলক উপযুক্তভাৱে কামত লগোৱাৰ নিৰ্দেশ দিয়ে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1649627

 

প্ৰধানমন্ত্ৰীয়ে ভিডিঅকনফাৰেন্সিঙৰ যোগেদি মুকলি কৰিলে ঝান্সিৰ ৰাণী লক্ষ্মীবাই কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় আৰু প্ৰশাসনিক ভৱন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আগষ্টত ভিডিঅকনফাৰেন্সিঙৰ যোগেদি উত্তৰ প্ৰদেশৰ ঝান্সিৰ ৰাণী লক্ষ্মীবাই কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় আৰু প্ৰশাসনিক ভৱন মুকলি কৰে৷ তেওঁ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু এই বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত দেশৰ কৃষি খণ্ডলৈ তেওঁলোকে প্ৰভূত অৰিহণা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে৷ নতুনকৈ মুকলি কৰা ভৱনে শিক্ষাৰ্থীসকলক অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ সাহিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷

আত্মনিৰ্ভৰ ভাৰত অভিযানত কৃষিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰে৷ তেওঁ কয় যে কৃষিখণ্ডৰ স্ব-নিৰ্ভৰশীলতাই কৃষকসকলক পাদক আৰু উদ্যমী হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই সন্দৰ্ভত কৃষিখণ্ডত গ্ৰহণ কৰা কেতবোৰ ঐতিহাসিক পদক্ষেপৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে৷ অন্য উদ্যোগৰ দৰে এতিয়াৰে পৰা কৃষকসকলেও তেওঁলোকৰ পাদিত সামগ্ৰী দেশৰ যিকোনো স্থানত বিক্ৰী কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয় যে এই ব্যৱস্থাৰ উত্তৰণৰ বাবে আন্তঃগাঁথনিত লাখ কোটি টকা ব্যয় কৰা ব৷

 

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1649941

 

কৰ্ণাটকৰ বল্লাৰী বিজয়নগৰ মেডিকেল ছায়েন্স ইনষ্টিটিউটত ছুপাৰস্পেচিয়েলিটী ট্ৰমা চেণ্টাৰ ডিজিটেল মাধ্যমেৰে উদ্বোধন কৰিলে ড০ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি. এছ, য়েডিউৰাপ্পাই বল্লাৰী বিজয়নগৰ মেডিকেল ছায়েন্স ইনষ্টিটিউটত ছুপাৰস্পেচিয়েলিটী ট্ৰমা চেণ্টাৰ ডিজিটেল মাধ্যমেৰে উদ্বোধন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1649997

 

খাদী মাস্কে অৰ্জন কৰিছে ব্যাপক জনপ্ৰিয়তা; ৰেড ক্ৰছ ছ’চাইটিৰ পৰা ১০.৫লাখ মাস্কৰ পুনৰ অৰ্ডাৰ পালে কেভিআইচিয়ে

খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ পৰা ১০.৫লাখ মাস্কৰ পুনৰ অৰ্ডাৰ লাভ কৰিছে৷ পূৰ্বে লাভ কৰা ১.৮০লাখ মাস্কৰ ইতিমধ্যে ১.৬০লাখ প্ৰদান কৰাৰ এমাহতকৈ কম সময়ৰ ভিতৰতে পুনৰ ১০.৫লাখৰ অৰ্ডাৰ লাভ কৰিলে কেভিআইচিয়ে৷

অধিক বিৱৰণৰ বাবেhttps://pib.gov.in/PressReleasePage.aspx?PRID=16450025

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ

 

  • অৰুণাচলপ্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ১৫৭গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে৷ অৰুণাচলত বৰ্তমান ১,২০৫গৰাকী লোক চিকিসাধীন হৈ আছে৷ আৰোগ্যৰ হাৰ ৬৯.৯৫%৷
  • অসমঃ কালি দিনটোত অসমত ১,৪১৭গৰাকী লোকক ডিছচাৰ্জড দিয়া হৈছে৷ বৰ্তমানলৈকে সৰ্বমুঠ ৮৩,৯২৭গৰাকী লোকক ডিছচাৰ্জড দিয়া হৈছে আৰু ২১,৫৪৮গৰাকী লোক চিকিসাধীন হৈ থকা বুলি অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে৷
  • মনিপুৰঃ মনিপুৰত নতুনকৈ ১৫২গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ আৰোগ্যৰ হাৰ ৬৯%৷ বৰ্তমান ১,৮৪৫গৰাকী লোক চিকিসাধীন হৈ আছে৷
  • মেঘালয়ঃ ৰাজ্যখনত মুঠ ১,২৮৪গৰাকী লোক চিকিসাধীন হৈ আছে৷ ইয়াৰে ৩৬৮গৰাকী সেনা বাহিনীৰ আৰু ৯১৬ সাধাৰণ লোক৷
  • মিজোৰামঃ কালি নতুনকৈ ৩জন ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমান ৪২২গৰাকী লোক চিকিসাধীন হৈ আছে৷
  • নাগালেণ্ডঃ ক’হিমাৰ নিউ মাৰ্কেট কলনিৰ আৱাসীয়ে ক’ভিড জয় কৰি ঘুৰি অহা লোকক মমবাতি জ্বলাই আদৰি আনে৷ কলনি ১১গৰাকী আক্ৰান্তৰ ১০গৰাকীয়ে আৰোগ্য লাভ কৰিছে৷ ৫জন নতুনকৈ আক্ৰান্ত হোৱাৰ বাবে ৩০ আৰু ৩১ আগষ্টত টুৱেনছাঙৰ শামাটোৰ চহৰত ৪৮ ঘণ্টাৰ লকডাউন ঘোষণা কৰে৷
  • ছিকিমঃ ২৫গৰাকী নতুনকৈ আক্ৰান্তসহ ছিকিমত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪০৪লৈ বৃদ্ধি পাইছে৷
  • কেৰালাঃ ক’ভিড সংক্ৰমণ চিনাক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যাপক এণ্টিজেন টেষ্ট কৰাৰ সিদ্ধান্ত লৈছে৷ ইফালে, ৰাজ্য চৰকাৰে এণ্টিজেন টেষ্টত ৬২৫ আৰু আৰটিপিচিআৰত ২,৭৫০ টকাকৈ মাচুল ধাৰ্য কৰাৰ ফলত টেষ্টৰ বাবে অধিক লোক আগবাঢ়ি আহিছে৷ ৰাজ্যখনত সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি অ’নাম উসৱ পালন কৰা হৈছে৷ কালি কেৰালাত নতুনকৈ ২,১৫৪গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ 
  • তামিলনাডুঃ বিগত ২৪ ঘণ্টাত পুডুচেৰীত ২৯১গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় শাসিত অঞ্চলটোত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১৪,৪১৪গৰাকীলৈ বৃদ্ধি পাইছে৷ বৰ্তমান ৪,৮৪৯গৰাকী লোক চিকিসাধীন হৈ আছে৷ ইফালে, তামিলনাডুত ক’ৰোনাৰ সংক্ৰমণ লাহে লাহে হ্ৰাস পোৱা বুলি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে সদৰি কৰিছে৷
  • কৰ্ণাটকঃ আনলক-৪ৰ নিৰ্দেশনা অনুসৰি কৰ্ণাটকত ৭ ছেপ্টেম্বৰৰ পৰা মেট্ৰ’ ৰে’লৰ চলাচল কৰাৰ আশা আছে৷ কালি ৰাজ্যখনত ৮,৮৫২গৰীক লোক ক’ভিডত আক্ৰান্ত হৈছে৷
  • অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনত একেৰাহে পাঁচ দিন ১০,০০০তকৈ অধিক লোক আক্ৰান্ত হোৱাৰ ফলত দেওবাৰে ক’ভিড-১৯ত মুঠ আক্ৰান্তৰ সংখ্যা ৪.২৪লাখলৈ বৃদ্ধি পাইছে৷ ক’ভিড সংক্ৰমণৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ পাছতে দ্বিতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশ৷ ৰাজ্য চৰকাৰে বিদ্যালয়ৰ পুনৰ খোলাৰ পৰিপ্ৰেক্ষিতত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰতিগৰাকী শিক্ষাৰ্থীক ৩টাকৈ মাস্ক বিনামূলীয়াকৈ যোগান ধৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনৰ নেলোৰত ১৩০গৰাকী ক’ভিডমুক্ত ৰোগীয়ে দান কৰা প্লাজমাৰ জৰিয়তে ৭৫গৰাকী গুৰুতৰভাৱে আক্ৰান্ত ৰোগী সুস্থ হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১,৮৭৩ গৰাকী নতুনকৈ আক্ৰান্ত, ১৮৪৯গৰাকীয়ে আৰোগ্য লাভ আৰু ০৯জন লোকৰ মৃত্যু হৈছে৷ ৰাজ্যখনত সৰ্বমুঠ ১,২৪,৯৬৩গৰাকী আক্ৰান্ত লোকৰ ভিতৰত বৰ্তমান ৩১,২৯৯গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ আনলক-৪ৰ নিৰ্দেশনাৰ ভিত্তিত হায়দৰাবাদত মেট্ৰ’ ৰে’ল চলোৱাৰ বাবে ৰে’ল বিভাগে সেউজ সংকেত দিছে৷
  • মহাৰাষ্ট্ৰঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ অনুষ্ঠিক কৰাৰ বাবে উপাধ্যক্ষ আৰু শিক্ষাবিদক লৈ এক সমিতি গঠন কৰা হৈছে৷ ৰাজ্যিক শিক্ষা মন্ত্ৰী উদয় ছামন্তই শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ স্বাস্থ্যক লৈ কোনো আপোচ কৰা নহয় বুলি সদৰি কৰে৷
  • গুজৰাটঃ বিগত ২৪ ঘণ্টাত গুজৰাটত ১,২৭২গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ইয়াৰে ছূৰাটত সৰ্বাধিক ১৭৪গৰাকী আক্ৰান্ত হৈছে৷ ৰাজ্যখনত আৰোগ্যৰ হাৰ ৮০.৬৭%৷ বৰ্তমানলৈকে ৰাজ্যখনত ২২.৬৫লাখ নমূনা পৰীক্ষা কৰা হৈছে৷
  • ৰাজস্থানঃ ৰাজস্থানৰ ৩গৰাকী বিধায়ক ক্ৰমে-কংগ্ৰেছৰ ৰমেশ মীনা, বিজেপিৰ হামিৰ সিং ভয়াল আৰু চন্দ্ৰাভান সিং আক্য ক’ভিডত আক্ৰান্ত হৈছে৷ কালি ৰাজ্যিক পৰিবহণ মন্ত্ৰী প্ৰতাপ সিং খাচাৰিয়াৱাছো ক’ৰোনা আক্ৰান্ত হয়৷
  • মধ্যপ্ৰদেশঃ ৰাজ্য চৰকাৰে জেইই-মেইন আৰু নীট-২০২০ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ক’ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট জিলাসমূহে এই সুবিধা আগবঢ়াব৷
  • চত্তীশগড়ঃ অ’এছডি আৰু পিএছঅ’ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে আছুতীয়াকৈ থকাৰ সিদ্ধান্ত লৈছে৷ অৱশ্যে তেওঁৰ পৰীক্ষাত নিগেটিভ বুলি জানিব পৰা গৈছে৷ ৰাজ্যখনৰ সৰ্বাধিক প্ৰভাৱিত ৰাজধানী ৰায়পুৰত কালি নতুনকৈ ৫১৮গৰাকী আক্ৰান্তসহ চত্তীশগড়ত মুঠ আক্ৰান্ত সংখ্যা ১০,৮২৫গৰাকীলৈ বৃদ্ধি পালে৷



(Release ID: 1650211) Visitor Counter : 247